সৰ্বপল্লী ৰাধাকৃষ্ণণ'ৰ জীৱনী (Sarvepalli Radhakrishnan biography)

সৰ্বপল্লী ৰাধাকৃষ্ণণ'ৰ জীৱনী (Sarvepalli Radhakrishnan biography)


Sarvepalli Radhakrishnan




ৰাধাকৃষ্ণণৰ জন্ম, শৈশৱ আৰু শিক্ষাকাল (Radhakrishnan's birth, childhood and academic period)


“জন্ম যেনেকুৱাই নহওঁক কিয়, কর্ম হওঁক সদায় ভাল”- কবিৰ এই মহান বাণী সাৰােগত কৰি সাম্প্রতিক কালত নিজৰ জীৱনত প্ৰমাণ কৰিছিল মহান মানব প্রেমী ভাৰতৰ দ্বিতীয় ৰাষ্ট্রপতি ভাৰত ৰত্ন ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে। ‘মােৰ সত্য সন্ধান’ (My Search of Truth) পুথিখনত তেওঁ নিজে কৈছিল যে বিপুল ধন ঐশ্বৰ্য্য বা বিশেষ বংশ মর্যাদাৰ অধিকাৰী তেওঁ নাছিল। তেওঁ আছিল এটি সাধাৰণ পৰিয়ালৰ সন্তান, কিন্তু স্বকীয় উদ্যম, অধ্যৱসায়, ধীশক্তি আৰু ব্যক্তিত্বৰ গুণত তেওঁ নিজকে বিশ্বৰ অন্যতম শ্রেষ্ঠ দার্শনিক, বিশিষ্ট শিক্ষাবিদ, সুলেখক, সুবক্তা, বিশিষ্ট ৰাজনীতিবিদ আৰু সহৃদয় মানব প্রেমিক ৰূপে বিশ্ব সভাত নিজকে প্রতিষ্ঠা কৰিছিল। তেওঁ আছিল ভাৰত তত্ত্বৰ অন্যতম প্রবক্তা আৰু তুলনামূলক ধর্মালােচনাৰ বাটকটীয়া।

ড° ৰাধাকৃষ্ণণৰ পূৰ্বপুৰুষসকলে সর্বপল্লী’ নামৰ এখন গাওঁত বাস কৰিছিল। ব্রাহ্মণ হােৱাৰ বাবেই পূজা পাঠ কৰাৰ সুবিধাৰ হেতু সর্বপল্লী নামৰ গাওঁৰ পৰা উঠি আহি ‘তিপতি’ নামৰ গাঁও এখনত থাকিবলৈ লয়। অৱশেষত এই গাঁওৰে স্থায়ী বাসিন্দা হৈ পৰে। মাদ্রাজ চহৰৰ উত্তৰ পশ্চিমে প্রায় চাৰি কিলােমিটাৰ মান দূৰৈত তিৰুপতি অবস্থিত।

ৰাধাকৃষ্ণণৰ দেউতাক বৃত্তিত এজন স্কুলৰ শিক্ষক আছিল যদিও পৰিয়ালটো ভৰণ পােষণ দিয়াৰ বাবে যজমানিও কৰিব লগীয়াত পৰিছিল। ইয়াৰ পৰাই ঠাৱৰ কৰিব পাৰি যে ৰাধাকৃষ্ণণৰ দেউতাকৰ আর্থিক অৱস্থা বিশেষ টনকিয়াল নাছিল।

দেউতাক এগৰাকী সাধু পুৰুষ আৰু নিষ্ঠাৱান ধার্মিক লােক আছিল। ঘৰত সদায় পূজা-পাঠ, নামকীর্তন অনুষ্ঠিত হৈছিল। ধৰ্মৰ নানা কথা আলােচনা হৈছিল। ফলত এনে এক পৰিৱেশে ৰাধাকৃষ্ণণক সৰু কালৰে পৰা যথেষ্ট আকর্ষিত কৰিছিল।

