ৰঘুনাথ চৌধাৰীৰ জীৱন কাহিনী

 ৰঘুনাথ চৌধাৰীৰ জীৱন কাহিনী



ৰঘুনাথ চৌধাৰীৰ নাম শুনিলেই মনত পৰে তাহানিৰ আমাৰ সৰুকালৰ সময়ছােৱালৈ। সেয়া আছিল ষাঠী দশকৰ আৰম্ভণিৰ কথা। তেতিয়া আমি শৈশৱৰ দেওনা পাৰ হৈ কৈশােৰত ভৰি দিছােহে মাত্র। গুৱাহাটী উজানবজাৰৰ ভুৱন ৰােডৰ দক্ষিণে থকা উজান বজাৰ এম. ই. ছােৱালী বিদ্যালয়ৰ আমি তেতিয়া ছাত্রী আছিলাে। এই স্কুলখনৰ ঠিক সমুখতে মানে ভুবন ৰােডৰ উত্তৰ দাঁতিত থকা দুমহলীয়া ঘৰটোৱেই আছিল ৰঘুনাথ চৌধাৰীৰ ঘৰ। ঘৰটোৰ বাহিৰত আছিল এখন আহল-বহল চৌহদ। চৌহদৰ কাষে কাষে আছিল কেবাজোপাও ডাঙৰ গছ আৰু লগতে কাষৰীয়াকৈ এখন ফুলৰ বাগিচা। ঘৰটোৰ তলমহলাৰ বাৰান্দাৰ পশ্চিমফালে থকা এটা কোঠালিতেই চৌধাৰীদেৱ আছিল। স্কুললৈ আমি অহাযােৱা কৰােতে প্ৰায়েই চৌধাৰীদেৱক তেওঁৰ কোঠালিৰ বাহিৰৰ বাৰান্দাৰ এটা চুকতে চকীত বহি থকা দেখিছিলাে। নাকৰ তলতে একোছা পকা গােফেৰে সৈতে ৰঙচুৱা পাতল চুলিখিনি আছিল তেখেতৰ গলধনলৈকে পৰা, পিন্ধন-উৰণ আছিল তেনেই সাধাৰণ। কেতিয়াবা মুগা ৰঙৰ আৰু কেতিয়াবা বগা ৰঙৰ পাঞ্জাৱী আৰু বগাধুতি চকুত গােল চশমা এযােৰ পিন্ধি বহি থকা চৌধাৰী দেৱৰ লগত দেখিছিলাে সদায় এডাল লাখুটি। সেই সময়ত তেখেতৰ বয়স আছিল আশীৰ উৰ্দ্ধত।


ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল কামৰূপ জিলাৰ এখন পিচপৰা সৰু গাঁৱত। নাম লাউপাৰা। নলবাৰী জিলাৰ মুকালমুৱা নামৰ ঠাইখনৰ | ওচৰতে। পিচলৈ গাঁওখন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈ তাৰ কোনাে অস্তিত্বই নােহােৱা হৈ গ'ল।


 ১৮৭৯ চন (১৮০১ শক)ৰ মাঘ মাহৰ ৬ তাৰিখ, বৃহস্পতিবাৰ শুক্লা চতুর্থী অর্থাৎ গণেশ পূজাৰ দিনা দয়ালতা চৌধাৰীৰ ঔৰসত ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল। গণনামতে প্রথমে তেওঁৰ নাম দিয়া হৈছিল ‘সােমনাথ’ আৰু সোঁৱৰণীৰ নাম আছিল ‘ঘননাথ। পিছে ৰঘুনাথৰ জন্মৰ সময়ত তেওঁলােকৰ কুল পুৰােহিত বিজয়চন্দ্র চক্ৰৱৰ্তী খবৰ ল'বলৈ আহি নৱজাতকক আশীর্বাদ দিয়াৰ সময়ত কৈছিল ‘এওঁ বংশৰ ৰঘুনাথ হ’ব’। সঁচাকৈয়ে সেইদিনা কুলপুৰােহিতৰ মুখৰ পৰা ওলােৱা সেই ৰঘুনাথ নামটোৰেই তেওঁ সমাজত জনাজাত হ’ল।


ৰঘুনাথ চৌধাৰীৰ দেউতাকৰ নাম আছিল ভােলানাথ চৌধাৰী, লাউপাৰা অঞ্চলৰ এজন আঢ্যৱন্ত লােক। ভৰদ্বাজ গােত্ৰৰ এওঁলােকক মানুহে বংশৰীয়া চৌধাৰী বুলি কৈছিল। ভােলানাথ চৌধাৰীৰ আর্থিক অৱস্থা অতি জয়জয় ময়ময় আছিল। তেওঁৰ ধানৰ ভঁৰালেই হেনাে আছিল চাৰিটা। কিন্তু অৱস্থাপন্ন লােক হৈও ভােলানাথ চৌধাৰী আছিল অতি উদাৰমনৰ আৰু বিনয়ী।


