গোমধৰ কোঁৱৰৰ জীৱন কাহিনী
ব্রিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ প্রথমজন স্বাধীনতা সংগ্রামী গমধৰ কোঁ জন্ম হৈছিল ১৮০৭ চনত উজনি অসমৰ লাকুৱাত। তেওঁৰ দেউতাকৰ নাম আছিল সিদ্ধিনাথ ওৰফে ফেনা কোঁৱৰে আৰু মাকৰ নাম আছিল জুটুলী। ফেনা কোঁৱৰ আহােম ৰাজবংশৰ লােক আছিল। মােৱামৰীয়া বিদ্ৰোহৰ সময়ত ফেনা কোঁৱৰে পত্নী জুটুলীক লৈ প্রথমে শিৱসাগৰৰ নাজিৰাৰ পৰা আহি জাঁজীৰ বামুণপুখুৰীত থাকিবলৈ লয়। মানৰ আক্ৰমণত স্বামীয়ে মৃত্যুক আকোৱালি লােৱাত পত্নী জুটুলীয়ে পুত্র-কন্যাক লৈ লাকুৱালৈ গুচি আহে। সেই সূত্রে গমধৰ লাকুৱাতেই ডাঙৰ-দীঘল হয়। তেওঁ দিচাং নৈ সাঁতুৰি পাৰ হৈ পাটসাঁকোলৈ প্রাথমিক শিক্ষাৰ বাবে গৈছিল। মাত্র তিনিবছৰ্মান পঢ়ি তেওঁ পঢ়া-শুনা বাদ দিয়ে।
গমধৰ কোঁৱৰ সৰুৰে পৰা সাহসী আৰু স্বাধীনচেতীয়া মনৰ আছিল। মানৰ অসম আক্ৰমণৰ ঘটনাই তেওঁক ক্ষোভিত কৰিছিল আৰু ডেকা অৱস্থাতেই অসম মাতৃৰ মংগলৰ হকে প্রাণ দিবলৈ সংকল্প কৰিছিল। ১৮২৬ চন। মানৰ আক্ৰমণৰ পাছত ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখন ব্রিটিছৰ তললৈ যায়। ব্রিটিছে অসম অধিকাৰ কৰি ডেভিদ স্কটক উজনি অসমৰ কমিছনাৰ পাতে। ব্রিটিছসকলে অসমৰ থলুৱালােকসকলক আশ্বাস দিছিল যে অসমৰ শান্তি প্রতিষ্ঠা হােৱাৰ পিছত স্থানীয় ৰজাৰ হাতত ৰাজ্যখনৰ ক্ষমতা হস্তান্তৰ কৰি তেওঁলােক গুচি যাব। কিন্তু তাৰ পৰিৱর্তে ব্রিটিছে অসমীয়া লােকৰ ওপৰত খাজনা আৰােপ কৰি নিজৰ গাদী কটকটীয়া কৰিবলৈ বিচাৰিলে। আহােম ৰজাসকলে প্ৰৱৰ্তন কৰা পাইক প্রথা ইংৰাজসকলে উঠাই দিয়ে। ফলত সম্রান্ত শ্ৰেণীৰ লােকসকল অসন্তুষ্ট হয়। সম্রান্ত শ্ৰেণীৰ লােকে তেওঁলােকৰ পূর্বৰ মান আৰু ক্ষমতা হেৰুৱাব লগা হ’ল। ইফালে অসমীয়া মানুহৰ অসন্তুষ্টি কথা বুজি পাই ডেভিড স্কট চাহাবে এখন ৰাজ্যত এজন আহােম ৰাজকোঁৱৰক শাসন কৰিবলৈ দিবলৈ পৰামর্শ দিছিল যদিও, ব্রিটিছ কর্তৃপক্ষই এই প্রস্তাৱ প্রত্যাখ্যান কৰে। আনফালে ব্রিটিছে নিযুক্তি দিয়া বহুতাে আহােম বিষয়াক অযােগ্য বুলি ঘােষণা কৰি কামৰ পৰা অব্যাহতি দিয়ে। উজনি অসমৰ ব্রিটিছ প্রতিনিধি নিউভিল চাহাবে এশজন খেলদাৰক চাকৰিৰ পৰা খেদি তাৰ ঠাইত বঙালী মানুহক তহচিলদাৰ পদত নিযুক্তি দিয়ে।
