লাচিত বৰফুকনৰ জীৱন কাহিনী
অসমৰ জাতীয় বীৰ ৰূপে খ্যাত লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬২২ চনৰ নৱেম্বৰত শিৱসাগৰত। তেওঁৰ দেউতাকৰ নাম আছিল নেচাংগ। পিছলৈ ন্যেচাংগ মােমাই তামুলীবৰুৱা নামেৰে জনাজাত হয়। সাধাৰণ লিগিৰাৰ পৰা বৰুৱা খিতাপ লাভ কৰা মােমাই তামুলী বৰ কর্তব্য পৰায়ণ আৰু সুদক্ষ কর্মী আছিল। মােমাই তামুলীয়ে স্বৰ্গদেউৰ প্ৰতি বৰ আনুগত্য প্রকাশ কৰিছিল। লাচিত বৰফুকনেও পিতৃৰ পৰাই এই গুণসমূহ আয়ত্ত কৰিছিল আৰু নিজকে এজন নিঃস্বার্থ দেশপ্রেমিক হিচাপে পৰিচয় দি শৰাইঘাটৰ যুদ্ধত মােগলক পৰাস্ত কৰি অসম বুৰঞ্জীত নিজকে অমৰ কৰি থৈ গৈছে।
লাচিতে প্রথমতে হাঁচতি ধৰা তামুলীৰ পদ পাইছিল। তাৰ পিছত ক্রমে ঘোঁৰা বৰুৱা, দুলীয়া বৰুৱা, শিমলুগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা আদি পদবী লাভ কৰে। প্ৰতিটো পদবীতেই লাচিতে কর্তব্যনিষ্ঠতা প্রদর্শন কৰিছিল। লাচিত বৰসেনাপতি হােৱাৰ আগতে দোলাকাষৰীয়া বৰুৱা আছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতক বৰ সেনাপতি পতাৰ পূর্বে তেওঁৰ নিৰ্ভিকতাৰ প্রমাণ চাবলৈ মন কৰিলে। সেই উদ্দেশ্যে স্বৰ্গদেৱে লাচিতক তেওঁৰ ওচৰলৈ মতাই আনিলে। লাচিত উপস্থিত হৈ স্বৰ্গদেউৰ ওচৰত আঁঠু ল’বলৈ লওঁতেই ৰজাই পূর্বে শিকাই থােৱা মতে এজন লিগিৰাই লাচিতৰ মুৰৰ পাগ থপিয়াই লৈ গ'ল। লিগিৰাৰ কাণ্ডত অগ্নিশর্মা হৈ লাচিতে হাতত হেংদাং লৈ লিগিৰাক কাটিবলৈ খেদি গ'ল। উপায় নাপাই লিগিৰাই স্বৰ্গদেউৰ সিংহাসনৰ তলত সােমাল। লাচিতে তালৈকো চেঁচা মাৰি লিগিৰাক কাটিবলৈ গ'ল আৰু স্বৰ্গদেৱে বাধা দিয়াতহে লাচিত ক্ষান্ত হ’ল। স্বৰ্গদেৱে লাচিতৰ সাহসৰ প্রমাণ পাই সন্তোষ পালে আৰু হাতত এখন সােণােৱালী হেংদাং উপহাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰিলে।
সেই সময়ত আহােম ৰাজ্য মােগলৰ অধীনত আছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতক সেনাপতি পাতি মােগলৰ হাতৰ পৰা নামনি অসম উদ্ধাৰৰ বাবে পঠায়। সেই মতে ছেগা চোৰােকা কেইবাখনাে যুঁজত পৰাজিত কৰি মােগলক পৰাস্ত কৰি গুৱাহাটীৰ পৰা খেদি পঠায়। গুৱাহাটী উদ্ধাৰৰ পিছত মােগলৰ সম্ভাৱ্য আক্রমণৰ প্রতি লক্ষ্য কৰি তাক ব্যর্থ কৰিবলৈ বিষয়াসকলে চিন্তা কৰিলে। লাচিতৰ পৰামর্শ ক্রমে প্রাণকেন্দ্র গুৱাহাটীক সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হয়। গুৱাহাটীৰ চাৰিওফালে গড় মাৰি মানুহ আৰু যুদ্ধৰ আহিলাসমূহ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হয়। ইফালে ঔৰংজেৱে ৰামসিংহক ১৬৬৮ চনৰ ৬ জানুৱাৰীত অসম আক্ৰমণ কৰিবলৈ পঠিয়ালে। মােগলে তেতিয়া কামৰূপ জিলাৰ দলিবাৰীৰ ওচৰৰ আলাবৈ পৰ্বতৰ দাঁতিত বাহৰ পাতি আছিল। এই আলাবৈ ক্ষেত্ৰতেই ১৬৬৯ চনত আহােম আৰু মােগলৰ মাজত এখন তয়া-ময়া ৰণ হয়। এই যুদ্ধৰ নাম আলাবৈ যুদ্ধ। আলাবৈ যুঁজত একেদিনাই প্রায় ১০,০০০ আহােম সেনাই প্রাণ দিব লগা হয়। আলাবৈৰ যুদ্ধৰ পৰাজয়ে লাচিতৰ মনলৈ হতাশা আনে। কিন্তু মহামন্ত্রী আতন বুঢ়াগােহাঁইৰ বুজনিত তেওঁ পুনৰ দৃঢ় হল।
ইফালে কিছুদিন পিছত চক্ৰধ্বজ সিংহৰ মৃত্যু হ’ল। ৰামসিংহই লাচিতৰ লগত সন্ধিৰ প্ৰস্তাৱ দিলে। লাচিতাে নৰীয়াত পৰিল। বহুতাে আহােম সৈন্য যুদ্ধ এৰি পলাল। এনে পৰিস্থিতিত স্বৰ্গদেউ উদয়াদিত্য সিংহই আতন বুঢ়াগােহাঁইৰ পৰামৰ্শ লৈ মােগলক চিৰদিনৰ বাবে খেদি পঠিয়াবলৈ থিৰাং কৰিলে। স্বৰ্গদেউৰ আদেশ মানি লাচিতে নৰীয়া দেহাৰে নৌ-যুদ্ধৰ বাবে সাজু হ'ল। নদীৰ মাজত দুয়ােপক্ষৰ ভীষণ যুদ্ধ চলিল। কামাখ্যা, ইটাখুলি আৰু অক্লান্তত যুদ্ধ নাও উপচি পৰিল। পানীত পৰি বহুতাে মােগল মৰিল। অসমীয়া সেনাই বহুতাে মােগলক কাটিলে। মােগলক মানাহ নদীলৈকে খেদি পঠালে। এইখনেই হ’ল বিখ্যাত শৰাইঘাটৰ যুদ্ধ।
লাচিত বৰফুকনৰ বিষয়ে ৰামসিংহই এনেদৰে মন্তব্য কৰিছিল— “বৰ নবাব লাচিত বৰফুকন সামান্য বীৰ নহয়, যন্ত্ৰাকৃতি গড়। মই একো ঠাইত ছিদ্ৰ নাপালাে।” তদুপৰি অসম দেশৰ বিষয়ে ৰাম সিংহই কৈছিল— “ধন্য ৰজা, ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য দেশ।একেটা সকলাে সৈন্য চলায়, মইহেন ৰামসিংহই থলত থাকিও একো ছিদ্ৰ নাপাওঁ।”
এই গৰাকী অসমীয়া বীৰে ১৬৭২ চনৰ ২৫ এপ্রিলত বেমাৰত পৰি মৃত্যুক বৰণ কৰে। তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটো অসমত ‘লাচিত দিৱস হিচাপে পালন কৰা হয়।
1 Comments
Nice
ReplyDelete