ভাষাবিদ হেমচন্দ্ৰ বৰুৱা
অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আছিল এজন মহান অসমীয়া। ১৮৩৫ চনৰ ১০ ডিচেম্বৰ মাহত হেমচন্দ্ৰ বৰুৱাৰ যােৰহাটৰ ওচৰৰ ৰজাবাহৰত জন্ম হৈছিল। অসমীয়া মতে তেওঁৰ জন্ম হৈছিল ১৭৫৭ শকৰ ২৪ আঘােণত। হেমচন্দ্ৰ বৰুৱাৰ
পিতৃৰ নাম আছিল মুক্তাৰাম আৰু মাকৰ নাম আছিল ৰূপহী দেৱী। অসমত আৰু এজন প্রসিদ্ধ হেমচন্দ্ৰ বৰুৱা আছে। তেওঁ হ’ল ত্যাগবীৰ হেমচন্দ্র বৰুৱা। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ আগৰণুৱা আছিল। দেশৰ হকে নিঃস্বার্থভাৱে কাম কৰা বাবে ৰাইজে তেওঁক ‘ত্যাগবীৰ’ উপাধি প্রদান কৰিছিল। এইজন হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল ১৮৯৩ চনত তেজপুৰত। অৱশ্যে আমাৰ আলােচনাত অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জীৱন কথাহে আলােচনা কৰা | ভাষাবিদ হেমচন্দ্ৰ বৰুৱাই ঊনবিংশ শতিকাত অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অসমীয়া অভিধান ৰচনা কৰি অসমীয়া ভাষাৰ হৃত গৌৰৱ উদ্ধাৰ কৰিছিল । অসমীয়া ভাষাত পাঠ্যপুথি নথকা সময়ত তেওঁ পাঠ্যপুথি ৰচনা কৰি অসমীয়া তৰুণ প্রজন্মক মাতৃভাষাত শিক্ষা লাভৰ সুবিধা কৰি দিছিল। আনকি অসমীয়া সমাজখনত চলি থবা সামাজিক ব্যাধিবােৰ আঁতৰ কৰাৰ বাবে এজন সমাজ সংস্কাৰক হিচাপেও তেওঁ সেৱা আগবঢ়াইছিল।
প্রকৃতাৰ্থত হেমচন্দ্ৰ বৰুৱা আছিল আধুনিক মনৰ মানুহ। সমাজত চলি থকা অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে তেওঁ যুঁজ দিছিল। নাৰী মুক্তি সংগ্রামতাে তেওঁ নিজকে জড়িত কৰিছিল। তেওঁ বিধৱা বিবাহৰ সপক্ষেও মাত মাতিছিল। মান্ধাতা যুগীয়া ৰীতি-নীতি বুলিয়েই তেওঁ গ্ৰহণ কৰা নাছিল। মুঠতে ক'বলৈ হ'লে হেমচন্দ্ৰ বৰুৱা এফালে আছিল অসমীয়া ভাষাৰ ওজা আৰু আনফালে আছিল আধুনিকতাৰ প্রবক্তা।
