ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
জ্যোতিপ্ৰসাদ আগৰৱালা প্রথম অসমীয়া চলচ্চিত্র নির্মাতা। জ্যোতিপ্রসাদ আগৰৱালাৰ প্রতিভা কেৱল কথাছবি নির্মাণতেই সীমাবদ্ধ নাছিল, তেওঁৰ প্রতিভা আছিল বহুমুখী! তেওঁ আছিল একাধাৰে অসমৰ শ্রেষ্ঠ নাট্যকাৰ, কবি, গায়ক, দক্ষ কৰিঅ'গ্ৰাফাৰ, বিশিষ্ট চুটিগল্প লিখক আৰু শিশু সাহিত্যিক।
প্রগতিশীল জাতীয়তাবাদী ভাৰতৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰু, সুন্দৰৰ পূজাৰী জ্যোতিপ্রসাদে এটা সম্রান্ত পৰিয়ালত জন্মগ্রহণ কৰিছিল। জ্যোতিপ্ৰসাদৰ পূৰ্বপুৰুষ ৰাজস্থানৰ লােক আছিল। ঊনৈশ শতিকাৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদৰ আজোককাক নৱৰঙ্গম আগৰৱালা ৰাজস্থানৰ পৰা অসমলৈ আহিছিল। প্রথমতে নৱৰঙ্গম আগৰৱালাই গােৱালপাৰাত থাব্বিলৈ লৈছিল যদিও পিছত তেজপুৰৰ ওচৰৰ বিশ্বনাথত বসতি কৰিবলৈ লয় ।পিছত নৱৰঙ্গমে বিশ্বনাথৰ পৰা বিশমাইল দূৰৰ গৰিমি’নামে ঠাইত দোকান আৰম্ভ কৰিছিল। পিছলৈ নৱৰঙ্গম মনে-প্রাণে অসমীয়া হৈ পৰিছিল। প্রথমতে তেওঁ গমিৰিৰ ৰাজখােৱা পৰিয়ালৰ জীয়ৰী সাদৰীক আৰু পাছত শইকীয়া পৰিয়ালৰ জীয়ৰী সােণপাহীক বিয়া কৰাইছিল।
আহােম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনত মণিৰাম দেৱানে নৱৰঙ্গমক কৰতােলা হাটখােৱা’ হিচাপে নিয়ােগ কৰিছিল। পিছলৈ নৱৰঙ্গম দৰং জিলাৰ ভিতৰতে আটাইতকৈ প্ৰভাৱশালী আৰু ধনীব্যক্তিৰূপে পৰিগণিত হয়। ১৮৬৫ চনতনৱৰঙ্গমে কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে।
জ্যোতিপ্ৰসাদৰ ককাক আছিল নৱৰঙ্গৰাম আৰু সাদৰীৰ জ্যেষ্ঠ পুত্র হৰিবিলাস আগৰৱালা। পিছলৈ হৰিবিলাস আগৰৱালাৰ যত্ন-প্রেৰণাত আগৰৱালা পৰিয়ালটো অসমত সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত বিখ্যাত হৈ পৰিল। এই হৰিবিলাস আগৰৱালাই প্রথমতে শংকৰ-মাধৱৰ হাতেলিখা পুথিবােৰ ছপাই উলিয়াইছিল।
১৮৭৬ চনত হৰিবিলাস আগৰৱালাই তেজপুৰত এটি ঘৰ সাজে। ঘৰটোৰ নাম ৰাখিলে ‘পকী। দেশ স্বাধীনতা আন্দোলনৰ সময়ত এই পকীয়ে বিশেষ গুৰুত্ব লাভ কৰে। ১৯২১ চনত মহাত্মা গান্ধীয়ে পকীত অনুষ্ঠিত এখন ৰাজহুৱা সভাত যােগদান কৰিছিল। ইয়াৰ উপৰি মতিলাল নেহৰু, ড° ৰাজেন্দ্র প্রসাদ,
ৰাজাগােপালাচাৰী, জৱাহৰলাল নেহৰু আদিয়েও এই পকীৰ আতিথ্য গ্রহণ কৰিছিল। জ্যোতিপ্ৰসাদেও এই পকীতেই সাহিত্য-চৰ্চা কৰিছিল।
