আজান ফকীৰৰ জীৱন কাহিনী

আজান ফকীৰৰ জীৱন কাহিনী



মহাপুৰুষ শংকৰদেৱে আমাৰ অসমীয়া জাতিৰ বাবে যিদৰে অমূল্য বৰঙণি আগবঢ়াই গৈছে, ঠিক তেনেদৰে অসমীয়া জাতিৰ বাবে আজান ফকীৰেও কম কৰা নাই। অসমত হিন্দু-মুছলমান সম্প্রীতি স্থাপনত আজান ফকীৰে আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ কথা আজিও সকলাে অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

আজান ফকীৰৰ আচল নাম ছাহ মীৰাণ ইৰাকৰ ৰাজধানী বাগদাদতেই ছাহ মীৰাণৰ জন্ম হৈছিল। তেওঁৰ জন্ম কোন চনত হৈছিল সেই বিষয়েও সঠিক জনা নাযায়। তথাপি তেওঁৰ জীৱন সম্পর্কে উল্লেখ কৰা তেওঁৰ কিছু নিজা ৰচনাৰ পৰা ধাৰণা কৰিব পাৰি যে আজিৰ পৰা হয়তাে প্রায় চাৰিশ বছৰ পূর্বে এওঁৰ জন্ম হৈছিল।

ছাহ মীৰাণৰ নামটোনাে কেনেকৈ আজান ফকীৰ হ’ল? এই বিষয়ে এক চমু আমােদজনক কাহিনী আছে। কাহিনী মতে ছাহ মীৰাণ অসমলৈ অহাৰ পূর্বে অসমত থকা মুছলমানসকলে থলুৱা হিন্দুসকলৰ আচাৰ-অনুষ্ঠান আৰুৰীতি-নীতিয়েই পালন কৰিছিল। আনকি অসমৰ মুছলমানসকলে হিন্দুসকলৰ দৰে পূজাও কৰিছিল। মুছলমানেই ওজাপালি অনুষ্ঠান, ঢুলীয়া অনুষ্ঠান আদি গঠন কৰি পূজাই-সভাই সেইবােৰ প্ৰদৰ্শন কৰিছিল। বিহুৰ বতৰত বিহুনাচ নাচিছিল স্নান কৰি উঠি হিন্দুসকলৰ দৰে সূৰ্যক হাতযােৰ কৰি আৰাধনা কৰিছিল। হায়দৰ গাজীৰ গীতৰ পৰা এনে কিছুমান তথ্য পােৱা গৈছে।

কিন্তু কোৰাণৰ মতে, মুছলমানসকলে পাঁচটা মূল নীতি মানি চলিব লাগে। সেইকেইটা হ’ল ঃ নামাজ, ৰােজা, হজ, কলিমা আৰু যাকাত। কিন্তু ছাহ মীৰাণ অসমলৈ অহাৰ পূর্বে অসমৰ মুছলমানে ইয়াৰ কোনাে এটা ৰীতিয়েই মানিবলৈ আগ্রহী হােৱা নাছিল। আনকি নামাজ পঢ়াৰ ৰীতি-নীতিকেই আয়ত্ত কৰা নাছিল। অসমৰ লােকবিশ্বাস মতে ছাহ মীৰাণে পােন প্রথম আজান দি অসমৰ মুছলমানসকলক নামাজ পঢ়া ৰীতি প্ৰৱৰ্তন কৰিছিল। আৰু সেই বাবেই ছাহ মীৰাণ অসমীয়াসকলৰ মাজত আজান ফকীৰ নামে জনাজাত হ’ল হেনাে। কথা হ’ল, আজান ফকীৰে কেতিয়া আমাৰ ৰাজ্যত প্রৱেশ কৰিছিল তাৰ সঠিক লিখিত তথ্য পােৱা নাই। তথাপি সাহিত্যৰ পূজাৰীসকলে বা বুৰঞ্জীবিদসকলে আহােম ৰজা প্রতাপ সিংহৰ দিনত আজান ফকীৰে অসমত প্ৰৱেশ কৰিছিল বুলি ঠাৱৰ কৰিছে। আজান ফকীৰে ৰচনা এটা জিকিত এইদৰে উল্লেখ আছেঃ

দহ শ দুকুৰিনবীচন হিজিৰী আকৌ পাঁচে বছৰ যায়, ছাহ মীৰাণে এই জিকিৰ কৰিলে কোৰাণ কিতাবত পায়।

স্পষ্টতঃ গীতটোৰ ৰচনা কাল ১০৪৫ হিজিৰী অর্থাৎ ১৬২৫ চন। যিহেতু আজান ফকীৰে কিছুদিন অসমত থাকি অসমীয়া ভাষা শিকিহে জিকিৰ ৰচনা কৰিছিল, গতিকে আজান ফকীৰে নিশ্চয় ১৬২৫ চনৰ আগতেই অসমত প্ৰৱেশ কৰিছিল। কিয়নাে অসমত প্ৰৱেশ কৰাৰ পূর্বে আজান ফকীৰে কেৱল ফৰাচী আৰু আৰবী ভাষাহে ক'ব পাৰিছিল। সৰহ সংখ্যকৰ মতে আজান ফকীৰে হয়তাে ১৬২০ চন মানত অসমলৈ আহিছিল।

