নটসূর্য ফণী শৰ্মা

নটসূর্য ফণী শৰ্মা

নটসূৰ্য ফণী শৰ্মাৰ জন্ম হয় ১৯১০ চনত তেজপুৰ চহৰৰ কলিবাৰী অঞ্চলত এটি সম্ভ্ৰান্ত ব্ৰাহ্মণ পৰিয়ালত। এওঁৰ পিতৃৰ নাম মোলান শৰ্মা আৰু মাকৰ নাম আছিল হোমেশ্বৰী দেৱী। ফণী শৰ্মাৰ ঘৰত মতা নাম আছিল 'বলিন'। এসময়ত তেজপুৰ অঞ্চলৰ মানুহে তেওঁক বলিন শৰ্মা বুলিয়েই জানিছিল। ফণী শৰ্মাৰ দেউতাক দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ 'পেচকৰ' আছিল। তদুপৰি 'চিব্বানী' নামে ঠাইত আৰু বুঢ়া-চাপৰিত তেওঁলোকৰ গৰু-ম'হৰ খুটি আছিল। ফণী শৰ্মাই সৰুৰে পৰা পঢ়া-শুনাতকৈ খেলা-ধুলা, সাঁতোৰা, মাছধৰা আদি কার্যত বিশেষ মন দিছিল। ফণী শৰ্মাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। ১৯২৮ চনৰ ঘটনা। তেতিয়া তেওঁ সপ্তম-অষ্টমমানৰ ছাত্ৰ। তেজপুৰৰ বাণ থিয়েটাৰত পদ্মনাথ গোহাঞি বৰুৱাৰ 'জয়মতী' নাটত তেওঁ গদাপাণিৰ ভূমিকাত অভিনয় কৰি যশস্যা লভিবলৈ সমৰ্থন হয়। ফণী শৰ্মাৰ দেউতাকে নিজৰ একমাত্র ল'ধাৰ পঢ়া-শুনাত ধাউতি নেদেখি চিন্তিত হ’ল। এনেদৰে অভিনয়ত লাগি থাকিলে তেওঁৰ সন্তানৰ জীৱন অথলে যাব বুলি ভাবি বাৰাণসীলৈ গ'ল। তাত ফণী শৰ্মাক 'কাশী বিদ্যাপীঠ 'ত নাম লগাই দিলে। কিন্তু তাতো ফণী শৰ্মাৰ মন নবহিল। এদিন মনে মনে কাশী এৰি ফণী শৰ্মাই তেজপুৰলৈ গুচি আহিল। ফণী শৰ্মাৰ পঢ়া-শুনা সিমানতে অন্ত পৰিল।

ফণী শৰ্মাই অভিনয়টো জীৱনৰ ব্ৰত কৰি ল'লে। তেজপুৰৰ বাণ ৰঙ্গমঞ্চত কেইবাখনো নাটক কৰিলে। ১৯৩০ চনৰ কথা। তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাই গুৱাহাটীত মাছ, ঘিউ আৰু চাউলৰ কাৰবাৰ কৰিছিল। ভাগ্যক্রমে ফণী শর্মাই গুৱাহাটীত বিষ্ণুৰাভাক লগ পালে। ফণী শৰ্মায়ো ৰাভাৰ লগত অংশীদাৰ হৈ ব্যৱসায়ত লাগে। পিছত দুয়োজনে ব্যৱসায়তকৈ ফিল্ম কৰাৰ চিন্তা কৰে যদিও তাতেও আউল লাগে।

ফণী শৰ্মা আছিল এজন সুদক্ষ খেলুৱৈ। এবাৰ বৰপেটালৈ ফুটবল খেলিবলৈ যাওঁতে তাতেই কলাকাৰ, নাট্য বিশাৰদ ব্রজনাথ শৰ্মাৰ সান্নিধ্য লাভ কৰে। তাতেই তেওঁ ব্রজনাথ শৰ্মাৰ কোহিনুৰ অপেৰা পাৰ্টিত অভিনয়ৰ সুযোগ লাভ কৰে। মাহে কুৰি টকা মাননিত তেওঁ ব্রজনাথ শৰ্মাৰ নাট্যদলত অভিনেতা হিচাপে যোগদান কৰে। কোহিনুৰ অপেৰা পাৰ্টিৰ ‘হিন্দুবৰ’ নাটত ‘হিন্দুবীৰ'ৰ ভূমিকাত অভিনয় কৰিছিল ব্রজ শৰ্মাই নিজে আৰু ‘আদিল চাহ’ৰ চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মাই। কুমাৰ ভাস্কৰ নাট্য মন্দিৰতো কোহিনুৰ অপেৰা পাৰ্টিয়ে নিয়মীয়াকৈ নাটক কৰিছিল। গুৱাহাটীৰ মঞ্চত অভিনয় কৰি ফণী শৰ্মাই তিনিটাকৈ পদক লাভ কৰি অসমৰ এজন শ্রেষ্ঠ অভিনেতা হিচাপে পৰিচিত হৈছিল।