পণ্ডিত হেমচন্দ্ৰ বৰুৱাই এক মর্যাদাসম্পন্ন বংশত জন্মগ্রহণ কৰিছিল। তেওঁলােকৰ আদি পুৰুষজনৰ নাম আছিল কলিবৰ। তেওঁ সােতৰ শতিকাৰ মাজভাগত কনৌজৰ পৰা অসমলৈ আহিছিল। তেওঁ বৈদ্য শাস্ত্ৰত পাৰ্গত আছিল বাবে সেই সময়ৰ আহােম ৰজা জয়ধ্বজ সিংহই লক্ষীমপুৰত মাটি-বাৰী দি তেওঁক থাকিবলৈ দিছিল। কলিবৰৰ পুৰুষােত্তম বৰুৱা নামৰ এজন নাতি ল'ৰা আছিল। আকৌ পুৰুষােত্তম বৰুৱাৰাে জগন্নাথ নামৰ এজন নাতি ল’ৰা আছিল। জগন্নাথৰ প্রথমা পত্নীৰ মধুৰাম বেজবৰুৱাৰ নামৰ এজন পৰিনাতি আছিল। হেমচন্দ্ৰ বৰুৱা আছিল মধুৰাম বেজবৰুৱাৰ নাতি ল'ৰা। জগন্নাথৰ দ্বিতীয় পত্নীৰ ফালৰ পৰা হােৱা এগৰাকী আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বৰুৱা। গতিকে বয়সত সৰু হলেও লক্ষ্মীনাথ বেজবৰুৱা আছিল হেমচন্দ্ৰ বৰুৱাৰ দূৰ সম্পৰ্কীয় খুৰাক।
হেমচন্দ্ৰ বৰুৱাৰ পিতৃ মুক্তাৰাম বেজবৰুৱা এজন চিকিৎসা শাস্ত্ৰত পাৰ্গত লােক আছিল। বৃটিছসকলে হেমচন্দ্ৰ বৰুৱাৰ পিতাকক দেৰগাঁৱৰ মিছাম মৌজাৰ মৌজাদাৰ পাতিছিল। তেওঁ ৰাজবাহৰ নামে ঠাইত স্থায়ীভাৱে থাকিবলৈ লৈছিল। মুক্তাৰামে দুবাৰ বিয়া কৰাইছিল। প্রথমা পত্নীয়ে যােগেশ্বৰ নামৰ এটি সন্তান জন্ম দি মৃত্যুমুখত পৰে। পিছত তেওঁৰ দ্বিতীয় পত্নী ৰূপহী দেৱীৰ গৰ্ভত এগৰাকী কন্যা আৰু তিনিজন পুত্র ওপজে। বৰপুত্রগৰাকীয়েই হেমচন্দ্ৰ বৰুৱা। বাকীকেইজন পুত্র ক্রমে তুলসীৰাম আৰু কমল চন্দ্র | সকলােৰে ওপৰৰ বায়েকগৰাকীৰ নাম পূর্ণা। ভায়েক তুলসীৰাম শিৱসাগৰৰ এখন মজলীয়া বিদ্যালয়ত শিক্ষকতা কৰিছিল। ককায়েক হেমচন্দ্ৰ বৰুৱাই লিখা প্ৰায়বােৰ কিতাপৰে তেওঁ প্ৰকাশক আছিল। কমল চন্দ্রও আছিল পেছাত চিকিৎসক। বায়েক পূর্ণা দেৱীৰ বিষয়ে একো জনা নাযায়।
হেমচন্দ্ৰ বৰুৱাৰ জন্মৰ এবছৰ পিছতেই ১৮ বছৰ বয়সত তেওঁৰ বৰমাকৰ পুতেক যােগেশ্বৰৰ মৃত্যু হৈছিল। যােগেশ্বৰৰ মৃত্যুৱে মুক্তাৰামৰ মনত দুখ দিছিল। ফলত তেওঁ তেওঁৰ দ্বিতীয় পুত্র হেমচন্দ্ৰ বৰুৱাৰ শিক্ষাৰ ক্ষেত্ৰত বৰ অৱহেলা কৰিছিল।
ন বছৰ বয়সত হেমচন্দ্ৰ বৰুৱাই বিদ্যা আৰম্ভ কৰিছিল। দেউতাকে তেওঁক বর্ণমালাৰ পৰিচয় কৰাই নিদিয়াকৈয়ে শব্দ জোটনি শিকাইছিল। দেউতাকে হেমচন্দ্রক ব্যাকৰণাে শিকাইছিল। কিন্তু সন্ধি পর্যন্ত ব্যাকৰণ শিকাৰ পিছত জহনী ৰােগত পৰি দেউতাক মুক্তাৰামৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পিছত তেওঁলােকে