শ্ৰীমন্ত শংকৰদেৱৰ জীৱন কাহিনী
মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনৰ আহিন মাহৰ শুক্লা দশমীৰ দিনা নগাঁও জিলাৰ বৰদোৱাত। জানিব পৰামতে শংকৰদেৱৰ পূর্ব পুৰুষসকল আহিছিল সুদূৰ কনৌজৰ পৰা। অৱশ্যে শংকৰদেৱে বৰদোৱাত জন্মগ্রহণ কৰিছিল বুলি কৈছাে যদিও প্রকৃততে তেওঁ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামৰ সৰু গাঁও এখনতহে জন্মগ্রহণ কৰিছিল।
শংকৰদেৱৰ জন্ম হৈছিল ভূঞাৰ পৰিয়ালত। শংকৰদেৱৰ ককাকৰ নাম সূর্যবৰ আৰু আইতাকৰ নাম আছিল খেৰপুঁতি। খেৰপুঁতি আৰু সূৰ্যবৰৰ পুত্ৰ আছিল কুসুম্বৰ ভূঞা। কুসুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ ঔৰসতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। শংকৰদেৱৰ নাম দহােটা। তেওঁৰ নামকেইটা হ'ল— শংকৰদেৱ, মহাপুৰুষ, গঙ্গাধৰ, ডেকাগিৰী, অধিকাৰী, সন্ত, মহন্ত, আতা, গােমােস্তা আৰু জগন্নাথ। পিছে শংকৰ বুলিহে ল'ৰালিকালত সর্বজন বিদিত আছিল।
শংকৰদেৱৰ জন্ম সম্পর্কে আৰু তেওঁৰ ল'ৰালিকাল সম্পর্কে যথেষ্ট অলৌকিক কাহিনী গুৰুজনাৰ জীৱন চৰিতত পােৱা যায়। অৱশ্যে এইবােৰৰ সত্যতা কিমান তাক ঠাৱৰ কৰিব পৰা নাই।শংকৰদেৱৰ তিৰােধানৰ শতাধিক বছৰ পিছত শংকৰদেৱৰ কোনাে গুণমুগ্ধ চৰিতকাৰে গুৰুজনাক অৱতাৰী পুৰুষ হিচাপে উপস্থাপন কৰিবলৈয়ে হয়তাে কিছুমান অলৌকিক কাহিনীৰ জৰিয়তে শংকৰদেৱ যে ঐশ্বৰিক গুণসম্পন্ন পুৰুষ আছিল তাক প্রতিপন্ন কৰিবলৈ বিচাৰিছিল।
শংকৰদেৱৰ ১২ বছৰ বয়স হােৱাত বুঢ়ীমাক খেৰপুঁতিয়ে শংকৰদেৱক মহেন্দ্র কন্দলিৰ টোলত পঢ়িবলৈ থৈ আহে। সেই সময়ত গুৰুৰ ঘৰত থাকিহে শিক্ষা লাভ কৰাৰ নিয়ম আছিল। অৱশ্যে ইয়াৰ আগলৈকে শংকৰদেৱে ৰং-ধেমালি, ধিতিঙালি কৰিয়েই সময়বােৰ কটাইছিল। তেওঁক যিহেতু বুঢ়ীমাক খেৰসুঁতিৰ বাহিৰে চোৱাচিতা কৰিবলৈ আন কোনােৱে নাছিল, গতিকে তেওঁ লগৰীয়াৰ লগত সুযােগ পালেই ঘূৰি ফুৰিছিল। ওচৰৰ হাবিবননিত সােমাই ফল-মূল খাই ফুৰিছিল। নৈত সাঁতুৰিছিল। চিকাৰ কৰিছিল। ষাঁড় গৰুৰ লগত যুঁজ কৰিছিল। ভাদমহীয়া ভৰ বাৰিষা ব্ৰহ্মপুত্র নৈ সাঁতুৰি ইপাৰ-সিপাৰ হৈছিল। আলিপুখুৰী গাঁৱৰ ওচৰতে থকা জনজাতীয় গাঁওবােৰৰ লােকৰ পৰা চিফুং বাঁহী সুৰ লগাই বজাব শিকিছিল। এইদৰে গীত-মাত গাবলৈও শিকিছিল।
যাহওক মহেন্দ্ৰ কন্দলিৰ টোলত শংকৰদেৱক নামভৰ্তি কৰি দিয়াৰ পিছৰে পৰা তেওঁৰ পূৰ্বৰ উদঙীয়া স্বভাৱ ক্রমান্বয়ে নাইকিয়া হ’বলৈ ধৰে। অৱশ্যে প্রথমতে শংকৰে মহেন্দ্ৰ কন্দলিৰ টোলতাে শিক্ষা ল’বলৈ আগ্রহ প্রকাশ কৰা নাছিল। গুৰুক প্রথম অৱস্থাত ফাকি দিছিল আৰু কেনেকৈ পঢ়াৰ পৰা ৰেহাই পাব পাৰে তাৰে চিন্তাত আছিল। আনকি গুৰুক ভেটি দি হলেও শংকৰে পঢ়াৰ পৰা আঁতৰি থাকিব
