১০০ টা অসমীয়া কৌতুক


১০০ টা অসমীয়া কৌতুক



লৰা ছোৱালীজনীৰ সৈতে কথা পাতিছিল।
ডাৰ্লিং মই গোটেই পৃথিৱীখন তোমাৰ চকুত দেখিছোঁ।
 
এজন বৃদ্ধ এই ফালৰ পৰা আহি কথাটো শুনিলে আৰু লগে লগে বৃদ্ধই কলে -
৩ দিনৰ পৰা আমাৰ বগী গাইজনীক বিচাৰি পোৱা নাই, বেয়া নোপোৱা যদি মাজনী তুমি মোৰ গাইজনী ক'ত আছে এবাৰ চাই দিয়াচোন ।

😊😊😊😊😊😊😊😊😊

এগৰাকী মহিলাই আন এগৰাকীক সুধিলে— আজিকালিৰ চিনেমাবোৰত যৌনতা বহু পৰিমাণে বাঢ়ি যোৱাতো আপুনি অনুভৱ কৰেনে?

আনগৰাকীয়ে উত্তৰ দিলে— হয়, বাঢ়িছে। আমাৰ বয়সৰ মহিলা-পুৰুষসকলৰ বাবে চিনেমা চাই থকাটো লাজৰ বিষয় হৈ পৰিছে। সেইকাৰণে আমি কেতিয়াবা চিনেমা চাবলৈ গ'লে সদায় আগৰ চিটতহে বহোঁ, পাছফালে কি ঘটি থাকে সেইবোৰত মন নিদিওঁ।

😊😊😊😊😊😊😊😊😊

বাইদেউ, আমি কাপের্ট চাফা কৰা মানুহ। আপোনাৰ আছে যদি দিয়ক? দুজন মানুহে ক'লে।

গৃহস্থনী— নালাগে, মোৰ স্বামী আছে নহয়, তেওঁৰ হতুৱাই চাফা মই কৰাই থাকো। বাহিৰা মানুহৰ মোৰ প্ৰয়োজন নাই।

😊😊😊😊😊😊😊😊😊

ঊমানন্দ দৰ্শন কৰিবলৈ গোৱালপাৰাৰ কিছুমান যাত্রী এখন নাওঁত উঠিল। প্রতিজন যাত্ৰীৰ লগত বিছনাপাতিও আছিল। নদীৰ মাজ পাওঁতে হঠাৎ নাওঁখন টলংভটং কৰিবলৈ ধৰিলে। নাৱৰীয়াজনে অতি কষ্টেৰে নাওঁখন পূৰ্বৰ অৱস্থাতে ৰাখিবলৈ যত্ন কৰিলে। যাত্ৰীসকলে ভয়ত ভগৱানৰ নাম ল'লে। এজনে তেওঁৰ বিছনাপাতিৰ টোপোলাটো মূৰত তুলি লৈ বাকীসকলক ক’লে— আপোনালোকেও টোপোলাবোৰ মূৰত তুলি লওঁক। দেখিছে নহয় নাওঁখনে টলবলাইছে। বস্তুবোৰ মূৰত তুলি ললে নাওঁখনৰ ভাৰ বহুত কমিব। আমিও সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিম।

😊😊😊😊😊😊😊😊😊

এজন কৃপণৰ হাতত অলপ টকা আছিল। এই টকাখিনিৰ কাৰণেই তেওঁৰ বহুত চিন্তা— টকাখিনি ক’ত থ’লে সুৰক্ষিত হৈ থাকিব? শেষত এদিন তেওঁৰ এজন বন্ধুৰ লগত আলোচনা কৰি টকাখিনি ওচৰৰ এখন হাবিত পুতি থ’লে।

বন্ধুজনে টকাৰ লোভ সামৰিব নোৱাৰি এদিন গৈ টকাখিনি খান্দি উলিয়াই আনিলে। তাৰ কেইদিনমান পাছত কৃপণজনে গৈ গাঁতটো খান্দি টকাখিনি নাপালে। কৃপণে জানিলে যে টকাখিনি বন্ধুজনৰ বাহিৰে আনে উলিয়াই নিয়া নাই। তেওঁ বন্ধুজনক মাতি ক’লে— ভাই, মই আৰু কিছুমান টকা পাইছো। আকৌ এদিন তোমাৰ লগত গৈ টকাখিনি আগৰ গাঁতটোতে থৈ আহিম বুলি ভাবিছো।

বন্ধুজনে এইখিনি টকাও পোৱাৰ আশাত আগতে গাঁতৰ পৰা উলিয়াই নিয়া টকাখিনি পুনৰ গাঁতটোত পুতি থৈ আহিলগৈ। কৃপণজনে ক'লে— তুমি টকা থ’ম বুলি কৈছিলা নহয়? নোথোৱানেকি?

কৃপণৰ উত্তৰ— আৰু অলপ টকা পোৱাৰ কথা আছে। সেইকাৰণে ভাবিছো একেলগে দুয়োখিনি টকা থ’মগৈ। কিমাননো বাৰে বাৰে মাটি খান্দিবাগৈ?