পুত্র হল হৰিবিলাস আগৰৱালাৰ পাঁচজন পুত্ৰ আৰু এজনী কন্যা আছিল। তেওঁৰ পাঁচ বিষ্ণুপ্ৰসাদ, চন্দ্র কুমাৰ, পৰ্মানন্দ, কৃষ্ণপ্রসাদ আৰু গােপাল চন্দ্র। একমাত্র জীয়ৰী হ’ল যজ্ঞেশ্বৰী। হৰিবিলাসৰ তৃতীয় পুত্র আৰু জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আছিল এজন সঙ্গীতজ্ঞ আৰু বাদ্যযন্ত্রী।
১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামােলবাৰী চাহ বাগিচাত জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হয়। জ্যোতিপ্ৰসাদৰ দেউতাকৰ নাম পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম কিৰণময়ী আগৰৱালা। কিৰণময়ী শিৱসাগৰ জিলাৰ বলিয়াঘাট অঞ্চলৰ কাকতি বংশৰ জীয়ৰী।
শিশু অৱস্থাতে জ্যোতিক তেজপুৰৰ পকীলৈ লৈ অহা হৈছিল। পৰিয়ালৰ সকলােৰে মৰম আৰু আদৰত ডাঙৰ হৈছিল জ্যোতি। ঘৰুৱা সাংস্কৃতিক পৰিৱেশ আৰু কলা-সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ তেজপুৰ নগৰীৰ প্ৰভাৱ জ্যোতিপ্ৰসাদৰ ওপৰত পৰিছিল।
প্ৰথমতে জ্যোতিপ্রসাদক তেজপুৰৰ টাউন হল স্কুললৈ পঠিওৱা হৈছিল। কিছুদিন পাছত তেওঁ তামােলবাৰীৰ ওচৰৰ জর্জ স্কুল আৰু তাৰ পাছত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত শিক্ষা গ্রহণ কৰিছিল। ১৯১১ চনত জ্যোতিপ্ৰসাদে তেজপুৰলৈ উভতি আহি তেজপুৰ চৰকাৰী হাইস্কুলত নাম লগায়। ১৯১৬ চনত আদৰৰ ককাক হৰিবিলাসৰ মৃত্যুত জ্যোতিপ্ৰসাদে শােকত ভাগি পৰে। তথাপিও জ্যোতিপ্রসাদে পৰিয়ালৰ সাংস্কৃতিক ধাৰা অক্ষুন্ন ৰাখিবলৈ দৃঢ় প্রতিজ্ঞ হ’ল। ছাত্ৰাৱস্থাৰ পৰাই জ্যোতিপ্ৰসাদে পঢ়াশলীয়া আলােচনীত চুটি গল্প, গীত, কবিতা আদি লিখিবলৈ ধৰিলে। তেজপুৰ চৰকাৰী হাইস্কুলৰ মাহেকীয়া আলােচনীত জ্যোতিপ্ৰসাদৰ প্রথম কবিতা বনুৱাৰ মৃত্যু’ প্রকাশ পায়। ১৪ বছৰ বয়সত জ্যোতিপ্ৰসাদ আগৰৱালাই “শােণিত কুঁৱৰী’নামৰ নাটকখন ৰচনা কৰে। চৈধ্য বছৰ বয়সত লিখা জ্যোতিপ্ৰসাদৰ এই নাটকখনৰ মঞ্চাভিনয় বহু বছৰ পিছতহে কৰা হৈছিল। ১৯২৪ চনত বাণ থিয়েটাৰত এই নাটকখনৰ মঞ্চাভিনয় কৰা হয়।
কম বয়সতেই জ্যোতিপ্ৰসাদে সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰিছিল। তেওঁ গীত ৰচনা কৰিছিল আৰু ১৯১৯ চনত অসম ছাত্র সন্মিলনৰ তেজপুৰ অধিৱেশনত আৰু
১৯২০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সেই গীত পৰিবেশন কৰিছিল।