ৰঘুনাথ চৌধাৰী আছিল ভােলানাথ চৌধাৰী আৰু দয়ালতা চৌধাৰীৰ তৃতীয় আৰু শেষৰ সন্তান। ৰঘুনাথৰ ওপৰত তেওঁৰ এগৰাকী বায়েক আৰু এজন ককায়েক আছিল। সৰুৰে পৰা ৰঘুনাথ নানাধৰণৰ বিপৰ্যয়ৰ সমুখীন হ'বলগীয়া হৈছিল। ৰঘুনাথ তেতিয়া নমহীয়া কেঁচুৱা। পিৰালিৰ চুকতে ঢাৰি এখনত কেঁচুৱাটিক শুৱাই থৈ মাকে গা ধুবলৈ গৈছিল। ৰখীয়া থৈ গৈছিল এগৰাকী বুঢ়ী মানুহক। মানুহগৰাকীয়ে চকুৰে ভালদৰে নেদেখিছিল। জেঠ মাহৰ গৰমত হাতত বিচনী লৈ বুঢ়ীয়ে বিচি থাকোতে কেনেবাকৈ বুঢ়ীৰ টোপনি | আহিল। ইফালে কেঁচুৱাটিয়ে বগুৱা বাই বাই গৈ পিৰালিৰ দাঁতিতে থকা ডাঙৰ শিল এটাৰ ওপৰতে বাগৰি পৰিলগৈ। ভৰি দুখন গৈ সােমালগৈ শিলৰ চেপাত। যেতিয়া কেঁচুৱাটিয়ে কান্দোনত গগন ফালিলে তেতিয়াহে চাৰিওফালে হৈ চৈ লাগিল। শিলটো আঁতৰাই ল’ৰাক ল’বলৈ গৈ মাকে দেখে যে ল’ৰাটিৰ দুয়ােখন ভৰি কঁকালৰ পৰা তেনেই বেয়াকৈ ভাঙিছে, বিশেষকৈ সেভৰিখন। সেইদিন ধৰি ৰঘুনাথ পঙ্গু হৈ পৰিল। শিশু অৱস্থাত তেওঁ পৃথিৱীৰ মাটিত খােজকে দিব নােৱাৰিলে। সোভৰিখন অকামিলা হ’ল আৰু বাওঁভৰিখনাে দিনে দিনে নিশকতীয়া হৈ পৰিল। সেয়াই আছিল ৰঘুনাথ চৌধাৰীৰ জীৱনত বিপর্যয়ৰ আৰম্ভণি।


ৰঘুনাথ যেতিয়া চাৰিবছৰ বয়সত ভৰি দিয়ে জহনী ৰােগত আক্ৰান্ত হৈ তেওঁৰ মাকৰ মৃত্যু হয়। তাৰ পিছতেই আকৌ ৰঘুনাথৰ ককায়েক আৰু বায়েকো মৃত্যুমুখত পৰে। মুঠতে এমাহৰ ভিতৰতে নিজৰ পত্নী, বৰপুত্ৰ আৰু একমাত্র জীয়ৰীক হেৰুৱাই ৰঘুনাথৰ দেউতাক ভােলানাথ চৌধাৰী শােকত বিহুল হৈ পৰিল। সংসাৰৰ প্রতি বিৰাগভাৱে তেওঁক অস্থিৰ কৰি তুলিলে। ভােলানাথ চৌধাৰীৰ এনে অস্থিৰতাৰ সুযােগ লৈ আত্মীয়স্বজনৰ কেইজনমানে কৌশলেৰে তেওঁলােকৰ বহু মূল্যবান অলংকাৰ পাতি আৰু কিছুমান সাঁচি থােৱা পুৰণি মােহৰ আদি সৰকাই লৈ যায় আৰু ভােলানাথ চৌধাৰীৰ মগজুৰ বিকৃতি হােৱা বুলি চাৰিওফালে এনেয়ে প্রচাৰ কৰি দিয়ে। অৱশেষত এদিন নিশা নিজৰ বংশৰ এদল লােক আহি ভােলানাথ চৌধাৰীক হাতে-ভৰিয়ে বান্ধি দ গাঁত এটাত পেলাই থৈ যায় আৰু ঘৰৰ ভিতৰৰ পৰা বাচনবর্তন, ধান-চাউল, সা-সম্পত্তি সকলােবােৰ লুটি নাঁৱত বােজাই কৰি লৈ পলাই যায়। এনেবােৰ ঘটনা ঘটি যােৱাৰ পিচত এইবাৰ ভােলানাথ চৌধাৰীয়ে সঁচাকৈয়ে মস্তিষ্কৰ ভাৰসাম্য হেৰুৱাই পেলালে। আনকি এদিনাখন নিজৰ চাৰিবছৰীয়া শিশু ৰঘুনাথক এৰি থৈ তেওঁ নিৰুদ্দেশ হৈ পৰিল। ৰঘুনাথৰ এনে অসহায় অৱস্থা দেখি সেইখন গাঁৱৰে জয়পাল দাস নামৰ এজন উদাৰ অন্তৰৰ লােকে ৰঘুনাথক আশ্রয় দিবলৈ ঠিক কৰি নিজৰ ঘৰলৈ লৈ যায়। ঘৰলৈ গৈ তেওঁ ৰঘুনাথৰ ভাৰ তেওঁৰ জীয়েক সােণামাইৰ হাতত গতাই দিয়ে। সােণামায়ে ৰঘুনাথক পাই নিজৰ ভায়েকৰ দৰে মৰম আদৰেৰে চোৱা-চিতা কৰিবলৈ লয়।


ইতিমধ্যে এবছৰমানৰ পিছত ভােলানাথ চৌধাৰী সুস্থ হৈ ঘৰলৈ উভতি আহে। আহিয়েই তেওঁ ঘৰ-বাৰী পৰিষ্কাৰ কৰি ৰঘুনাথক নিজৰ ঘৰলৈ লৈ আনে। ৰঘুনাথৰ বয়স তেতিয়া ছয়বছৰ হৈছিল যদিও ভালদৰে খােজকাঢ়ি ফুৰা-চকা কৰিব নােৱাৰিছিল। সেইকাৰণে দেউতাকে পুতেকক ঘৰতে লেখা-পঢ়া শিকাবলৈ স্থানীয় প্রাইমাৰী স্কুলৰ শিক্ষক কাশীৰাম দাসক ঠিক কৰি দিয়ে।


