শ্ৰীনিৱাস ৰামানুজন
বিশ্ববিখ্যাত গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ জন্ম ১৮৮৭ চনৰ ১২ ডিচেম্বৰত তামিলনাডুৰ তাঞ্জোৰ জিলাৰ ইৰােদ নামৰ সৰু চহৰখনৰ এখন গাঁৱত। তেওঁৰ পিতৃ-মাতৃৰ নাম হ’ল শ্ৰীনিৱাস ৰামানুজন আয়েংগাৰ। দেউতাক আছিল এখন কাপােৰৰ দোকানৰ কৰ্মচাৰী আৰু মাক এগৰাকী ধর্মপৰায়ণ মহিলা। দেউতাকৰ সাধাৰণ উপার্জনেৰে পৰিয়ালটোক কোনােমতে পােহপাল দিছিল। মাকৰ দৃঢ় বিশ্বাস—দাক্ষিণাত্যৰ নামগিৰি দেৱীৰ আশীর্বাদতে শ্ৰীনিৱাসৰ জন্ম। নিচেই সৰু কালৰপৰা শ্ৰীনিৱাসে মাকৰ মুখত ভক্তিমূলক গীতবােৰ শুনি আওৰাইছিল। বেদউপনিষদৰ স্তোত্ৰবােৰ গাই পৰম প্রশান্তি লাভ কৰিছিল। পাঁচ বছৰ বয়সত তেওঁক ‘কুম্ভকোনম’ৰ পঢ়াশালিত ভৰ্তি কৰি দিয়ে। পঢ়াশালিত তামিল ভাষা আৰু অংকৰ লগত তেওঁৰ পৰিচয় হয়। ল'ৰালি কালৰেপৰা শ্ৰীনিৱাসে মুক্ত আকাশলৈ চাই তৰাবােৰ গণনা কৰিবলৈ চেষ্টা কৰিছিল। দহ বছৰ বয়সতে জিলাৰ ভিতৰত প্রথম হৈ বৃত্তি লাভ কৰিছিল।
১৮৯৪ চনত শ্ৰীনিৱাসক কুম্বকোনম’ নামৰ সৰু চহৰখনৰ হাইস্কুলত ভর্তি কৰাই দিয়ে। হাইস্কুলত পঢ়ি থকাৰ দিনতে তেওঁ গণিতৰ উপপাদ্যবােৰ ওপৰ শ্ৰেণীৰ ল'ৰাৰপৰা জানিব বিচাৰিছিল। কলেজত পঢ়ি থকা ছাত্ৰ এজনৰপৰা ত্রিকোণমিট্রি’ৰ কিতাপ আনি পঢ়িছিল। মেট্রিক পৰীক্ষাৰ আগেয়ে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক জর্জ চব্রিজ কাৰে লিখা এপ্লাইড গণিতৰ (Aplied Mathematics) কিতাপ পঢ়ি শেষ কৰিছিল।
১৯০৩ চনত ১৬ বছৰ বয়সতে মেট্ৰিকত প্রথম বিভাগত উত্তীৰ্ণ হৈ কুম্ভকোনম’ৰ চৰকাৰী কলেজত ভর্তি হয়। কলেজ অধ্যক্ষই ৰামানুজনৰ অংকৰ প্রতি বিশেষ আগ্রহ দেখি বিশেষ বৃত্তিৰ ব্যৱস্থা কৰি দিয়ে। ইংৰাজ ভাষাত বিশেষ চর্চা নথকা আৰু শাৰীৰিক দুর্বলতাৰ কাৰণে কলেজৰ পঢ়া বাদ দিবলৈ বাধ্য হয়। পিচত অৱশ্যে বিশাখাপট্টম আৰু মাদ্রাজলৈ যায়। দেউতাকে অশেষ কষ্ট, ত্যাগ স্বীকাৰ কৰি পুতেকক মাদ্ৰাজৰ পৰা প্রাইভেটকৈ ইণ্টাৰমিডিয়েট পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিয়ে সঁচা, কিন্তু উত্তীর্ণ হ'ব নােৱাৰিলে।