ব্রিটিছৰ এনে কার্যত দেশত আভ্যন্তৰীণ অশান্তি সৃষ্টি হয় আৰু এচাম সম্রান্ত লােক সম্পূর্ণ ব্রিটিছ বিৰােধী হৈ পৰে। তেওঁলােকে ধনঞ্জয় বৰগােহাঁইৰ নেতৃত্বত সংগঠিত হৈ ব্রিটিছ বিৰােধী হৈ পৰিল আৰু তেওঁলােকে আহােম ৰাজবংশৰ ফেনা কোঁৱৰ পুত্র গমধৰ কোঁৱৰক সিংহাসনত বহুৱাবলৈ চেষ্টা কৰিলে। ১৮২৮ চনৰ আৰম্ভনিতে গমধৰ কোঁৱৰব্ৰহ্মদেশৰ পৰা আহি উজনি অসমত উপস্থিত হয়। আচলতে ব্রিটিছে অসম দখল কৰাৰ পিছত প্রায় ১৮২৭ চনৰ পৰাই ব্রিটিছ বিৰােধী আন্দোলনৰ সূচনা হয়। ইফালে গমধৰ কোঁৱৰক সহায়ৰ হাত আগবঢ়ায় খামটি বৰগােহাঁয়ে। খামটি বৰগােহাঁই আৰু গমধৰ কোঁৱৰে তিতাবৰৰ ওচৰৰ বচা পথাৰত ব্রিটিছৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰে। গমধৰ কোঁৱৰে নিজকে আহােম স্বৰ্গদেউ বুলি ঘােষণা কৰি উজনি অসমৰ লােকসকলক তেওঁৰ বিদ্রোহত যােগ দিবলৈ আহ্বান জনায়। আনহাতে ইংৰাজৰ হৈ খাজনা তুলি ফুৰা মানুহক হকাবাধা কৰিছিল।
“স্বদেশ প্রেমৰ সহস্র স্ফুলিঙ্গ প্রবাহিত হােৱা গমধৰ কোঁৱৰৰ শৰীৰত আছিল অফুৰন্ত বল, বুকুত আছিল অদম্য সাহস। ৰাজমর্যাদাৰে ভূষিত গমধৰ কোঁৱৰে ততলিত ৰজা হৈ ব্রিটিছৰ যুঁজ দিয়াৰ মানসেৰে ৰণ প্রস্তুতিৰ কৌশল পূর্ণোদ্যমে চলি থকা অৱস্থাত গাৰ নােমেই শক্ত হােৱাৰ দৰে অচন্দা গােহাঁই নামৰ এজন ৰাজ চোৰাংচোৱাই সকলাে কথাৰ ভু লৈ লেফটেনেন্ট ৰােথাৰ ফোর্ড সহ কেপ্টেইন নিউভিল চাহাবক জনােৱাত যুদ্ধংদেহী মনােভাৱেৰে কেপ্টেইন নিউভিল ৰােথাৰ ফোৰ্ডৰ নেতৃত্বত তিনিকুৰি বন্দুকধাৰী চিপাহীৰ বাহিনী এটাৰ সৈতে আহি ততলি ৰাজভৱন আক্রমণ কৰে। গমধৰে ৰাজবাৰীৰ পৰা পলাইনগাপাহাৰ পায়।”
ব্রিটিছৰ অতর্কিত আক্ৰমণত গমধৰ কোঁৱৰৰ দুজনী ভনীয়েক হাবিত পলাই সাৰে। গমধৰৰ মাতৃ জুটুলী ইংৰাজৰ হাতত বন্দী হয়। ব্রিটিছ বিষয়া নিউভিলে চাতুৰি কৰি গমধৰক পুনৰ ৰজা পতাৰ প্রতিশ্রুতি দি গমধৰক ঘূৰাই আনিবলৈ মাক জুটুলীক প্রস্তাৱ দিয়ে। মাকে এই কথাত পতিয়ন গৈ অয়ংকটকীক পঠাইনগাপাহাৰৰ পৰা