ইফালে দেশত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযােগ আন্দোলনে গা কৰি উঠে। অসমতাে এই আন্দোলনৰ জোৱাৰ উঠে। তেতিয়া জ্যোতিপ্ৰসাদ আছিল পঢ়াশলীয়া ছাত্র। জ্যোতিপ্রসাদো এই আন্দোলনৰ প্রতি আকৃষ্ট হ’ল। সেই সময়ত জ্যোতিপ্রসাদে মেট্রিকুলেচন পৰীক্ষা দিবলৈ সাজু হৈছিল। কিন্তু জ্যোতিয়েও এই আন্দোলনৰ প্রতি সঁহাৰি দিলে। জ্যোতিয়ে মেট্রিক পৰীক্ষাত নবহাকৈ স্কুল ত্যাগ কৰিলে আৰু স্বাধীনতা সংগ্রামত জঁপিয়াই পৰিল।
কিন্তু মেট্রিকুলেচন পৰীক্ষাত নবহা জ্যোতিক তেওঁৰ পৰিয়ালৰ লােকে স্কুলীয়া শিক্ষা সাংকৰাৰ বাবে জোৰ দিলে। চৰকাৰী পৃষ্ঠপােষকতাত আৰম্ভ হােৱা শিক্ষানুষ্ঠানৰ পৰা পৰীক্ষাত নবহে বুলি প্রতিজ্ঞা কৰা জ্যোতিপ্ৰসাদক চিত্তৰঞ্জন দাসে প্রতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষা দিবৰ বাবে কলকাতালৈ পঠিয়াই দিলে। তাত তেওঁ কিছুদিন কলা শাখাত আই এ ডিগ্ৰীৰ কাৰণে পঢ়িবলৈ লয়। কিন্তু জাতীয় বিদ্যালয়খন বন্ধ হৈ যােৱাত তেওঁ সামাজিক আৰু ৰাজনৈতিক কামত ভাগ লােৱাৰ বাবে পুনৰ অসমলৈ ঘূৰি আহে।
১৯২২ চনত তেজপুৰৰ বাণ থিয়েটাৰত প্রসন্নলাল চৌধুৰীৰ নীলাম্বৰ’নাটখন মঞ্চস্থ হয়। এই নাটকখনতেই জ্যোতিপ্ৰসাদে পােন প্ৰথমবাৰৰ বাবে অভিনেতা হিচাপে আত্মপ্রকাশ কৰে। ইয়াৰ পিছত ১৯২৪ চনত ‘শােণিত কুঁৱৰী’ নাটখন মঞ্চস্থ কৰাত সেই নাটকখনত জ্যোতিপ্ৰসাদে নিজেও স্বপ্নদেৱীৰ অভিনয় কৰে।
১৯২৬ চনত জ্যোতিপ্ৰসাদে বিদেশ ভ্রমণৰ কথা চিন্তা কৰে। ১৯২৭ চনত জ্যোতিপ্ৰসাদে ইংলেণ্ড পায়। তাত তেওঁ এডিনবার্গ বিশ্ববিদ্যালয়ত নামভর্তি কৰে। কিন্তু তাতে তেওঁৰ অধ্যয়ন অসম্পূর্ণ হয়। তেওঁ কোনাে ডিগ্রীও নাপালে। এডিনবার্গত থাকোতেই জ্যোতিপ্ৰসাদে এখন অসমীয়া কথাছবি নির্মাণৰ সপােন দেখিছিল। এডিনবার্গত কথাছবি নির্মাতা হিমাংশু ৰয়ক লগ পাই তেওঁৰ এই আশা অধিক তীব্র হৈছিল। ১৯২৯ চনৰ শেষৰ ফালে এডিনবার্গৰ শিক্ষা অর্ধ সমাপ্ত কৰি চিনেমা শিল্পৰ বিষয়ে অধ্যয়নৰ বাবে জ্যোতিয়ে বার্লিনলৈ ঢাপলি মেলে। তাত তেওঁ কথাছবি নির্মাণৰ এটা ছমহীয়া প্রশিক্ষণ লয় ।
জ্যোতিপ্রসাদে এডিনবার্গ গৈ পােৱাৰ কেইমাহমান পাছত তেওঁ প্রথম গদ্য ৰচনা ‘প্রাগজ্যোতিকা’লিখিছিল। ১৯২৯ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ
সভাত গাবৰ বাবে জ্যোতিপ্ৰসাদে এডিনবার্গৰ পৰা তেজপুৰলৈ গীত লিখি, সুৰ দি পঠাই দিছিল। ইংলেণ্ডত লিখা জ্যোতিপ্ৰসাদৰ এই গীতটো হ'লে—
“লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই....”
