কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকাত। তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম আছিল গেথীবালা ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা বড়ো-কছাৰী সম্প্ৰদায়ৰ লোক। বিষ্ণুৰাভাৰ ককাদেউতাক আছিল শনিৰাম কছাৰী। তেওঁ কামৰূপ জিলাৰ ৰাণী অঞ্চলৰ লোক আছিল। শনিবাম কছাৰীয়ে ইংৰাজ সামৰিক বাহিনীত সৈনিক হিচাপে কাম কৰিছিল। বিষ্ণুৰাভাৰ দেউতাক গোপাল ৰাভায়ো সামৰিক বিভাগত চাকৰি কৰিছিল। ইংৰাজ চৰকাৰে তেওঁৰ কৰ্মৰ চিনস্বৰূপে ২০০০ বিঘা মাটি দিছিল। তাৰ পিছৰ পৰাই পৰিয়ালটিয়ে তেজপুৰত থাকিবলৈ লয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ ৮ বছৰ বয়সতেই দেউতাক আৰু ১৭ বছৰ বয়সত মাকৰ মৃত্যু হয়।
বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিয়ালটোৱে কেনেকৈ ৰাভা উপাধি পালে সেই বিষয়ে এটি কাহিনী আছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক গোপাল কছাৰীৰ মাক সৰুতে ঢুকায়। তেতিয়া গোপাল কছাৰীৰ দেউতাক শনিৰাম কছাৰীয়ে চান্দ্ৰবৰ ৰাভা নামৰ এজন আত্মীয়ৰ ওপৰত গোপাল কছাৰীক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব অর্পণ কৰে। চান্দবৰ ৰাভা তামুলপুৰ অঞ্চলৰ মানুহ যদিও সেই সময়ত তেওঁ পুলিচ ইন্সপেক্টৰ হৈ তেজপুৰত আছিল। চান্দবৰ ৰাভাই ডাঙৰ-দীঘল কৰা বাবেই গোপাল কছাৰীয়ে ‘কছাৰী' উপাধি ত্যাগ কৰি 'ৰাভা' উপাধি গ্ৰহণ কৰে। সেই সূত্রেই গোপাল ৰাভাৰ সন্তানে পিছলৈ 'ৰাভা' উপাধি লিখিবলৈ লয়।
গোপাল ৰাভাৰ পাঁচজন পুত্ৰ আৰু তিনিজনী কন্যা আছিল। তেওঁলোক হ'ল – দিলীপ, গোপাল, নন্দলাল, বিষ্ণুপ্ৰসাদ, ৰঞ্জিত, কমলা, মনমোহিনী আৰু লক্ষ্মী। বিষ্ণুপ্ৰসাদ ৰাভাব দেউতাকে ১৯১৩ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯১৭ চনত তেওঁৰ মৃত্যু হয়। ১৯২৬ চনত মাক গেথীবালা ৰাভাৰ মৃত্যু হয়।।
প্রথমতে বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ মিলিটাৰী প্রাইমেৰী স্কুলত পঢ়িছিল। সেই স্কুলত ইংৰাজ বিষয়াৰ ল'ৰা-ছোৱালীয়ে পঢ়িছিল। তেওঁ স্কুললৈ পাঁচটা ঘোঁৰাই টনা বাগী গাড়ীৰে অহা-যোৱা কৰিছিল। এইখন স্কুলত পঢ়িবলৈ বিষ্ণুৰাভাব ভাল নলগা হোৱাত পিছত উর্দু ভাষাৰ এখন প্রাইমেৰী স্কুলত নাম লগায়। তাত এবছৰমানপঢ়ি তেওঁ বাংলা ভাষাৰ আন এখন প্রাইমেৰী স্কুলত নামভর্তি কৰে। ঢাকাত থাকোতে বিষ্ণুৰাভাই প্রাইমেৰী শিক্ষা শেষ করে।