১৯২৯ চনত ফণী শৰ্মাৰ মাতৃ বিয়োগ হয়। সেই সংক্রান্তত গয়ালৈ পিণ্ডদান দিয়াৰ উদ্দেশ্যে ফণী শৰ্মাই পিতৃৰ সৈতে গয়ালৈ গৈছিল। তাৰ পৰা ঘূৰি আহি কলকাতাত এমাহ আছিল। কলকাতাত থকা সময়ত ফণী শৰ্মাই বংগৰ অপ্রতিদ্বন্দ্বী নাট্যাচাৰ্য শিশিৰ কুমাৰ ভাদুড়ী, নটসূৰ্য অহীন্দ্ৰ চৌধুৰী আৰু সুদৰ্শন-নট দুৰ্গা দাস বেনাৰ্জীৰ অভিনয় চোৱাৰ সুযোগ লাভ কৰে। সেই অভিনয় চাই পৰৱৰ্তী সময়ত ফণী শৰ্মাই সুকীয়া অভিনয় ৰীতি আয়ত্ব কৰে। 

এদিন ডুমডুমাত ফণী শৰ্মাই থিয়েটাৰ কৰি থকাৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমখন অসমীয়া কথাছবি 'জয়মতী' কৰিবলৈ ওলোৱাৰ বাতৰি পালে । জ্যোতিপ্ৰসাদে কাকতত দিয়া বিজ্ঞাপন পঢ়ি ফণী শৰ্মাই আবেদন কৰিলে। কেইদিনমান পিছত জ্যোতিপ্ৰসাদে ফণী শৰ্মাক তেজপুৰলৈ মাতি পঠিয়ালে। ফণী শৰ্মা যে এজন দক্ষ অভিনেতা সেই কথা জ্যোতিপ্ৰসাদে আগতীয়াকৈ জানিছিল। জ্যোতিপ্ৰসাদে ফণী শৰ্মাক 'জয়মতী'ত ক্ৰুৰ চৰিত্ৰ গাঁঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰিবলৈ বাছনি কৰিলে। ‘জয়মতী'ত ফণী শৰ্মাই সফলতাৰে অভিনয় কৰে। ১৯৩৯ চনত জ্যোতিপ্ৰসাদে দ্বিতীয় ছবি 'ইন্দ্ৰমালতী' নিৰ্মাণ কৰি উলিয়ায়। তাতো ফণী শৰ্মাই সুখ্যাতিৰে অভিনয় কৰে। ১৯৪০ চনত তেজপুৰৰ আমোলাপট্টিৰ সাধু গোস্বামীৰ জীয়ৰী মনোৰ্মা দেৱীৰ

সৈতে ণী শৰ্মাৰ বিবাহ হয়।

১৯৪১ চনৰ পৰা ১৯৪৫ চনৰ ভিতৰত ফণী শৰ্মাই গ্রামোফোন ৰেকৰ্ডত স্ব ৰচিত ৰেকৰ্ড-নাট্য নৰকাসুৰ, হাজোৰ নটী, কুৰংগনয়নী, এম এল এ আদি নাট কলকাতালৈ গৈ বাণীবদ্ধ কৰে। সেই সময়ত ৰেকৰ্ড-নাটিকাবোৰে অসমৰ বিশেষকৈ গ্রামাঞ্চলত জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছিল।

