আনন্দৰাম বৰুৱাৰ জীৱন কাহিনী
ইউৰােপীয় সাহিত্যৰ দ্বাৰা অনুপ্রাণিত হৈ প্রাচীন ভাৰতীয় সাহিত্য পুৰাণ-দর্শন আদিৰ নতুন পদ্ধতিৰে আলােচনা কৰাত মনােনিবেশ কৰা ভাৰতীয় পণ্ডিতসকলৰ ভিতৰত ৰমেশচন্দ্র দত্ত, ৰামকৃষ্ণ গােপাল ভাণ্ডাৰকাৰ, ইন্দ্রজী ভবানী, ৰাজেন্দ্রলাল মিত্ৰ আৰু আনন্দৰাম বৰুৱা আদি প্রধান। ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰত সমালােচনামূলক সাহিত্যৰ দ্বাৰা তেওঁলােকে এক নতুন যুগৰ সৃষ্টি কৰে। তেওঁলােকৰ ভিতৰত আনন্দৰাম বৰুৱাইএকাণপটীয়াকৈসংস্কৃত সাহিত্যৰ পূজা কৰিছিল। গতিকে তেওঁ ভাৰতীয় সাহিত্যৰ এই নতুন যুগৰ এজন পুৰােহিত হিচাপে বিবেচিত হৈ আছে।
অধ্যয়নৰ যথেষ্ট সুবিধা থকা বাবে আৰু সংস্কৃত ভাষাৰ পৰিব্যাপ্তিৰ প্রতি লক্ষ্য ৰাখি তেওঁ সংস্কৃত বিষয়ত চিন্তা-চৰ্চাত গুৰুত্ব দিছিল। ড° সূর্য কুমাৰ ভূঞাৰ মতে “সৰুৰে পৰা তেওঁ সংস্কৃত পঢ়িছিল, ল’ৰাকালত তেওঁক সংস্কৃত পঢ়াবলৈ এজন অধ্যাপক নিযুক্ত কৰা হৈছিল, কলিকতাত থাকোতে সংস্কৃত কলেজৰ বিৰাট লাইবেৰী তেওঁ উপান্ত কৰিছিল। বিলাতত থাকোতে বৃটিছ মিউজিয়ামৰ সংস্কৃত গ্রন্থাৱলী এখন এখনকৈ পঢ়ি শেষ কৰিছিল, অক্সফোর্ডত ভট্ট মােক্ষমূলাৰৰ লগত দেখা সাক্ষাৎ কৰি বৈদ্যুতিক আকর্ষণীৰে আকৃষ্ট হৈছিল। তেওঁ ভাৰতৰ অতীত গৌৰৱৰাশিৰ মাজত বিচৰণ কৰিছিল, এনেস্থলত তেওঁৰ পক্ষে সংস্কৃত সাহিত্যৰ সােৱাদ এৰাটো বৰ টান আছিল।” এজন আনন্দৰামক ঘৰতে সংস্কৃত শিকিবলৈ দেউতাকেনলবাৰী জিলাৰ মৰােৱা অঞ্চলৰ হৰগােবিন্দ শর্মা নামৰ এজন শিক্ষকক লগাইছিল। আনকি সংস্কৃত ব্যাকৰণ শিকাবলৈ কালিকান্ত শর্মা নামৰ আন এজন অধ্যাপকক ঘৰতে নিয়ােগ কৰিছিল।
মহান সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল ১৮৫০ চনৰ ২০ মে'ত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত। উত্তৰ গুৱাহাটীৰ প্রসিদ্ধ মাণিক চন্দ্র মজিন্দাৰ বৰুৱাৰ বংশত তেওঁ জন্মগ্রহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাকৰ নাম আছিল দুর্লভেশ্বৰী বৰুৱা। আনন্দৰাম বৰুৱা