ৰাধাকৃষ্ণণ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান। তেওঁলােকৰ পাঁচজন ককাই-ভাই। একমাত্র ভনীয়েকৰ নাম আছিল কৃষ্ণমূর্তি।

এই মহান পুৰুষজনে ১৮৮৮ খ্রীষ্টাব্দৰ ৫ চেপ্তেম্বৰৰ দিনা মাদ্রাজ চহৰৰ তিনি নামৰ এখন সৰু চহৰত এক নিম্নবিত্ত গােড়া তেলেও ব্রাহ্মণ পৰিয়ালত জন্ম গ্রহণ কৰে। তেওঁৰ পিতৃৰ নাম সর্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম স্বিতাম।

সংসাৰৰ অভাৱ অনাটনে তেওঁৰ শিক্ষাৰ আগ্ৰহক বিশেষভাৱে ব্যাঘাত সৃষ্টি কৰিব পৰা নাছিল। তিৰুতানি চহৰতেই তেওঁৰ প্ৰাথমিক শিক্ষা সমাপ্ত হয়। নিজৰ শিক্ষা সম্বন্ধে Fragments of confessions নামৰ প্ৰবন্ধত লিখিছে

“জীৱনৰ আঠোটি বছৰ (১৮৮৮-১৮৯৬) দক্ষিণ ভাৰতৰ তিৰুতানি নামৰ ক্ষুদ্র চহৰখনতে অতিবাহিত হৈছিল। সেই চহৰখন আজিও সেই অঞ্চলৰ এখন প্রসিদ্ধ তীর্থক্ষেত্ৰ ৰূপেই পৰিচিত। তেওঁৰ পিতৃ মাতৃ সাধাৰণভাৱেই ধর্ম বিশ্বাসী আছিল। বিভিন্ন খ্রীষ্টান মিচনাৰী বিদ্যালয়ত তেওঁ ১২ বছৰ বিদ্যালাভ কৰিছিল। তাৰ ভিতৰত তিৰুপতি চহৰৰ লুথেৰান মিচন হাইস্কুলত ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈ, ভেলােৰ কলেজত ১৯০০ চনৰ পৰা ১৯০৪ চনলৈ আৰু মাদ্রাজ খ্রীষ্টান কলেজত ১৯০৪ চনৰ পৰা ১৯০৮ চনলৈ শিক্ষা গ্রহণ কৰে। তথাপিও অদৃশ্য জীৱন্ত পার্থিক সত্তাৰ বাতাবৰণৰ মাজতেই তেওঁ এজন যােগ্য লােকৰ স্থান লাভ কৰিছিল। ফলত তেওঁৰ দার্শনিক তত্ত্বজ্ঞান আৰু তাৰ সমস্যাৰ বিচাৰৰ ধাৰা ঐতিহাসিক বা বৈজ্ঞানিক দৃষ্টিকোণৰ পৰিবৰ্তে ধৰ্মৰ দৃষ্টিকোণৰ পৰা গঢ়ি উঠিছিল। ফলত তেওঁ দর্শনক লজিক বা তর্ক শাস্ত্র অথবা এপিছটিমােলজি বা জ্ঞান তত্ত্বৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিব নােৱাৰিলে।

ৰাধাকৃষ্ণণে এই কর্তব্য আৰু দায়িত্ব নিজে কেনেদৰে পালন কৰিছিল সেয়া আমি তেওঁৰ জীৱন আৰু দর্শন আলােচনাৰ মাজেৰে দেখা পাওঁ।