এনেদৰে এবছৰমান থকাৰ পিছত লাওপাৰাৰ পৰা কিছু দূৰৈৰ ক্ষেত্রি হাদিয়া গাঁৱত থকা ভােলানাথ চৌধাৰীৰ সম্বন্ধীয়া ককায়েক বালকৰাম চৌধাৰীয়ে বহু গুণাগঁথা কৰি ৰঘুনাথক নিজৰ সৰু পুতেক গৰ্গৰাম চৌধাৰীৰ লগত ৰাখিবলৈ ঠিক কৰে। গৰ্গৰাম চৌধাৰীয়ে তেতিয়া গুৱাহাটীত নাজিৰৰ কাম কৰিছিল। তেতিয়ালৈকে গর্গম চৌধাৰীৰ কোনাে সতি-সন্ততি নাছিল। সেয়ে তেওঁ দেউতাকৰ পৰা আঠবছৰীয়া ৰঘুনাথক তেওঁৰ ঘৰলৈ লৈ যায় আৰু নিজৰ সন্তানৰ দৰে লালন-পালন কৰাৰ দায়িত্ব মূৰ পাতি লয়। তেতিয়াৰ পৰাই ওৰে জীৱনটো ৰঘুনাথ চৌধাৰীয়ে গুৱাহাটীৰ এইখন ঘৰতেই কটায়।


প্রাথমিক স্তৰৰ বিদ্যা ঘৰতেই আয়ত্ব কৰি অহা ৰঘুনাথে প্রথমে বাংলা ভাষাতহে বিদ্যা শিক্ষা গ্রহণ কৰিবলগীয়া হৈছিল। গতিকে তেওঁ মদন মােহন তর্কালংকাৰ প্রণীত বঙলা পুথি ‘শিশুপাঠৰ প্রথম আৰু দ্বিতীয়ছােৱা পঢ়িবলগীয়া হৈছিল। তাৰ পিছতে তেওঁ চৰকাৰী এম ভি (Middle Vernacular) স্কুলত ভর্তি হয়। ৰঘুনাথৰ দুয়ােখন ভৰি দুর্বল হােৱাৰ কাৰণে তেওঁ নিয়মিত স্কুল যাব পৰা নাছিল যদিও পৰীক্ষাত তেওঁ ভাল ফলেই দেখুৱাবলৈ সক্ষম হৈছিল। ১৮৯৬ চনত ৰঘুনাথে ছাত্রবৃত্তিৰ শেষ পৰীক্ষাত উত্তীর্ণ হয়।


সৰুৰে পৰা ৰঘুনাথৰ সাহিত্যৰ প্রতি বিশেষ ৰাপ আছিল। স্কুলৰ প্রধান শিক্ষক কুদ্ৰৎ আলীয়ে ৰঘুনাথক এই বিষয়ত যথেষ্ট অনুপ্ৰেৰণা যােগাইছিল। স্কুলৰে আন এজন শিক্ষক ব্রজনাথ চট্টোপাধ্যায়েও ৰঘুনাথক বঙালী ভাষাৰ প্রতি আকৃষ্ট কৰায়। তেওঁৰে উপদেশমতে ৰঘুনাথে সঞ্জীৱনী’ নামৰ এখন বঙালী কাকতৰ গ্রাহক হয়। এই কাকতৰ যােগেদি তেওঁ নামজ্বলা বঙালী সাহিত্যিকসকলৰ লিখনি পঢ়ি উৎসাহিত হয়। চতুর্থমান শ্ৰেণীত পঢ়াৰে পৰা তেওঁ বংকিমচন্দ্ৰৰ প্ৰায়বােৰ কিতাপ, মাইকেল মধুসূদন, হেমচন্দ্র বন্দোপাধ্যায় আদিৰ কাব্য আৰু কালিপ্রসন্ন ঘােষৰ নিভৃত চিন্তা’, ‘নিশীথ চিন্তা’ আদি গ্রন্থ পঢ়ি শেষ কৰিছিল।


ছাত্রবৃত্তি পৰীক্ষা দিয়াৰ পিচত পৰীক্ষাৰ ফলাফল নােলােৱা পর্যন্ত বন্ধু দুজনমানৰ লগ লাগি ৰঘুনাথে এটা অনুষ্ঠান পাতিবলৈ মন কৰিলে। উজান বজাৰৰ উৎসাহী লােক জগবন্ধু দাসে তেওঁলােকক নিজৰ ঘৰৰে এটা কোঠাত পুথিভঁৰাল পাতিবলৈ সুবিধা কৰি দিছিল। তেওঁ এটা আলমাৰিও দান দিছিল। সেই সময়ত প্ৰকাশ হােৱা কালিৰাম বৰুৱাই সম্পাদনা কৰা ‘আসাম, কৃষ্ণকান্ত ভট্টাচার্য সম্পাদনাত ওলােৱা ‘আসাম বিলাসিনী’ কলিকতাৰ খ্রীষ্টান মিছনেৰীয়ে প্রকাশ কৰা Weekly Epiphany নামৰ বাতৰি কাকতকেইখন সেই পুথিভঁৰালত তেওঁলােকৰ ক্লাবৰ ফালৰ পৰা লৈছিল। ৰঘুনাথে পুথিভঁৰালৰ কাৰণে তেওঁ লােৱা সঞ্জীৱনী’ আৰু ‘ হিতবাদী’ কাকত দুখনাে দান দিছিল। এই অনুষ্ঠানটোৰ নাম ৰখা হ’ল সুনীতি সঞ্চাৰিণী সভা।


১৮৯৬ চনত এম ভি স্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত ৰঘুনাথক বৰ্তমানৰ গুৱাহাটীৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম লগাই দিয়া হয়। সেই সময়ত কেশৱ দাস, বিষয়চন্দ্র বিশ্বাসী, হেমন্ত কুমাৰ লাহিড়ী, নবীন তালুকদাৰ, কামাখ্যাৰাম বৰুৱা, নৰেন্দ্ৰ নাথ সেন আদি তেখেতৰ সহপাঠী বন্ধু আছিল।