😊😊😊😊😊😊😊😊😊

এজন ভদ্রলোকে এজন নতুন চাকৰ ৰাখিলে। তেওঁ প্ৰথম দিনাই চাকৰজনক ক'লে— চোৱা, ওপৰ মহলাটো বৰ লেতেৰা হৈ আছে। সাৰি-পুচি জাৱৰখিনি মানুহ চাই তলত পোলাবা।

চাকজনে ভালদৰে পৰিস্কাৰ কৰি সাৰি-পুচি জাৱৰখিনি ৰিক্সাত বহি যোৱা ভদ্রলোক এজনৰ মূৰতে পেলাই দিলে।

জাৱৰখিনি ভদ্ৰলোকজনৰ মূৰত পৰাত তেওঁ উগ্ৰমূৰ্তি ধৰি পাৰেমানে গালি পাৰিবলৈ আৰম্ভ কৰিলে। ঘটনাটো বুজিব পাৰি তেওঁ চাকজনক ধমক দি ক'লে—

তুমি এইবোৰ কি কৰিলা ? মই মানুহৰ গালি শুনিবর্গীয়া হ'ল?

চাকৰ্জনে উত্তৰ দিলে- আপুনিয়ে দেখোন মোক কৈছিল যে মানুষ চাই জাৱৰখিনি তলত পেলাবা? সেই কাৰণে ভদ্রলোক এজন চাই জাৱৰখিনি পেলাই দিলো। মোৰ গাত কি দোষ?

😊😊😊😊😊😊😊😊😊

বিচাৰক – তুমি অপৰাধ কৰিছানে?

অপৰাধী— ছাৰ, মই কৰিছো বুলিও নকওঁ আৰু নাইকৰা বুলিও নকওঁ। আপুনি সাক্ষী আৰু উকীলক সোধক, কাৰণ আপুনি তেওঁলোকে কোৱা কথাৰ ওপৰত ভিত্তি কৰিহে বিচাৰ কৰিব। মোৰ কথাত গুৰুত্ব দিব জানো?

😊😊😊😊😊😊😊😊😊

নিৰ্বাচনৰ আগতে এজন প্ৰাৰ্থীয়ে এখন গাওঁৰ সভাত ভাষণ দিছে— যোৱা বাৰ আপোনালোকে মোক ভোট দি জয়জুক্ত কৰিছিল। তাৰ বিনিময়ত মই আপোনালোকক গাৱে গাৱে বিদ্যালয়, স্কুল, পুথিভঁৰাল আৰু দমকল পাতি দিলো। এইবাৰ মোক ভোট দিলে বাকী সমস্যাবোৰ মই এবছৰতে সমাধা কৰিম বুলি প্ৰতিশ্ৰুতি দিলো।

এজন শ্রোতা— আপুনি ঠিকেই কৈছে, ছাৰ। কিন্তু আপুনি দিয়া স্কুলবোৰত ছাত্র আছে, শিক্ষক নাই, পুথিভঁৰালত কিতাপ আছে কিন্তু ওপৰত টিনপাত নাই আৰু দমলকবোৰেৰে পানী নোলায়, বতাহহে ওলায়।

😊😊😊😊😊😊😊😊😊

তৃতীয় মহলাত ডাক্তৰ এজনৰ নাম-ফলকখন তলৰ চিৰিটোৰ কাষতে আৰি থোৱা আছে। একেবাৰে তলত মালিক থাকে। নাম-ফলকখনত ডাক্তৰজনৰ ঘৰ তৃতীয় মহলাত বুলি উল্লেখ কৰা আছে যদিও মানুহবোৰে নাচাই মালিককহে ডাক্তৰৰ কথা সোধে। তেওঁ বিৰক্ত হৈ এদিন ৰোগীৰ সুবিধাৰ কাৰণে ডাক্তৰৰ নাম-ফলকখনৰ তলতে আৰু এখন ফলক আৰি দিলে। তাত লিখিলে— 'ওপৰলৈ যোৱা পথ।

😊😊😊😊😊😊😊😊😊

পত্নী (গিৰিয়েকক) : যিদিনা তুমি অফিচৰ কামত বাহিৰলৈ যোৱা, তোমালৈ

মোৰ খুব মনত পৰে।

পতি— সঁচানে? বাৰু কোৱাচোন কোনখিনি সময়ত তোমাৰ মোলৈ বেছিকৈ মনত পৰে?

পত্নী— সকলো সময়তে পৰে। বিশেষকৈ খাইবৈ উঠি বাচন ধোৱা, পুৱা ঘৰ সৰা, কাপোৰ ধোৱা আদি সময়ত তোমাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰোঁ। অফিচৰ ‘টুৰ’ বোৰত নগ'লে নহয়নে?

😊😊😊😊😊😊😊😊😊

এজন বন্ধুৱে আনজনক ক'লে— হেৰা, তোমাৰ ল'ৰা মহেশৰ বিয়াৰ কথা

শুনিছিলোঁ। কিমান দূৰ আগবাঢ়িছে? আনজন— পঞ্চাছ ভাগ আগিবাঢ়িছে। তাৰ মানে?