বিচাৰিছিল। কিন্তু শংকৰৰ চলাহী কথাই আৰু ভেটি দিয়াৰ লােভে মহেন্দ্ৰ কন্দলিক মােহিত কৰিব নােৱাৰিলে। মহেন্দ্ৰ কন্দলি আছিল সাধু প্রকৃতিৰ লােক। এদিনাখন মহেন্দ্ৰ কন্দলিয়ে খেৰসুঁতিৰ ওচৰলৈ গৈ শংকৰদেৱৰ ফঁাকিৰ কথা কৈ আহিল। বুঢ়ীমাক খেৰপুঁতিয়ে এই কথা গম পােৱাত শংকৰক সাৱধান কৰি দিলে আৰু তেতিয়াৰ পৰা শংকৰে মনপুতি পঢ়া-শুনাত লাগিল। আৰু অতি কম দিনৰ ভিতৰতে তেওঁ আখৰখিনি শিকি পেলালে। আনকি স্বৰবৰ্ণৰ আখৰ নিশিকোতেই শংকৰে কেৱল ব্যঞ্জন বর্ণেৰে এটি গীত লিখি পেলাইছিল। প্রাপ্ত তথ্য মতে গীতটো হ'ল এনেধৰণৰ -
‘ কতল কমল, কমল দল নয়ন।
ভৱদহ দহন, গহন বন শয়ন।।
নপৰ নপৰ পৰ শতৰত গময়।
সভয় অভয় ভয় মমহৰ সত তয়।।
খৰতৰ বৰশৰ হতদশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন।।
জগদঘ মমহৰ ভৱভয় তৰণ।
পৰপদলয়কৰ কমলজ নয়ন।।
ভগৱানৰ ৰূপ-গুণ বর্ণনা কৰি লিখা এই গীতটোক কোমল গীত বুলি জনা যায়।
জানিব পৰামতে শংকৰে মহেন্দ্ৰ কন্দলিৰ টোলত প্রায় দহ বছৰ কাল পঢ়িছিল। এই সময়ছােৱাৰ ভিতৰতে শংকৰে তিনি বেদ, ওঠৰ পুৰাণ, চৈধ্য শাস্ত্র, সংহিতা, মহাভাৰত, ব্যাকৰণ, তন্ত্র কোষ, কাব্য আদি ভালদৰে পঢ়িব পৰা হৈছিল। সংস্কৃত ভাষাটো শংকৰে ভালদৰে আয়ত্ত কৰি লৈছিল। আনকি সংস্কৃত ভাষাৰ বেদ-উপনিষদ, গীতা আদি ধর্ম শাস্ত্ৰৰ অর্থ সহজে বুজি পাইছিল।
শংকৰে মহেন্দ্ৰ কন্দলিৰ টোলত পঢ়ি থকা সংক্রান্তত আন এটি অলৌকিক কাহিনী পােৱা যায়। সেইমতে, মহেন্দ্ৰ কন্দলিৰ টোলত থাকোতেই এদিন শংকৰে ৰ'দৰ তাপত থাকিব নােৱাৰি গছ এজোপাৰ তলতে জিৰণি লৈ থাকোতে টোপনি গ’ল। গছৰ পাতৰ ফাকেৰে ৰ’দ আহি শংকৰৰ মুখখন ৰঙা কৰি পেলাইছিল। এনেতে ফেঁটী সাপ এটা আহি শংকৰদেৱক ছ কৰি ধৰি থকা দেখি কন্দলি আচৰিত হ'ল। লগে লগে সাপটো গুচি গ'ল। তেতিয়া মহেন্দ্ৰ কন্দলিৰ বুজিবলৈ বাকী নাথাকিল যে শংকৰদেৱ সাধাৰণ মানুহ নহয়। তেওঁৰ ঐশ্বৰিক শক্তি আছে। সেইদিনাৰ পৰাই সকলােৱে ‘শংকৰক ‘শংকৰদেৱ’বুলি মাতিবলৈ ল'লে। মহেন্দ্ৰ কন্দলিয়েও তেওঁক শংকৰদেৱ বুলিয়েই মাতিবলৈ ল'লে।
গুৰুৰ ঘৰত থকা সময়ছােৱাত শংকৰদেৱে গুৰুকো বিভিন্ন কামত সহায় কৰি দিছিল। খেতিপথাৰৰ কামতাে শংকৰদেৱে গুৰুক সহায় কৰি দিছিল। আনকি খেতি পথাৰৰ পৰা হাতীৰ পাল খেদিবলৈও শংকৰদেৱ গৈছিল। চৰিত পুথিৰ পৰা জানিব পৰামতে গুৰুৰ গৃহতে তেওঁ নিজে ভাত ৰান্ধি খাইছিল। মাজে-সময়ে বনভােজ খাবলৈ যােৱা বুলিও জনা যায়। অর্থাৎ গুৰুৰ গৃহত থাকিয়েই শংকৰদেৱে স্বাৱলম্বীতাৰ শিক্ষাও লৈছিল।
