লোকপ্রিয় গোপীনাথ বৰদলৈ

লোকপ্রিয় গোপীনাথ বৰদলৈ



লোকপ্রিয় গোপীনাথ বৰদলৈৰ জন্ম হৈছিল ১৮৯০ চনৰ ৬ জুনত নগাঁও জিলাৰ ৰহাত। তেওঁৰ দেউতাকৰ নাম বুদ্ধেশ্বৰ বৰদলৈ আৰু মাকৰ নাম প্রাণেশ্বৰী দেৱী। তেওঁৰ দেউতাক জীৱিকাত চিকিৎসক আছিল। তেওঁলোকৰ প্ৰধান ঘৰ আছিল গুৱাহাটীত। বৰদলৈৰ দেউতাকে ৰহাত চাকৰি কৰি থকা সময়তে তেখেতে বহাতেই প্রাথমিক শিক্ষা লাভ কৰে। গোপীনাথ বৰদলৈৰ দেউতাকে চাকৰিৰ দায়িত্বত মঙলদৈ, বৰপেটা আদিলৈ বদলি হ'বলগা হয়। বৰপেটাত গোপীনাথ বৰদলৈৰ দেউতাকে চাকৰি কৰি থকা সময়তে বৰদলৈৰ ১২ বছৰ বয়সত মাতৃ বিয়োগ হয়। ল'ৰালি কালতে মাতৃৰ বিয়োগ হোৱাত বায়েকে মাকৰ মৰম দি গোপীনাথ বৰদলৈক ডাঙৰ-দীঘল কৰিছিল।

মাতৃৰ বিয়োগৰ পিছত গোপীনাথ বৰদলৈয়ে গুৱাহাটীত থাকিবলৈ লয় আৰু গুৱাহাটীৰ কটন কলেজিয়েট স্কুলত নামভৰ্তি কৰে। ১৯০৭ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সেই বছৰতে কটন কলেজত নাম লগায়। ১৯০৯ চনত কটন কলেজৰ পৰা প্রথম বিভাগত আই এ পৰীক্ষাত উত্তীর্ণ হয়। ইয়াৰ পিছত তেওঁ কলকাতালৈ পঢ়িবলৈ যায়। তেওঁ কলকাতাৰ স্কটিছ চার্চ কলেজত নামভৰ্তি কৰে। সেই সময়তে তেওঁৰ দেউতাকৰ মৃত্যু হয়। তাৰ পিছত ১৯১১ চনত তেওঁ বুৰঞ্জী বিষয়ত অনাৰ্চসহ বি. এ. পাছ কৰে। ১৯১৪ চনত তেওঁ বুৰঞ্জী বিষয়ত দ্বিতীয় শ্ৰেণীৰ প্ৰথম হৈ এম এ পাছ কৰে। তেওঁ আইনৰো শিক্ষা সম্পূর্ণ কৰে।

কলকাতাৰ পৰা গুৱাহাটীলৈ উভতি আহি গোপীনাথ বৰদলৈয়ে ১৯১৪ চনত সোণাৰাম হাইস্কুলত শিক্ষকতা কৰে। ১৯১৭ চনত তেওঁ ওকালতিত নামে। ২৮ বছৰ বয়সত তেওঁ উত্তৰ গুৱাহাটীৰ ভূমিকান্ত মজিন্দাৰ বৰুৱাৰ একমাত্ৰ কন্যা সুৰব্বালাক বিয়া কৰায়। গোপীনাথ বৰদলৈৰ চাৰিজন ল'ৰা আৰু পাঁচজনী ছোৱালী।

১৯২১ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিয়ে। বৃটিছ শাসনৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা আন্দোলনত তেওঁ জঁপিয়াই পৰে। দেশত অসহযোগ চলি থকা সময়ত তেওঁ গুৱাহাটী জিলা কংগ্ৰেছৰ সম্পাদক আছিল। বিদেশী বস্তু বর্জন কার্যসূচীতো তেওঁ সক্রিয় অংশগ্ৰহণ কৰিছিল। ১৯২২ চনত তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰে। তেওঁ প্ৰায় এবছৰ কাল জেলত থাকিবলগা হয়।