তিৰুতানিৰ দৰে তিৰুপতি চহৰ দক্ষিণ ভাৰতৰ এখন পবিত্র তীর্থস্থান। আনহাতে ধার্মিক ব্রাহ্মণ পৰিয়ালত জন্মগ্রহণ কৰি, তীর্থস্থানত বসবাস কৰি আৰু খ্রীষ্টান মিচনাৰী পৰিচালিত বিদ্যালয়ত শিক্ষালাভ কৰাৰ ফলত বাল্যকালৰ পৰাই ৰাধাকৃষ্ণণৰ জীৱন ধৰ্মৰ প্ৰভাৱত বিশেষভাৱে প্রভাবিত হৈছিল। স্বামী বিবেকানন্দৰ বক্তৃতাই তেওঁৰ জীৱনৰ শেষ দিন পর্যন্ত হিন্দুধর্মৰ মর্যাদা সম্বন্ধে অনুপ্রাণিত কৰিছিল। এই গভীৰ চিন্তাশীল ব্যক্তিজন সৰুকালৰ পৰাই বৰ লাজুক প্রকৃতিৰ আছিল। অৱশ্যে প্রয়ােজন অনুসাৰে সকলােৰে লগত মিলিজুলি থাকিব পৰাটোও তেওঁৰ বিশেষ গুণ আছিল। আনকি লাজুকভাৱ গােপন কৰাৰ তেওঁৰ বিশেষ ক্ষমতাও আছিল। নির্জনতা প্রিয় হলেওঁ তেওঁ নিসঙ্গ নাছিল। সাধাৰণতে সৃষ্টিশীল ব্যক্তিয়ে কেতিয়াবা সৃষ্টিৰ তাগিদাতে স্বইচ্ছাৰে নির্জনতাকে বৰণ কৰে। শামুকে যন্ত্রণাৰ মাজতাে মুকুতা গঢ়াৰ দৰে বহু ব্যক্তিয়ে নির্জনতাৰ নিঃসঙ্গতাক সৃষ্টিলৈ ৰূপান্তৰিত কৰে আৰু আনৰ বাবে জীৱনটো আনন্দেৰে পৰিপূৰ্ণ কৰিবলৈ পথ নির্দেশনা কৰে।

নির্জনতা প্রিয় হলেও তেওঁ কলেজ বা বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ত বা সমাবর্তনৰ সভাত বিভিন্ন দেশৰ বিশিষ্ট গুণী জ্ঞানী পণ্ডিতৰ সভা-সমিতি, ৰাষ্ট্ৰ সংঘৰ ভাৰতীয় প্রতিনিধিরূপে অথবা উক্ত সংঘৰ (UNESCO) শাখাৰ সদস্য বা সভাপতিরূপে অথবা ভাৰতৰ উপৰাষ্ট্রপতি বা ৰাষ্ট্ৰপতিৰূপে তেওঁ সকলােৰে লগত সুন্দৰকৈ অংশ গ্রহণ কৰিছিল।

আদিতে দর্শন শাস্ত্ৰক তেওঁ পাঠ্য বিষয়ৰূপে গ্রহণ কৰাৰ কোনাে পৰিকল্পনা কৰা নাছিল। আকস্মিক ভাবেই দর্শন শাস্ত্র তেওঁৰ পাঠ্যসূচীৰ অন্তর্ভুক্ত হয়। অধ্যাপক পল আর্থাৰ স্কিলাপ কর্তৃক সম্পাদিত সর্বপল্লী ৰাধাকৃষ্ণণ নামৰ গ্ৰন্থত Fragments of confessions (স্বীকাৰােক্তিৰ কণিকামালা) নামৰ প্ৰৱন্ধত ৰাধাকৃষ্ণণে কৈছিল যে মাত্র সাে বছৰ বয়সতে তেওঁ যেতিয়া বি.এ. শ্ৰেণীত নাম ভর্তি কৰে তেতিয়া তেওঁৰ এক সদ্য বি.এ. ডিগ্রী লাভ কৰা জ্ঞাতি ভাইয়ে নিজৰ দৰ্শনৰ পুথিবােৰ তেওঁক দি দর্শন শাস্ত্র অধ্যয়ন কৰিবলৈ উৎসাহ যােগাইছিল। এনেদৰে তেওঁ দর্শনক বিষয় স্বৰূপে লৈ অধ্যয়ন কৰে আৰু তেওঁ ভৱিষ্যতে যে বিশ্বৰ এজন অন্যতম শ্রেষ্ঠ দার্শনিক হ’ব পাৰিব সেয়া তেওঁৰ সপােনৰাে অগােচৰ আছিল।

