ক’লাজৰ নিমূলৰ ঔষধ আৱিষ্কাৰক উপেন্দ্র নাথ ব্রহ্মচাৰী

 ক’লাজৰ নিমূলৰ ঔষধ আৱিষ্কাৰক উপেন্দ্র নাথ ব্রহ্মচাৰী




উপেন্দ্র নাথ ব্রহ্মচাৰী


ভাৰতীয় চিকিৎসা বিজ্ঞানী, উপেন্দ্র নাথ ব্রহ্মচাৰীৰ নাম বহুতে শুনা নাই। নুশুনাৰে কথা। ১৮৭৩ চনৰ কথা। তেতিয়া আমাৰ দেশ পৰাধীন। বিহাৰৰ মুংগেৰ জিলাত উপেন্দ্র নাথৰ জন্ম। পিতৃ ডাঃ নীলমণি ব্রহ্মচাৰী মাতৃ সৌৰভ সুন্দৰী। ডাঃ নীলমণি ব্রহ্মচাৰী এজন অতি জনপ্রিয় চিকিৎসক আছিল। দুখীয়া লােকলৈ বিনামূলীয়া চিকিৎসা আগবঢ়াই তেওঁ গােটেই জিলাতে বিখ্যাত হৈ পৰিছিল।


পুত্র উপেন্দ্র নাথে সৰুৰে পৰা দেউতাকৰ আচাৰ-ব্যৱহাৰ, কথাবার্তা, মানুহৰ প্রতি দয়া-মায়া, প্রেম-প্রীতি আৰু দুখীয়াক সহায় কৰা মনােভাব দেখি, নিজৰ জীৱনাে দেউতাকৰ দৰে গঢ়ি তুলিবলৈ ইচ্ছা কৰিছিল। সৰুৰে পৰা অতি তীক্ষ্ণ বুদ্ধিৰ উপেন্দ্র নাথে অংকত অনাৰ্ছ লৈ বি. এ. পাছ কৰে। ১৮৯৪ চনত ৰসায়ন বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। উপেন্দ্র নাথে ৰসায়ন বিভাগত গৱেষণা কৰাৰ ইচ্ছা কৰিছিল যদিও দেউতাকৰ উপদেশৰ প্রতি সম্মান জনাই চিকিৎসা বিজ্ঞানত এম বি লাভ কৰি পিছত শৰীৰ তত্ত্বৰ ওপৰত গৱেষণা কৰি ১৯০৪ চনত পি এইচ ডি লাভ কৰে। কলিকতাৰ কেম্পবেল মেডিকেল স্কুলত শিক্ষকতা কৰি থাকোতেই উপেন্দ্র নাথ ব্রহ্মচাৰীৰ সুনাম, যশস্যা বাঢ়িবলৈ লয় আৰু প্রচুৰ অর্থ উপার্জন কৰে। কেম্পবেল মেডিকেল স্কুলত গৱেষণাৰ কোনাে সা-সুবিধা নথকা সত্ত্বেও উপেন্দ্র নাথে এটা সৰু কোঠাত কেৰাচিন তেলৰ চাকিৰ পােহৰত গৱেষণা কৰি ক'লাজ্বৰ নিমূলৰ ঔষধ আৱিষ্কাৰ কৰে।


ভাৰতবৰ্ষত আধুনিক চিকিৎসা বিজ্ঞানৰ আৰম্ভণি ইংৰাজ চৰকাৰে আৰম্ভ কৰে। সেই সময়ত ভাৰতবৰ্ষৰ বহু ৰাজ্যত কলাজ্বৰত আক্রান্ত হৈছিল। ক'লাজ্বৰত হাজাৰ-বিজাৰ মানুহৰ মৃত্যু হৈছিল। সু-চিকিৎসাৰ ব্যৱস্থা নাছিল।


ডাঃ উপেন্দ্র নাথ ব্রহ্মচাৰীয়ে কলাজ্বৰৰ ঔষধ আৱিষ্কাৰ কৰিবলৈ সেই সৰু কোঠাটোত ব্ৰতী হৈছিল। কেৰাচিন তেলৰ পােহৰত গৱেষণা কৰি অক্লান্ত পৰিশ্ৰমৰ অন্তত কলাজ্বৰৰ ঔষধ আৱিষ্কাৰ কৰিলে—‘এটা বেজী। লক্ষ লক্ষ মানুহৰ মুখলৈ হাঁহি বিৰিঙি আহিল। হাজাৰ হাজাৰ ৰােগীক উপেন্দ্র নাথ ব্রহ্মচাৰী আৱিষ্কৃত বেজীয়ে মৃত্যুমুখৰ পৰা ৰক্ষা কৰিছিল। ব্রহ্মচাৰীৰ বেজী হ’ল— ইউৰিয়া ষ্টিবামিন’ (Urea Stibamine)।


ক’লাজ্বৰৰ ঔষধ আৱিষ্কাৰ কৰি ডাঃ ব্রহ্মচাৰীয়ে চাকৰি বাদ দি একাণপতীয়াকৈ গৱেষণাত মগ্ন হৈছিল। সেই সময়ৰ ভাৰতৰ সকলাে বিজ্ঞান প্রতিষ্ঠানৰ লগত জড়িত উপেন্দ্র নাথ ব্রহ্মচাৰী ১৯৩৬ চনৰ ইন্দোৰত বহা ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সভাপতি হৈছিল। ১৯৪৬ চনৰ ৬ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ পিছতাে তেওঁৰ ‘অক্ষয় কীর্তি’য়ে অমৰ কৰি ৰাখিছে।




Post a Comment

0 Comments