আজান ফকীৰে বাগদাদৰ পৰা আহােতে তেওঁৰ ভায়েক নবীপীৰ আৰু ভালেকেইজন মূৰীদ ভক্তকো তেওঁৰ লগত লৈ আহিছিল বুলি জনা যায়! আজান ফকীৰে বাগদাদৰ পৰা আহি প্রথম ভাৰতৰ ৰাজস্থানৰ আজমীৰৰ মঙ্গলউদ্দিন ছিক্তিৰ মাজাৰত আৰু তাৰ পিছত দিল্লীৰ নিজামউদ্দিন আউলীয়াৰ মাজাৰত কিছুদিন থাকিবলৈ লয়।

আজান ফকীৰে প্ৰকৃততে অসমতহে ইছলাম ধর্ম প্রচাৰ আৰু প্ৰসাৰৰ দায়িত্ব লৈ বাগদাদৰ পৰা আহিছিল। সেয়ে তেওঁ দিল্লীৰ পৰা অসমত প্ৰৱেশ কৰে। কামৰূপ জিলাৰ হাজো হিন্দু-মুছলমান আৰু বৌদ্ধ ধর্মাৱলম্বীসকলৰ তীর্থ স্থান। ইয়াতেই মুছলমানসকলৰ বাবে ঐতিহ্যধন্য পােৱামক্কা আৰু হিন্দুসকলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। মুছলমানসকলৰ ধর্মবিশ্বাস যে হাজোৰ পােৱামক্কা দর্শন কৰিলে মক্কা দৰ্শনৰ চাৰিভাগৰ এভাগ পূণ্য হয়। 

আজান ফকীৰে অসমত প্ৰৱেশ কৰিয়েই পােনপ্ৰথমে হাজোত থিতাপি লয় । তেওঁ হাজো পােৱামক্কাৰ গিয়াছউদ্দিন আউলীয়াৰ মাজাৰত থাকিবলৈ লৈছিল।

হাজোত থিতাপি লৈয়ে আজান ফকীৰে অসমত মুছলমান ধর্ম প্রচাৰৰ আঁচনি তৈয়াৰ কৰিছিল। সেই সময়ত অসমত থকা মুছলমানসকলে অসমীয়া ভাষাহে জানিছিল। সেয়ে আজান ফকীৰে উপলব্ধি কৰিছিল যে, অসমীয়া ভাষাটো তেওঁ আয়ত্ত কৰি লােৱা উচিত হ’ব। অসমীয়া ভাষাৰেই মুছলমানসকলৰ মাজত ইছলাম ধৰ্মৰ ৰীতি-নীতি আৰু নামাজৰ বিষয়ে অবগত কৰিবলৈ তেওঁ বিচাৰিছিল। সেয়ে হাজোত থকা কালছােৱাতেই তেওঁ অসমীয়া ভাষাটো ভালদৰে শিকি লৈছিল।

আজান ফকীৰে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমখনক কেইবাটাও ভাগত বিভক্ত কৰি লৈছিল। বহুতৰ মতে আজান ফকীৰে ভায়েক নবীপীৰ আৰু মূৰীদ ভক্তসকলক বিভিন্ন ঠাইলৈ ধর্ম প্রচাৰৰ বাবে পঠাইছিল৷ কিছুমানৰ মতে আকৌ আজান ফকীৰে ভাতৃসহ মূৰীদ ভক্তসকলক লৈ হাজোৰ পৰা পােনে পােনে উজনি অসমলৈ যায় আৰু গড়গাঁৱৰ চূণপােৰা নামৰ মুছলমান গাওঁ এখনত থাকিবলৈ লয়।

লােকবিশ্বাসমতে, হাজোৰ পৰা গড়গাঁৱলৈ যােৱাৰ বাটত ভায়েকক উত্তৰ গুৱাহাটীৰ ওচৰৰ মান্দাকাটা অঞ্চলত ধর্ম প্রচাৰৰ বাবে এৰি থৈ যায়। মান্দাকাটা বাসীৰ মতে আজান ফকীৰৰ ভায়েক নবীপীৰে ককায়েক আজান ফকীৰৰ আমন্ত্রণক্রমে পিছত মান্দাকাটাৰ পৰা উজনি অসমৰ শিমলুগুৰিলৈ যায়।

যাহওক, আজান ফকীৰে গড়গাঁৱত থকা সময়ছােৱাত জিকিৰ গীত ৰচনা কৰি আনৰ হতুৱাই সুৰ লগাই লগাই গােৱাইছিল! অসমীয়া জনজীৱনৰ বিভিন্ন উপাদান সন্নিৱিষ্ট কৰি ৰচনা কৰা জিকিৰবােৰে অসমীয়াসকলক মােহিত কৰিছিল। দিনক দিনে বাঢ়িবলৈ লৈছিল আজান ফকীৰৰ জনপ্রিয়তা।