১৯৩১ চনত জ্যোতিপ্রসাদে ইংলেণ্ডৰ পৰা তেজপুৰলৈ ঘূৰি আহে। সেই সময়ত অসমত স্বাধীনতা আন্দোলনে অধিক তীব্র ৰূপ ধাৰণ কৰিছে। জ্যোতিপ্রসাদেও এই আন্দোলনৰ কেইবাটাও কাৰ্যসূচীৰ গুৰু দায়িত্ব ল'ব লগা হ’ল। বৃটিছ চৰকাৰে জ্যোতিৰ ওপৰত বিশ্বাসঘাতকতা আৰু চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্রৰ অভিযােগ আনে। তেওঁক ১৫ মাহৰ সশ্রম কাৰাদণ্ড আৰু পঞ্চাশ টকা জৰিমনা বিহে। ১৯৩৩ চনত তেওঁক জেলৰ পৰা মুকলি কৰি দিয়ে।
স্বাধীনতা সংগ্রামত ভাগ লােৱা বাবে জ্যোতিপ্রসাদ মানুহৰ মাজতজনপ্রিয় হৈ পৰিছিল। আনকি প্রাদেশিক লেজিছলেটিভ কাউন্সিল নির্বাচন অনুষ্ঠিত হওঁতে তেওঁক কংগ্ৰেছ দলৰ প্রার্থী হিচাপে মনােনীত কৰিছিল। কিন্তু ৰাজনীতিৰ প্রতি বিশেষ আগ্রহ নথকাত, আনফালে ভগ্নস্বাস্থ্যৰ বাবে তেওঁ এই মনােনয়ন গ্রহণ নকৰিলে।
আঢ্যৱন্ত পৰিয়ালৰ সন্তান হােৱা বাবে জ্যোতিপ্ৰসাদে দেশ-বিদেশ ভ্রমণ কৰাটোত বিশেষ অসুবিধা নাছিল। তেওঁ ভাৰতৰাে বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। এবাৰ কলকাতাৰ এটি চিনেমা ঘৰত ‘আধাৰে আলাে’নামৰ এখন নির্বাক চিনেমা চাই থাকােতে জ্যোতিৰ মনত চিনেমা কৰাৰ ইচ্ছা জাগ্রত হয়। ইতিমধ্যে তেওঁ পাশ্চাত্য দেশ ভ্রমণ কৰি ইংৰাজী, আমেৰিকান চিনেমা আৰু জাৰ্মানীৰ চলচ্চিত্র শিল্পৰ ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিছিল। পিছত চিনেমাৰ বাবে তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰীনাটখন বাছনি কৰিলে। সেই নাটখনৰ বছা বছা অংশ লৈ তেওঁ 'জয়মতী' নামৰ চলচ্চিত্রখন কৰাৰ থিৰাং কৰে। ১৯৩৩ চনৰ ১৫ অক্টোবৰত বাতৰি নামৰ খবৰ কাগজত চলচ্চিত্ৰখনৰ বাবে অভিনেতা, অভিনেত্রী বিচাৰি বিজ্ঞাপন দিয়ে। বহু চেষ্টাৰ অন্তত গােলাঘাটৰ ওচৰৰ পানী দিহিঙীয়া গাঁৱৰ আইদেউ সন্দিকৈক তেওঁ ‘জয়মতী'ৰ চৰিত্ৰত অভিনয় কৰিবলৈ নির্বাচন কৰে। ইতিমধ্যে চিত্রলেখা মুভিটোন নামৰ এটি চলচ্চিত্র নির্মাণ কোম্পানী গঠন কৰিলে। অসমত ষ্টুডিঅ’নথকা বাবে ভােলাগুৰি চাহ বাগিচাতে চিত্ৰবন নামৰ ষ্টুডিঅ’ নির্মাণ কৰে। কলকাতাৰ পৰা কাৰিকৰী ব্যক্তিক অনা হ’ল। তাতেই আৰম্ভ