আছিল গৰ্গৰাম বৰুৱাৰ দ্বিতীয় পুত্র। শৈশৱতে আনন্দৰাম বৰুৱাৰ মাক ঢুকায়। অৱশ্যে পিতৃৰ অনুপ্ৰেৰণাত আৰু ঘৰুৱা শিক্ষকৰ সহযােগত আনন্দৰামে ঘৰতে সংস্কৃত শিক্ষা লাভ কৰিছিল। চৈধ্য বছৰ হােৱাৰ আগতেই তেওঁ সংস্কৃত ব্যাকৰণ ‘অমৰকোষ’ কণ্ঠস্থ কৰিছিল। আনন্দৰাম বৰুৱাই কলকাতা বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। তেওঁ কলকাতা প্রেডিডেন্সী কলেজৰ পৰা এফ. এ. পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হয়। সেই পৰীক্ষাত গণিতত বিশেষ, ব্যুৎপত্তি লাভ কৰা বাবে তেওঁ ডাফ স্কলাৰশ্বীপ লাভ কৰে। ১৮৬৯ চনত তেওঁ প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰি বি. এ. পৰীক্ষাত উত্তীর্ণ হয়। ইয়াৰ পিছত আনন্দৰাম বৰুৱাই উচ্চ শিক্ষা বিলাসী হয়। তেওঁ প্রতিযােগিতামূলক পৰীক্ষা দি ১৮৬৯ চনত ইংলেণ্ডলৈ পঢ়িবলৈ যায়। তালৈ গৈ তেওঁ একেলগে তিনিটা পৰীক্ষা দিবলৈ প্রস্তুতি চলায়। ১৮৭০ চনত তেওঁ আই ছি, এছ, পৰীক্ষাত, তাৰ পিছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা বি. এছ. চি. আৰু মিডল টেম্পলৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ মেধা শক্তিৰ পৰিচয় দিয়ে। লণ্ডনত থাকােতে তেওঁ এসময়ৰ ভাৰতৰ ৰাষ্ট্রপতি ফখৰুদ্দিন আলী আহমেদৰ দেউতাকৰ সান্নিধ্য পাইছিল।
১৮৭২ চনত আনন্দৰাম বৰুৱাই ভাৰতলৈ ঘূৰি আহে। লণ্ডনৰ পৰা ঘূৰি আহি আনন্দৰামে ওপজা ঠাইৰজাদুৱাৰলৈ যায়। কিন্তু তেওঁ তাত এক হতাশজনক পৰিস্থিতিৰ সন্মুখীন হয়। বিদেশৰ পৰা অহা বাবে দেউতাক গৰ্গৰামে আনন্দৰামক প্রায়শ্চিত্ত নােহােৱাকৈ ঘৰৰ ভিতৰত সােমাব দিয়া নাছিল। ঘৰৰ সন্মুখত এটা তম্ভ তৰি দি তাত আনন্দৰামক থাকিবলৈ দিছিল। দেউতাকে তেওঁক বাৰম্বাৰ প্রায়শ্চিত্ত হ’বলৈ অনুৰােধ কৰিছিল যদিও আনন্দৰামে সেই কাম কৰিবলৈ সন্মত নহ'ল। তেওঁৰ যুক্তি হ’ল তেওঁ বিলাতলৈ গৈ একো পাপ কাম কৰা নাই। অৱশেষত তেওঁ ৰজাদুৱাৰ এৰি শিৱসাগৰলৈ ৰাওনা হয়।