শংকৰদেৱৰ স্বভাৱ-চৰিত্রও বৰ ভাল আছিল। গুৰুৰ কথা তেওঁ পেলােৱা নাছিল। সময়ত তেওঁ গুৰুৰ অতি প্রিয় ছাত্র হৈ পৰিছিল। গুৰুৱে তেওঁক ওজা ছাত্র পাতিছিল। মহেন্দ্ৰ কন্দলিয়ে শংকৰক ওজা ছাত্ৰ পতা বাবে ব্রাহ্মণ সম্প্রদায়ৰ ল’ৰাবােৰে মনত বৰ বেজাৰ পাইছিল। কিয়নাে সেই সময়ত সকলােতে বামুণসকলেই আগস্থান লৈছিল আৰু সকলােতে আগস্থান পাবলৈও বিচাৰিছিল। অৱশ্যে বামুণৰ ল’ৰাই মহেন্দ্ৰ কন্দলিৰ পৰা আসৈ নাপাইছিল। যাহওক, শিক্ষা সাং কৰি শংকৰদেৱে শিৰােমণি ভূঞা বাব লয়। তাৰ পিছতে তেওঁ বিয়া-বাৰু কৰাই ঘৰ-সংসাৰ কৰে। ঘৰ-সংসাৰ চলােৱাৰ মাজতে তেওঁ সাহিত্য চর্চাতাে লাগে। চৰিত পুথিমতে গুৰুগৃহৰ পৰা আহিয়েই তেওঁ ‘হৰিচন্দ্ৰ উপাখ্যান’ নামৰ কাব্য গ্রন্থখন ৰচনা কৰে।
অৱশ্যে বিয়াৰ পিছত মনু নামৰ ছােৱালী এজনী জন্ম দি তেওঁৰ পত্নী সূর্যৱতীৰ মৃত্যু হয়। পত্নীৰ বিয়ােগত শংকৰদেৱে বৰ মনােকষ্ট পাইছিল। শােকত বিহ্বল হােৱা শংকৰদেৱে পত্নীৰ বিয়ােগৰ বহুকেইবছৰ মানলৈকে কোনাে নতুন গ্রন্থ আদি ৰচনা কৰিব পৰা নাছিল। মনু ডাঙৰ হােৱাত হৰি নামৰ জনৈক যুৱকলৈ মনুক বিয়া দিলে। শংকৰদেৱে পিছত মনুকেই শিৰােমণি ভূঞাৰ বাবটো শােধাই দি নিজে তীর্থ ভ্রমণলৈ গৈছিল।
তীর্থ ভ্রমণলৈ গৈ শংকৰদেৱে জগন্নাথ, পুৰী, গয়া-গংগা, বাৰানসী, বৃন্দাবন, মথুৰা, বদৰিকাশ্রম, ৰামেশ্বৰম আৰু দ্বাৰকা আদি কৰি ভাৰতবৰ্ষৰ প্রায় সকলােবােৰ তীর্থস্থানেই ভ্ৰমণ কৰিছিল বুলি জনা যায়। তীর্থ ভ্রমণলৈ যাওঁতে শংকৰদেৱৰ লগত তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলিকে ধৰি আন কেইবাজনাে গুণী-জ্ঞানী ব্যক্তি লগত যােৱা বুলিও জনা যায়।
তীর্থ ভ্রমণে শংকৰদেৱৰ মনত নতুন আশাৰ সঞ্চাৰ কৰে। জানিব পৰামতে তীর্থ ভ্রমণ কৰি থকা অৱস্থাতেই তেওঁ গীত-মাত ৰচনা কৰিবলৈ লৈছিল। কিয়নাে যিটো সময়ত শংকৰদেৱ তীর্থ
ভ্ৰমণৰ বাবে গৈছিল সেই সময়ত তীর্থস্থানবােৰ সাহিত্যসংস্কৃতি তথা শিক্ষা বিকাশৰ কেন্দ্রস্থল আছিল বুলিয়েই ক'ব পাৰি। তীর্থস্থানবােৰত বহুতাে পণ্ডিত লােকক লগ পাইছিল। তেওঁলােকৰ লগত বহি ধর্মশাস্ত্র চর্চা কৰাৰ লগতে নাট-ভাওনাৰ আদব-কায়দা, গীত-মাত পৰিবেশনৰ বহু কথাই শংকৰদেৱে আয়ত্তলৈ আনিছিল।
তীর্থ ভ্রমণ কৰি ঘূৰি আহি শংকৰদেৱে দ্বিতীয়বাৰ বিবাহ কৰায়। প্রথমবাৰ বিবাহৰ পিছত এজনী ছােৱালী সন্তান জন্ম দি শংকৰদেৱৰ পত্নী সূর্যৱতীৰ মৃত্যু হৈছিল। দ্বিতীয় বিবাহ কৰােৱাৰ ফলশ্ৰুতিত শংকৰদেৱৰ তিনিজন ল'ৰা আৰু এজনী। ছােৱালী জন্ম হয়। পিছত ছােৱালীজনী আৰু এটি ল’ৰা সন্তানৰ মৃত্যু হয় বুলি জনা যায়।