জেলত থকা সময়ছোৱাত বৰদলৈ ডাঙৰীয়াই এনেয়ে কটোৱা নাছিল। কিতাপ পঢ়া, কিতাপ লিখা, সূতা কটা আৰু খেল-ধেমালিৰ মাজেদি তেওঁ সময়ছোৱা কটাইছিল। তেওঁ কেইবাখনো মূল্যবান গ্রন্থ লিখি অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ হ’ল— শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, যীশুখৃষ্ট, হজৰত মহম্মদ, মহাত্মা গান্ধী, তৰুণৰাম ফুকন ইত্যাদি। এই জীৱনীসমূহৰ সৰহভাগেই তেওঁ কাৰাগাৰৰ ভিতৰত লিখা। আনকি মহাত্মা গান্ধীৰ 'অনাসক্তি যোগ' নামৰ গ্ৰন্থখন অসমীয়ালৈ ভাঙনি কৰি থৈ গৈছে।

১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ অধিবেশনত গোপীনাথ বৰদলৈয়ে গুৰু দায়িত্ব বহন কৰিছিল। ১৯৩২ চনত তেওঁ লোকেল বোৰ্ডৰ চেয়াৰমেন হয়। সেই সময়ছোৱাতে তেওঁ সমাজৰ পৰা অস্পৃশ্যতা দূৰীকৰণৰ হকে নিজকে আত্মনিয়োগ কৰে। হৰিজনসকলৰ লগত তেওঁ একেলগে ভোজ-ভাত খাই অস্পৃশ্যতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছিল। গুৱাহাটীৰ লোকেলবোৰ্ডৰ চেয়াৰমেন হৈ থকা সময়তে তেওঁ পিছপৰা অঞ্চলত খোৱাপানী আৰু চিকিৎসাৰ বাবে সু-ব্যৱস্থা কৰিছিল।

১৯৩৬-৩৭ চনৰ নিৰ্বাচনত তেওঁ প্রাদেশিক এছেম্বলীলৈ কংগ্ৰেছ প্রার্থী হিচাপে নির্বাচিত হৈ বিনাপ্রতিদ্বন্দ্বিতাৰে এছেম্বলীৰ কংগ্ৰেছ দলৰ দলপতি নির্বাচিত হয়। বৰদলৈৰ নেতৃত্বত বিৰোধী দল হিচাপে কংগ্ৰেছে ছাদুল্লা মন্ত্রীসভাৰ বিৰুদ্ধে যুঁজ দিয়ে। ফলত ১৯৩৮ চনত ছাদুল্লা মন্ত্রী সভাই পদত্যাগ কৰিবলৈ বাধ্য হয়। তেতিয়া গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত কংগ্ৰেছ সন্মিলিত চৰকাৰ গঠন হয়। সেই সময়ত কংগ্ৰেছ দলত তৰুণৰাম ফুকন, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, বিষ্ণুৰাম মেধিৰ লেখীয়া প্ৰসিদ্ধ নেতাসকল আছিল। তেওঁলোকে গোপীনাথ বৰদলৈকেই প্ৰদেশখনৰ প্রধান মন্ত্রী (আজিকালি মুখ্যমন্ত্রী) হোৱাত সমর্থন দিছিল। বৰদলৈৰ নেতৃত্বত বিশেষকৈ ৰাজ্যখনৰ অনুসূচীত জাতি-জনজাতিৰ কল্যাণৰ হকে ভালেখিনি কাম আগবাঢ়ে। কিন্তু তেওঁৰ চৰকাৰে এবছৰ অতিক্ৰম কৰাৰ পিছত জাতীয় কংগ্ৰেছৰ নির্দেশক্রমে বৰদলৈ মন্ত্রীসভাই পদত্যাগ কৰে।

ইফালে মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি সত্যাগ্রহ আন্দোলন আৰম্ভ হয়। গোপীনাথ বৰদলৈয়ে এই আন্দোলনত নেতৃত্ব দি গ্রেপ্তাৰ বৰণ কৰে। ১৯৪২ চনৰ ‘ভাৰত ত্যাগ' আন্দোলনত দেশৰ প্ৰায় সকলোবোৰ কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰে। অসমতো গোপীনাথ বৰদলৈ প্ৰমুখ্যে ভালেমান কংগ্ৰেছ নেতাক গ্রেপ্তাৰ কৰি কাৰাগাৰত থয়। অৱশ্যে ১৯৪৪ চনত অসুস্থতাৰ কাৰণত গোপীনাথ বৰদলৈয়ে নির্দিষ্ট সময়তকৈ কিছুদিন আগতে কাৰাগাৰৰ পৰা মুক্তি পায়।