আনন্দৰাম বৰুৱাই শিৱসাগৰ জিলাখনকেই চাকৰিৰ ক্ষেত্ৰ হিচাপে বাছি লৈছিল। শিৱসাগৰত তেওঁ জিলাৰ সহকাৰী উপায়ুক্ত হিচাপে যােগদান কৰে। ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলী আহমেদৰ দেউতাক আনন্দৰামৰ বন্ধু জালনুৰ আলী আহমেদ আছিল শিৱসাগৰৰ এছিষ্টেণ্ট চিভিল চার্জন। এদিন অসমৰ চীফ কমিছনাৰৰ অভ্যর্থনাৰ বাবে আয়ােজন কৰা ভােজমেলত আনন্দৰাম বৰুৱা আৰু জালমুৰ আলী আহমেদকে নিমন্ত্রণ কৰিছিল। কিন্তু তেওঁলােক দুজনক চাহাবৰ সৈতে একেখন টেবুলতে খাবলৈ নিদি সুকীয়া টেবুলত ব্যৱস্থা কৰিছিল। এই কথাত দুয়ােজনে অপমানবােধ কৰি ভােজমেলৰ পৰা গুচি আহিছিল। এই কাৰণতেই দুয়াে অসমত চাকৰি কৰাৰ মন নকৰি এবছৰ পিছত বঙ্গদেশলৈ বদলি হয়। বঙ্গদেশতেই আনন্দৰামে জীৱনৰ বাকী কালছােৱা কটায়।
বংগদেশত সহকাৰী জিলা মেজিষ্ট্রেট হিচাপে চাকৰি কৰি পিছলৈ জিলা মেজিষ্ট্রেট আৰু কালেক্টৰ পদত অধিষ্ঠিত হৈছিল। যােল্ল বছৰ চাকৰি জীৱনত তেওঁ এজন সুদক্ষ প্রশাসক হিচাপে পৰিচিত হৈ পৰিছিল। তেওঁ ৰাইজৰ এজন নিঃস্বার্থ সেৱকৰূপে কাম কৰিছিল। আনন্দৰাম বৰুৱাৰ অগাধ পাণ্ডিত্যৰ কথা জানি বংগৰ নােৱাখালীবাসী মুগ্ধ হৈছিল। এসময়ত আনন্দৰাম বৰুৱা বংগৰ আপােন হৈ পৰিছিল। আনন্দৰাম বৰুৱাৰ নামেৰে স্কুল, বজাৰ স্থাপন হৈছিল। তেওঁ ঘৰৰ দুৱাৰমুখত চাউলৰ পাচিৰে সৈতে এজন মানুহক ৰৈ থাকিবলৈ নিযুক্তি দিছিল, যাতে ভিক্ষাৰী আহিলে শুদা হাতেৰে ঘূৰি যাবলগীয়া নহয়। আনকি তেওঁ দুখীয়া ল'ৰা-ছােৱালীক টকাপইচা, কিতাপ-পত্র দি সহায় কৰিছিল।
আনন্দৰাম বৰুৱাই উচ্চ পদত কার্যনির্বাহ কৰা সত্ত্বেও তেওঁ সাহিত্য চর্চা বাদ দিয়া নাছিল। চাকৰিৰ মাজেদিয়েই তেওঁ সংস্কৃত ভাষা-সাহিত্য চর্চাত গভীৰভাৱে মনােনিবেশ কৰিছিল। তিনিটা খণ্ডত প্রকাশিত তেখেতৰ ইংৰাজী-সংস্কৃত অভিধান এক অমূল্য সম্পদ। এই বৃহৎ অভিধানৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ লগত আনন্দৰাম বৰুৱাৰ মৌলিক ৰচনা ক্রমে ‘হায়াৰ সংস্কৃত গ্রামাৰ আৰু ‘এনছিয়েন্ট জিঅ'গ্ৰাফী অৱ ইণ্ডিয়া’ সংযােজন হৈছে। মহাকবি ভবভূতিৰ ‘মহাবীৰ চৰিত’ৰ সম্পাদনা আৰু তাৰ লগতে সংযােজন কৰা ‘জানকীৰাম ভাষ্য’আনন্দৰাম বৰুৱাৰ আন এক মূল্যবান সাহিত্য কৃতি।