ইফালে শংকৰদেৱৰ দ্বিতীয় বিবাহৰ পিছতেই তেওঁৰ জোঁৱায়েক হৰি আহােম ৰজাৰ ৰােষত পৰে আৰু জোঁৱায়েক কটা যায়। তেতিয়া তেওঁ পূর্বৰ শিৰােমণি ভূঞা বাবটোও নিজে ল’ব লগা হয়।
আনহাতে তীর্থ ভ্ৰমণৰ পৰা ঘূৰি আহি শংকৰদেৱে সাহিত্য চর্চাতে মনােনিবেশ কৰিবলৈ লয়। ভ্ৰমণৰ সময়তেই তেওঁ মিথিলাৰ জগদীশ মিশ্রৰ পৰা মূল ভাগৱতখন আৰু ব্ৰহ্মানন্দ নামৰ জনৈক সন্যাসীৰ পৰা ভক্তি ৰত্নাৱলী গ্ৰন্থখন অসমলৈ আনে। ভাৰত ভ্ৰমণৰ পিছত অসমত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে চিন্তা, চর্চা কৰে যদিও সেই সময়ত এই কার্য সম্পন্ন কৰিবলৈ শংকৰদেৱৰ যথেষ্ট কঠিন হৈছিল। কিন্তু সেই সময়ত সমগ্ৰ ৰাজ্যখনতেই শাক্ত ধৰ্মৰ প্ৰভাৱ আছিল। ৰজাপ্রজা প্রায় সকলােৱেই শিৱ পূজা আৰু দেৱ-দেৱীক পূজা অর্চনা কৰিছিল। বলিবিধান দিয়াৰ প্রথাও আছিল। আনকি দেৱ-দেৱীৰ সন্তুষ্টিৰ বাবে নৰবলি দিয়াৰ প্রথাও প্রচলন আছিল।
আনফালে শংকৰদেৱে প্ৰচাৰ কৰিবলৈ বিচৰা বৈষ্ণৱ ধৰ্মৰ আচাৰ-অনুষ্ঠান আৰু ৰীতি-নীতি আছিল শাক্ত ধৰ্মৰ প্রায় বিপৰীত। শংকৰদেৱে মূর্তিপূজাৰ পােষকতা নকৰিছিল আৰু তেনে বলি বিধানৰ বিৰােধিতা কৰিছিল।
আনহে নালাগে শংকৰদেৱক তেওঁৰ পৰিয়ালৰ লােকেই বৈষ্ণৱ ধর্ম প্রচাৰৰ ক্ষেত্ৰত বাধা আৰােপ কৰিছিল। শংকৰদেৱৰ এজনী সতীয়া মাকো আছিল। সেই সতীয়া মাকজনীৰ পুতেক বনগাগিৰি শংকৰৰ ভায়েক। এই ভায়েকজনাে শাক্তধর্মী আছিল। গতিকে তেৱোঁ শংকৰদেৱৰ বৈষ্ণৱ ধর্ম প্রচাৰত অসুবিধাৰ সৃষ্টি কৰিছিল বুলি জনা যায়। আনকি শংকৰদেৱৰ গাঁৱৰ ওচৰৰ জনজাতীয় গাঁওবােৰৰ মানুহেও শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কাৰ্যৰ বিৰােধিতা কৰিছিল। আনকি জনজাতীয় লােকৰ অত্যাচাৰত থাকিব নােৱাৰি শংকৰদেৱে আলিপুখুৰী গাঁৱৰ পৰা উঠি গৈ বৰদোৱাত থাকিবলৈ লৈছিল। আনফালে বামুণসকলেও শংকৰদেৱৰ নৱ বৈষ্ণৱ ধর্ম প্রচাৰত অসন্তুষ্ট হৈ পৰিছিল। অৱশ্যে বৈষ্ণৱৰ মাজতাে বামুণপুৰােহিত আছিল।
যাহওক, শংকৰদেৱে অভিনয় বা ভাওনা আদিৰ জৰিয়তে নতুন কৌশল অৱলম্বন কৰি তেওঁৰ ধৰ্ম প্ৰচাৰৰ ব্যৱস্থা হাতত লৈছিল আৰু অতি কম সময়ৰ ভিতৰতে বৈষ্ণৱ ধৰ্মই জনপ্রিয়তা লাভ কৰিছিল। জনামতে তেওঁ প্রথমে ‘চিহ্ন্যাত্রা’ নামৰ ভাওনাৰে ভগৱান কৃষ্ণৰ লীলা-খেলা প্রদর্শন আৰু গীত-মাত প্রচাৰ কৰিছিল। গীত-মাতবােৰৰ মাজেদিয়েই শংকৰদেৱে ভক্তিৰ মহিমা প্রচাৰ কৰিবলৈ লৈছিল। এইদৰে গীত-মাত, ভাওনা