সম্পর্কীয় লক্ষ্মীৰাম বৰুৱাৰ শিৱসাগৰৰ ঘৰত থাকি নতুন জীৱন আৰম্ভ কৰিছিল। লক্ষ্মীৰাম বৰুৱা আছিল মুক্তৰামৰ খুৰাক। শিৱসাগৰত খুৰাকৰ ঘৰত থকাৰ সময়ত হেমচন্দ্র বৰুৱাৰ বয়স ১৩ বছৰ। খুৰাকে তেওঁক শিৱসাগৰ কাছাৰীত শিক্ষা নৱিচ হিচাপে সুমুৱাই দিয়ে। তেতিয়া তেওঁক বানচ দিয়া হৈছিল মাহে চাৰি টকা।
সেই সময়ত অফিচত আৰু শিক্ষানুষ্ঠানত বঙালী ভাষাৰ প্ৰচলন আছিল। সেয়ে প্রায় মানুহে বঙালী ভাষা শিকাত আগ্রহ দেখুৱাইছিল। আনকি শিক্ষা নৱিচ হিচাপে হেমচন্দ্ৰ বৰুৱায়াে বঙলা ভাষা শিকিবলৈ লৈছিল। তেওঁ বঙলা ভাষাৰ লগতে সংস্কৃত ভাষাও শিকিছিল। তেওঁ আনকি হিন্দী ভাষাও শিকিছিল। কেপ্টেইন থমাছ ব্রডি নামৰ এজন চাহাবৰ পৰা তেওঁ হিন্দী ভাষা শিকিছিল। সেই সময়ত ইংৰাজী ভাষাটো শিকিলে জাত যায় বুলি অসমীয়া মানুহে ভাবিছিল। হেমচন্দ্র বৰুৱাই কিন্তু ইংৰাজী ভাষাটো উন্নত ভাষা বুলি বিবেচনা কৰি গােপনে ইংৰাজী ভাষাটো শিকিবলৈ লৈছিল। পিছত খুৰাকে গম পােৱাত তেওঁ ইংৰাজী শিকাটো বাদ দিব লগাত পৰে । পিছত কৃষ্ণৰাম গগৈ নামৰ এজন বন্ধুৰ সহযােগত তেওঁ ইংৰাজী ভাষাটো ভালেখিনি আয়ত্ত্ব কৰে। শিৱসাগৰত পৰমানন্দ ভৰালী আৰু প্রিয়লাল বৰুৱাৰ পৰাও তেওঁ ভালেখিনি ইংৰাজী শিকিছিল। সেই সময়ত অসমত ইংৰাজী জনা মানুহ কম আছিল। ইংৰাজী দৰ্খাস্ত আদি লিখিব লগা হ'লে সকলােৱে হেমচন্দ্ৰ বৰুৱাক ঘেৰি ধৰিছিল।
সেই সময়ত চলি থকা অসমীয়া ভাষাৰ শােকলগা অৱস্থাৰ অৱসান ঘটাবলৈ হেমচন্দ্ৰ বৰুৱাই আপ্রাণ চেষ্টা কৰিছিল। তেওঁৰ লগত সহযােগিতাৰ হাত আগবঢ়াইছিল আনন্দৰাম ঢেকিয়াল ফুকনে। বঙালী ভাষাৰ সলনি কাছাৰী আৰু পঢ়াশালিত অসমীয়া ভাষা ব্যৱহাৰৰ হকে যুঁজিছিল। তেওঁলােকৰ আপ্রাণ চেষ্টাত অসমত বঙলা ভাষা চলাৰ সাতত্রিশ বছৰৰ পাছত স্কুল কাছাৰীত অসমীয়া ভাষা চলে।
হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাটো শুদ্ধ ৰূপত উপস্থাপনত গুৰুত্ব দিছিল। ‘অৰুনােদই' কাকততাে তেওঁ প্ৰৱন্ধ লিখিছিল। ৰচক হিচাপে তেওঁ নাম লৈছিল হ.চ।
‘অৰুনােদই'ত তেওঁ প্ৰৱন্ধ লিখিছিল যদিও মিছনেৰীসকলৰ বৰ্ণবিন্যাসত তেওঁ দুৰ্ঘোৰ আপত্তি কৰিছিল। মিছনেৰীসকলৰ বৰ্ণবিন্যাস অশুদ্ধ বুলি তেওঁ মন্তব্য কৰিছিল।