কিছুদিন স্কুললৈ যােৱাৰ পিচতে তেওঁৰ সন্মুখত পুনৰ এক দুর্যোগে দেখা দিলে। হাইস্কুলৰ সপ্তমমান শ্রেণীত শিক্ষকৰ দোষত অংক বিষয়ত পাবলগীয়া নম্বৰ নােপােৱাৰ কাৰণে শিক্ষকৰ লগত তেওঁৰ মনােমালিন্য হয়। শেষত সেই নম্বৰ নােপােৱাৰ বাবে ৰঘুনাথৰ স্বাধীনচিতীয়া মন বিদ্রোহী হৈ উঠিল। সেইদিনাই তেওঁ স্কুলৰ পঢ়াৰ সিমানতে সামৰণি মাৰি কেতিয়াও স্কুললৈ নাযাওঁ বুলি প্রতিজ্ঞা কৰিলে। ৰঘুনাথৰ এনে সিদ্ধান্তত গৰ্গৰাম চৌধাৰীয়ে বহু বুজাই-বঢ়াইয়াে ৰঘুনাথৰ মন ঘূৰাব নােৱাৰিলে। ৰঘুনাথ কোনােমতে সৈমান নােহােৱাত গৰ্গৰাম চৌধাৰী খঙত অগ্নিশর্মা হ’ল। ককায়েকৰ এনে মূর্তি দেখি ভয়তে ৰঘুনাথে এদিন ঘৰৰ পৰা ওলাই গৈ জাহাজেৰে তেজপুৰ পালেগৈ।


| তেজপুৰত এদিন জাহাজ ঘাটৰ ওচৰতে পদুমপুখুৰীৰ দৃশ্য উপভােগ কৰি বহি থাকোতে ৰঘুনাথক জাহাজ কোম্পানীৰ এজেন্ট এজনে চিনি পাই বুদ্ধিৰে গুৱাহাটীলৈ ওভােটাই আনে আৰু গৰ্গৰাম চৌধাৰীৰ হাতত গতাই দিয়ে। ইফালে ৰঘুনাথে স্কুল এৰাৰ খবৰটো দেউতাক ভােলানাথ চৌধাৰীয়েও পালে। তেওঁ গুৱাহাটীলৈ আহি ৰঘুনাথক বহুধৰণে বুজালে। কিন্তু ৰঘুনাথ নিজৰ মতত অলৰ-অচৰ হৈ থাকিল। ৰঘুনাথৰ এনে মনােভাৱত দেউতাকে বৰ দুখ পালে আৰু কেতিয়াও তােৰ মুখ নাচাওঁ বুলি উভতি গ’ল। খং আৰু বেজাৰত কঁপি কপি দেউতাক যেতিয়া অহাবাটে উভতি গ’ল, থৰ লাগি ৰঘুনাথে দেউতাকৰ পিনে চাই ৰ'ল। সঁচাকৈয়ে তাৰ কেইদিনমানৰ পিছতে জহনী ৰােগত আক্ৰান্ত হৈ দেউতাক ভােলানাথ চৌধাৰীৰ মৃত্যু হ’ল। খবৰটো পাই ৰঘুনাথে তেতিয়া হিয়া ঢাকুৰি কন্দাৰ বাহিৰে একোৱেই কৰিব পৰা নাছিল।


ৰঘুনাথে যেতিয়া স্কুলৰ পঢ়াৰ অন্ত পেলালে গর্গৰাম চৌধাৰীয়ে ৰঘুনাথক অফিচৰ কাম কাজ শিকাবলৈ মন কৰি অফিচলৈ যাওঁতে ৰঘুনাথক লগত লৈ যােৱা হ'ল। কিন্তু ৰঘুনাথে কাছাৰীৰ এই কামবােৰত মন দিব নােৱাৰিলে। তেওঁৰ ইচ্ছা আছিল এজন আদর্শ শিক্ষক হােৱাৰ। সেয়ে গুৱাহাটীৰ উজানবজাৰৰ প্রাথমিক বালিকা বিদ্যালয়ত ৰঘুনাথে শিক্ষক হিচাপে চাকৰিত যােগ দিয়ে। প্রধান |অংক বিষয়ত পাবলগীয়া নম্বৰ নােপােৱাৰ কাৰণে শিক্ষকৰ লগত তেওঁৰ মনােমালিন্য হয়। শেষত সেই নম্বৰ নােপােৱাৰ বাবে ৰঘুনাথৰ স্বাধীনচিতীয়া মন বিদ্রোহী হৈ উঠিল। সেইদিনাই তেওঁ স্কুলৰ পঢ়াৰ সিমানতে সামৰণি মাৰি কেতিয়াও স্কুললৈ নাযাওঁ বুলি প্রতিজ্ঞা কৰিলে। ৰঘুনাথৰ এনে সিদ্ধান্তত গৰ্গৰাম চৌধাৰীয়ে বহু বুজাই-বঢ়াইয়াে ৰঘুনাথৰ মন ঘূৰাব নােৱাৰিলে। ৰঘুনাথ কোনােমতে সৈমান নােহােৱাত গৰ্গৰাম চৌধাৰী খঙত অগ্নিশর্মা হ’ল। ককায়েকৰ এনে মূর্তি দেখি ভয়তে ৰঘুনাথে এদিন ঘৰৰ পৰা ওলাই গৈ জাহাজেৰে তেজপুৰ পালেগৈ।


