প্ৰণায়াম নং - ২) কপালভাতি
কপাল অর্থাৎ মস্তিষ্ক আৰু ভাতি মানে হ’ল দীপ্তি, তেজ বা আভা। ইয়াৰ অৰ্থ হ'ল যি প্রাণায়াম কৰিলে মস্তিষ্ক বা কপালত আভা বা তেজ দীপ্ত হয়। ভস্ত্রিকা প্রাণায়ামত যেনেদৰে শ্বাস-প্রশ্বাসৰ ওপৰত জোৰ দিয়া হয়, তেনেদৰে কপালভাতি প্রাণায়ামতাে নিঃশ্বাস বা ৰেকৰ ওপৰত জোৰ দিয়া হয়।
কেনেদৰে কৰিব -
পদ্মাসন বা সিদ্ধাসনত বহি আঁঠুৰ ওপৰত হাত দুখন ৰাখিব। এইবাৰ শ্বাস ভিতৰলৈ নাভি পর্যন্ত টানি লৈ পূর্ণ একাগ্ৰতাৰে যিমান সম্ভৱ বাহিৰলৈ উলিয়াই দিব লাগিব। যেন ভিতৰৰ বায়ুক কোৱা হৈছে তুমি বাহিৰলৈ যিমানদূৰ পাৰা ক্ষিপ্র গতিৰে যােৱা । ইয়াৰ ফলত পেট এটা গতিত উঠা নমা কৰিব। অর্থাৎ পেটৰ ক্রিয়া যিমান সম্ভৱ স্পষ্ট কৰি তুলিব লাগিব। শ্বাস এৰাৰ সময়ত মূলাধাৰ, স্বাধিষ্ঠান আৰু মণিপুৰ কুঞ্চিত আৰু প্ৰসাৰিত হ'ব। এই প্রাণায়াম অতি কমে পাঁচ মিনিট কৰিব লাগিব। তাৰ পাছত ধীৰে ধীৰে সময় বঢ়াব।
উপকাৰ -
এই প্রাণায়াম কৰিলে কফজনিত ৰােগ, ছাইনাচ, থাইৰয়েড, কেনচাৰ, প্রষ্টেট, হৃদয়, মস্তিষ্ক, হাওঁফাওৰ ৰােগ ৰােধ কৰিব পাৰি।
0 Comments