প্রদর্শনৰ জৰিয়তে শংকৰদেৱে ৰাইজৰ মাজত সােমাই পৰিছিল। পর্যায়ক্রমে শংকৰদেৱে নামঘৰ সাজি ভাৰতৰ অন্য ঠাইত দেখি অহাৰ দৰে ভক্তিধৰ্মত শৰণ দিবলৈ ধৰিলে। শংকৰদেৱে এটা সময়ত সঘনে উজনি-নামনি অসম ভ্ৰমণ কৰিব লগা হৈছিল। সেই সময়ত ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে ভূঞাৰ ৰাজ্যবােৰ আছিল। কিন্তু সেই সময়ত আন ৰাজ্য দখল কৰি নিজৰ ৰাজ্য বহলােৱাৰ ৰাজনৈতিক প্রৱণতা বাঢ়িছিল। গতিকে শত্ৰুৰ আক্ৰমণ সহিব নােৱাৰি তেওঁ নিৰাপদজনক স্থান বিচাৰি ৰৌতাত কিছুদিন থাকিবলৈ লয় বুলি চৰিত পুথিত পােৱা যায়। আনকি ৰৌতাতাে মাত্র ছমাহ মানহে থাকি গাংমৌত প্রায় ছয় বছৰ কাল কটায়। ইয়াৰ উপৰি কোমৰাকাটা নামৰ ঠাই এখনতাে কেইমাহমান থকাৰ কথা জনা যায়। শেষত তেওঁ নামঘৰ আদি ভালদৰে সাজি লৈ ধুয়াহাট বেলগুৰিত থাকিবলৈ লয়। ধুৱাহাট বেলগুৰিতেই শংকৰদেৱে মাধৱদেৱ প্ৰমুখ্যে বিভিন্নজনক শৰণ দিছিল। ইয়াতেই শংকৰদেৱে ‘পত্নীপ্রসাদ নাটখনাে ৰচনা কৰিছিল বুলি জনা যায়। কিন্তু শংকৰদেৱে ধুয়াহাট-বেলগুৰি অঞ্চলে পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল ৰাজনৈতিক কাৰণত।
সেই সময়ত উজনি অসমত আহােম ৰজাৰ শাসন আছিল। সেই সময়ত আহােম ৰজাৰ কঁাড়ী পাইকসকলে ভক্তি ধর্মত শৰণ লৈ সত্ৰত থাকিবলৈ লােৱাত আহােম ৰজাৰ চকুৰ পােৰণি ধৰিছিল। কাৰণ এই কাঁড়ী-পাইকসকলেই ৰজা আৰু ৰাজ বিষয়াসকলক সকলােধৰণৰ কাম কৰি দি সহায় কৰিছিল। এইদৰে আহােম ৰজাৰ ৰােষত পৰিয়েইশংকৰদেৱ, জোঁৱায়েক আৰু মাধৱদেৱক ধৰি নি শাস্তি দিছিল। অৱশ্যে কিছুদিন মাধৱদেৱক আটক কৰি ৰাখি এৰি দিছিল। মাধৱদেৱক এৰি দিয়াৰ লগে লগে শংকৰদেৱে মাধৱদেৱসহ ভকত সবৈষ্ণৱে নামনি অসমলৈ ঢাপলি মেলে।
তেতিয়া নামনি অসমৰ ৰজা আছিল কোচ ৰজানৰনাৰায়ণ। নৰনাৰায়ণ ৰজায়াে বৈষ্ণৱ ভক্তক অত্যাচাৰ কৰিছিল। কিন্তু এই কথা জানিও শংকৰদেৱে এই কাৰণেই হয়তাে নামনি অসমলৈ অহাৰ মন কৰিছিল যে নৰনাৰায়ণ ৰজা গুণী-জ্ঞানী আছিল। নৰনাৰায়ণ-চিলাৰায়ে কাশীবাৰানসীত পঢ়ি অহা কথাও শংকৰদেৱে জানিব পাৰিছিল। তাৰােপৰি তেতিয়াই বৰপেটাত চৈতন্যপন্থী বৈষ্ণৱ ধর্ম প্রচাৰ হৈ আছিল। আনহাতে তেতিয়া নামনি অসমত ভূঞা ৰাজ্যও আছিল। গতিকে এনেবােৰ কাৰণতেই শংকৰদেৱে নামনি অসমত থকাটো অসুবিধা নহ'ব বুলি বিবেচনা কৰিছিল।
শংকৰদেৱে নামনি অসমলৈ আহিবৰপেটা, পাটবাউসী, চূণপােৰা আদিত থাকি ধর্ম প্রচাৰ কৰাৰ কথা জনা যায়। শংকৰদেৱৰ বৰপেটাত থকা কালত মাধৱদেৱ বাৰাদিত থাকি ভক্তি ধর্ম প্রচাৰ কৰিছিল। তাত মাধৱদেৱ প্রায় তিনি বছৰ কাল আছিল। কিন্তু শংকৰদেৱে বৰপেটা এৰি পাটবাউসীলৈ যােৱাত শংকৰদেৱে মাধৱদেৱক গণককুছিত থাকিবলৈ দিয়ে।