হ’ল জয়মতীৰ চিত্রগ্রহণ। ১৯৩৪ চনৰ ১৫ জানুৱাৰীত এই চিত্রবনত প্ৰথম অসমীয়া চলচ্চিত্ৰৰ শুভ আৰম্ভণি হ’ল নানা বাধা বিঘিনিৰ মাজেদি ১৯৩৫ চনৰ মাৰ্চ মাহৰ দহ তাৰিখে কলকাতাৰ ৰৌণক মহল’ চিনেমাগৃহত ‘জয়মতী' ছবিৰ প্রথম প্রদর্শন হয়। ছবিখন নিৰ্মাণৰ পঞ্চাশ হাজাৰ টকা ব্যয় হয়। কিন্তু ব্যৱসায়িকভাৱে ‘জয়মতী’সফল নহ'ল। বহুতাে লােকচান ভৰিব লগা হ'ল। পিছত ছবিখনৰ গীত আৰু কথাৰে এখন গ্রামােফোন ৰেকৰ্ড উলিওৱাৰ কথা চিন্তা কৰে। এই কামত জ্যোতিক সহায় কৰিবলৈ আগবাঢ়ি আহিল বিষ্ণুপ্ৰসাদ ৰাভ। দুয়াে ১৯৩৬ চনত কলকাতালৈ গ'ল। তেওঁলােকে ভূপেন হাজৰিকাক জয়মতীৰ গীতসমূহ গাবলৈ নির্বাচন কৰিলে। তেতিয়া হাজৰিকাৰ বয়স দহ বছৰ সুখৰ খবৰ যে ৰেকৰ্ডখনে অসমত সমাদৰ পালে। জয়মতীত হােৱা লােকচানৰ এটা অংশ ঘূৰাই পালে।
জয়মতী চিনেমা কৰাৰ পিছত ১৯৩৬ চনত জ্যোতিপ্রসাদে ব্ৰুিগড়ৰ দেৱযানী ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। দুটি ল’ৰা আৰু তিনিজনী ছােৱালীয়েই তেওঁৰ সংসাৰ। জ্যোতিপ্রসাদে তেওঁৰ ল'ৰা-ছােৱালীক চন্দ্ৰকুমাৰ আগৰৱালাই স্থাপন কৰা বাগিচাৰ স্কুলতে নামভৰ্তি কৰি দিছিল। ১৯৪৮ চনত দেৱানীৰ মৃত্যু হােৱাত মাতৃহীন সন্তান কেইটাৰ যত্নত তেওঁ ব্যস্ত থাকিব লগা হৈছিল। তথাপিও তেওঁ সাংস্কৃতিক কাম কাজ এৰি দিয়া নাছিল। সেই সময়ত অসমত ছবিগৃহ নথকাত জ্যোতিয়ে নিজৰ প্ৰচেষ্টাত তেজপুৰত জোনাকী নামৰ এটা ছবিগৃহ নির্মাণ কৰে। পাছলৈ নগাঁৱৰ জয়শ্রী ছবিগৃহ নির্মাণতাে জ্যোতিপ্ৰসাদৰ অৰিহণা আছিল।
১৯৩৮ চনত জ্যোতিপ্ৰসাদে তেওঁৰ দ্বিতীয়খন ছবি ইন্দ্র মালতীৰ নিৰ্মাণ কার্য আৰম্ভ কৰে। এই ছবিখনত ভূপেন হাজৰিকাই ১৩ বছৰ বয়সতেই গৰখীয়া ল'ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৯ চনত ইন্দ্র মালতীয়ে মুক্তি লাভ কৰে। ১৪ বছৰ বয়সত শােণিত কুঁৱৰী নাট লিখা জ্যোতিয়ে ১৯২৪ ৰ পৰা ১৯২৬ চনৰ ভিতৰত কাৰেঙৰ লিগিৰী নাটক লিখিছিল। ১৯৩৬ চনত তেওঁ ৰূপালীম নাটৰ লিখা কাম শেষ কৰে। সাহিত্য কর্মৰ মাজেদি তেওঁ সামাজিক দায়িত্বও পালন কৰিছিল। ১৯৩৮ চনত তেওঁ লােকেল বাের্ডৰ নিৰ্বাচনত জয়লাভ কৰে। ১৯৪০ চনত তেওঁ তেজপুৰত এখন সংগীত বিদ্যালয় স্থাপন কৰে।