সেই সময়ত ৰাজ্যখনত আহােম-মােগলৰ তুমুল যুদ্ধ চলি আছিল। ৰাজ্যখনত এক ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল। এনে এক সময়তেই ৰূপাই দা-ধৰা নামৰ এজন মুছলমান ৰাজবিষয়া হৈ পৰিছিল আজান ফকীৰৰ শত্রু। আজান ফকীৰৰ ওপৰত পােতক তুলিবলৈ দা-ধৰাই উঠি-পৰি লাগিছিল। তেওঁ আজান ফকীৰৰ এই জনপ্রিয়তা কোনােপধ্যেই সহ্য কৰিব পৰা নাছিল। ৰজাঘৰ আৰু ৰাইজৰ মাজত ফকীৰক অপ্রিয় কৰিবলৈ তেওঁ আজান ফকীৰক দিল্লীৰ মােগল সম্রাটৰ চোৰাংচোৱা বুলি গােচৰ দিলে। অৱশেষত ৰূপাই দা-ধৰাৰ হেঁচাত ৰজাই ৰাজদ্ৰোহৰ অভিযােগ তুলি আজান ফকীৰৰ চকু দুটা কঢ়াৰ নির্দেশ জাৰি কৰে। লােক প্রবাদমতে, ৰজাৰ নির্দেশ মানি আজান ফকীৰে দুহাতে দুটা মলা-চৰলৈ আল্লাক প্রার্থনা কৰাত আপােনাআপুনি তেওঁৰ চকুহাল খুলি পৰে। পিছত চকু দুটা দিখৌ নৈত পেলাই দিয়াত এটা প্রকাণ্ড বানপানী হৈ গড়গাঁও চহৰখন বুৰাই পেলায়; কেৱল আজান ফকীৰ থকা ঠাইখিনিহে বাম হৈ থাকিল৷ এনে পৰিঘটনা দেখি ৰজাই ফকীৰৰ প্ৰতি কৰা অন্যায়ৰ বাবে ক্ষমা বিচৰাত আৰু ফকীৰে ক্ষমাদান কৰাত পলকতে বানপানী নাইকিয়া হল।

পিছত ৰজাই শৰাগুৰি চাপৰিত থাকিবলৈ ঘৰ সাজি দিলে আৰু নামাজৰ কাৰণে তাতেই এটা মছজিদ নির্মাণ কৰি দি সুখে-সন্তোষে থাকিবলৈ দিলে। তাৰ বাবে ৰজাই তেওঁক মাটি-বাৰী আৰু বান্দী-বেটীও দিলে। মৃত্যুৰ সময়লৈকে তেওঁ তাতেই থাকি গীত-পদ ৰচনা কৰি থাকিল।

অৱশ্যে আজান ফকীৰ অনাখৰী আছিল বুলিহে জনা যায়। শেহতীয়াভাৱে শৰাগুৰিত আজান ফকীৰৰ মঠত আৰবী ভাষাত হাতে লিখা এখন কোৰাণ উদ্ধাৰ হােৱাত বহুতে সেইখন আজান ফকীৰে ৰচনা কৰা বুলি দাবী কৰিব বিচাৰে। অৱশ্যে এই দাবীৰ সিমান যুক্তিযুক্ততা নাই। ফকীৰ আখৰী হােৱাহেঁতেন তেওঁৰ জীৱিত কালতেই ৰচনা কৰা আঠকুৰি জিকিৰ নিশ্চয় লিখিত অৱস্থাত থাকিলহেঁতেন। ধাৰণা হয় হয়তাে আৰবী ভাষাৰ কোৰাণ তেওঁ ভাৰতলৈ আহােতে বাগদাদৰ পৰাই লগত লৈ আহিছিল নতুবা শৰাগুৰিত থাকোতে আৰবী জনা তেওঁৰ লগত অহা কোনােবা মূৰীদ ভক্তৰ হতুৱাই সেইখন লিখাইছিল আৰু তেওঁ মুখেৰে কৈ আছিল।

এইগৰাকী মহান পুৰুষৰ মৃত্যু কেতিয়া হৈছিল ঠিকভাৱে জনা নাযায় যদিও এওঁ মহাপুৰুষ শংকৰদেৱৰ দৰেই প্রায় ছকুৰি বছৰ জীয়াই আছিল বুলি জনা যায়। এই সময়ছােৱাত তেওঁ প্রায় আঠকুৰি জিকিৰ ৰচনা কৰিছিল। আজান ফকীৰৰ এই গীতসমূহ অসমীয়া সাহিত্য-সংস্কৃতিৰ এক অমূল্য সম্পদ।

Post a Comment

0 Comments