সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কাহিনী
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ১৮৬৪ চনৰ ১৪ অক্টোবৰত কাতি মাহৰ লক্ষ্মী পূর্ণিমাৰ দিনা আঁহতগুৰিত। অৱশ্যে লক্ষ্মীনাথৰ জন্মস্থান লৈ বিতর্ক অন্তপৰা নাই। তেওঁৰ দেউতাকৰ নাম দীননাথ বেজবৰুৱা আৰু মাকৰ নাম থানেশ্বৰী দেৱী।
তেওঁ অসমতে প্রাথমিক শিক্ষা সাং কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাৰ চিটি কলেজৰ পৰা এফ এ আৰু কলকাতাৰ জেনেৰেল এচেম্বলি ইনষ্টিটিউচনৰ পৰা বি এ পাছ কৰে। তেওঁ ৰিপণ কলেজত বি এল পঢ়ে যদিও অনুত্তীর্ণ হয়। কলকাতাৰ প্ৰেচিডেন্সি কলেজত তেওঁ ইংৰাজী বিষয়ত এম এ পঢ়িছিল যদিও পঢ়া আধৰুৱাকৈ এৰি ব্যৱসায়ত নামে।
লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাত থকা সময়তে কলকাতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ লগত ঘনিষ্ঠ হয়। তেওঁ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পৰিয়ালৰ প্রজ্ঞা সুন্দৰীক বিয়া কৰায়। প্রজ্ঞা সুন্দৰীও সুন্দৰ লেখা-মেলা কৰিছিল।
বেজবৰুৱাক ইংৰাজ চৰকাৰে মুন্সিফ পদ যাচিছিল যদিও তেওঁ স্বাধীনভাৱে ব্যৱসায়-বাণিজ্য কৰি জীৱন কটোৱাৰ সংকল্প লৈছিল।ব্যৱসায় কৰি তেওঁ কলকাতাত সফলাে হৈছিল।
কলকাতাত থাকোতেই বেজবৰুৱাই চন্দ্র কুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামীৰ সান্নিধ্য লাভ কৰে। তেওঁলােকৰ চেষ্টাতেই জন্ম হয় অসমীয়া ভাষা উন্নতি সাধিনী সভা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্র ‘জোনাকী’ত বেজবৰুৱাই সাহিত্য-চৰ্চাৰ পাতনি মেলে। তেখেতে ‘বাহী’আলােচনীৰ জৰিয়তেও অসমীয়া ভাষাসাহিত্যৰ জগতলৈ এক নতুন সৃষ্টিৰ জোৱাৰ আনিছিল। তেওঁ অসম সাহিত্য সভাৰ সভাপতি পদো অলংকৃত কৰিছিল।
লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ ভঁৰাললৈ বহুতাে মূল্যবান উপহাৰ দি থৈ গৈছে সেইসমূহ হ’ল ও কবিতা – কদমকলি, নাটঃ লিতিকাই, পাঁচনি, নােমল, চিকৰপতি-নিকৰপতি, জয়মতী কুঁৱৰী, বেলিমাৰ, চক্ৰধ্বজ সিংহ আৰু গদাধৰ ৰজা, উপন্যাস—পদুম কুঁৱৰী, গল্প ঃ সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি আৰু কেহােকলি, সাধুকথা ও ককাদেউতা আৰু নাতি ল'ৰা, বুঢ়ী আইৰ সাধু আৰু জুনুকা, হাস্যৰস ঃ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আৰুবৰবৰুৱাৰ বুলনি, জীৱনীঃমহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ, শ্ৰীশংকৰদেৱ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱনী, বেজবৰুৱাৰবংশাৱলীআৰু মােৰ জীৱন সোঁৱৰণ; সমালােচনামূলক আৰু অন্যান্য ৰচনা— তত্ত্বকথা, শ্ৰীভাগৱত কথা, বাখৰ, কামত কৃতিত্ব লভিবৰ সংকেত, সভাপতিৰ অভিভাষণ, ভাৰতবৰ্ষৰ বুৰঞ্জী, হাঁহি-ধেমালি, শ্রীকৃষ্ণ কথা, অসমীয়া ভাষা আৰু সাহিত্য, পত্রলেখা, দিন লেখা আৰু চিত্রলেখা ।
১৯৩১ চনৰ কথা। শিৱসাগৰত বহিছিল অসম সাহিত্য সভাৰ ত্রয়ােদশ অধিবেশন। সভাপতি আছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। এই সভাতেই বেজবৰুৱা ডাঙৰীয়াক অসম সাহিত্য সভাই অভিনন্দন জনায়। ইয়াতেই সভাপতিনগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে বেজবৰুৱাক ৰসৰাজ’ উপাধিৰে বিভূষিত কৰিছিল। তেতিয়াৰে পৰাই লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা’ হ’ল।
বিশ্বনাৰায়ণ শাস্ত্ৰীৰ ভাষাত ঃ লক্ষ্মীনাথ নিজেই সাহিত্যৰথী বা ৰসৰাজ যিয়েই নহওঁক, মনস্বিতা আৰু মনীষাৰে অসমৰ এটা যুগৰ ৰূপ নির্ণয় কৰি সেই যুগৰ নায়কৰূপে পাদশতিকা জুৰি বিবাদ কৰিছিল। এই কাৰণতেই নাটক, উপন্যাস, কবিতা, চুটিগল্প আদি অসমীয়া সাহিত্যৰ বিবিধ ক্ষেত্ৰত কোনাে জন সাহিত্যিকে লক্ষ্মীনাথক অতিক্রম কৰি গ'লেও লক্ষ্মীনাথৰ সৈতে তেনে সাহিত্যিকৰ তুলনা নহয়— কিয়নাে এই তুলনা কেৱল নাটক, উপন্যাস আদি সাহিত্যকৃতিৰে সীমাৱদ্ধ শ্রেষ্ঠ অসমীয়াৰ জীৱনী/৫৪
নহয়— সমগ্ৰ অসমীয়া জাতিৰ মানসিক আলােড়ন আৰু নৱজাগৰণৰ ক্ষেত্ৰলৈকে ই সম্প্রসাৰিত।”
লক্ষ্মীনাথ বেজবৰুৱাই মাতৃভূমি অসমক আন্তৰিকতাৰে ভাল পাইছিল। সেইবাবেই তেওঁ কলকাতাত থাকিও মাতৃভাষাৰ সেৱা কৰি গৈছিল। আমাৰ অতি প্রিয় অসম সংগীত “অ' মােৰ আপােনাৰ দেশ...” লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি। অসমীয়া ভাষা সাহিত্যৰ পুৰােধা ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাই ১৯৩৮ চনৰ ২৬ মার্চত ইহলীলা সম্বৰণ কৰে।
0 Comments