মাধৱদেৱ আছিল শংকৰদেৱৰ একান্ত ভক্ত। শংকৰদেৱত শৰণ লােৱাৰ পিছৰে পৰা মাধৱদেৱে শংকৰদেৱৰ কথা আখৰে আখৰে পালন কৰিছিল। শংকৰদেৱৰ আদেশমতেই তেওঁ ঘূৰা-ফুৰা কৰিছিল। আনকি গুৰুৰ অনুমতি নােলােৱাকৈ তেওঁ একো নাখাইছিল।
বহুতে আকৌ শংকৰ-মাধৱৰ মিলনক মণিকাঞ্চন সংযোেগ বুলি অভিহিত কৰিছে। কিয়নাে শংকৰ-মাধৱৰ আপ্রাণ চেষ্টাত অসমখন এক নতুন ৰূপত ঠন ধৰি উঠিছিল।
যাহওক পাটবাউসীত থাকি শংকৰদেৱে বৈষ্ণৱ ধর্ম প্রচাৰ কৰি থকা সময়তে তেওঁ ৰজা নৰনাৰায়ণকো নিজৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। প্রথম অৱস্থাত ৰাজদ্ৰোহৰ অভিযােগ তুলি নৰনাৰায়ণে শাস্তি দিবলৈ বুলি শংকৰদেৱক বিচাৰি ফুৰিছিল। আনকি শংকৰদেৱক নাপাই তেওঁৰ দুজন প্রিয় ভক্ত গকুল চান্দ আৰু নাৰায়ণ দাসক ৰজা ৰাজহাউলিলৈ নি শাস্তি দিছিল।
কিন্তু শংকৰদেৱে তেওঁক যে ৰজাই শাস্তি দিবলৈ বিচাৰি আছে এই কথাটো নৰনাৰায়ণৰ ভায়েক চিলাৰায়ৰ পৰাই আগতীয়াকৈ জানিছিল। চিলাৰায়ে শংকৰদেৱৰ সম্পর্কীয় শংকৰদেৱৰ ভায়েক ৰামৰায়ৰ ছােৱালী কমলাপ্রিয়াক বিয়া কৰাইছিল। আনহাতে কমলাপ্রিয়াৰ যােগেদিয়েই চিলাৰায়ে শংকৰদেৱক এক অজ্ঞাত স্থানত লুকাই ৰখাত ৰজাৰ দূতে শংকৰক বিচাৰি উলিয়াব নােৱাৰিলে।
অৱশ্যে লাহে লাহে ৰজাই শংকৰদেৱৰ গুণ-গৰিমাৰ কথা জানিবলৈ ধৰিলে। কিছুদিন পিছত চিলাৰায়ে এদিন নিজেই শংকৰদেৱক ৰজা নৰনাৰায়ণৰ ওচৰলৈ পঠিয়াই দিলে। কিন্তু শংকৰদেৱৰ গুণ-গৰিমাত আপ্লত হৈ ৰজা নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিব দূৰৰ কথা আনকি তেওঁ শংকৰদেৱত শৰণ ল’বলৈহে ওলাইছিল। পিছত যেনিবা ৰজাই শংকৰদেৱক মধুপুৰ সত্ৰ পাতি দি কোচবিহাৰতেই কোচ ৰজাৰ আশ্ৰয়ত থাকিবলৈ দিলে। আৰু তাতেই শংকৰদেৱৰ দেহাৱসান ঘটে।
শংকৰদেৱৰ বিষয়ে আৰু দুটামান কথা কোৱা হােৱা নাই। বিশেষকৈ শংকৰদেৱৰ একান্ত ভক্ত মাধৱদেৱে কি পৰিস্থিতিত শংকৰদেৱত শৰণ ল'ব লগা হ’ল, সেই বিষয়ে নিশ্চয় চমুকৈ তােমালােকক কোৱাটো উচিত হ’ব। আনহাতে মাধৱদেৱে শংকৰদেৱৰ ওচৰত কি পৰিস্থিতিত শৰণ ল'ব লগা হ’ল সেই কাহিনীটোও বৰ আমােদজনক।