ইণ্টাৰমিডিয়েট পৰীক্ষাত অনুত্তীর্ণ হােৱাৰ পিছতাে শ্ৰীনিৱাসৰ গণিতৰ প্রতি আগ্রহ নকমিল, বৰং বাঢ়িলহে। অধ্যাপক ৰংগনাথনে লিখিছে- পৰীক্ষাত ফেইল কৰি বা চাকৰি এটা যােগাৰ কৰিব নােৱাৰিলেও তেওঁ অংক চৰ্চা আৰু গৱেষণা বন্ধ কৰিব নােৱাৰিলে। অৱশ্যে অর্থৰ অভাৱত তেওঁ বৰ কষ্ট পাইছিল কিন্তু হতাশ হােৱা নাছিল।
দুখীয়া দেউতাকৰ মনত দুখ, তেওঁৰ পুত্ৰই অংকৰ লগত যুঁজ কৰিয়েই পৰীক্ষাত বেয়া কৰিলে। শ্ৰীনিৱাসে বাৰু অংকত মূৰ ঘমাই কিয়? অংকৰ প্রতি আগ্রহ বা আকর্ষণ কমাবৰ বাবেই শ্ৰীনিৱাসক ২২ বছৰ বয়সতে ১৯০৯ চনত এঘাৰ বছৰীয়া জোনাকীৰ লগত বিয়া পাতি দিয়ে। শ্ৰীনিৱাসে ১৯১৩ চনৰ পৰা পত্নীৰ সৈতে মাদ্রাজত থাকিবলৈ লয়।
মাদ্রাজত শ্ৰীনিৱাস ৰামানুজনে জানিব পাৰে যে অধ্যাপক ৰামস্বামী আয়াৰে ভাৰতীয় গাণিতিক সমিতি (Indian Mathemetical Society) কেইবছৰমান আগেয়ে গঠন কৰে। ৰামানুজনে অধ্যাপক আয়াৰক দেখা কৰি তেওঁ অংকৰ ওপৰত কৰা গৱেষণাৰ সাৰাংশ দেখুৱায় আৰু এটা
চাকৰি যােগাৰ কৰি দিবলৈ অনুৰােধ কৰে। শ্ৰীনিৱাসৰ অংকপ্রীতি দেখি অধ্যাপক আয়াৰে বৰ সুখ পায় আৰু তেওঁৰ অনুৰােধ ৰক্ষা কৰি মাদ্ৰাজৰ একাউন্টেন্ট জেনেৰেল অফিচত এটা সহায়কৰ চাকৰি যােগাৰ কৰি দিয়ে। কেইমাহমানৰ ভিতৰত এ জি অফিচৰ অস্থায়ী চাকৰি শেষ হােৱাত তেওঁ মাদ্রাজ পাের্ট ট্রাষ্টত ২৫ টকা মাহিলি দৰমহাৰ অন্য এটা চাকৰিত সােমায়।
১৯১১ চনত শ্ৰীনিৱাসৰ প্ৰথম ‘গৱেষণা-পত্র’ তেওঁৰ অধ্যাপক বন্ধু পি ভি সিন্ধু আয়াৰৰ সহযােগত Journal of the Indian Mathemetical Soceity প্রকাশ পায়। তাৰ পিছৰ বছৰত আৰু দুখন ‘গৱেষণা পত্র প্রকাশ পােৱাত অধ্যাপক বন্ধু পি ভি সিন্ধু আয়াৰে ৰামানুজনক কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক জি এইচ হার্ডিৰ লগত যােগাযােগ কৰিবলৈ পৰামর্শ দিয়ে। ১৯১৩ চনত ৰামানুজনে এখন চিঠিৰ লগত কেইটামান গাণিতিক সমস্যা তেওঁৰ গৱেষণাৰ অংশ বিশেষ অধ্যাপক হার্ডিলৈকে পঠায়। অধ্যাপক জি এছ হার্ডিলৈ ৰামানুজনে লিখে—“মােৰ বিশ্ববিদ্যালয়ৰ শিক্ষা নাই, কিন্তু স্কুলীয়া শিক্ষা আছে। স্কুল এৰাৰ পিছত আজৰি সময়ত নিজেই এই পথ আৱিষ্কাৰ কৰিছোঁ। মই লগত গাঁঠি দিয়া কাগজখিনি পঢ়িবলৈ অনুৰােধ কৰিলোঁ।