| তেজপুৰত এদিন জাহাজ ঘাটৰ ওচৰতে পদুমপুখুৰীৰ দৃশ্য উপভােগ কৰি বহি থাকোতে ৰঘুনাথক জাহাজ কোম্পানীৰ এজেন্ট এজনে চিনি পাই বুদ্ধিৰে গুৱাহাটীলৈ ওভােটাই আনে আৰু গৰ্গৰাম চৌধাৰীৰ হাতত গতাই দিয়ে। ইফালে ৰঘুনাথে স্কুল এৰাৰ খবৰটো দেউতাক ভােলানাথ চৌধাৰীয়েও পালে। তেওঁ গুৱাহাটীলৈ আহি ৰঘুনাথক বহুধৰণে বুজালে। কিন্তু ৰঘুনাথ নিজৰ মতত অলৰ-অচৰ হৈ থাকিল। ৰঘুনাথৰ এনে মনােভাৱত দেউতাকে বৰ দুখ পালে আৰু কেতিয়াও তােৰ মুখ নাচাওঁ বুলি উভতি গ’ল। খং আৰু বেজাৰত কঁপি কপি দেউতাক যেতিয়া অহাবাটে উভতি গ’ল, থৰ লাগি ৰঘুনাথে দেউতাকৰ পিনে চাই ৰ'ল। সঁচাকৈয়ে তাৰ কেইদিনমানৰ পিছতে জহনী ৰােগত আক্ৰান্ত হৈ দেউতাক ভােলানাথ চৌধাৰীৰ মৃত্যু হ’ল। খবৰটো পাই ৰঘুনাথে তেতিয়া হিয়া ঢাকুৰি কন্দাৰ বাহিৰে একোৱেই কৰিব পৰা নাছিল।


ৰঘুনাথে যেতিয়া স্কুলৰ পঢ়াৰ অন্ত পেলালে গর্গৰাম চৌধাৰীয়ে ৰঘুনাথক অফিচৰ কাম কাজ শিকাবলৈ মন কৰি অফিচলৈ যাওঁতে ৰঘুনাথক লগত লৈ যােৱা হ'ল। কিন্তু ৰঘুনাথে কাছাৰীৰ এই কামবােৰত মন দিব নােৱাৰিলে। তেওঁৰ ইচ্ছা আছিল এজন আদর্শ শিক্ষক হােৱাৰ। সেয়ে গুৱাহাটীৰ উজানবজাৰৰ প্রাথমিক বালিকা বিদ্যালয়ত ৰঘুনাথে শিক্ষক হিচাপে চাকৰিত যােগ দিয়ে। প্রধান শিক্ষকজনে অৱসৰ গ্ৰহণ কৰাৰ পিচত ৰঘুনাথ চৌধাৰীক সেই ভাৰ অর্পণ কৰা হ'ল। তেতিয়া তেওঁৰ দৰমহা আছিল মাহে পােন্ধৰ টকা। এই স্কুলখন গুৱাহাটী মিউনিচিপালিটীৰ অধীনত আছিল। পিছলৈ মিউনিচিপালিটীৰ অনাদৰত এই স্কুল ১৮৯৯ চনত বন্ধ হৈ যায়।


শুক্রেশ্বৰ ঘাটত সেই সময়ত এখন সংস্কৃত টোল আছিল ঠিকেই, কিন্তু এই টোলখনাে মিউনিচি পালিটীৰ অধীনত মহামহােপাধ্যায় ধীৰেশ্বৰ ভট্টাচার্যদেৱে অধ্যক্ষৰ পদত থাকি পৰিচালনা কৰিছিল। কিন্তু কর্তৃপক্ষৰ অনাদৰত এই টোলখনাে বন্ধ হৈ যায়। এই কথা গম পাই গর্গ চৌধুৰীয়ে ধীৰেশ্বৰাচার্যদেৱক নিজৰ ঘৰত থাকিবলৈ আমন্ত্রণ কৰে। সেই সময়ত মিথিলাৰ পণ্ডিত বালমুকুন্দ ঝাও তাতে আছিলহি। ঘৰতে এই দুয়ােজনা পণ্ডিতৰ সান্নিধ্যত ৰঘুনাথ চৌধাৰীয়ে সংস্কৃত ব্যাকৰণ আৰু কাব্য অধ্যয়ন কৰে। তেওঁলােকৰ পৰা সংস্কৃত শিকি তেওঁ বিভিন্ন কাব্য পুথিৰ ৰস আস্বাদন কৰে। তাৰ ভিতৰত কালিদাস, ভৱভূতি, মাঘ আদিৰ কাব্যৰসেই প্রধান আছিল।


ৰঘুনাথ চৌধাৰীয়ে এই সময়তে দুই-এটা কবিতা লিখিবলৈ যত্ন কৰিছিল। সেই সময়তে লিখা তেখেতৰ প্রথম কবিতাটিৰ নাম আছিল ‘এটি মনৰ ভাৱ। ১৯০১ চনত গুৱাহাটীত যেতিয়া গুৱাহাটী কটন কলেজ স্থাপন হৈছিল উদ্বোধনী সভাত ৰঘুনাথ চৌধাৰীয়ে এটি নিজে লিখা কবিতা গাই সকলােৰে প্রশংসা বুটলিলে। কবিতাটিৰ নাম আছিল ‘আৱাহন।


১৯০১ চনতে ৰঘুনাথ চৌধাৰীয়ে উজানবজাৰৰ লতাশিল প্রাথমিক বিদ্যালয়ত শিক্ষকৰ পদত নিযুক্তি পায়। ৰঘুনাথ চৌধাৰীয়ে স্কুল কর্তৃপক্ষৰ অনুমতি লৈ তেওঁৰ ‘সুনীতি সঞ্চাৰিণী সভা' নামৰ অনুষ্ঠানটি স্কুললৈ লৈ আহে। এই অনুষ্ঠানটিয়েই আছিল ৰঘুনাথ চৌধাৰীৰ সাহিত্য বিকাশৰ কেন্দ্রস্থল।