আনন্দৰাম বৰুৱাৰ অন্য এক সাহিত্যকৃতি হ’ল ভবভূতি এণ্ড হিজ প্লেচ ইন সংস্কৃত লিটাৰেচাৰনামৰ সমালােচনাত্মক গ্রন্থ। “এ কম্পেনিয়ন টু দ্যা সংস্কৃত বিডিং ফৰ আণ্ডাৰ গেজুৱেট অৱ দ্যা কলকাতা ইউনিভাৰচিটি’ তেওঁ অন্য এখন মূল্যবান পাঠ্যপুথি। ১৮৮১ চনত আনন্দৰাম বৰুৱাই এক বৃহৎ কর্ম আঁচনি হাতত লয়। এ কম্প্রিহেনচিভ গ্রামাৰ অৱ দ্যা সংস্কৃত লেগুৱেজ, ক্রিটিকেল এনালিটিকেল এণ্ড হিষ্টৰিকেল’ নামৰ সংস্কৃত ব্যাকৰণৰ বাৰটা খণ্ডত প্ৰকাশৰ এক পৰিকল্পনা তেখেতে কৰিছিল। কিন্তু এই কাম কিছু হ’ল যদিও তেওঁৰ এই বিশাল পৰিকল্পনা সম্পূর্ণ নহ’ল। সৰস্বতীকণ্ঠাভূষণ, নামলিঙ্গানুশাসন, ধাতুকোষ আৰু ধাতুবৃত্তিষাৰ আনন্দৰাম বৰুৱাৰ সংস্কৃত সাহিত্যৰ ভঁৰাললৈ অন্য কিছুমান উপহাৰ। আনকি তেওঁ নােৱাখালীত নিজৰ গ্ৰন্থ ছপাবলৈ ‘মণিৰাম যন্ত্র’ আৰু বৰহমপুৰত অৰুনােদই যন্ত্র’ নামৰ দুটা ছপাশালাে স্থাপন কৰিছিল। কিন্তু অতি কম বয়সতে তেওঁৰ মৃত্যু হােৱাত আৰু তেওঁৰ প্রকৃত উত্তৰাধিকাৰীৰ অভাৱত ছপাশাল দুটা বন্ধ হয় আৰু তেওঁৰ গ্ৰন্থৰ বহুতাে পাণ্ডুলিপি ধ্বংস হয়।
নােৱাখালীত হাড়ভঙা পৰিশ্ৰম কৰি সাহিত্য-চর্চা কৰাৰ ফলত তেওঁৰ শৰীৰ দুর্বল হৈ পৰে আৰু পক্ষাঘাত ৰােগত আক্রান্ত হয়। ১৮৮৮ চনৰ ডিচেম্বৰ মাহত চিকিৎসাৰ বাবে তেওঁক কলকাতালৈ অনা হয়। কিন্তু ১৮৮৯ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে অসম গৌৰৱ আনন্দৰামৰ মৃত্যু হয়। আনন্দৰাম বৰুৱাই কলকাতাৰ তাৰক নাথ পালিত নামৰ এজন বন্ধুৰ ঘৰত মৃত্যুবৰণ কৰিছিল।
ড° সূর্য কুমাৰ ভূঞাৰ ভাষাত –“আনন্দৰাম বৰুৱা বৃটিছ আমােলৰ সর্বশ্রেষ্ঠ ‘অসম সন্তান। ইয়াৰ মূল কাৰণ, তেওঁৰ গাত এটা লক্ষণ আছিল সেইটো অইন অসমীয়াৰ গাত নাই, এয়ে হৈছে তেওঁৰ একাগ্রতা। অতি কোমল বয়সতে তেওঁ যি জ্ঞানৰ অমৃত-পানত মন দিলে মৃত্যুৰ কাললৈকে তাৰ পৰা তেওঁ মূৰ দঙা নাছিল। নিজৰ জ্ঞানার্জনতত কিবা বিঘিনি ঘটে বুলি তেওঁ বিয়াকে কৰা নাছিল। তেওঁৰ একাগ্ৰতাৰ কাৰণে তেওঁ ইমান দায়িত্ব থকা মেজিষ্ট্রেটৰ কাম কৰিও গ্রন্থ ৰচনাৰ কাৰণে সময় পাইছিল।”