মাদ্ৰাজৰ খ্ৰীষ্টান কলেজৰ ছাত্ৰৰূপে ৰাধাকৃষ্ণণে বিশেষ পাৰদৰ্শিতাৰে বি.এ. পৰীক্ষাত উত্তীর্ণ হয়। তেওঁ মাদ্রাজ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত প্রথম স্থান অধিকাৰ কৰে আৰু ড° চেমুৱেল চাথিয়ানথেন স্বর্ণপদক লাভ কৰে।

বাল্যকালৰ পৰাই খ্রীষ্টান মিচনাৰী স্কুল, কলেজত অধ্যয়ন কৰাৰ ফলত খ্রীষ্টান ধর্মশাস্ত্র বাইবেল গ্রন্থ সম্বন্ধে তেওঁ বিশেষ জ্ঞান লাভ কৰে। কিন্তু খ্রীষ্টান মিচনাৰীসকল কর্তৃক সময়ে সময়ে হিন্দুধৰ্মৰ অহেতুক কঠোৰ সমালােচনাৰ বাবে তেওঁ যে একমাত্র অস্বস্তি আৰু বেদনা অনুভৱ কৰিছিল এনে নহয় বৰং সেই সমালােচনা আৰু নিন্দাত স্বামী বিবেকানন্দৰ ভাবধাৰাত যথেষ্ঠ অনুপ্রাণিত তেওঁৰ নিজৰ হিন্দুত্বৰ অহংকাৰতাে আঘাত অনুভব কৰিছিল। এই অৱস্থাৰ প্ৰতিকাৰৰ বাবে হিন্দু ধৰ্মৰ প্ৰাণৱাণ আৰু প্রাণহীন অংশবােৰ বিশেষভাৱে পৰীক্ষা-নিৰীক্ষা কৰি চোৱাৰ বাবে ৰাধাকৃষ্ণণে বিশেষ আগ্রহ আৰু অধ্যবসায় সহকাৰে হিন্দু ধর্মগ্রন্থ আৰু হিন্দু শাস্ত্র পাঠত নিজকে আত্মনিয়ােগ কৰে।

সেই সময়ত হিন্দুধর্মৰ বিৰুদ্ধে খ্রীষ্টান মিচনাৰীসকলৰ প্রধান অভিযােগ আছিল যে হিন্দুধর্মত নৈতিকতাৰ কোনাে স্থান নাই। এই অন্যায় অপবাদৰ প্ৰতিকাৰৰ বাবে ৰাধাকৃষ্ণণে এক বিশেষ উপায় অৱলম্বন কৰিলে। সেই সময়ত মাদ্ৰাজৰ বিশ্ববিদ্যালয়ত এম. এ. পৰীক্ষাৰ অন্যান্য উত্তৰ পত্ৰৰ সতে এটি মৌলিক প্ৰৱন্ধ ৰচনাৰ নিয়ম আছিল। ৰাধাকৃষ্ণণে সেই সুযোেগতে 'Ethics of the vedanta' (বেদান্তত নীতি ধৰ্মৰ স্থান) নামৰ এটি মৌলিক গৱেষণামূলক প্রবন্ধ লিখে আৰু বিশ্ববিদ্যালয়ৰ নিয়ম অনুযায়ী প্ৰৱন্ধটো যথা স্থানত জমা দিয়ে। ১৯০৮ চন। ৰাধাকৃষ্ণণ তেতিয়া কুৰি বছৰীয়া চফল ডেকা। মাদ্রাজ খ্রীষ্টান কলেজৰ অধ্যক্ষ বিশিষ্ট অধ্যাপক হগ চাহাবে এই প্রবন্ধটো পৰীক্ষা কৰিছিল। বাধাকৃষ্ণণৰ এই প্ৰবন্ধটো পাঠ কৰি অধ্যাপক হগ চাহাব অত্যন্ত প্রফুল্লিত হ’ল। তেওঁ কৈছিল- এম, এ. ডিগ্ৰী পৰীক্ষার্থী দ্বিতীয় বার্ষিকৰ ছাত্ৰ ৰাধাকৃষ্ণণে যি প্ৰৱন্ধ ৰচনা কৰিছে তাৰ মাজত গুৰুত্বপূর্ণ দার্শনিক সমস্যাৰ প্ৰধান দিশবােৰৰ সম্বন্ধে তেওঁ অসাধাৰণ বােধশক্তি আৰু সমস্যা সমাধানৰ বাবে জটিল যুক্তিজাল ৰচনা শক্তিৰ যথেষ্ঠ পৰিচয় দিছে আৰু তাৰ লগতে আছে পৰিশুদ্ধ ইংৰাজী ভাষাৰ সাধাৰণ জ্ঞানতকৈ অতি উচ্চতৰ ভাষাজ্ঞান।