তাৰ মানে, মহেশ সাজু হৈ আছে। আমিও যোজা কৰি আছো। মাথোন

ছোৱালীহে পছন্দৰ পোৱা নাই।


😊😊😊😊😊😊😊😊😊

বহুত দিনৰ পাছত দুজন বন্ধু একেলগ হ’ল। এজনে আনজনক সুধিলে—কিহে, কি খবৰ? ভালে আছানে? ল'ৰা-ছোৱালী কেইটাৰ একা? তুমি যে যিবাৰ কৈছিলা তোমাৰ মানুহজনীৰ ককালৰ বিষ বুলি, ভাল পালেনে?

আনজন— এতিয়া সকলোৰে ভালেই। মানুহজনীৰ বিষটো চহৰৰ ডাক্তৰক দেখুৱালো। তেখেতে দৰব দি ক'লে যে এইবোৰ বুঢ়ী বয়সৰ লক্ষণ, বৰ বেছি গধূৰ কাম নকৰিব। ভাল হৈ যাব। সিদিনাৰ পৰাই বিষ নোহোৱা হ'ল।

😊😊😊😊😊😊😊😊😊

বন্ধু তুমি যে আজি ৰাতি মোক ভাত খাবলৈ মাতিলা, মানুহজনীক জনালা

মনে নাই?

ফোনেৰেই জনালা। সেই বিষয়ে বহু আলোচনাও হ'ল। শেষত তেৱেঁ জিকিল।

-তাৰ মানে?

তাৰ মানে, চাহখিনি তেওঁ বনাব আৰু ভাতখিনি মই বনাম।

😊😊😊😊😊😊😊😊😊

এজন গাইডে পুৰণি দূৰ্গ এটা দেখুৱাই ভ্ৰমনকাৰীজনক ক'লে— এই দূৰ্গটো আজি আঠশ বছৰৰ পুৰণি। ইয়াৰ বৈশিষ্ট এয়ে যে দূৰ্গটোৰ শিল এচটাও খহি পৰা নাই আৰু সাজিবৰ পাছৰ পৰা আজিলৈকে কোনো ধৰণৰ মেৰামতিও কৰা নাই। কিন্তু চৰকাৰে ইয়াৰ পৰা এক বুজন পৰিমাণৰ দৰ্শনী-মাচুল প্রতি মাহে সংগ্ৰহ কৰি আছে।

ভ্ৰমনকাৰী— তেনেহ'লে ইয়াৰ মালিক মোৰ ভাৰাঘৰটোৰ মালিকৰ পূৰ্বপুৰুষেই হ'ব।

😊😊😊😊😊😊😊😊😊


দুগৰাকী মহিলাই পুৰুষ সম্পৰ্কে বহুপৰ নানা ভাল-বেয়া কথা পাতি আছিল। এগৰাকীয়ে ক'লে— পুৰুষবোৰেও বাৰু এনেদৰে আমাৰ বিষয়ে আলোচনা কৰেণে? দ্বিতীয় গৰাকীয়ে ক'লে— হয়, কৰে।

প্ৰথম গৰাকী— হে ভগৱান, পুৰুষেও ইমান নিলাজ কথা পাতেনে!

😊😊😊😊😊😊😊😊😊

হস্পিতালৰ প্ৰসুতি বিভাগত এগৰাকী সন্তান সম্ভৱা মহিলাই চিঞৰিছে – হে ভগৱান, মোক বচোৱা, মই মৰিম আৰু.....।

ডাক্তৰণী গৰাকীয়ে সান্তনা দি ক'লে— এনেকৈ নিচিঞৰিবা। নাৰী হৈ জন্ম লৈছা যেতিয়া সকলো নাৰীয়ে কম— বেছি পৰিমাণে প্ৰসৱ বেদনা ভূগিবই লাগিব। মোৰো ল'ৰা-ছোৱালী আছে। ইমান ভয় খোৱাৰ কোনো কাৰণ নাই? তাৰোপৰি আমিতো আছোঁরেই।

ৰোগী— হয়, হয়, মই মানি লৈছো। আপোনাৰো ল'ৰা-ছোৱালী জন্ম হৈছে। আপোনাৰ কি চিন্তা, বাইদেউ, আপুনি যে ডাক্তৰণী।

😊😊😊😊😊😊😊😊😊


শিক্ষকঃ যদি এজন চাকৰে এটা কোঠা পৰিষ্কাৰ কৰোতে এঘণ্টা সময় লয়, তেন্তে দুজন চাকৰে কিমান সময় ল'ব ?

নগেনঃ চাৰি ঘণ্টা।

শিক্ষকঃ কেনেকৈ ?

নগেনঃ সিহঁতে কথাপাতি অধিক সময় অতিবাহিত কৰিব।

😊😊😊😊😊😊😊😊😊


নাৰ্ছঃ তোমাক আজি বৰ ভাগৰুৱা যেন লাগিছে কিয় ?

ৰোগীঃ মই গোটেই যোৱা নিশাটো উজাগৰে থাকি তেজৰ বিষয়ে থকা কিতাপখন পঢ়ি শেষ কৰিছো।

নাৰ্ছঃ তুমি কিয় এনে কৰিছিলা ?

ৰোগীঃ মোৰ বাৰু আজি তেজৰ পৰীক্ষা নহ'ব জানো ?