অসমীয়া ভাষাৰ উন্নতিৰ বাবে তেওঁ ব্যাকৰণ আৰু অভিধান প্রণয়নত গুৰুত্ব দিছিল। ১৮৫৯ চনত হেমচন্দ্ৰ বৰুৱাই লিখা অসমীয়া ভাষাৰ প্রথম ব্যাকৰণ ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ প্রকাশ পায়। তেওঁন-শিকাৰুৰ বাবে সহজ-সৰল ভাষাত ‘অসমীয়া ল'ৰাৰ ব্যাকৰণ’ নাম দি ১৮৮২ চনত এখন ব্যাকৰণ পাই উলিয়ায়। তেওঁ তুলনামূলক ব্যাকৰণ’ এখনাে ৰচনা কৰিছিল। পণ্ডিত হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ অভিধান প্রণয়ন কৰিছিল। ১৯০০ চনত অসমীয়া হেমকোষ’খন ছপা হৈ ওলায়। ‘ৱ’– আখৰটো ব্যৱহাৰক লৈ হেমচন্দ্ৰ বৰুৱাই বহুতাে কাপ-যুদ্ধ কৰিব লগা হৈছিল। বঙলা বা সংস্কৃত ভাষাত এই ‘ৱ’ আখৰটো নাই বাবে অসমীয়াতে ইয়াৰ অস্তিত্ব নাই বুলি ইংৰাজ চাকৰিয়ালসকলে ভাবিছিল আৰু অসমীয়া পাঠ্যপুথিত এই আখৰটো ভৰাব খােজা নাছিল। কিন্তু হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাত ‘ৱ’ আখৰৰ ব্যৱহাৰৰ সপক্ষে অনেক যুক্তি আৰু তথ্য দাঙি ধৰিছিল।
শিৱসাগৰত থকা সময়ছােৱাত হেমচন্দ্ৰ বৰুৱাই কিছুদিন শিৱসাগৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰিছিল। পিছত ১৮৬০ চনত তেওঁ শিৱসাগৰ কাছাৰীত ৰেভিনিউ মহাফেজৰূপে স্থায়ী নিযুক্তি পায়। দৰমহা আছিল মাহে পঁচিশ টকা। ইয়াৰ পিছৰ বছৰ তেওঁ ‘কানীয়াৰ কীৰ্তন’নামৰ পুথিখন ছপা কৰি উলিয়ায়।
১৮৬২ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ এবছৰ পিছত তেওঁৰ এটি কন্যা সন্তান জন্ম হয়। ইয়াৰ দুবছৰ পিছত পত্নীৰ বিয়ােগ হয়। হেমচন্দ্ৰ বৰুৱাৰ জীয়েকৰ নাম আছিল পদ্মাৱতী!পিছত তেওঁক জাজীৰ নিৰাময় বৰুৱালৈ বিয়া দিয়ে। দুটি পুত্র আৰু এটি কন্যা সন্তান জন্ম দি জীয়েকে মৃত্যুবৰণ কৰে। হেমচন্দ্ৰ বৰুৱাই তেওঁৰ দুই নাতি আৰু তেওঁলােকৰ বংশধৰসকলৰ বাবে এহেজাৰ টকা উইল কৰি এৰি থৈ গৈছিল। সেই সময়ত পুৰুষৰ মাজত দ্বিতীয়, আনকি তৃতীয় বিবাহৰাে প্ৰচলন আছিল যদিও পত্নীৰ বিয়ােগৰ পিছত হেমচন্দ্ৰ বৰুৱাই দ্বিতীয় বিবাহত আগ্রহ দেখুওৱা নাছিল।