১৯৪৬ চনত ফণী শৰ্মাৰ প্ৰচেষ্টাত 'চিত্ৰাৱলী পিকচার্চ লিমিটেড' নামৰ এটি ৰাজহুৱা চিত্র নির্মাণ উদ্যোগ গঠন হয়। দেশভক্ত লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প “চিৰাজ’ৰ আধাৰত এখন কথাছবি নিৰ্মাণৰ আঁচনি কৰে। ১৯৪৭ চনত তেওঁ ‘চিৰাজ’ কথাছবিৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। চিৰাজৰ নাম ভূমিকাত ফণী শৰ্মাই নিজেই অভিনয় কৰিছিল। এদিন শ্বুটিঙৰ বাবে সাজ-সজ্জা কৰি থকা সময়ত নিজৰ সাতবছৰীয়া পুত্ৰ দেৱজিতৰ মৃত্যুৰ সংবাদ আহিল। তেওঁ অলপ সময় থমকি ৰৈছিল যদিও কেমেৰাৰ সন্মুখত অভিনয় কৰি গৈছিল। অৱশ্যে অভিনয়ৰ পিছত পুত্ৰৰ মৃত্যুত চকুলো টুকিছিল। তদ্রূপ, বাণ ষ্টেজত 'চাজাহান 'ত অভিনয় কৰি থাকোতে তেওঁৰ পিতৃৰ মৃত্যু সংবাদ পাইছিল। ফণী শৰ্মাৰ প্ৰথম বোলছবি 'চিৰাজত আঘোণাৰ ভাওত অভিনয় কৰিছিল বৰপেটাৰ অম্বিকা পাটোৱাৰীয়ে। ১৯৪৮ চনত চিৰাজে মুক্তি লাভ কৰে।

১৯৪৮ চনৰ ১ জুলাইত গুৱাহাটী- শ্বিলংঅনাতাঁৰ কেন্দ্ৰ স্থাপন হয়। দুয়োটা কেন্দ্ৰতেই ফণী শৰ্মাহনাটকত অভিনয় কৰিছিল। এবাৰ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই পতা নাট প্রতিযোগিতাত ফণী শৰ্মাৰ 'ভোগজৰা' অনাতাঁৰ নাটখনে প্ৰথম পুৰস্কাৰ লাভ কৰে।


ফণী শৰ্মাৰ আন এখন বোলছবি 'পিয়লি ফুকন খনে ১৯৫৫ চনত মুক্তি লাভ কৰে। পোনপ্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত ‘পিয়লি ফুকন' বোলছবিখনে ৰাষ্ট্ৰপতিৰ ‘যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল। “পিয়লি ফুকন'ৰ পিছতেই ফণী শৰ্মাই ‘ধুমুহা’ বোলছবিখন পৰিচালনা কৰে। ১৯৫৮ চনত তেওঁ ‘প্ৰাগজ্যোতিকা' নামৰ এখনি প্রামাণ্য চিত্র নির্মাণ কৰি উলিয়াইছিল। ১৯৫৯ চনত ফণী শৰ্মাই ‘কেঁচাসোণ’ বোলছবিখন পৰিচালনা কৰে। ফণী শৰ্মাই পৰিচালনা কৰা সকলোবোৰ বোলছবিতে নিজে অভিনয়ো কৰিছিল যদিও একমাত্র ‘কেঁচাসোণ' নামৰ বোলছবিখনত তেওঁ অভিনয় কৰা নাছিল। ফণী শৰ্মাৰ নিৰ্দেশত ‘পুৱতি নিশাৰ সপোন' নামৰ আন এখন কথাছবিয়ে মুক্তি লাভ কৰে।

ফণী শৰ্মাই নিজৰ কথাছবিত অভিনয় কৰাৰ উপৰি জয়মতী, ইন্দ্ৰমালতী, সতী বেউলা, সৰাপাত, আমাৰ ঘৰ, লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, ইটো সিটো বহুতো, মণিৰাম দেৱান, প্রতিধ্বনি আদি কথাছবিতো অভিনয় কৰিছিল।

জীৱনৰ পৰৱৰ্তী কালছোৱাত ফণী শৰ্মাই ‘পূর্বজ্যোতি থিয়েটাৰ'ত যোগদান কৰি সমগ্ৰ অসমত অভিনয় কৰি কটায়। এই ভ্ৰাম্যমানখনত থকাৰ সময়তে তেখেতে অসুস্থতা অনুভৱ কৰে। পিছত অসুখ বেছি হোৱাত তেওঁক গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। ১৯৭০ চনৰ ১৩ জুলাইত নটসূর্য ফণী শৰ্মাই ইহলীলা সম্বৰণ কৰে।

Post a Comment

0 Comments