বিষ্ণুপ্ৰসাদ ৰাভাই হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰম্ভ কৰে। তেওঁ তেজপুৰ চৰকাৰী হাইস্কুলত চতুর্থ শ্রেণীত নাম লগায়। তেজপুৰত চতুর্থ শ্রেণীৰ পৰীক্ষাত তেওঁ কৃতকার্য হ'ব পৰা নাছিল। পৰীক্ষাৰ ফল বেয়া হোৱাত তেওঁ বৰ লাজ পায়। অৱশ্যে তেওঁ কৃতকার্য হ'ব নোৱাৰাৰ কাৰণ আছে। ঢাকাত বিষ্ণুৰাভাই বাংলা আৰু উর্দু মাধ্যমতহে শিক্ষাগ্রহণ কৰিছিল। তেজপুৰত চতুর্থ শ্ৰেণীত নামভৰ্তি কৰি অসমীয়া মাধ্যমত পঢ়িব লগা হৈছিল। হঠাৎ শিক্ষাৰ মাধ্যম সলনি হোৱা বাবেই প্রথমবাৰ তেওঁ কৃতকার্য হ'ব নোৱাৰিলে।
তেজপুৰ চৰকাৰী হাইস্কুলত পঢ়ি থকা সময়ত চতুর্থ শ্রেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰথমবাৰ অকৃতকাৰ্য; চতুর্থ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ— দ্বিতীয়বাৰত চতুৰ্থ স্থান; পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ— তৃতীয় স্থান; ষষ্ঠ শ্রেণীৰ পৰা সপ্তম শ্ৰেণীলৈ— দ্বিতীয় স্থান; সপ্তম শ্রেণীৰ পৰা অষ্টম শ্ৰেণীলৈ— প্রথম স্থান; অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ— প্রথম স্থান আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ— প্রথম স্থান দখল কৰি উত্তীর্ণ হয়। ১৯২৬ চনত তেওঁ প্ৰথম স্থান লৈ প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। প্ৰৱেশিকা পৰীক্ষাত তেওঁ দৰং জিলাৰ ভিতৰত প্ৰথম হৈছিল। এই কৃতিত্বৰ বাবে তেওঁ কুইন এমপ্ৰেছ স্বর্ণপদক লাভ কৰিছিল।
প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ বিষ্ণুপ্ৰসাদ ৰাভাই কলকাতাৰ ছেণ্ট প'ল কলেজত নামভৰ্তি কৰে বিজ্ঞান শাখাত। তাত পঢ়ি থাকেতে ৰাভাই কলেজৰ ক্ৰিকেট সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ছেণ্ট প'ল কলেজৰ পৰা ৰাভাই প্রথম বিভাগত আই এছ চি পৰীক্ষা পাছ কৰে। ১৯২৮ চনত বিষ্ণুপ্ৰসাদে কলকাতাৰ ৰিপণ কলেজত পদার্থ বিজ্ঞানত অনাৰ্ছ লৈ বি এছ চি পঢ়িবলৈ নামভৰ্তি কৰে। ৰিপণ কলেজত পঢ়ি থকা সময়ত তেওঁ প্ৰথমতে ফুটবল সম্পাদক আৰু পিছত কলেজৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হৈছিল। বি এছ চিৰ বাছনি পৰীক্ষাত তেওঁ কলেজৰ ভিতৰতে সর্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯২৯ চনত তেওঁ বি এছ চিৰ দ্বিতীয় বার্ষিকলৈ উত্তীৰ্ণ হৈ চূড়ান্ত পৰীক্ষা দিব নোৱাৰিলে। ১৯৩০ চনত দেশজুৰি আৰম্ভ হোৱা আইন অমান্য আন্দোলনত ছাত্র বিষ্ণুৰাভায়ো যোগদান কৰে। সেই সময়ত তেওঁ বিপণ কলেজৰ সাধাৰণ সম্পাদক আছিল। পুলিচে হোষ্টেলত তালাচী চলাই বিষ্ণুৰাভাক হাৰাশাক্তি করে। পুলিচী অত্যাচাৰত অতিষ্ঠ হৈ ৰাভাই শিক্ষা আধকরা কৰি বিপণ কলেজ ত্যাগ কৰে।
