পাৰ্বতিপ্ৰসাদ বৰুৱা
গীতি-কবি পার্বতিপ্রসাদ বৰুৱাৰ জন্ম হৈছিল ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌত | পাৰ্বতিপ্ৰসাদ বৰুৱাৰ দেউতাকৰ নাম ৰাধিকাপ্ৰসাদ বৰুৱা আৰু মাকৰ নাম আছিল হিমলা দেৱী। পাৰ্বতিপ্ৰসাদৰ দেউতাক ৰাধিকাপ্রসাদ অসম কাউন্সিলৰ সদস্য আছিল। তেওঁ ‘ৰায় চাহেব' খিতাপো লাভ কৰিছিল। পাৰ্বতিপ্ৰসাদ বৰুৱাৰ মাক যোৰহাটৰ বিখ্যাত চাহ খেতিয়ক, ৰায় বাহাদুৰ বিষ্টুৰাম বৰুৱাৰ কন্যা আছিল। পাৰ্বতিপ্ৰসাদ বৰুৱাৰ আন আন ভাতৃকেইজনে হ’ল— ভগৱতীপ্রসাদ, কামাখ্যাপ্রসাদ আৰু মোক্ষদাপ্রসাদ। পার্বতিপ্ৰসাদ বৰুৱাৰ দেউতাক এজন সাহিত্যিক আছিল। তেওঁ
‘পদ্য জামলা’, ‘ভিকটোৰিয়া চৰিত্ৰ আৰু ভূগোল পাঠ' লিখিছিল। পাৰ্বতিপ্ৰসাদ বৰুৱাই সৰুতে সোণাৰিৰ পাঠশালা স্কুলত পঢ়ি ৮ বছৰ বয়সত শিৱসাগৰৰ ফুলেশ্বৰী ইনষ্টিটিউচনত পঢ়ে। ১৯২১ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গুৱাহাটীৰ কটন কলেজৰ পৰা আই. এছ. ছি. পৰীক্ষা পাছ কৰি কলকাতাৰ স্কটিছ চাৰ্চেজ কলেজৰ পৰা বি. এ.
পাছ কৰে। পাৰ্বতিপ্ৰসাদ বৰুৱাই কৰ্ম জীৱন আৰম্ভ কৰে চাহ বাগিচাৰ মেনেজাৰ হিচাপে। প্ৰথমতে তেওঁ যোৰহাট জিলাৰ কেইখনমান চাহ বাগিচাত মেনেজাৰ হিচাপে কাম কৰি পিছত শিৱসাগৰৰ ৰজাবাৰী চাহ বাগিচাৰ মেনেজাৰ হয়। লগতে তেওঁ ককায়েকৰ আইদেওবাৰী বাগিচাৰো দায়িত্বভাৰ লয়। ১৯৩৯ চনত তেওঁ বাইডাং চাহ বাগিচা কিনে। ১৯৪৭ চনত সোণাৰি চাহ বাগিচা কিনি সেইসমূহ পৰিচালনা কৰে।
১৯৪০ চনত তেওঁৰ 'ৰূপহী' বোলছবি নিৰ্মাম কৰে। পাবচতিপ্ৰসাদ বৰুৱাৰ সৰুৰে পৰা সংগীত আৰু চিত্ৰকলাত ৰাপ আছিল। তেওঁৰ পৰিয়ালটো কাব্য-সাহিত্য আৰু সংগীত চৰ্চাত আগবঢ়া আছিল। পার্বতিপ্ৰসাদ বৰুৱাই ৯-১০ বছৰ বয়সৰ পৰাই অভিনয় কৰিছিল। তেওঁ ফুলেশ্বৰী স্কুলত পঢ়ি থাকোতেই জয়মতী নাটত গদাপাণিৰ ভাও লৈছিল। তেওঁ সুন্দৰ আবৃত্তিও কৰিব পাৰিছিল। পাৰ্বতিপ্ৰসাদ বৰুৱাৰ মাত বৰ শুৱলা আছিল। সৰুৰে পৰাই পাৰ্বতিপ্ৰসাদ বৰুৱাই ৰবীন্দ্ৰ সংগীত আৰু লক্ষ্মীৰাম বৰুৱা, পদ্মধৰ চলিহা আদিয়ে ৰচিত গীত গাইছিল। তেওঁ ‘থুপিতৰা' আৰু ‘ঘৰ-জেউতি' নামৰ দুখন হাতে লিখা আলোচনী উলিয়াইছিল। কটন কলেজ আৰু কলকাতাত পঢ়ি থার্কোতে তেওঁ সংগীত চৰ্চাৰ এক পৰিবেশ পাইছিল। কলকাতাত পঢ়ি থকা সময়ৰ পৰাই পাৰ্বতিপ্ৰসাদে শিৱসাগৰ নাট্য মঞ্চত সংগীত পৰিবেশন কৰিছিল, নৃত্যাভিনয় কৰিছিল।
বি. এ. পাছ কৰি পাৰ্বতিপ্ৰসাদে কিছুদিন সৰু চৰাইত মোমায়েকৰ চাহ বাগিচাত আছিল। তাতেই তেওঁ 'সোণৰ সোলেঙ' আৰু 'লখিমী 'খন লিখে। তাতেই ১৯২৯ চনত তেওঁ 'জোনাকী মেল'ৰ পাতনি মেলে। পিছত তেওঁ গুৱাহাটীকে ধৰি অন্য ঠাইতো 'জোনাকী মেল'ৰ আয়োজন কৰিছিল।
১৯৫৩ চনত তেওঁ ৰক্তচাপত আঘাতপ্রাপ্ত হৈ শয্যাশায়ী হয়। তেওঁ ঘৰত সোমাই থাকিবলগীয়া অৱস্থা হয়। এই সময়ছোৱাতেই তেওঁ গীতৰ পুথি 'গুণগুণনি, লুইতী, কবিতা পুথি— ভঙা টোকাৰীৰ সুৰ, গীতিকাব্য – ‘শুকুলা ডাৱৰ ঐ বহুঁৱলা ফুল' লিখি প্ৰকাশ কৰে। তেওঁৰ শেহতীয়া কবিতা পুথি ‘খেল ভঙা খেল' তেওঁৰ মৃত্যুৰ বহু বছৰ পিছত প্ৰকাশ পায়।
১৯৬১ চনত অসম সাহিত্য সভাৰ গোৱালপৰা অধিবেশনৰ সংগীত সন্মিলনৰ সভাপতি হিচাপে পার্বতিপ্ৰসাদ বৰুৱাক নির্বাচন কৰে। তেওঁ ৰুগ্ন দেহাৰে সন্মিলনত উপস্থিত হৈ বিপুল জনতাৰ পৰা সন্মান লাভ কৰে।
পাৰ্বতিপ্ৰসাদ বৰুৱাৰ কবিতাতকৈ গীত বেছি। পার্বতিপ্ৰসাদে বহুকেইটা দেশ প্ৰেমমূলক গীত ৰচনা কৰিছিল। পাৰ্বতিপ্ৰসাদ বৰুৱাৰ ৰচনাত কোনো বিদেশী বা বঙলুৱা শব্দ নাই।
পাৰ্বতিপ্ৰসাদ বৰুৱা আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক, নৃত্যশিল্পী আৰু সু-অভিনেতা। পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সৃষ্টি সম্ভাৰে অসমীয়া জাতীয় জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। ১৯৬৪ চনৰ ৭ জুনত এইগৰাকী মহান ব্যক্তিয়ে ইহসংসাৰ ত্যাগ কৰে।
0 Comments