আইদেউ সন্দিকৈ
আইদেউ সন্দিকৈ অসমৰ এগৰাকী প্ৰগতিশীল মহীয়সী নাৰী আছিল। ১৯৩৩ চনৰ কথা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন অসমীয়া বোলছবি 'জয়মতী' কৰিবলৈ বহুতো অভিনেতা-অভিনেত্ৰীৰ প্ৰয়োজন হৈছিল। সেই সময়ত অসমীয়া সমাজখন তেনেই ৰক্ষণশীল আছিল বুলিয়েই ক'ব লাগিব। বিশেষকৈ মহিলাসকলে চাৰিবেৰৰ বাহিৰলৈ ওলাই অহাটো সেই সময়ৰ সমাজে বিচৰা নাছিল। আনকি সেই সময়ত মহিলাসকলক পঢ়া-শুনাৰ ক্ষেত্ৰতো আগুৱাই আহিবলৈ দিয়। হোৱা নাছিল। খুব কম সংখ্যক সম্ভ্রান্ত পৰিয়ালৰ মহিলাইহে সামাজিক কাম-কাজত জড়িত হৈছিল বা শিক্ষানুষ্ঠানৰ মুখ দেখিছিল।
এনে এক সামাজিক পৰিৱেশত জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী' বোলছবিখন কৰিবলৈ অভিনেতা-অভিনেত্রী বিচাৰি ১৯৩৩ চনৰ ১৫ অক্টোবৰত ‘বাতৰিী নামৰ খবৰ-কাগজখনত বিজ্ঞাপন দিছিল। কিন্তু বিজ্ঞাপনৰ পৰা জ্যোতিপ্ৰসাদে সন্তোষজনক সঁহাৰি পোৱা নাছিল। বিশেষকৈ জয়মতীৰ ভাওত অভিনয় কৰিবলৈ কোনো ওলাই নাহিল। সেই সময়ত কেমেৰাৰ সন্মুখত থিয় হ’বলৈ সাহস কৰা মহিলাৰ সংখ্যা তেনেই কম আছিল। তাতে আকৌ অভিনয় কৰিব লাগিব। কোনো মানুহেই নিজৰ ছোৱালীক এনে কামৰ বাবে আগবঢ়াই দিব বিচৰা নাছিল। এই লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰৰ কামোৰণি উঠিছিল। সেই সময়ত যাত্রাপাৰ্টি আদিত মহিলাৰ ভাওত পুৰুষেই মহিলাৰ বেশ লৈ অভিনয় কৰা পৰম্পৰা আছিল। যাহওঁক ১৯৩৩ চনৰ শেষৰ ফালে জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেই সন্ধান কৰি 'জয়মতী'ৰ চৰিত্ৰত অভিনয় কৰিবলৈ এগৰাকী নায়িকাৰ সন্ধান উলিয়ালে। এইগৰাকী নাৰীয়েই হ’ল আইদেউ সন্দিকৈ।
আইদেউ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনত গোলাঘাটৰ ওচৰৰ পানী দিহিঙ্গীয়া গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাকৰ নাম আছিল। লক্ষ্মী সন্দিকৈ। আইদেউ সন্দিকৈৰ এজন ককায়েক আছিল। নাম ডিম্ব গগৈ। ডিম্ব গগৈৰ লগত ভোলাগুৰি চাহ বাগিচালৈ আহি তেওঁ ‘জয়মতী’ বোলছবিৰ আখৰাত অংশগ্ৰহণ কৰিছিল। সেই সময়ত অসমত কোনো ষ্টুডিঅ’ নাছিল। সেইকাৰণে জ্যোতিপ্ৰসাদে তেওঁৰ পৰিয়ালৰ চাহ বাগিচা ভোলাগুৰিতে এটা ষ্টুডিঅ' নিৰ্মাণ কৰি লৈছিল। ষ্টুডিঅ'টোৰ নাম দিছিল চিত্ৰবন। বাগানৰ এটা গুদামঘৰত ষ্টুডিঅ'টো আৰম্ভ কৰিছিল। স্থানীয় সামগ্রী যেনে— বাঁহ, বেত, কলগছ, কলপাত আদিৰে জয়মতীৰ দৃশ্যসজ্জা ৰচনা কৰিছিল। কেতিয়াবা গাঁৱৰ পৰা চাইকেলেৰে আহি আইদেউ সন্দিকৈয়ে জয়মতীৰ ভাওত অভিনয় কৰিছিল।