‘অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কেন্দ্ৰ সেই সময়তে কলিকতাৰ পৰা গুৱাহাটীলৈ উঠি আহিছিল। তাৰ যিখন মুখপত্র ওলাইছিল, সেইখন সম্পাদনা কৰিছিল সেই সময়ৰ কটন কলেজৰ তেতিয়াৰ অসমীয়াৰ অধ্যাপক সত্যনাথ বৰাদেৱে। প্রথম বছৰ তৃতীয় সংখ্যা ‘জোনাকী’ত চৌধাৰীৰ মৰমৰ পখী’ কবিতাটি আৰু সেই বছৰেই সপ্তম সংখ্যাত ‘গােৱাহে এবাৰ মােৰ প্রিয় বিহঙ্গিনী’ নামৰ কবিতা প্রকাশ পােৱাত অসমৰ চৌপাশে তেওঁৰ কবিতাই উচ্চ প্রশংসা পায়। তেওঁৰ সাহিত্য প্রতিভা দেখি সত্যনাথ বৰাই তেওঁক ‘জোনাকীৰ সহ-সম্পাদক ৰূপে লয়।


‘জোনাকীৰ বছৰেকীয়া বৰঙণি সেই সময়ত আছিল মাত্র এটকা। টকাৰ অভাৱত মুখপত্ৰখন সময়মতে প্ৰকাশ কৰিব নােৱাৰা বাবে ৰঘুনাথ চৌধাৰীয়ে অসমৰ বিভিন্ন ঠাইলৈ গৈ টকা সংগ্রহ কৰিছিল। কিন্তু জোনাকী’ও তিনিবছৰ কাল চলি শেষত বন্ধ হৈ যায়।


১৯০৩ চনত তেওঁৰ পিতৃতুল্য মৰমৰ ককায়েক গৰ্গৰাম চৌধাৰীৰ মৃত্যু হয়। সেই সময়ত ঘৰখনত আছিল কেৱল তেওঁৰ মাতৃতুল্যা বৌয়েক স্বর্ণময়ী চৌধাৰী আৰু চাৰিবছৰীয়া ভতিজাক উমেশ চৌধাৰী। ককায়েকৰ মৃত্যুত বিশ বছৰীয়া চফল ডেকা ৰঘুনাথ চৌধাৰীৰ ওপৰত ঘৰখনৰ সমস্ত দায়িত্ব আহি পৰিল। মৃত্যুৰ সময়ত গর্গ ৰাম চৌধাৰীয়ে গুৱাহাটী আৰু তাৰ আশে-পাশে থকা কেইবাশ পূৰা মাটিৰ সম্পত্তি এৰি থৈ গৈছিল। গতিকে ঘৰুৱা কামকাজ, স্কুলৰ চাকৰি আৰু খেতি-বাতিৰ তত্ত্বাৱধান একেলগে কৰিবলগীয়া হােৱাত ৰঘুনাথ চৌধাৰীৰ যথেষ্ট অসুবিধা হৈছিল। সেয়ে এইবােৰ চম্ভালিবলৈ তেওঁ স্কুলৰ চাকৰি বাদ দিবলগীয়া


কিছুদিনৰ পিছত বৌয়েকৰ প্রবল বাধাকো নামানি ৰঘুনাথ চৌধাৰীয়ে বীৰকুছি নামৰ ঠাইখনৰ মাটিত খেতি কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়তে অসমত স্বদেশী আন্দোলন চলি আছিল। চৌধাৰীয়ে বীৰকুছি ঘাটৰ পৰাই নিধিৰাম দাস নামৰ লােকজনৰ লগলাগি গুৱাহাটীত এই আন্দোলনৰ গুৰি ধৰিছিল। তেওঁলােকে কলেজৰ ল'ৰাবােৰক লৈ জাহাজঘাটত মজদুৰৰ কাম কৰি যি পইচা পাইছিল সেইখিনি আন্দোলনৰ নামত জমা কৰিছিল। খেতি-বাতিৰ ফালে ভালকৈ মন দিব নােৱাৰাত আৰু খেতি সম্বন্ধে অভিজ্ঞতাও কম থকাত প্রথম দুবছৰ খেতি একেবাৰে ভাল হােৱা নাছিল। পিছত স্বদেশী আন্দোলনৰ ঢৌ মাৰ যােৱাৰ পিছতহে তেওঁ খেতিবাতিত মনপুতি লাগে। একাগ্রতাই যে সাফল্য আনে এইকথা চৌধাৰীদেৱে প্রমাণ কৰি দেখুৱালে। এজন সুদক্ষ খেতিয়ক বুলি চাৰিওফালে তেওঁৰ নাম জনাজাত হৈ পৰিল। লগতে বীৰকুছি ঘাটৰ চৌপাশৰ সৌন্দর্যই কবিক দিছিল প্রশান্তিও। চৰাই-চিৰিকতিৰ মৌসনা মাত, বনৰীয়া ৰঙ-বিৰঙী ফুলবােৰৰ সুবাস আৰু চৌপাশৰ পৰ্বত-পাহাৰ, গছ-গছনিৰ তুলনাবিহীন সৌন্দর্যত চৌধাৰীদেৱ তন্ময় হৈ পৰিছিল। ১৯২১ চনলৈকে চৌধাৰীদেৱে বীৰকুছিৰ খেতিত লাগি আছিল। এই বীৰকুছিতে ৰঘুনাথ চৌধাৰীৰ কবি জীৱন আৰম্ভ হয়। এই সময়খিনিত এই ঠাইখনৰ সৌন্দৰ্যৰ প্রতি তেওঁ এনেভাৱে আকর্ষিত হয় যে তেওঁৰ অন্তৰ নিগৰি ওলাই আহিছিল বহু অনুপম কবিতা।


তাৰ মাজতে গুৱাহাটীত ৰােমান চাৰ্চৰ পাদুৰীসকলে এখন মধ্য ইংৰাজী বিদ্যালয় প্রতিষ্ঠা কৰিছিল। ১৯১১ চনত ৰঘুনাথ চৌধাৰীয়ে সেই বিদ্যালয়ৰ শিক্ষকৰ পদত যােগ দিছিল। কিন্তু ১৯১৪ চনত প্রথম মহাসমৰৰ সময়ত চৰকাৰে এই পাদুৰীসকলক গ্রেপ্তাৰ কৰে আৰু জাৰ্মানীলৈ পঠিয়াই দিয়ে। ফলত সেইখন বিদ্যালয় বন্ধ হৈ যায়।