😊😊😊😊😊😊😊😊😊

গৃহস্থঃ হেৰা, গছৰ গুৰিত আজি কিয় পানী দিয়া নাই ?
লগুৱাঃ বৰষুণ দি আছিল, ছাৰ।
গৃহস্থঃ (খঙেৰে) তুমি কিয় ছাতি ব্যৱহাৰ নকৰিলা কিয় ?

😊😊😊😊😊😊😊😊😊

আলহীঃ মই মিঠাইৰ প্লেটখন হাতত তুলি ল'লেই আপোনালোকৰ কুকুৰটোৱে মোৰ ফালে খঙেৰে চাই ভুকিবলৈ ধৰে কিয় ?
গৃহস্থঃ কুকুৰটোৱে তাৰ প্লেটখন চিনি পাইছে ছাগে !


😊😊😊😊😊😊😊😊😊

ৰোগীঃ ডাক্তৰ বাবু, চশমা পিন্ধিলে মই ভালদৰে পঢ়িব পাৰিমনে ?
ডাক্তৰঃ অৱশ্যে পাৰিব ।
ৰোগীঃ তেতিয়াহ'লে আপুনি আজিয়েই মোক এযোৰ চশমা দিয়ক, কাৰণ মই পঢ়িব নাজানো।

আইনজ্ঞঃ আপুনি নিজৰ স্বামীক এনেদৰে ঘুচিয়াইছিলে কিয় ?
পত্নীঃ চৰিয়ালে একো ফল নধৰে কাৰনে ছাৰ !


😊😊😊😊😊😊😊😊😊

মদ খাই মানুহ এজনে ফোন কৰিছিল……
"হেল্লো পুলিচ ! অনুগ্ৰহ কৰি সোনকালে আহক, কোনোবাই মোৰ গাড়ীৰ পৰা ষ্টেয়েৰিংডাল চুৰি কৰি নিছে ।"
দুইমিনিট সময়ৰ পাছত তেওঁ গাড়ীৰ ভিতৰৰ পৰা দৌৰি ওলাই আহিল।
"হেল্লো পুলিচ, সকলো ঠিকে আছে, ইমান সময় মই গাড়ীৰ পিছৰ ছিটতহে বহি আছিলো।"


😊😊😊😊😊😊😊😊😊


শান্তা সিঙে জোনাক নিশা ফুৰি থাকোতে এজন মানুহে মাটিত কিবা বিছাৰি থকা দেখা পাইছিল……
শান্তা সিংঃ হেৰি আপুনি কি বিচাৰি আছে ?
মানুহঃ মোৰ আঙুঠিটো, মহাশয়, তেওঁ উত্তৰ দিলে।
শান্তা সিংঃ আপুনি ইয়াতে হেৰুৱাইছিলনে ?
মানুহঃ নহয় মহাশয়, সৌ আঁতৰত থকা গছজোপাৰ তলতহে হেৰোৱইছিলোঁ। কিন্তু ইয়াত পোহৰ বেছি, সেয়েহে মই ইয়াত বিচাৰি আছো।


😊😊😊😊😊😊😊😊😊

শিক্ষকঃ মই অতি আচৰিত হৈছো যে তুমি লিখা "গৰু" বিষয়ৰ ৰচনাখন তোমাৰ বাইদেৱে দহবছৰৰ আগতে লিখা ৰচনাখনৰ সৈতে একে ।
ছাত্ৰঃ ইয়াৰ কাৰণ গৰুটো যে একে।

😊😊😊😊😊😊😊😊😊

শিক্ষকঃ আকবৰৰ জন্ম কেতিয়া হৈছিল ?
ছাত্ৰঃ তেওঁৰ জন্মৰ দিনৰ দিনা ছাৰ !


😊😊😊😊😊😊😊😊😊

বুৰঞ্জী বিষয়ৰ ছাত্র পিণ্টুঃ মোৰ চাৰি হাজাৰ বছৰৰ আগতে জন্ম হোৱাহেতেঁন ভাল হ'লহেতেঁন।
চিণ্টুঃ কিয় ?
পিণ্টুঃ মোৰ ইমান বোৰ বুৰঞ্জী জনাৰ প্রয়োজন নহ'লহেতেঁন।


😊😊😊😊😊😊😊😊😊


শিক্ষয়িত্ৰীঃ এইবাৰ তোমালোকৰ পৰীক্ষা অতি সোনকালে পতা হ'ব। কিবা সুধিবলগীয়া থাকিলে সোধা।
ছাত্ৰঃ বাইদেউ, আমাৰ পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ কোনটো প্ৰেছত প্ৰিণ্ট কৰা হ'ব ?

😊😊😊😊😊😊😊😊😊

ৰোগীঃ মোৰ এখন ভৰি বিষাইছে ডাক্তৰ চাহাব।
ডাক্তৰঃ আপোনাৰ বয়স হোৱা বাবে ভৰি বিষাইছে।
ৰোগীঃ মূৰ্খ নবনাব। মোৰ আনখন ভৰিৰো একে বয়স ।

😊😊😊😊😊😊😊😊😊

বিচাৰকঃ মানুহজনৰ পৰা তুমি কিয় ঘড়ীটো চোৰ কৰিছিলা ?
চোৰঃ মই চোৰ কৰা নাছিলো। তেওঁ মোক এইটো নিজেই দিছিল।
বিচাৰকঃ কেতিয়া ?
চোৰঃ যেতিয়া তেওঁক মই মোৰ পিষ্টলটো দেখুৱাইছিলো !