১৯৪৬ চনত বৰদলৈৰ নেতৃত্বত অসমত কংগ্ৰেছী মন্ত্রীসভা গঠন হয়। কিন্তু এনেতে কেবিনেট মিছন ভাৰতলৈ আহি ভাৰতখনক তিনিটা গ্ৰুপত বিভক্ত কৰা আঁচনি কৰে। সেইমতে অসমক বংগৰ লগত চামিলৰ প্ৰস্তাৱ কৰে। কিন্তু গোপীনাথ বৰদলৈয়ে এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰে। আনকি গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমবাসীয়ে এনে আঁচনিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে। গোপীনাথ বৰদলৈয়ে এই ক্ষেত্ৰত মহাত্মা গান্ধীৰো সহায় লাভ কৰিছিল। শেষত যেনিবা জনমতৰ হেঁচাত অসমে বংগৰ অংগ হ'ব লগা নহ'ল। তাৰ বাবে অসমবাসীয়ে বৰদলৈৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিব লাগিব।

গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰিত্বৰ কালত অসমত ভালেমান উল্লেখযোগ্য কাম হয়। এওঁ আছিল স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই তেওঁ অসমখনক নতুন ৰূপত সজাই তোলৰ সংকল্প গ্ৰহণ কৰে। ক্ষমতালৈ আহিয়েই তেওঁ জেলত বন্দী হৈ থকা সকলোবোৰ ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়ে। অসমৰ বুনিয়াদ শিক্ষা, সংস্কৃত শিক্ষা, মাদ্রাছা শিক্ষা আৰু হিন্দী শিক্ষাৰ বিকাশৰ

হকে আঁচনি গ্রহণ করে। বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতিৰ হকেও তেওঁ আগভাগ

লয়। কৃষকৰ মাটিৰ খাজনা কমোৱাটো তেওঁৰ কাৰ্যকালৰ অন্য এটা উল্লেখনীয় কাম।

তেওঁ পর্বত-ভৈয়াম সম্প্ৰীতিৰ হকেও চেষ্টা কৰিছিল। বৰদলৈৰ আপ্রাণ চেষ্টাৰ ফলতে ১৯৪৮ চনত অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় ‘গুৱাহাটী বিশ্ববিদ্যালয়' স্থাপন হয়। কিন্তু হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ১৯৫০ চনৰ ৫ আগষ্টৰ নিশা গোপীনাথ বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে। গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত বিষ্ণুৰাম মেধিয়ে অসমর দ্বিতীয়জন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে গোপীনাথ বৰদলৈ আছিল আধুনিক অসমৰ নিৰ্মাতা।

ভাৰত চৰকাৰে তেওঁৰ প্ৰতি সন্মান জনাই ১৯৯৯ চনত মৰণোত্তৰভাৱে তেওঁক ‘ভাৰত ৰত্ন’ সন্মান প্ৰদান কৰে।

গোপীনাথ বৰদলৈ যে এজন ৰাজনীতিবিদ বা সমাজকর্মীয়েই আছিল এনে নহয়, তেওঁ এজন সু-গায়কো আছিল। তেওঁ নিজে বৰগীত গাইছিল। আনকি নিজৰ ল'ৰা ছোৱালীকো বৰগীত গাবলৈ শিকাইছিল। আনকি তেওঁ ৰন্ধা-বঢ়া, চিলাই কাম আদিতো পটু আছিল।

গোপীনাথ বৰদলৈ এজন ধাৰ্মিক আৰু অল্পভাষী আছিল। তেওঁৰ নিজৰ চোলা চুৰিয়াৰ বাবে নিজে কপাহী সূতা কাটি লৈছিল। চৰ্দাৰ বল্লভভাই পেটেলৰ ভাষাত বৰদলৈ আছিল অসমৰ এজন সিংহপুৰুষ। গোপীনাথ বৰদলৈ আজি আমাৰ মাজত নাই যদিও ‘লোকপ্রিয়’ হিচাপে তেওঁ অসমবাসীৰ মাজত সদায় অমৰ হৈ থাকিব। 

Post a Comment

0 Comments