মাধৱদেৱ প্ৰথমতে শাক্তধর্মী আছিল। দেৱ-দেৱীৰ নামত তেওঁ মতলীয়া আছিল। আনকি দেৱ-দেৱীৰ শান্তিৰ বাবে বলি বিধানাে দিছিল। এবাৰ মাধৱদেৱৰ মাক টান নৰিয়াত পৰিল। তেতিয়া মাধৱে দেৱীৰ নামত এহাল পঠা সলে। দেখিলে অচিৰেই মাকৰ বেমাৰ ভাল হ’ল। পিছত দেৱীৰ ধাৰ পৰিশােধ কৰিবলৈ বুলি মাধৱদেৱে তেওঁৰ ভনী জোঁৱায়েক ৰামদাসক ধন দি এহাল পঠা ছাগলী যােগাৰ কৰিবলৈ দিলে। কিন্তু ৰামদাস শংকৰৰ একান্ত ভক্ত। গতিকে ৰামদাসেও মূর্তি পূজাত বিশ্বাস নকৰিছিল। গতিকে ৰামদাসে পঠা ছাগলী যােগাৰ কৰি দিবলৈ অমান্তি হােৱাত দুয়ােৰে মাজত কেবাদিনাে তর্কাতর্কি লাগি থাকিল। শেষত দুয়াে বিচাৰৰ বাবে শংকৰদেৱৰ ওচৰ পালেগৈ। শংকৰদেৱৰ ওচৰত গৈ মাধৱদেৱে শংকৰদেৱৰ লগতাে যুক্তি তর্ক কৰিলে। দুয়ােৱে সংস্কৃততেই কথা কটাকটি কৰিলে। কোনােৱে যুক্তিত হাৰ নমনা অৱস্থা। শেষত যেনিবা মাধৱদেৱে শংকৰদেৱৰ যুক্তিৰ ওচৰত সেও মানিবলৈ বাধ্য হ’ল আৰু লগে লগে শংকৰত শৰণ ল’লে। শংকৰ-মাধৱদেৱৰ এই তর্ক যুদ্ধখন বর্তমানৰ মাজুলীৰ বেলগুৰিত হৈছিল। সেই সময়ত মাধৱদেৱৰ বয়স ৩২ বছৰ আৰু শংকৰদেৱৰ বয়স হৈছিল ৭২ বছৰ।
শংকৰদেৱ পাটবাউসীত থাকোতে দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্রমণলৈ গৈছিল। এইবাৰ অৱশ্যে তেওঁ বেছিদিন ভ্ৰমণত থকা নাছিল। ভাৰতৰ বিভিন্ন ঠাইৰ নাটভাওনা, গীত-মাতৰ আৰ্হিত অসমতাে থলুৱা কৃষ্টিৰ আধাৰত এক সাংস্কৃতিক জাগৰণ আনিছিল। জনামতে পাটবাউসীত থকা কালতেই তেওঁ কালিয়া দমন, কেলিগােপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আদিনাট ৰচনা কৰিছিল। ৰামবিজয়’ নাটখনেই তেওঁৰ শেষ ৰচনা বুলি কোৱা হয়। মৃত্যুৰ আগমুহূর্তত মধুপুৰ সত্ৰত শংকৰদেৱে এইখন ৰচনা কৰিছিল হেনাে।
শ্ৰীমন্ত শংকৰদেৱে ঊনৈশ বছৰ বয়সতে চিহ্নযাত্ৰাত অভিনয় কৰাৰ কথা কথা গুৰু চৰিত পুথিত পােৱা যায়। চিহ্নযাত্ৰাত তেওঁ নিজে বিষ্ণুৰ ভাও দিছিল। আনকি শংকৰদেৱে নিজে সাত বৈকুণ্ঠৰ পট অংকন কৰিছিল।
শ্ৰীমন্ত শংকৰদেৱে ছখন নাট ৰচনা কৰিছিল। তাৰ ভিতৰত ‘পত্নী-প্রসাদ’নামৰ নাটখনেই তেওঁ প্ৰথম ৰচনা কৰিছিল বুলি কোৱা হয়। অৱশ্যে কালিৰাম মেধিৰ মতে শংকৰদেৱৰ প্রথম নাট ‘পত্নী-প্রসাদ’নহয়; তেওঁৰ মতে শংকৰদেৱৰ প্রথম নাট ‘কালিয়া দমন’হে। শংকৰদেৱৰ সৰহভাগ নাটৰ কাহিনীভাগৱতৰ কাহিনীৰ আধাৰত যুগুতােৱা। বিশেষকৈ কেলিগােপাল, কালিয় দমন, পত্নীপ্রসাদ, ৰুক্মিণীহৰণ আৰু পাৰিজাত হৰণ নাটকেইখনৰ কাহিনী ভাগৱতৰ পৰা লােৱা। অৱশ্যে ভাগৱতৰ কাহিনীৰ লগত পুৰাণৰ কাহিনীও ঠায়ে ঠায়ে সন্নিৱিষ্ট নকৰা নহয়। কিন্তু তেওঁৰ ‘ৰামবিজয়’ নামৰ নাটখনৰ কাহিনী ৰামায়ণৰ পৰা লােৱা। শংকৰদেৱৰ পত্নীপ্রসাদ নামৰ নাটখনি ধুৱাহাটত থাকোতে ৰচনা কৰিছিল।
তদুপৰি শংকৰদেৱে পাটবাউসীত থাকোতেই হৰিচন্দ্ৰ উপাখ্যানৰ উপৰিও অজামিল উপাখ্যান, বলিছলন, গজেন্দ্ৰ উপাখ্যান, অমৃত মথন, নিমিনৱসিদ্ধ সংবাদ আৰু কীর্তন ঘােষাৰ বেছিভাগ ঘােষাই ৰচনা কৰিছিল। গুণমালা পুথিখন শংকৰদেৱে কোচবিহাৰত থাকোতে ৰচনা কৰা বুলি জনা যায়।