ৰাধাকৃষ্ণণৰ এই মৌলিক প্রবন্ধটো মাদ্রাজ বিশ্ববিদ্যালয়ৰ ১৯০৮ চনত 'The ethics of the vedanta and its meta physical presupposition' নামৰ পুথিৰে প্রকাশ পায়।

১৯১২ চনত আৰু এখন পুথি তেওঁ ৰচনা কৰে। পুথিৰ নাম হ’ল Essentials of psychology (মনস্তত্বৰ প্ৰধান বিষয় বস্তু)। এইখন অক্সফোর্ড বিশ্ববিদ্যালয় ছপাশালে ছপা কৰে।

এই দুখন পুথি ৰাধাকৃষ্ণণৰ প্রথম জীৱনৰ ৰচনা আৰু এয়া মাদ্রাজ বিশ্ববিদ্যালয় তথা অক্সফোর্ড বিশ্ববিদ্যালয়ৰ দৰে দুটা বিশিষ্ট শিক্ষা প্রতিষ্ঠান কর্তৃক প্রকাশিত হােৱাৰ অর্থই হ'ল তেওঁৰ অপূর্ব প্রতিভা আৰু অসাধাৰণ ধী শক্তিৰ স্বীকৃতি প্রদর্শন। শৈশৱ কালত ৰাধাকৃষ্ণণৰ অসাধাৰণ মেধা আৰু স্মৃতি শক্তি সম্বন্ধে বহু কিংবদন্তী প্রচলিত আছে। ইয়াত মাত্র এটি ঘটনাৰ কথা উল্লেখ কৰা হ'ল।

এবাৰ উপনয়নৰ সময়ত বালক ৰাধাকৃষ্ণণ দণ্ডীৰূপে সকলােৰে অগােচৰত সাতদিন এটি ঘৰত অকলশৰে আবদ্ধ থাকিব লগা হয়। সেই সময়ৰ ভিতৰতে বিশেষ মনােযােগ সহকাৰে কেইখনমান প্রধান উপনিষদ তেওঁ পড়ে। সেই পঠিত উপনিষদৰ শ্লোকবােৰ তেওঁ মুখস্থ কৰিছিল। এয়া ৰাধাকৃষ্ণণৰ অন্যতম মেধাশক্তিৰ পৰিচয় বুলি সকলােৱে স্বীকাৰ কৰে।


কৰ্মজীৱন আৰু সাহিত্য সৃষ্টি (Career and Literary Creation)


এম. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ১৯০৯ চনৰ এপ্রিল মাহত মাদ্ৰাজৰ প্রেচিডেন্সি কলেজৰ অধ্যাপক ৰূপে নিয়ােজিত হয়। ১৯১১ চনত তেওঁ এল, টি অর্থাৎ লাইচেনচিয়েট ইন টিচিং উপাধি লাভ কৰে। উক্ত কলেজত অধ্যাপনা কৰাৰ