গমধৰক মতাই আনে। কিন্তু ব্রিটিছে প্রতিশ্রুতি ভংগ কৰি গমধৰ্ক বন্দী কৰে। জয়সাগৰ পুখুৰীৰ পাৰত নিউভিল চাহাবৰ নেতৃত্বত গমধৰ কোঁৱৰে বিদ্ৰোহৰ বিচাৰ হয়। ব্রিটিছ প্রশাসনে কোমলমতীয়া বিদ্রোহী গমধৰৰ মৃত্যুদণ্ড ৰাজহুৱা নকৰি নির্বাসন দণ্ড দিয়ে। ইয়াৰ পাছত গমধৰ কোঁৱৰৰ কি হ’ল সেই বিষয়ে বুৰঞ্জী নিমাত! তেওঁৰ লগৰ খামটি বৰগােহাঁইকো পােনতে মৃত্যুদণ্ডৰ নির্দেশ দি পিছত সাত বছৰৰ বাবে কাৰাদণ্ড দিয়ে। কিছুমান বুৰঞ্জীবিদৰ মতে ‘গমধৰৰ অপৈণত বয়স আৰু স্বার্থান্বেষী বিষয়াৰ প্ৰৰােচনাত পৰি বিদ্রোহ কৰা বুলি প্রমাণিত হােৱাত মৃত্যুদণ্ডৰ পৰিৱর্তে সাতবছৰ কাৰাদণ্ড দিয়া হয় আৰু বংগদেশৰ ৰংপুৰ জে’ললৈ পঠোৱা হয়।” [উৎসঃ ড° বিভা বৰা, ইতিহাসৰ সােণােৱালী অতীত ] দুই এক বুৰঞ্জীবিদৰ মতে গমধৰ কোঁৱৰ হেনাে দেশপ্রেমৰ আদৰ্শৰে অনুপ্রাণিত নাছিল। “এই প্রচেষ্টা আছিল এমুঠি সম্রান্ত শ্ৰেণীৰ লােকে নিজৰ স্বার্থ সিদ্ধিৰ বাবে কৰা প্রচেষ্টা। দেশপ্রেমৰ আদৰ্শৰে অনুপ্রাণিত হৈ সাধাৰণ জনসাধাৰণৰ সমর্থন লৈ এই বিদ্ৰোহৰ সূত্রপাত হােৱা নাছিল। কিয়নাে সাধাৰণ শ্ৰেণীৰ লােকসকলে অশান্তিৰ জীৱন কটাই বহুত দিনৰ পৰাই সম্ভ্রান্ত শ্ৰেণীৰ লােকৰ প্রতি এটি বিতৃষ্ণাৰ ভাব পুহি ৰাখিছিল। সেয়েহে ব্রিটিছে ৰাজ্যখনত শান্তি-শৃংখলা প্রতিষ্ঠা কৰাত তেওঁলােক সন্তুষ্ট হৈছিল। হােজা, শান্তিপ্রিয়, অসমীয়া প্ৰজাই তেওঁলােকৰ অভাৱ-অভিযােগ পূর্ণ হৈ থকালৈকে কোনে ৰাজ্য শাসন কৰিছে তাক লৈ কোনাে ধৰণৰ আক্ষেপ নাছিল । আনহাতে শক্তিশালী ব্রিটিছৰ সৈন্যবাহিনীৰ সামৰিক দক্ষতাৰ ন্যূনতম জ্ঞানাে নথকা এমুঠি সম্রান্ত শ্ৰেণীৰ লােকে ব্রিটিছৰ বিৰুদ্ধে থিয় দি চূড়ান্তভাৱে ব্যর্থ হৈছিল।”
তথাপি সন্দেহ নাই যে, গমধৰ কোৱঁৰে ব্রিটিছৰ বিৰুদ্ধে আৰম্ভ কৰা এই বিদ্ৰোহৰ গুৰুত্ব আছে। গমধৰৰ এই বিদ্রোহে অসমবাসীক ব্রিটিছৰ কবলৰ পৰা অসমক উদ্ধাৰ কৰাৰ বাবে অনুপ্রাণিত কৰিছিল। ১৮২৭ চনৰ পৰা ১৮৩০ চন মানলৈকে চলা এই বিদ্রোহে খাছী, খামটি আৰু চিংফৌসকলকো ব্রিটিছ বিৰােধী আন্দোলন গঢ়ি তুলিবলৈ প্ৰেৰণা যােগাইছিল।
0 Comments