বিপণ কলেজ এৰি আহি ৰাভাই কোচবিহাৰৰ ভিক্টোরিয়া কলেজত বি.এ প্রথম বার্ষিকত নাম লগায়। সেই সময়ত ভিক্টোরিয়া কলেজত বিজ্ঞান পঢ়াৰ ব্যৱস্থা নাছিল। তেওঁ ইংৰাজী বিষয়ত অনাৰ্চ লয়। ভিক্টোরিয়া কলেজৰ পৰা ৰাভাক কলেজ কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছিল। তেওঁক বহিষ্কাৰৰ আঁৰত এক কাহিনী আছে। এদিন কোচবিহাৰৰ দেশীয় ৰজা দেৱান নলিনী ৰঞ্জন খাস্তগীৰ আৰু ইংৰাজ ৰেছিডেণ্ট জেনেৰেল বিজেণ্ট হাচিন চাহাবে ঘোঁৰাত উঠি ৰাজপথেদি গৈ আছিল। প্রচলিত নিয়মমতে সেই সময়ত সাধাৰণ প্ৰজাই মূৰ অৱনত কৰি ৰাজবিষয়াক সন্মান প্রদর্শন কৰিব লাগে। কিন্তু বিষ্ণুৰাভা আৰু তেওঁৰ বন্ধুসকলে ৰাজবিষয়া দুজন দেখিও সন্মান প্ৰদৰ্শন নকৰিলে। এই অপৰাধত ৰাভাহঁতক ৰাজদ্রোহী আখ্যা দি আত্মসমৰ্পৰ্ণৰ নির্দেশ দিলে। কিন্তু বিষ্ণুৰাভাই এই নির্দেশ অমান্য কৰি চৰকাৰ আৰু ৰাজবিষয়াক সমালোচনা কৰি এফাকি বাঙ্গ কবিতা লিখি ৰজাৰ প্ৰাসাদৰ বেৰত আৰি দিলে। এই ঘটনাৰ বাবে ৰাজদৰবাৰৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত বিষ্ণু ৰাভাক কোচবিহাৰ ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে। সেই মর্মে ভিক্টোৰিয়া কলেজৰ অধ্যক্ষাই বিষ্ণু ৰাভাক কলেজৰ পৰা বহিষ্কাৰ কৰে। অৱশ্যে ভিক্টোৰিয়া কলেজত বি এ চতুর্থ বার্ষিকৰ পৰীক্ষাত ৰাভাই চতুর্থ স্থান অধিকাৰ কৰিছিল।
ভিক্টোৰিয়া কলেজৰ পৰা আহি ৰাভাই ৰংপুৰৰ কাৰ্মাইকেল কলেজত নামভর্তি করে। তাতো তেওঁ পুলিচী নিৰ্যাতনৰ সন্মুখীন হৈ শিক্ষা আধৰুৱা কৰিব লগা হয়। ফলত কলা বা বিজ্ঞান শাখাৰ ক'তোৱেই তেওঁ ডিগ্রী লাভ কৰিব নোৱাৰিলে। শেষত ১৯৩১ চনত তেওঁৰ ছাত্ৰ জীৱনৰ সামৰণি পৰে।
বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৩৬ চনত ২৭ বছৰ বয়সত প্রিয়লতা দত্তক বিয়া কৰায়। প্রিয়লতা এগৰাকী মুগায়িকা আছিল। কলকাতালৈ গীত ৰেকৰ্ড কৰিবলৈ যাওঁতে প্ৰিয়লতাৰ লগত ৰাভাৰ চিনাকি হৈছিল। প্ৰিয়লতা আছিল যোৰহাটৰ জীয়ৰী। বিয়াৰ কিছুদিন পিছত সান্নিপাত জ্বৰত প্ৰিয়লতাৰ মৃত্যু হোৱাত ১৯৫১ চনত তেওঁ কনকলতা মেধিক বিয়া কৰায়। কনকলতা মেধিৰ গৰ্ভত দুই পুত্ৰ পৃথিৰাজ ৰাভা