‘জয়মতী’ ছবিৰ শ্বুটিঙৰ সময়ত আইদেউ সন্দিকৈয়ে অশেষ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল। বোলছবিখনত গাঁঠি হাজৰিকাৰ ভাওত অভিনয় কৰা ফণী শৰ্মাৰ চোৰাৰ কোবত আইদেউৰ শৰীৰত আঘাত পাইছিল। আইদেউ সন্দিকৈয়ে ইমানেই কষ্ট পাইছিল যে শ্বুটিং আমনি লাগিলে কেতিয়াবা কেমেৰাৰ সন্মুখলৈ নাযাও বুলি জেদ ধৰিছিল কিন্তু সামাজিক দায়িত্ব বুজি তেওঁ অভিনয় নকৰাকৈ থকা নাছিল। কেমেৰাৰ সন্মুখত তেওঁ জীৱন্ত অভিনয় কৰিছিল। জয়মতীৰ অভিনয় দেখি দর্শক মোহিত হৈছিল।
‘জয়মতী' বোলছবিত গদাপাণিৰূপী ফুনু বৰুৱাক ‘বঙহৰদেউ' বুলি সম্বোধন কৰাৰ দোষত তেওঁ চিৰজীৱন কুমাৰী জীৱন যাপন কৰিবলগা হৈছিল। আনকি শ্বুটিং শেষ কৰি ঘৰলৈ উভতি যাওঁতে তেওঁক স্থানীয় সমাজে নিজৰ ঘৰত সোমাবলৈ দিয়া নাছিল। জাত যোৱা বুলি কৈ তেওঁক গোহালি ঘৰত অকলে থাকিবলৈ দিয়া হৈছিল। সমাজে জুই-পানী চুই এঘৰীয়া কৰিছিল। দৃঢ়মনা আইদেউ সন্দিকৈয়ে এই সকলোবোৰ প্ৰত্যাহ্বান মূৰ পাতি লৈছিল। অকণো বিচলিত হোৱা নাছিল।
দীর্ঘদিন সামাজিকভাৱে বৰ্জিত হৈ থকাৰ পিছত পদুম বৰুৱাই পৰিচালনা কৰা ‘গঙা চিলনীৰ পাখি’ বোলছবিত আইদেউ সন্দিকৈ অভিনয় কৰে ১৯৭৫ চনত। ১৯৭৬ চনৰ ১২ মাৰ্চত এই ছবিখনে মুক্তি লাভ কৰে।
সামাজিকভাৱে বর্জিত আইদেউ সন্দিকৈ অৱশ্যে পিছলৈ তেওঁৰ শ্ৰমৰ মৰ্যাদা কিছু পৰিমাণে হ'লেও সামাজিকভাৱে পালে। সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰো মনৰ দিগন্ত সলনি হয়। পুৰণিকলীয়া ধ্যান-ধাৰণাৰ পৰিৱৰ্তন হৈ নতুন চিন্তাৰ উন্মেষ ঘটে। আইদেউ সন্দিকৈ সম্পর্কেও মানুহৰ যি ধাৰণা আছিল সেইটো ক্ৰমাৎ সলনি হৈ আহে। ১৯৮৪ চনত ৰাধাগোবিন্দ বৰুৱা স্মৃতিৰক্ষা সমিতিয়ে আইদেউ সন্দিকৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। ১৯৮৫ চনত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসমীয়া চলচ্চিত্ৰৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আইদেউ সন্দিকৈক তাম্ৰপত্ৰৰে সন্মনিত কৰে।
১৯৮৯ চনত তেওঁ অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে। ১৯৯০ চনত অবিবাহিতা আইদেউ সন্দিকৈক সদৌ অসম লেখিকা সমাৰোহে সম্বৰ্ধনা জনায়। ১৯৯২ চনত অসম নাট্য সন্মিলনে তেওঁক সন্মান যাচে। মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই তেওঁক ১০ হাজাৰ টকাৰে আৰ্থিক সাহায্য দিয়ে। ১৯৯৬ চনত অসম সাহিত্য সভাই তেওঁক সম্বর্ধনা জনায়। ১৯৯৭ চনত অসম শিল্পী ন্যাসে তেওঁক এখন হুইল চেয়াৰ উপহাৰ দিয়ে।
ৰাইজৰ পৰা কিছু মৰম-আদৰ পালেও জীৱনৰ শেষৰ কালছোৱাত শয্যাগত হৈ আইদেউ সন্দিকৈয়ে বহুতো কষ্ট ভোগ কৰিবলগীয়া হয়। সেই সময়ত চৰকাৰৰ তৰফৰ পৰা তেওঁ যিমানখিনি সা-সুবিধা পাব লাগিছিল সেইখিনি নাপালে। ২০০২ চনৰ ১৭ ডিচেম্বৰত বাৰ্দ্ধক্যজনিত কাৰণত পানী দিহিঙ্গীয়াৰ নিজা বাসভৱনত এই গৰাকী মহীয়সী নাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
0 Comments