😊😊😊😊😊😊😊😊😊

শিক্ষকঃ যদি এগৰাকী মহিলাই এবাৰত এটা কাম কৰে, বিশগৰাকী মহিলাই কিমান কাম কৰিব ?
ছাত্ৰঃ একো কামেই নকৰে ছাৰ, তেওঁলোকে কেৱল বহিব আৰু কথা পাতিব।

😊😊😊😊😊😊😊😊😊

শিক্ষক - হৰি, লংপেণ্ট এটা একবচন নে বহুবচন ?
হৰি - ছাৰ, লংপেণ্টৰ ওপৰৰ অংশ একবচন আৰু তলৰ অংশ বহুবচন !


😊😊😊😊😊😊😊😊😊

শিক্ষক - ৰোহন, এই বাক্যটোৰ ভৱিষ্যৎ কাল কি হ'ব-

 "ডকাইতে ঘৰটোৰ পৰা গহনা চুৰ কৰিছিল।"

ৰোহন - ডকাইতকেইজন জেললৈ যাব! 

😊😊😊😊😊😊😊😊😊

ৰাম - মোৰ দেউতাই ৰাস্তা পাৰ হ'বলৈ ভয় কৰে।

শ্যাম - সঁচাই নে ? তুমি কেনেকৈ গম পালা ?

ৰাম - কাৰণ তেওঁ সদায় ৰাস্তা পাৰ হোৱাৰ সময়ত মোৰ হাতখন ধৰে। 

😊😊😊😊😊😊😊😊😊

প্ৰেমিকা - তুমি বাৰু প্ৰতিবাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ কেনেকৈ পোৱা ?

প্ৰেমিক - কাৰণ মই যেতিয়াই দৌৰো, তেতিয়াই ভাবি লওঁ যে তোমাৰ মায়ে মোক মাৰিবলৈ খেদিছে। 

😊😊😊😊😊😊😊😊😊


ইংলেণ্ডৰ পি.এম - কেতিয়া মোৰ দেশৰ পৰা ভণ্ডামি শেষ হ'ব ?

ভগবান - ৫০ বছৰৰ পাছত।

ইংলেণ্ডৰ পি.এম - কান্দি কান্দি ক'লে মই সেয়া চাবলৈ ইমান বছৰ জীয়াই নাথাকিম।
এইবাৰ……

ভাৰতৰ পি.এম. - কেতিয়া আমাৰ দেশৰ পৰা ভণ্ডামিবোৰ শেষ হ'ব ?

ভগবান - কান্দি কান্দি ক'বলৈ ধৰিলে ভণ্ডামি নোহোৱা তোমাৰ দেশখন চাবলৈ মই ইমান দিন জীয়াই থাকিব নোৱাৰিম। 

😊😊😊😊😊😊😊😊😊

সিদ্ধাৰ্থ - আপোনাৰ ল'ৰা পঢ়া-শুনাত বৰ কেচা।

বিৰাজ - আপুনি কিয় তেনেকৈ কৈছে।

সিদ্ধাৰ্থ - আপোনাৰ ল'ৰাৰ উত্তৰ বহীৰ পৰা চাই লিখোতেইতো মোৰ ল'ৰাই ফেইল কৰিছে।

😊😊😊😊😊😊😊😊😊

ৰাহুল - মই ওজন কমাবলৈ সপ্তাহত দুবাৰকৈ ঘোঁৰাৰ পিঠিত উঠি দৌৰো।

ৰবি - কামত আহিছেনে ?

ৰাহুল - বৰ্তমানলৈকে ঘোঁৰাটোৰ ২৩ পাউণ্ড মান ওজন কমিছে।

😊😊😊😊😊😊😊😊😊

বিচাৰক - তুমি এতিয়ালৈকে ১০ বাৰ জেললৈ আহিলা। মই তোমাক ১০০ টকাৰ জৰিমনা বিহিছো।

ৰাজ - আপোনাৰ নিয়মীয়া গ্ৰাহক হোৱাৰ বাবে আপুনি মোক অলপ ৰেহাই নিদিয়েনে ?


শিক্ষক - ৰাহুল, যদি তুমি নেপোলিয়ানৰ বিষয়ে অন্তত্ব কিবা ক'ব পাৰা তেন্তে মই তোমাক বুৰঞ্জীত এ গ্ৰেড দিম।

ৰাহুল - তেওঁৰ মৃত্যু হৈছে, ছাৰ।

😊😊😊😊😊😊😊😊😊

ৰোগী - ডাক্তৰ, মই টোপনিতে খোজ কাঢ়ো। ইয়াৰ নিৰাময় কেনেকৈ হ'ব ?
ডাক্তৰ - বেডৰুমৰ মজিয়াত কিছুমান গজাল পুতি থ'ব।

😊😊😊😊😊😊😊😊😊

বিনয় - মা, পম্পীয়ে এটা পোক খাইছে।
মাক - তেন্তে তুমি কি কৰিলা ?
বিনয় - মই পোকটো মাৰিবলৈ তাইক অলপ-কীটনাশক দ্ৰব্য খুৱাই দিছো।

😊😊😊😊😊😊😊😊😊

অনুজ - যদি তৃতীয় বিশ্বযুদ্ধ হয়, তেন্তে কি হ'ব ?
অক্ষয় - আমি আমাৰ বুৰঞ্জীৰ পুথিত পুনৰ এটা নতুন অধ্যায় পঢ়িবলৈ পাম।

😊😊😊😊😊😊😊😊😊

শিক্ষয়িত্ৰী - ছাবিয়া, দুটা প্ৰ'নাউনৰ নাম কোৱা ?