আৰু হেমবাজ ৰাভাৰ জন্ম হয়। ১৯৬২ চনৰ ৫ জানুৱাৰীত কনকলতা মেণিৰো মৃত্যু হয়। কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই মোহিনীবালা বসুমতাৰীক বিয়া কৰায়। মোহিনী বালা বসুমতাৰীৰ গৰ্ভত এটি কন্যা সন্তান জন্ম হৈ মৃত্যু হয়। তাৰ পিছত পুত্র সন্তান মেণ্ডেলা ৰাভাৰ জন্ম হয়। ১৯৬৯ চনৰ ২০ জুনত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেজপুৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয়।
বিষ্ণুপ্ৰসাদ ৰাভা আছিল সাহিত্য-সংস্কৃতিৰ সাধক। বিষ্ণুপ্ৰসাদ ৰাভাই আঠ বছৰ বয়সতেই ১৯১৭ চনত ঢাকা চহৰৰ ওস্তাদ কালচান্দ চাহাবৰ পৰা অভিনয় শিক্ষা লাভ কৰি এখন উর্দু নাটকত প্রথম অভিনয় কৰিছিল। ১৯২১ চনত বাৰ বছৰ বয়সত তেজপুৰ বাণ থিয়েটাৰত অসমীয়া ভাষাত ৰচিত 'আলিবাবা' নাটকত মৰ্জিয়ানাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯২৮ চনত ৰাভাই কলকাতাত বিখ্যাত কছ নৃত্যশিল্পী আনা পাভলোভাৰ সান্নিধ্য লাভ কৰে। তেওঁৰ পৰা ৰাভাই নৃত্যৰ প্ৰেৰণা লাভ কৰে। ১৯৩১ চনত ৰাভাই কলকাতাত Agro Pictures Corporation নামৰ এটি চিনেমা কোম্পানী খুলিছিল। ১৯৩৬ চনত ৰাভাই জ্যোতিপ্ৰসাদৰ লগ লাগি 'জয়মতী' আৰু 'শোণিত কুঁৱৰী’ নাট দুখনৰ গ্রামোফোন ৰেকৰ্ড কৰিছিল। ১৯৩৫ চনত ৰাভাই বাণ থিয়েটাৰত মঞ্চস্থ হোৱা 'কাৰেঙৰ লিগিৰী' নাটত সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰিছিল।
বাণ ৰঙ্গমঞ্চত হোৱা 'দিগ্বিজয়’ নাটকত তেওঁ নাদিৰ ছাহৰ চৰিত্ৰত অভিনয় কৰিছিল। কলকাতাৰ মেচুৱা বজাৰত অনুষ্ঠিত 'ফেন্সি ড্ৰেছ এক্জিবিচন'ত বিষ্ণুৰাভাই ভিক্টৰ হিউগোৰ hunsback of Noterdom ৰ চৰিত্ৰ বেশত ওলাই দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল। কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্রণক্রমে বিষ্ণু ৰাভাই তাত নটৰাজকে ধৰি বিভিন্ন নৃত্য প্ৰদৰ্শন কৰি শ্রোতা-দৰ্শকক আপ্লুত কৰিছিল। নৃত্য কুশলতাৰ স্বীকৃতি স্বৰূপেই ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' উপাধি প্ৰদান কৰিছিল।
ফণী শৰ্মা ৰচিত ‘গঙ্গাটোপ’ নাটকত ৰাভাই গেঠুৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৪৬ চনত ৰাভাই ‘ছিৰাজ’ নাটকত আঘোণাৰ চৰিত্ৰত অভিনয় কৰে। ১৯৪৮ চনত তেওঁ ফণী শৰ্মাৰ লগ হৈ 'ছিৰাজ' বোলছবি নিৰ্মাণ কৰে। ৰাভাই 'প্রতিধ্বনি' বোলছবিত চিয়েমৰ চৰিত্ৰত আৰু 'এৰাবাটৰ সুৰ' বোলছবিত ভুজলুংকাৰ চৰিত্ৰত অভিনয় কৰিছিল।
বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন সু-গায়ক। ওস্তাদ গিৰিজা শঙ্কৰ চক্ৰৱৰ্তী আছিল তেওঁৰ সংগীতৰ গুৰু। তেওঁৰ ভিনিহিয়েক ডাঃ ধাৱাৰাম মেচে তেওঁক বৰগীত শিকাইছিল। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভাষাতেই সুন্দৰকৈ গীত গাব পাৰিছিল। শাস্ত্রীয় সংগীততো তেওঁ পাৰ্গত আছিল। তেওঁ এবাৰ কলকাতাৰ শান্তি নিকেতনত ১৬ টা ভাষাৰ ১৬ টা গীত পৰিবেশন কৰি সংগীত প্রতিভাৰ পৰিচয় দিছিল। আনৱি কাৰাগাৰত থাকোতেও তেওঁ জেইলাৰৰ অনুৰোধত কয়দীসকলক সংগীত আৰু অভিনয়ৰ শিক্ষা দিছল। তেওঁ প্ৰায়বোৰ বাদ্যযন্ত্রই বজাব জানিছিল। তেওঁ বহু সংখ্যক জনপ্ৰিয় গীত ৰচনা কৰি থৈ গৈছে। বিষ্ণুৰাভাৰ এই গীতবোৰ আজিকালি 'ৰাভা সংগীত’ বুলি জনপ্রিয়।
বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন ভাল চিত্ৰকৰ। তেওঁ বহুতো ভাল ছবি আঁকিছিল। তাৰ নিদর্শন হিচাপে তেওঁ অঁকা শ্ৰীমন্ত শংকৰদেৱৰ ছবি উল্লেখযোগ্য। তেওঁ শংকৰ মাধৱৰ যুগল ছবি, আনকি নিজৰ ছবিও আঁকিছিল। বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন দক্ষ খেলুৱৈ। তেওঁ খেলত পাৰদৰ্শিতা দেখুৱাব পাৰিছিল।
বিষ্ণুপ্ৰসাদ ৰাভা শংকৰী কলা-কৃষ্টিৰো সাধক আছিল। তেওঁ বিভিন্ন শংকৰী সত্ৰসমূহলৈ গৈ গায়ন-বায়ন আৰু বৰগীতৰ ওজাসকলক লগ কৰি শংকৰী নৃত্য গীতৰ ধাৰা বুজি লৈছিল। আনকি শংকৰী কলা প্রতিষ্ঠান এটা স্থাপনৰ বাবে আঁচনি লৈ সেই আঁচনি তেওঁ চৰকাৰক দাখিল কৰিছিল।
বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৪৫ চনত ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সদস্য হয়। তেওঁ দলৰ বিভিন্ন কামত নেতৃত্ব দিছিল। তেওঁক কেইবাবাৰো পুলিচে গ্ৰেপ্তাৰ কৰিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত বিষ্ণুৰাভাই গণতন্ত্ৰ দিৱসত টিহুৰ দীঘলী নামৰ ঠাইত ক'লা পতাকা উৰুৱাই ‘য়ে আজাদী ঝুথা হোই’ ধ্বনি দিছিল। বিষ্ণুৰাভাই কিছুদিন আত্মগোপন কৰি মুক্তি ফৌজ, নাৰী মুক্তি সংঘ, কৃষক-বনুৱা পঞ্চায়ত আদি সংগঠন গঢ়াত মন দিছিল। ১৯৫২ চনত পুলিচে ৰাভাক গ্ৰেপ্তাৰ কৰি ধুবুৰী জেলত ৰাখিছিল। ১৯৫৫ চনত বিষ্ণুৰাভাই ভাৰতৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। ১৯৫৭ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থীৰূপে ৰাভাই কোকৰাঝাৰ সমষ্টিৰ পৰা এম পি পদত প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হয়। ১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধৰ সময়ত ৰাভাক কমিউনিষ্ট চীনৰ দালাল বুলি পুলিচে গ্ৰেপ্তাৰ কৰে। সেইবাৰ ৰাভাক উৰিষ্যাৰ বৰহমপুৰ জেলত ৰাখিছিল। ১৯৬৩ চনৰ ২৪ আগষ্টত তেওঁক জেলব পৰা মুক্তি দিয়ে।