ৰামানুজনৰ চিঠিখনে কেম্ব্রিজ বিশ্ববিদ্যালয়ত তােলপাৰ লগায়। ৰামানুজনে তেওঁলৈ পঠোৱা বহু সমস্যা ইউৰােপৰ কোনাে গণিতজ্ঞই বহু বছৰ ধৰি সমাধান কৰিব পৰা নাছিল। অধ্যাপক হার্ডিয়ে অতি সােনকালে ৰামানুজনক উত্তৰ দিলে। ৰামানুজনৰ কাগজকেইখিলাত বহুত গাণিতিক সমাধান আছে। সেই চনৰে ২৭ ফেব্ৰুৱাৰীত দ্বিতীয়খন পত্র লিখিলে। সেই সময়ত ভাৰতৰ বতৰ বিজ্ঞানৰ মুৰব্ৰী ড° জি টি ওৱাকাৰে মাদ্রাজ বিশ্ববিদ্যালয়ৰ যােগেদি ৰামানুজনক কেম্ব্রিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ এটা বৃত্তি যােগাৰ কৰি দিয়ে।
কেন্ত্রিজ বিশ্ববিদ্যালয়ৰ ত্রিনিটি কলেজত তেওঁৰ প্রতিভা, যশস্যা, খ্যাতি বিয়পি পৰে। ইংলেণ্ডত থকা পাঁচ বছৰ কালৰ ভিতৰত তেওঁ ২১ খন গৱেষণাপত্র প্রকাশ কৰে। ইয়াৰে পাঁচখন অধ্যাপক হার্ডিৰ সহযােগত। এইটো কথা ঠিক যে অধ্যাপক হার্ডিৰ সান্নিধ্যলৈ নহা হ'লে ৰামানুজনে পৃথিৱী বিখ্যাত হ’ব নােৱাৰিলেহেঁতেন।
তেওঁ কষ্টৰ সুফল পালে। তেওঁৰ অশেষ পৰিশ্ৰমৰ স্বীকৃতি স্বৰূপে ১৯১৮ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁক ইংলেণ্ডৰ ৰয়েল ছ'চাইটিয়ে অধিসদস্য (FRS) মনােনীত কৰিলে। লগে লগে ট্রিনিটি কলেজৰ ফেল’ নির্বাচিত হ'ল। ৰামানুজন হ’ল এফ আৰ এছ পােৱা প্ৰথম ভাৰতীয়।
কেম্ব্রিজত থাকোতে ১৯১৭ চনত ৰামানুজন যক্ষ্মাৰােগত আক্রান্ত হয়। এজন নৈষ্ঠিক হিন্দু ব্রাহ্মণ হােৱাৰ উপৰিও তেওঁ নিৰামিষভােজী আছিল। নিজে ৰন্ধা বঢ়া কৰি খাইছিল আৰু দুর্বল খাদ্যাভাসৰ বাবে যক্ষ্মাৰােগৰ চিকিৎসা কঠিন হৈ পৰিছিল।
১৯১৯ চনৰ ২৭ ফেব্ৰুৱাৰীৰ দিনা তেওঁ ভাৰতলৈ যাত্ৰা কৰে, কিন্তু জাহাজতে অসুস্থ হৈ পৰে। ভাৰতবৰ্ষত উপস্থিত হােৱাত তেওঁক মাদ্রাজত চিকিৎসা কৰা হয়। কিন্তু ১৯২০ চনৰ ২৬ এপ্রিলৰ দিনা, ৩২ বছৰ বয়সত শ্ৰীনিৱাস ৰামানুজনৰ মৃত্যু হয়।
0 Comments