ইফালে ১৯৪২ চনত মহাত্মা গান্ধীয়ে ‘ভাৰত ত্যাগ’আন্দোলনৰ আহ্বান জনায়। জ্যোতি প্রসাদেও আন্দোলনত নামি পৰে। তেওঁ দেশপ্রেমমূলক গীত ৰচনা কৰি
জনসাধাৰণক জাগ্রত কৰিছিল। সেই সময়ত জ্যোতিপ্ৰসাদ আছিল তেজপুৰৰ সেৱাদল বাহিনীৰ অধিনায়ক | বহুতাে কংগ্ৰেছ কর্মী সেই সময়ত গ্রেপ্তাৰ হ’ল। জ্যোতিপ্রসাদে সেই সময়ত কলকাতাত আত্মগােপন কৰি আছিল। গান্ধীৰ আহ্বান ক্রমে ১৯৪৩ চনৰ ১৫ আগষ্টত জ্যোতিয়ে দৰং জিলাৰ কাছাৰীত আত্মসমর্পণ কৰে।
১৯৪৪ চনত জ্যোতিপ্রসাদে গুৱাহাটীৰ পৰা প্রকাশিত দৈনিক অসমীয়া কাকতখনৰ সম্পাদকৰ দায়িত্ব বহন কৰে। দেশ স্বাধীনতাৰ কেইবছৰমান আগত পকী আৰু তামােলবাৰীৰ বাগিচাত থকা সময়ত জ্যোতিপ্রসাদে চন্দ্ৰকুমাৰ আগৰৱালা, বেজবৰুৱাৰ প্রতিভা, মহাত্মা গান্ধীৰ জীৱন সোঁৱৰণী আদি মূল্যবান গ্রন্থকেইখন লিখে। সেই সময়ছােৱাত তেওঁ কিছুমান চুটি গল্প আৰু অসংখ্য গীত আৰু কবিতা লিখি উলিয়ায়। ১৯৪০ চনৰ ভিতৰত তেওঁ খনিকৰৰ দুটা দৃশ্য লিখি উলিয়ায়। তেওঁ শিশুৰ বাবে জ্যোতি ৰামায়ণ’আৰুনাটক ‘নিমাতী কইনা’ লিখে।১৯৪৭ চনৰ ভিতৰত তেওঁ ‘লভিতা'নাটখন লিখি শেষ কৰে।
১৯৪৭ চনৰ পৰা ১৯৫১ চনৰ ১৭ জানুৱাৰী পর্যন্ত তেওঁৰ মৃত্যুৰ সময়লৈকে, এই কালছােৱা জ্যোতিপ্ৰসাদৰ বাবে বেদনাদায়ক আছিল। এই সময়ছােৱাত পত্নীৰ মৃত্যুৱে তেওঁক আঘাত দিছিল, কেঞ্চাৰ ৰােগে কষ্ট দিছিল আৰু পৰিয়ালৰ লােকৰ লগতােমতভেদ ঘটিছিল। আনফালে এই সময়ছােৱাতেই ৰাইজে তেওঁক ৰূপকোঁৱৰ আখ্যা দিয়ে।
কেঞ্চাৰ ৰােগত ছটফটাই থকা জ্যোতিপ্ৰসাদক চিকিৎসাৰ বাবে প্ৰথমতে গুৱাহাটীলৈ আৰু তাৰ পাছত শ্বিলঙলৈ নি অস্ত্রোপচাৰ কৰা হ’ল। কিন্তু চিকিৎসকে তেওঁক আৰােগ্য নহ'ব বুলি ঘােষণা কৰাত তেওঁ পকীত থাকিবলৈ লয়। ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯৫৩ চনৰ পৰা জ্যোতিপ্ৰসাদৰ মৃত্যু দিনটো ‘শিল্পী দিৱস হিচাপে উদ্যাপন কৰা হৈছে।
উল্লেখযােগ্য যে শংকৰদেৱৰ পিছত কোনাে অসমীয়াই অসমীয়া সংস্কৃতিলৈ জ্যোতিপ্ৰসাদৰ দৰে ইমান বেছিবৰঙণি যােগােৱা নাই। সেয়েহে জ্যোতি প্রসাদে অসমীয়া মানুহৰ মাজত চিৰকাল অমৰ হৈ থাকিব।
0 Comments