১৯৬৭ চনত ৰাভাই নির্দলীয় প্রার্থী হিচাপে তেজপুৰ বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হয়। সেইবাৰেই অসম বিধান সভালৈ ড° ভূপেন হাজৰিকাও নিৰ্বাচিত হৈছিল। বিষ্ণুৰাভাই অসম বিধানসভাত অসমৰ কলা-সংস্কৃতিৰ উন্নয়নৰ হকে মাত মাতিছিল । ইয়াৰ পূৰ্বে ১৯৫২ চনত বিষ্ণুৰাভাই ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি হয়। তেওঁৰ পূৰ্বে সংঘৰ সভাপতি আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।
বিষ্ণুপ্ৰসাদ ৰাভা আছিল সৰ্বহাৰাৰ নেতা। তেওঁ তেওঁৰ পৈতৃিক সম্পত্তি ২০০০ বিঘা মাটি দুখীয়া খেতিয়কৰ মাজত ভগাই দিছিল। তেওঁ এখন শ্রেণীহীন সমাজ গঠনৰ চিন্তা কৰিছিল। কিন্তু ৰাভাদেৱৰ কাম-কাজত চৰকাৰ সন্তুষ্ট হ'ব পৰা নাছিল। তেওঁৰ ওপৰত পুলিচী নির্যাতন চলাইছিল। তেওঁ প্রায় পাঁচ বছৰ কাল অজ্ঞাতবাসত কটাইছিল। অৱশেষত চৰকাৰে ৰাভাদেৱক ধৰি দিব পাৰিলে দহ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন সু-সাহিত্যিক। তেওঁ ভালেমান নাটক, প্রবন্ধ, উপন্যাস, গল্প, গীত আদি ৰচনা কৰিছিল। ন-পৃথিৱীৰ নতুন যুগ, ৰাভা জাতিৰ ইতিবৃত্ত, বড়ো জাতিৰ ইতিহাস, মটক সম্প্ৰদায়ৰ ইতিহাস, ডিমাছা কছাৰীৰ বুৰঞ্জী, বানে কেবাং, মিছিং কনেং, বোঁৱতী সুঁতি, সোণপাহি, জীৱন লালসা, মামীৰ হাৰ, হিয়াৰ পুং, মুক্তি দেউল, অসমীয়া কৃষ্টিৰ চমু আভাস, অসমীয়া কৃষ্টি, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে, জনজাতীয় সংস্কৃতিত শিৱ, চিফুং বাঁহীৰ সুৰ, বড়ো কৃষ্টি আদি তেখেতৰ উল্লেখযোগ্য সাহিত্য কর্ম। তেওঁ ‘পঞ্চায়ত’ কাকতখনো সম্পাদনা কৰিছিল। বাঁহী, আৱাহন আদি আলোচনীত তেওঁ বহুতো মূল্যৱান কথা লিখি থৈ গৈছে। তেওঁ বিষ্ণুপ্রিয়া ৰাভা ঠাকুৰীয়া ছদ্মনামতো নাট, প্রবন্ধ আদি লিখিছিল।
চমুকৈ ক'বলৈ গ'লে বিষ্ণুপ্ৰসাদ ৰাভা আছিল একাধাৰে শিল্পী, নাট্যকাৰ, চিত্ৰকৰ, সাহিত্যিক, খেলুৱৈ, নৃত্য বিশাৰদ, সুৰকাৰ, চিত্রশিল্পী, কবি, সমাজসেৱক, দেশপ্রেমিক, অভিনেতা, চিত্ৰ পৰিচালক, সু-গায়ক, ইতিহাসবিদ আৰু এজন সংগ্রামী শিল্পী। ১৯৬৯ চনৰ ১৯ জুনৰ ৰাতি তেখেতৰ মৃত্যু হয়।
0 Comments