ছাবিয়া - কোন, মই ?

শিক্ষয়িত্ৰী - গুড।

😊😊😊😊😊😊😊😊😊

কিতাপ বিক্ৰেতা - এই কিতাপখনে পৰীক্ষাত তোমাৰ আধা সমস্যা নাইকিয়া কৰিব।

ছাত্ৰ - তেন্তে, মোক দুখন দিয়ক।

😊😊😊😊😊😊😊😊😊

শৰ্মা - মোক ৰক্ষা কৰক, মোৰ সৰ্বনাশ হ'ল! মোৰ সৰ্বস্ব ডকাইতে লৈ গ'ল! সিহঁতে মোৰ ঘড়ী, সোণৰ হাৰ, টকা-পইচা সকলো লৈ গ'ল।

পুলিছ - কিন্তু আপোনাৰ পিষ্টলটো লগতেই আছে, নহয়নে ?

বক্তা - হে ভগৱান, ৰক্ষা! সিহঁতে এইটো দেখাই নাপালে,!!

😊😊😊😊😊😊😊😊😊

শিক্ষক - স্কুলত শিক্ষকৰ প্ৰশ্নৰ উত্তৰত ছাত্ৰ-ছাত্ৰীয়ে দিয়া অধিক জনপ্ৰিয় আৰু ব্যৱহৃত উত্তৰটো কি ?

ছাত্ৰী - মই নাজানো ছাৰ ।

শিক্ষক - শুদ্ধ উত্তৰ।

😊😊😊😊😊😊😊😊😊

এজন কৃপণে দুখেৰে লগৰজনক কলে—

হেৰা, ঘিউৰ দাম দুটকা কমিল হেনাে, শুনি বৰ ভাল লগা নাই।

আনজনে আচৰিত হৈ ক'লে— ওৱা ? দাম কমিলে ভালহে পাব লাগে ? 

তুমি নুবুজিবা’– কৃপণজনে ক'লে, ঘিউৰ দাম পােৱাত চৈধ্য টকা থাকোতে মই ঘিউ নাখাই চৈধ্য টকাই জমা কৰিছিলাে, এতিয়া দহটকাহে জমা কৰিব পাৰিম।

😊😊😊😊😊😊😊😊😊

ডাক্তৰ— এই মদেই তােমাৰ জীৱনটো শেষ কৰিলে। মদ নােখােৱাহেঁতেন তােমাৰ স্বাস্থ্য এনেদৰে হানি নহ'লহেঁতেন।

মদপী— ধন্যবাদ ডাক্তৰ চাহাব, আপুনিহে আচল বস্তুটো ধৰিব পাৰিছে। বাকী সকলাে মানুহে দোষটো মােৰ ওপৰতেই জাপি দিয়ে। আচলতে দোষটো মদৰহে, মােৰ নহয়।

😊😊😊😊😊😊😊😊😊

ঘৰৰ মালিক— চাওক বৰুৱা, আজি মই শেষ বাৰৰ বাবে আপােনাৰ ওচৰলৈ ঘৰৰ ভাৰা বিচাৰি আহিছাে। ভাৰাখিনি দিব নে নিদিয়ে কওঁক ?

 ভাৰাতীয়া -- আপুনি এইটো বৰ ভাল সিদ্ধান্ত ল'লে, বৰা ডাঙৰীয়া কাইলৈৰ পৰা ময়াে এটা চিন্তাৰ পৰা মুক্ত হ'ম। আপুনিও বাৰে বাৰে মােৰ ওচৰলৈ আহি ভাৰা বিচৰাটো দেখিবলৈও বেয়া আৰু মােৰাে ভাল নালাগে।

😊😊😊😊😊😊😊😊😊

এদিন ঘৰৰ মালিকনীয়ে চাকৰজনক বহুত গালি দিলে। চাকৰজনে তাৰ উত্তৰত মালিকনীক সাৱধান কৰি দি ক'লে—বাইদেউ, ভৱিষ্যতে আপুনি আৰু মােক এনেদৰে গালি নাপাৰিব। কাৰণ মােক আপােনাৰ স্বামী বুলি নাভাবিব।