পিছত হেমচন্দ্ৰ বৰুৱাই গুৱাহাটী উপায়ুক্তৰ কাৰ্যালয়ৰ অনুবাদক পদত কাম কৰে । পিছত মুখ্য সহকাৰী পদত নিযুক্ত হয়। এই পদত থাকিয়েই ১৮৬৬ চনত তেওঁ ‘বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী’নামৰ পুথিখন ৰচনা কৰে। ইফালে অসমীয়া ভাষাই ৰাজ্যভাষা হিচাপে স্বীকৃতি পােৱাত অসমৰ পঢ়াশালিবােৰত অসমীয়া পাঠ্যপুথিৰ
অভাৱ হৈছিল। এই অভাৱ পূৰণৰ বাবে তেওঁ আৰু আনন্দৰাম ঢেকিয়াল ফুকনে আগভাগ লৈছিল। অসমীয়া ভাষাত পাঠ্যপুথি লিখা প্রথমজন অসমীয়া আছিল আনন্দ ৰাম ঢেকিয়াল ফুকন। ঢেকিয়াল ফুকনে ‘অসমীয়া ল'ৰাৰ মিত্র’ নাম দি তিনিটা খণ্ডত পাঠ্যপুথি ৰচনা কৰিছিল। পিছত ১৮৭৫-৭৬ চনৰ ভিতৰত হেমচন্দ্ৰ বৰুৱাই ‘আদিপাঠ', আগছােৱা, মাজছােৱা আৰু শেষছােরা নামৰ তিনিখন পাঠ্যপুথি ৰচনা কৰে। ১৮৮২ চনত হেমচন্দ্ৰই ‘পাঠমালা’ নামৰ এখন পাঠ্যপুথি ৰচনা কৰে। হেমচন্দ্ৰ বৰুৱাৰ আন এখন পাঠ্যপুথি হ’ল স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়। ইফালে হেমচন্দ্ৰ বৰুৱাই চাকৰিত পদোন্নতি লাভ কৰি কাৰ্যালয়ৰ অধীক্ষক হয়। কিন্তু ১৮৮১ চনত কার্যালয় অধীক্ষক পদটো উঠি যােৱাত তেওঁ পুনৰ মুখ্য সহকাৰী পদলৈ উভতি আহি ১৮৮২ চনত সাতচল্লিশ বছৰ বয়সত তেওঁ চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
হেমচন্দ্ৰ বৰুৱাই জীৱনৰ শেষছােৱা গুৱাহাটীতেই কটাইছিল । গুৱাহাটীৰ উজান বজাৰত তেওঁ দুপুৰা মাটিত চৌহদৰ সৈতে এটা ঘৰ সাজিছিল। ১৮৮২ চনত হেমচন্দ্র বৰুৱাই ‘আসাম নিউজ’ নামৰ কাকতখনৰ সম্পাদক হয়। মাণিক চন্দ্ৰ বৰুৱা আছিল কাকতখনৰ স্বত্ত্বাধিকাৰী। এই কাকতখনৰ যােগেদি তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰিছিল। আসাম নিউজ’ বন্ধ হােৱাৰ পিছত ১৮৯২ চনত তেওঁ নটচ অন দ্য ম্যাৰেজ ছিষ্টেম অৱ আসাম' নামৰ এখন পুথি ইংৰাজীতে লিখে। তেওঁ কলকাতাৰ পৰা প্ৰকাশিত ‘জোনাকী’ আলােচনীতে ‘আত্মজীৱন চৰিত লিখিছিল। এইটোৱেই আছিল হেমচন্দ্ৰ বৰুৱাৰ শেষ ৰচনা।