১৯২১ চনৰ কথা। সমগ্ৰ দেশতে গান্ধীজীৰ নেতৃত্বত অসহযােগ আন্দোলনৰ ঢৌ উঠিছিল। গুৱাহাটীতাে তাৰ প্ৰভাৱ যথেষ্ট পৰিছিল। আন্দোলনত ভাগ লােৱাৰ অপৰাধত ষােল্ল ডিচেম্বৰৰ দিনা পুলিচে ৰঘুনাথ চৌধাৰীক গ্রেপ্তাৰ কৰে। চৌধাৰীৰ বিৰুদ্ধে প্রধান অভিযােগ আছিল বেলতলা মৌজাৰ ৰাইজক চৰকাৰৰ বিৰুদ্ধে উত্তেজিত কৰাটো। ৰাইজক তেওঁ বাৰে বাৰে সঁকীয়াই দিছিল চৰকাৰী খাজানা নিদিবলৈ। গুৱাহাটীৰ জেলত তিনিমাহ থকাৰ পিছত যেতিয়া তেওঁৰ বিচাৰ আৰম্ভ হ'ল। ৰঘুনাথ চৌধাৰীৰ বিৰুদ্ধে সাক্ষী দিবলৈ এজনাে মানুহ নােলাল। সেয়ে তেওঁক নামমাত্র বিচাৰ কৰি ১৫ মাহ বিনাশ্রম কাৰাদণ্ড দিয়া হ'ল।


সেই সময়ত জেলৰ কয়দীবিলাকক অতি বেয়া ব্যৱহাৰ কৰিছিল, খােৱা-বােৱাও যথেষ্ট বেয়া আছিল। আপত্তি কৰিলে তাৰ | কাৰণে কঠোৰ শাস্তি দিছিল। কথাই কথাই ৰাজনৈতিক গালি-গালাজ পাৰি বেয়া ব্যৱহাৰ কৰাটো নিয়ম যেনেই হৈ পৰিছিল। ৰঘুনাথ চৌধাৰীয়ে এই কথা সমূলি সহ্য কৰিব নােৱাৰিছিল। এদিন কিবা কথাৰ কাৰণে ৱাৰ্ডাৰ এজনে দুজনমান ৰাজনৈতিক নেতাক বেয়াকৈ গালি পাৰি থাকোতে, ৰঘুনাথ চৌধাৰীয়ে সহ্য কৰিব নােৱাৰি ৱাৰ্ডাৰজনক ওভােটাই ধৰিলে। বহু তর্ক-বিতর্ক হ’ল আৰু বিচাৰত চৌধাৰী আৰু তেওঁৰ লগৰীয়া দুজনক জেল ভাঙি পলাবলৈ চেষ্টা কৰা বুলি দহদিনৰ কাৰণে নির্জন ফাটেকত থ’লে আৰু সকলাে সাসুবিধাৰ পৰা বঞ্চিত কৰি দিলে। অৱশেষত ১৯২৩ চনৰ ৬ ফেব্ৰুৱাৰীত তেওঁক জেলৰপৰা মুক্তি দিলে।


জেলৰপৰা ওলাই আহি বীৰকুছিৰ ঘৰলৈ উভতি গৈ ঘৰবাৰীৰ শােচনীয় অৱস্থা দেখি বেজাৰত তেওঁ ভাঙি পৰে। গুৱাহাটীৰ ঘৰলৈ আহি ৰঘুনাথ চৌধাৰীয়ে এইবাৰ এখন শিশু আলােচনী প্ৰকাশ কৰিবলৈ মন কৰিলে। কাৰণ শিশু সাহিত্য আৰু শিশু আলােচনীৰ অৱস্থা সেই সময়ত বৰ দুখলগা আছিল। ১৯২৩ চনত ৰঘুনাথ চৌধাৰীয়ে ‘মইনা’ নাম দি এখন শিশু আলােচনী নিজে সম্পাদনা কৰি প্ৰকাশ কৰিলে। পিছে ধনৰ অভাৱত প্রথম পাঁচটা সংখ্যা ওলায়েই আলােচনীখন বন্ধ হৈ গ'ল। তথাপি কিন্তু আলােচনীখন সম্পাদনা কৰাৰ মােহ তেওঁ আঁতৰাব পৰা নাছিল। ১৯০৭ চনত তেওঁ গুৱাহাটীৰ এজন লব্ধপ্রতিষ্ঠ লােক কেশবকান্ত বৰুৱাৰ অনুৰােধত ‘জয়ন্তী’ নামৰ এখন আলােচনী সম্পাদনা কৰি উলিয়ায়। ডেৰ বছৰমান ‘জয়ন্তী’ ওলােৱাৰ পিছত কেশব বৰুৱাৰ লগত মতানৈক্য হােৱাত তেওঁ ‘জয়ন্তী’ সম্পাদনাৰ কাম এৰি দিয়ে। ১৯৪০ চনত দ্বিতীয় মহাসমৰৰ সময়ত নানান প্রতিকূল পৰিৱেশৰ কাৰণে অসমত আলােচনী বা বাতৰি কাকতবােৰ বন্ধ হােৱাৰ উপক্ৰম হৈছিল। এনে সময়তে ডেকা সাহিত্যিক কেইজনমানৰ হেঁচাত চৌধাৰীয়ে পষেকীয়া আলােচনী এখন উলিয়ায়। আলােচনীখনৰ নাম ৰাখিছিল সুৰভি'।