 😊😊😊😊😊😊😊😊😊

এগৰাকী ধুনীয়া নাৰীয়ে জ্যোতিষী এজনৰ ওচৰলৈ গৈ হাতখন দেখুৱালে।

জ্যোতিষীজনে ক'লে— আপােনাৰ ভাগ্য ভাল। ভাল স্বামী আপুনি লাভ কৰিব।

 নাৰীগৰাকীয়ে ক'লে— আপুনি এইবােৰ কি কৈছে? মই বিবাহিত। মই মােৰ স্বামীৰ ভৱিষ্যতৰ কথা জানিবলৈ ইচ্ছা নকৰো, কাৰণ তেওঁৰ ভৱিষ্যত মােৰ হাতৰ মুঠিত। অৱশ্যে অতীত জীৱনৰ কিছু কথা মােক জনালে মই আপােনাৰ ওচৰত কৃতজ্ঞ হৈ ৰম।

😊😊😊😊😊😊😊😊😊

- শ্ৰেণীৰ শিক্ষকে ছাত্ৰ এজনৰ প্ৰগতিৰ খতিয়ান’বহীত লিখিলে এনে দৰে - পুত্র মেধাবী আছে ৷ কিন্তু তাৰ দোষ মাত্র এটাই যে সি শ্রেণীৰ ছােৱালীবােৰৰ লগত বেছিভাগ সময় কটায়। অৱশ্যে, তাৰ এই অভ্যাস আঁতৰাবলৈ মই চেষ্টা কৰি আছাে।

 খতিয়ানৰ বহীখনত ছাত্ৰজনৰ মাকে তলতে লিখিলে— আপুনি চেষ্টাত সফল হলে উপায়টো মােক লগে লগে জনালে বাধিত হ'ম। কাৰণ মই ল’ৰাৰ দেউতাকৰ ক্ষেত্ৰতাে তেনে উপায় প্রয়ােগ কৰি চাব বিচাৰোঁ।

😊😊😊😊😊😊😊😊😊

ৰােগী (ডাক্তৰৰ প্রতি)- ছাৰ, মই বাচিমনে ?

- ডাক্তৰ বাচিবা, নিশ্চয় বাচিবা। ডাক্তৰী শাস্ত্রমতে এই বেমাৰত প্ৰতি দহজনৰ ভিতৰত এজনহে বাচে। আমাৰ আস্পতালত এই বেমাৰত ভােগা ৰােগী আজিলৈকে নজন ভর্তি হৈছে আৰু এই নজনৰেই মৃত্যু ঘটিছে। তুমি দহনম্বৰ ৰােগী, তুমি নিশ্চয় বাচিবা, চিন্তা নকৰিবা ।

😊😊😊😊😊😊😊😊😊

এজন ব্ৰহ্মণ পণ্ডিতৰ ঘৰৰ ওচৰতে গাধ এটা মৰিল। সাধাৰণতে জন্তু মৰিলে তাৰ মালিকক বিচাৰি পাবলৈ টান। এই গাধটোৰ ক্ষেত্ৰতাে তেনে হ'ল। তেওঁ ততালিকে স্থানীয় পৌৰসভালৈ ফোনেৰে খবৰটো দিলে। পৌৰসভাৰ বিষয়াজনে অলপ ধেমালি কৰাৰ পাছত উত্তৰ দিলে-- পণ্ডিত মহাশয়, মৃত্যুৰ পাছত সংস্কাৰ কৰাটো আপােনাৰ কাম নহয়জানাে ?

পণ্ডিতজনেও চুঙা চাই সােপা দি উত্তৰ দিলে— ঠিকেই কৈছে, সেইখিনি মােৰেই কাম, কিন্তু তাৰ আগতে মৃতকৰ আত্মীয় স্বজনক খবৰ দিব নালাগিবজানাে ? সেয়ে আপােনালােকক জনালোঁ। দান-দক্ষিণাৰ কথা নাই জানাে ?

😊😊😊😊😊😊😊😊😊

গিৰিয়েকে অফিচলৈ ওলাই খঙেৰে ঘৈণীয়েকক ক'লে— এতিয়ালৈকে ভাতেই হােৱা নাই। ইয়াত খাম বুলি বােন্দাপৰ দি থকাতকৈ হােটেলতেই খাই যাম। এইবুলি কৈ গিৰিয়েক বাহিৰলৈ ওলাল। ঘৈণীয়েকে বাধা দি ক'লে— ‘ৰব আৰু পাঁচ মিনিট ৰওক |

তুমি এঘন্টাটো ভাত দিব নােৱাৰিলা আৰু পাঁচ মিনিটত খুৱাবানে? নহয়, ময়াে কাপােৰযােৰ সলাই লওঁ, তােমাৰ লগতে হােটেলতে খাই আহিম।

😊😊😊😊😊😊😊😊😊

এবাৰ এজন ন-লেখকে পণ্ডিত এজনৰ ওচৰলৈ গৈ গৌৰবেৰে নিজৰ চিনাকি দি ক'লে— মােৰ দেউতা আছিল এজন জমিদাৰ, ককা-দেউতা আছিল বাদছাহৰ সেনাপতি, আজোককা দেশৰ ভিতৰতে এজন বিখ্যাত পণ্ডিত আছিল আৰু দেউতাৰ আজো ককা আছিল.........।

ন-লেখকজনৰ কথা শেষ নৌহওঁতেই পণ্ডিতজনে ক'লে—ৰবা, তুমি এনেদৰে চিনাকি দি গৈ থাকিলে তুমি একেবাৰে শেষত ক'ব নালাগিব জানো যে তােমাৰ পূৰ্বপুৰুষ এটা সময়ত বান্দৰ আছিল !