আচলতে পাটবাউসীত থাকোতেই শংকৰদেৱৰ বহুখিনি সাহিত্য কর্ম সম্পন্ন হয়। ভাগৱতৰ অসমীয়া পদ ৰচনা বৰদোৱাত কৰিছিল যদিও পাটবাউসীত বেছি পদ ৰচনা কৰে। “আদি দশম’ ৰামায়ণৰ উত্তৰাকাণ্ডৰ পদ ভক্তি ৰত্নাকৰ আদিৰ কামাে পাটবাউসীত থাকোতেই কৰিছিল বুলি জনা যায়। ভক্তি প্রদীপ, অনাদিপতন আদি বৰদোৱাত ৰচনা কৰা।
শংকৰদেৱকেই অসমীয়া নাট্য সাহিত্যৰাে জনক বুলিয়েই কোৱা হয়। প্রশস্তিমূলক গীত ‘ভটিমা’ও শংকৰদেৱেই সৃষ্টি কৰা। শংকৰদেৱৰ কীৰ্তন পুথি অসমীয়া সাহিত্যৰ কীর্তিস্তম্ভ স্বৰূপ। শংকৰদেৱৰ অনুবাদ কর্মসমূহে অসমীয়া ভাষা সাহিত্যৰ অমূল্য সম্পদ। জানিব পৰা মতে শংকৰদেৱে মূল দশম স্কন্ধৰ নব্বৈটা অধ্যায়ৰ ঊনপঞ্চাশটা অধ্যায়ৰ অনুবাদ কৰি বাকীকেইটাৰ অনুবাদ শিষ্যসকলৰ হতুৱাই কৰিছিল। এই অনূদিত অংশটোকেই ‘আদি দশম’ বুলি কোৱা হয়।
শ্ৰীমন্ত শংকৰদেৱে প্রায় বাৰ কুৰি বৰগীত ৰচনা কৰিছিল। অৱশ্যে ছপা কৰাৰ ব্যৱস্থা নাছিল। হাতেলিখা অৱস্থাতে আছিল এই বৰগীতবােৰ। এবাৰ বৰপেটা সত্ৰৰ কমলা গায়ন নামৰ এজন ভকতে এই বৰগীতবােৰ আওৰাবলৈ বুলি শংকৰদেৱৰ পৰা নিছিল। তেতিয়া চ'ত মাহ। পছােৱা বতাহৰ দিন। এদিন পছােৱা বতাহত বন পােৰা জুইত তেওঁৰ ঘৰ-দুৱাৰ পুৰি শেষ হােৱাত পুথিত থকা বাৰকুৰি বৰগীত একেবাৰে ভস্মীভূত হৈ যায়। বনপােৰা জুইত শংকৰদেৱৰ গােটেইবােৰ বৰগীত পুৰি যােৱাত শংকৰদেৱে পুনৰ সেইবােৰ লিখিবলৈ ইচ্ছা নকৰি বৰগীত ৰচনাৰ দায়িত্ব তেওঁৰ প্রিয় শিষ্য মাধৱদেৱক দিলে। অৱশ্যে শংকৰদেৱে ৰচনা কৰা বৰগীতবোেৰ জুইত পুৰি গলেও তেওঁৰ ভকতসকল, আতাসকল আৰু আতৈসকলৰ মুখে মুখে শংকৰদেৱৰ বৰগীতবােৰ চলি আছিল।
শংকৰদেৱৰ ৰচিত গীতৰ পুথিখন পুৰি যােৱাত শংকৰদেৱে খেদ কৰি মাধৱদেৱৰ আগত কৈছিল ঃ “বােলে বঢ়াৰ পাে অনেক কষ্টকৈ গীতখানি কৈলাে, পুইলে। গীত কিছু কৰা, আমি নকৰাে।” “তেহে গুৰু বাক্য ধৰি কৰিছে।”অৱশ্যে এইখিনিতে এটা জানিবলগীয়া কথা হ’ল যে দুয়ােজনা গুৰুৱেৰচনা কৰা গীতবােৰ নিজে বিৰগীত’বুলি কৈ যােৱা নাছিল। তেওঁলােকে সেইবােৰৰ নাম ‘গীত’বুলিহে লিখিছিল। গুৰু দুজনাৰ শিষ্য-প্রশিষ্য, আতা, আতৈসকলেহেপিছত গুৰু দুজনাই ৰচনা কৰা গীতবােৰক বৰগীত আখ্যা দিয়ে।
১৫৬৮ চনত ১১৯ বছৰ বয়সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচবিহাৰৰ ইহলিলা সম্বৰণ কৰে।
1 Comments
শংকৰদেৱৰ আইতাকৰ নাম খেৰপুতি নহয় খেৰসূতী হয়। বিকৃত নকৰিব, শুদ্ধ কৰক।।
ReplyDelete