১৯৩৬ চনৰ তেজপুৰ অধিৱেশনত ৰঘুনাথ চৌধাৰীক অসম সাহিত্য সভাৰ সভাপতিৰ পদত অধিষ্ঠিত কৰিছিল। অধিৱেশনলৈ মাথাে ওঠৰ দিন থাকোতেহে তেওঁক এই কথা জনােৱা হৈছিল, যত প্রায় দুমাহ আগতেই সভাপতি জনাব লাগে। চৌধাৰী বৰ বিমােৰত পৰিল। কাৰণ দহদিন আগতে চৌধাৰীৰ মাতৃস্বৰূপা বৌয়েক ঢুকাইছিল আৰু তেতিয়াও আদ্যশ্রাদ্ধৰ কাম সম্পন্ন হােৱাই নাছিল। তথাপি চৌধাৰীয়ে সাহিত্য সভাৰ কথা ভাবি এই প্রস্তাৱটিত সন্মত হৈছিল।


১৯৪৫ চনত হিৰােছিমা, নাগাচাকিৰ ওপৰত আমেৰিকাই পেলােৱা এটম বােমাৰ প্রতিবাদ কৰি গােটেই পৃথিৱী জুৰি জনতা জাগি উঠিছিল। ভাৰততাে অখিল ভাৰত বিশ্বশান্তি সমিতি’ এখন গঠন হ’ল। অসমত এই আন্দোলনৰ গুৰি বঠা ধৰিছিল ৰঘুনাথ চৌধাৰীদেৱে। তেখেতৰ লগত আছিল নলিনীবালা দেৱী, জে বৰুৱা, হেমাংগ বিশ্বাস, হেমন্ত গাংগুলী আদি বিশিষ্ট ব্যক্তিসকল।


১৯৫২ চনত কলিকতা মহানগৰীত অনুষ্ঠিত হােৱা বিশ্বশান্তি সন্মিলনত ৰঘুনাথ চৌধাৰীয়ে অসমক প্রতিনিধিত্ব কৰিছিল। সেই সময়ত ভাৰত বিশ্বশান্তি সমিতিৰ সভাপতি পদত থকা ডাঃ ছাইফুদ্দিন আহমেদে ৰঘুনাথ চৌধাৰীক পাই পৰম আনন্দ লাভ কৰিছিল। এপ্রিল মাহৰ ১ তাৰিখৰ পৰা ছয়দিনীয়াকৈ অনুষ্ঠিত হােৱা এই সন্মিলনত ভাৰতৰ উপৰিও বিদেশৰ পৰাও প্রতিনিধি আহিছিল। তিনি এপ্ৰিলৰ দিনা মুকলি অধিৱেশনত ভাৰতৰ কবি, শিল্পী, সাহিত্যিক আৰু শান্তি প্ৰচাৰকসকলক সম্বৰ্ধনা জনােৱা হৈছিল। তাত ৰঘুনাথ চৌধাৰীকো সম্বৰ্ধনা জনােৱা হৈছিল। সম্বর্ধনাৰ উত্তৰত চৌধাৰীয়ে অসমীয়া ভাষাত বক্তৃতা দিছিল। তাৰ ইংৰাজী অনুবাদ কৰিছিল চৈয়দ আব্দুল মালিকে। ১৯৫৩ চনত ৰঘুনাথ চৌধাৰীৰ সাহিত্য সেৱা আৰু কবি প্রতিভাক স্বীকৃতি ৰূপে ভাৰত চৰকাৰে তেওঁ সাহিত্যিক পেঞ্চন দিয়ে।


১৯৫৩ চনত গুৱাহাটীৰ প্রবীণ সাহিত্যিকসকলক লৈ তেওঁ বহু যত্নৰে সৱিতা সভাৰ জন্ম দিয়ে।


১৯৫৮ চনত ভাৰত চৰকাৰে ৰাজ্যবােৰ পুনৰ গঠনৰ বাবে এখন ৰাজ্য পুনর্গঠন সমিতি গঠন কৰি দিছিল। সেই সময়ত গােৱালপাৰা জিলাখন অসমৰ পৰা আঁতৰাই নিয়াৰ কাৰণে অসমৰ ভিতৰৰ আৰু বাহিৰৰ এটা চামে কুচক্রান্ত কৰিছিল। ৰঘুনাথ চৌধাৰীয়ে বহু উঠি-পৰি লগাৰ ফলত গােৱালপাৰা জিলাখন অসমৰ লগতে থাকি গ'ল।


১৯৬০ চনত অসমত হােৱা ভাষা আন্দোলনতাে ৰঘুনাথ চৌধাৰীয়ে মন-প্রাণ সঁপি দিছিল। এই সম্পর্কতে গঠন কৰা ‘অসম ৰাজ্যিক ভাষা পৰিষদৰ সভাপতিও আছিল ৰঘুনাথ চৌধাৰী। নৱগ্রহ শ্মশান উন্নয়ন সমিতিকে ধৰি বহুতাে সৰু-ডাঙৰ উন্নয়নমূলক কাম আৰু অনুষ্ঠানৰ গুৰি ধৰিছিল এইজনা ৰঘুনাথ চৌধাৰীয়ে।


১৯৬১ চনৰ বিশ জানুৱাৰীৰ দিনা অসম সাহিত্য সভাই চুডমার্চন হলত এখন সভা পাতি ৰঘুনাথ চৌধাৰীক সম্বৰ্ধনা জনায়। সেই বছৰতে তিনি অক্টোবৰৰ দিনা সোঁ কৰঙনৰ হাড় ভগাৰ বাবে তেখেত শয্যাশায়ী হৈ পৰিল।


১৯৬৭ চনৰ ১৮ নৱেম্বৰৰ ৰাতিপুৱা এজনা কবি চৌধাৰীয়ে পৰলােকলৈ গতি কৰিলে। কিন্তু নিজৰ সৃষ্টিৰ মাজেৰে তেওঁ জীয়াই থাকিল মানুহৰ বুকুৰ মাজত ।

Post a Comment

0 Comments