😊😊😊😊😊😊😊😊😊

এজন প্রেমিকে তেওঁৰ প্রেমিকালৈ এখন চিঠি এনেদৰে লিখিলে– মৰমী, তােমাৰ ওচৰলৈ মই পৃথিৱীৰ সকলাে নেওচিও যাব পাৰিম। হিমালয়ৰ দৰে ওখ পর্বত পাৰ হৈ যাম, চাহাৰাৰ দৰে শুকান মৰুভূমিও খােজ কাঢ়ি পাৰ হ'ম। পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনাে সাঁতুৰি পাৰ হৈ মই তােমাৰ ওচৰ পাব পাৰিম। আৰু কিছু ব্যক্তিগত কথা লিখি নিজৰ নামটো লিখি তলত আকৌ লিখিলে—

পুনঃ যদি বৰষুণ নিদিয়ে অহা শনিবাৰে গধূলি তােমাক লগ পাবলৈ যাম।

😊😊😊😊😊😊😊😊😊

এখন কবৰস্থানত চাৰিটা মূৰৰ খোলা পৰি আছিল । কেইটামান কুকুৰে তিনিটা খোলা চেলেকি আছিল আৰু এটাক কোনোটো কুকুৰেও চেলেকা নাছিল । এটা শিয়ালে বহুত সময়ৰ পৰা কথাটো মন কৰি আছিল । শিয়ালটোৱে কুকুৰ কেইটাক সুধিলে - তহঁতে তিনিটা খোলা চেলেকি আছ আৰু বাকী খোলাটো কিয় চেলেকা নাই ? 
কুকুৰ কেইটাই কলে - সেইটো বিবাহিত পুৰুষৰ খোলা ! ঘৈণীয়েকে আগতেই চোবাই থোৱা

😊😊😊😊😊😊😊😊😊

কোনো লৰাই যদি কোনো ছোৱালীক প্ৰপোজ কৰে, তেতিয়া যদি সেই ছোৱালী জনীয়ে কয়, আপুনি মোৰ দাদাৰ নিচিনা তেনেহলে চৰকাৰৰ নিৰ্দেশ মতে, সেই ছোৱালী জনীৰ দেউতাকৰ সম্পত্তিৰ আধা অংশ লৰা জনক দিব লাগে ।

😊😊😊😊😊😊😊😊😊

পত্নীয়ে বমি কৰা দেখি পতিয়ে সুধিলে কি হল নো তোমাৰ? কি বেয়া বস্তু খাইছিলা?

পত্নী : এ সৰু সৰু কৈ কওক হে, বেলেগে শুনিব। "মই মাক হবলৈ ওলাইছো সেইহে বমি হৈছে"।

ৰাতি দিঙিলৈকে মদ খাই পতি ঘৰত সোমাই মজিয়াত দিলে নহয় বমি কৰি। তাকে দেখি পত্নীয়ে খঙতে চিঞৰিব ধৰিলে, "কি খাই আহিছে এইবিলাক হা কি খাই আহিছে"?

পতি : (ধলং ধপংকৈ) "নিচিঞৰিবা হে, মই দেউতাক হবলৈ ওলাইছো সেইবাবে বমি হৈছে"।

😊😊😊😊😊😊😊😊😊

শিক্ষকঃ লিঙ্গ পৰিবৰ্তন কৰা

ছাত্রঃ লাখ টকা দিলেও নকৰোঁ।

😊😊😊😊😊😊😊😊😊

স্ত্রী আৰু ইস্ত্রিৰ মাজত তামাম মিল আছে,
ইস্ত্রি গৰম হ'লে কাপোৰ চিধা,
স্ত্রী গৰম হ'লে স্বামী চিধা।

😊😊😊😊😊😊😊😊😊

পাপ্পু- আপুনি ফেচবুক আৰু হোৱাটছএপৰ সহায়ত টকা উপাৰ্জন কৰিব বিচাৰে নেকি? 

গুপ্পু - হয়। 

পাপ্পু - তেন্তৰ সেই দুয়োটা ডিলিট কৰক আৰু কাম কৰক। উপাৰ্জন হবই হব ।

😊😊😊😊😊😊😊😊😊


এয়া গ্ৰীষ্মকাল আছিল। চম্পু খোজ কাঢ়িবলৈ গৈছিল। ইফালে সিফালে খোজ কাঢ়ি তেওঁ কবৰস্থানৰ কাষ চাপিছিল। তাত তেওঁ এগৰাকী মহিলাক কবৰস্থানত কবৰৰ ওপৰত বহি থকা দেখিছিল।

চম্পুৱে তেওঁৰ ওচৰলৈ আহি ক'লে, "আপুনি কবৰস্থানত বহিবলৈ ভয় নকৰে নেকি?"

মহিলাগৰাকীয়ে ক'লে, "ভয়টো কেনেকুৱা?" ভিতৰৰ পৰা ইমান গৰম আছিল, সেইকাৰণে মই বাহিৰলৈ ওলাই আহিছিলো। 

চম্পু !!!! অচেতন 


😊😊😊😊😊😊😊😊😊


Post a Comment

0 Comments