“১৯০৯ চনত প্রেচিডেন্সি কলেজৰ সময়ৰ কথা সুঁৱৰি তেওঁ কয়  অধ্যাপকৰূপে শিক্ষকতা বৃত্তি গ্রহণ কৰোঁ। তাত সাত বছৰ শিক্ষকতা কৰিব লগা হয়। সেই সময়ত উপনিষদ, গীতা, ব্রহ্মসূত্র প্রভৃতি প্রাচীন হিন্দু শাস্ত্ৰবােৰ আৰু সেইবােৰৰ ওপৰত শঙ্কৰ, ৰামানুজ, মাধব, নির্বাক প্রভৃতি প্রধান আচার্য দেৱৰ ভাষাবােৰ পাঠ কৰোঁ আৰু তাৰ লগতে বুদ্ধৰ বিশ্লেষণাত্মক গ্রন্থবােৰাে অধ্যয়ন কৰাে।”

পাশ্চাত্য চিন্তানায়কসকলৰ মাজত প্লেটো, প্লাটিনাচ, কান্ট, ব্যাডলী আৰু বাগচৰ ৰচনাৱলীয়ে তেওঁক বিশেষভাৱে প্রভাবিত কৰিছিল। প্রাচ্য আৰু পাশ্চত্য চিন্তাবিদসকলৰ ৰচনাৰাজিয়ে তেওঁক বিশেষভাৱে অনুপ্ৰেৰণা যােগাইছিল, আনহাতে তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথৰ আৰু মহাত্মাগান্ধীৰ লগত প্রায় বিশবছৰ ধৰি বিশেষ বন্ধুত্বৰ সম্পর্ক বজাই ৰাখিছিল।

প্রকৃততে ১৯১২ চনত ৰবীন্দ্ৰনাথৰ স’তে ৰাধাকৃষ্ণণৰ পৰিচয় ঘটে— ইংৰাজী অনুবাদৰ মাধ্যমত। গীতাঞ্জলি’ আৰু সাধনা’ নামৰ পুথি দুখনে ৰাধাকৃষ্ণণৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলায়। ১৯১৭ চনত The Quest পত্ৰিকাৰ এপ্রিল আৰু জুলাই সংখ্যাত তেওঁ ৰবীন্দ্রনাথ ঠাকুৰৰ জীৱন দৰ্শনৰ স’তে ভাৰতীয় আধ্যাত্মবাদৰ সম্পর্কে দুটি প্রবন্ধ ৰচনা কৰে। সেই প্রবন্ধ দুটি পঢ়ি কবিগুৰু ৰবীন্দ্রনাথে আনন্দিত হৈ ৰাধাকৃষ্ণণলৈ পত্র প্রেৰণ কৰে। কবিগুৰুৰ পত্ৰ পাই তেওঁ বৰ উৎসাহিত হৈছিল আৰু কবিগুৰুৰ ৰচনা সম্বন্ধে আৰু কেইটিমান প্রবন্ধ ৰচনা কৰি ১৯১৮ চনত 'Philosophy of Rabindranath Tagore' (ৰবীন্দ্র দর্শন) নামে এখন গ্রন্থ প্রকাশ কৰে। সেই গ্রন্থ প্রকাশৰ কিছুদিন পিছতেই ৰবীন্দ্রনাথে মহীশূৰলৈ গৈছিল আৰু সেই সময়তে অধ্যাপক ৰাধাকৃষ্ণণে কবিগুৰুৰ সান্নিধ্য লাভ কৰে আৰু কবিৰ মৰম স্নেহ, তথা বন্ধুত্ব লাভ কৰি ধন্য হয়। পৰৱৰ্তী কালত এই বন্ধুত্ব অধিক দৃঢ়তৰ হৈ পৰে আৰু এই মধুৰ সম্পৰ্ক ৰবীন্দ্ৰনাথৰ শেষ দিন পর্যন্ত অক্ষুন্ন হৈ থাকে।