হেমচন্দ্ৰ বৰুৱাই জীৱনৰ শেষৰ ফালে নিঃসঙ্গ জীৱন-যাপন কৰিছিল। তেওঁৰ পৰিয়াল বুলিবলৈ কোনাে নাছিল। ভাটী বয়সত কিতাপ-পত্ৰই আছিল তেওঁৰ একমাত্র সংগী। সামাজিকভাৱেও তেওঁ নিঃসঙ্গপ্রায় আছিল। তেতিয়াৰ সমাজে স্বীকৃতি নিদিয়া কাম কৰাৰ বাবে সমাজৰ সৰ্বসাধাৰণ ৰাইজে তেওঁক ভাল চকুৰে চোৱা নাছিল
বৃদ্ধ বয়সত হেমচন্দ্ৰ বৰুৱাৰ আঁঠুৰ বিষ হৈছিল। বিষে তেওঁক এনেদৰে কোঙা কৰিছিল যে তেওঁ ঘৰৰ পৰা ওলাব নােৱাৰা হৈছিল। জীৱনৰ শেষৰফালে বছৰত মাত্র এদিনহে অর্থাৎ বিজয়া দশমীৰ দিনাহে তেওঁ ঘৰৰ পৰা বাহিৰলৈ ওলাইছিল। এটা সময়ত তেওঁ শয্যাশায়ী হৈ পৰিছিল। তেনে অৱস্থাতে ১৮৯৬ চনৰ ১৭ মে 'ত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়।
হেমচন্দ্ৰ বৰুৱাই মৃত্যুৰ আগতেই তেওঁৰ শৱটো নিজান ঠাইত পেলাই দিবলৈ
পৰামর্শ দিছিল। কিন্তু তেওঁৰ বন্ধুবৰ্গই তেওঁৰ শৱটো তেনে কৰিবলৈ ইচ্ছা নকৰিলে। তেওঁৰ শৱটো হিন্দুমতে দাহ কৰাৰ সিদ্ধান্ত হ’ল। ইতিমধ্যে হেমচন্দ্ৰ বৰুবাই তেতিয়াৰ ৰক্ষণশীল সমাজত বিধর্মী কার্যকলাপেৰে মানুহক বিতুষ্ট কৰি থৈছিল। গতিকে তেওঁৰ শৱদেহটো কান্ধত ল’বলৈ কোনাে অসমীয়া আগবাঢ়ি অহা নাছিল। অৱশেষত যেনিবা পাণবজাৰৰ জনচেৰেক বঙালী যুবকে তেওঁৰ শৱটো কান্ধত তুলি ল'লে। নবগ্রহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
হেমচন্দ্ৰ বৰুৱা প্ৰচাৰ বিমুখ আছিল। কোনােদিনেই তেওঁৰ ফটো তােলা নাছিল। এবাৰ এজনে মনে মনে তেওঁৰ এখন ফটো তােলাত তেওঁ অগ্নিশর্মা হৈ ফটোখন দীঘে দীঘে ফালি পেলাইছিল। তেওঁৰ মৃত্যুৰ পিছত সেই ফটো দুফালকে যােবা দি এখন কৰা হৈছিল। এইখনেই তেওঁৰ একমাত্র ফটো।
হেমচন্দ্ৰ বৰুৱা সুদর্শন চেহেৰাৰ লােক আছিল। তেওঁ অবাবত কেতিয়াও সময় নষ্ট কৰা নাছিল। তেওঁ সময়ৰ উচিত ব্যৱহাৰ কৰাৰ দৰে ধনৰাে উচিত ব্যৱহাৰ কৰিছিল। হেমচন্দ্ৰ বৰুৱাই বিধৱা বিবাহ কৰা নাছিল যদিও তেওঁ এনে প্রথাৰ সপক্ষে আছিল। হেমচন্দ্ৰ বৰুৱাইশাৰীৰিক শ্রমক মর্যাদা দিছিল। কাছাৰীৰ পৰা গৈ ঠেঙী পিন্ধিয়েই তেওঁ বাৰীত কোৰ মাৰিছিল। কোনােবা ল’ৰা তেওঁৰ ওচৰলৈ কিবা শিকিবলৈ আহিলে শিকোৱাৰ আগতে তেওঁকো কোৰ মাৰিবলৈ লগাই দিছিল।
সঁচাকৈয়ে পণ্ডিত হেমচন্দ্ৰ বৰুৱা আছিল এজন জ্ঞান-তপস্বী। এজন প্রকৃত অসমীয়া ।
0 Comments