“আনন্দৰাম বৰুৱাৰ ভিতৰুৱা জীৱন কেনে আছিল তাৰ বিষয়ে সবিশেষ জানিবৰ উপায় নাই। তেওঁ বৰ গম্ভীৰ প্ৰকৃতিৰ মানুহ আছিল, কাৰাে লগত বৰকৈ মাতবোেল নকৰিছিল। তেওঁৰ নিজা পণ্ডিত সভা আছিল। পণ্ডিত-মণ্ডলীৰ লগত সাহিত্য আলােচনা কৰােতেই তেওঁৰ বেছিভাগ সময় গৈছিল। এই পণ্ডিত সভাৰ অন্যতম সভ্য আছিল পণ্ডিতপ্রবৰ মহামহােপাধ্যায় অন্নদাচৰণ তর্ক চূড়ামণি। এওঁলােকৰ প্রত্যেককে তেওঁ মাহে এশ-ডেৰশ টকা কমে বানচ নিদিছিল।”
“আনন্দৰাম বৰুৱা ঢুকাওঁতে অসমত এটা ভীষণ হাহাকাৰ শুনা গৈছিল। ভাৰতৰ অন্যান্য ঠাইতাে সকলােৱে আক্ষেপ কৰিছিল এনে বহুমূলীয়া জীৱনটি অকালতে কালে হৰি নিলে। চাৰ গুৰুদাস বন্দোপাধ্যায়ে তেওঁৰ প্রিয়তম ছাত্ৰৰ বিয়ােগ বার্তা শুনি কান্দি পেলাইছিল। ষ্টেটমেন, বেঙ্গলী, ইণ্ডিয়ান মিৰাৰ প্রভৃতি কাকতত তেওঁৰ বিয়ােগ বাতৰি প্ৰচাৰ কৰা হৈছিল। তাৰ পাছত বছৰত ইউনিভাৰচিটিৰ বছেৰেকীয়া অধিৱেশনত উপাচার্য গুৰুদাস বন্দোপাধ্যায়ে তেওঁৰ বক্তৃতাত শােক প্রকাশ কৰে। বংগৰ সুপ্রসিদ্ধ লেখক ঠাকুৰ দাস মুখােপাধ্যায়ে সাহিত্যত বিশেষভাৱে দুখ কৰি প্ৰৱন্ধ লিখে, কেমব্রিজৰ অধ্যাপক বৃটিছ মিউজিয়ামৰ এজন সম্পাদক আৰুবৰুৱাদেৱৰ বিশেষ বন্ধু মিঃ চেচিল বেণ্ডেলে ‘ট্রৱনাৰ্চ ৰিকৰ্ড’নামে কাকতত বৰুৱাদেৱৰ প্ৰতিভাৰ আলােচনা কৰি দীঘল প্ৰৱন্ধ লিখে।”
লম্বােদৰ বৰাৰ ভাষাত ঃ আনন্দৰাম বৰুৱা অসমীয়াৰ আৰ্হি, পথ দেখাওঁতা— নতুন আৰু পুৰণিৰ সামঞ্জস্য লগােৱাৰ জ্বলন্ত দৃষ্টান্ত। তেওঁ এজননীৰৱ সাধক আছিল। জ্ঞান অর্জনেই আছিল তেওঁৰ জীৱনৰ সাধনা। কিতাপেই আছিল তেওঁৰ জীৱনৰ প্রিয় সংগী। জীৱনৰ শেষৰ ফালে তেওঁ হয়তাে অসমত থকাৰ হেঁপাহ কৰিছিল। সেইবাবেই তেওঁ মাণিক চন্দ্ৰ বৰুৱাৰ সৈতে যুটীয়াভাৱে মঙলদৈৰ ওচৰৰ কলাইগাঁও চাহবাগিচাখন কিনাৰ বাবে যাে-জা কৰিছিল। কিন্তু মৃত্যুৱে তেওঁক সেই আশা পূৰণ কৰিবলৈ নিদিলে
যাহওঁক, আনন্দৰাম বৰুৱা অকল অসমৰেই মহয়, ভাৰতৰে গৌৰৱ।
0 Comments