ইয়াৰ পিছতেই ৰাধাকৃষ্ণণে International Journil of Ethics', 'Monist, 'Quest' প্রভৃতি বিভিন্ন প্রখ্যাত পত্রিকাত হিন্দুধৰ্মৰ সেৱামুখী, উদাৰ আদর্শ সম্বন্ধে কেতবােৰ প্রবন্ধ লিখে। বিশিষ্ট ফৰাচী দার্শনিক বার্গচৰ অদ্বৈতবাদ সম্বন্ধেও কেইটামান প্রবন্ধ বিখ্যাত দর্শন পত্রিকা 'Mind'ত প্ৰকাশ কৰে। ১৯২০ চনত মেকমিলন কোম্পানীয়ে উক্ত প্রবন্ধবােৰৰ এখন সংকলন গ্রন্থ প্রকাশ কৰে। ৰাধাকৃষ্ণণৰ সেই গ্রন্থৰ নাম Religion of Religion in centemporary philosophy' ইয়াৰে শেষ প্রবন্ধটি হ’ল এটি গঠনমূলক প্রবন্ধ যাৰ নাম 'Relatiy based on the Upanisad অর্থাৎ উপনিষদৰ বিচাৰত আদি সত্বাৰ স্বৰূপ।

ৰাধাকৃষ্ণণৰ এই গ্রন্থখন Muirheal Mackenzic, MeTaggart প্ৰমুখ্যে বিশিষ্ট চিন্তাবিদসকলে আৰু ব্রাটাণ্ড ৰাচেল প্ৰমুখ্যে বিশিষ্ট লেখকসকলে বিশেষভাৱে প্রশংসা কৰে।

১৯২১ চনৰ কথা। ৰাধাকৃষ্ণণে চাৰ আশুতােষ মুখােপধ্যায়ৰ আমন্ত্রণত কলিকতা বিশ্ববিদ্যালয়ত King George V. Professor of Philosophy নামৰ দর্শন বিভাগৰ সর্বোচ্চ পদত যােগদান কৰে।

লণ্ডনৰ Library of Philosophy নামৰ প্ৰখ্যাত পুথি প্রকাশক সংস্থাৰ সম্পাদক বিখ্যাত অধ্যাপক J.H.Murihead ৰাধাকৃষ্ণণৰ অন্তৰঙ্গ বন্ধু আছিল। ভাৰতীয় দর্শনৰ ওপৰত এখনি সুসংবদ্ধ ইতিহাস ৰচনা কৰাৰ বাবে ৰাধাকৃষ্ণণক বিশেষভাবে অনুৰােধ জনায়। এই অনুৰােধৰ ফলতেই ৰাধাকৃষ্ণণৰ বিখ্যাত গ্রন্থ Indian philosophyৰ প্রথম খণ্ড ১৯২৩ চনত আৰু দ্বিতীয় খণ্ড ১৯২৬ চনত প্রকাশ পায়। লগে লগে তেওঁৰ পাণ্ডিত্যৰ খ্যাতি সমগ্র বিশ্বতে বৈ যায়।

শিক্ষায়তনৰ সুউচ্চ স্তৰৰ পৰা সাধাৰণ মানুহৰ মনত প্রভাব পৰা দর্শন ভাবনাৰ কণিকাবােৰৰ সম্বন্ধে ৰাধাকৃষ্ণণ সম্পূর্ণভাবে সচেতন আচিল। তেওঁ বিভিন্ন গ্রন্থত কবীৰ, দাদু, তুকাৰাম প্ৰমুখ্যে সাধক সকলৰ চিন্তাধাৰাৰ কথা উল্লেখ কৰিছে। লগতে আছে E.J.Thompson আৰু A.M.Spencer কর্তৃক অনুদিত Bengali Religion Lyrices নামৰ গ্ৰন্থৰ পৰা উদ্ধৃতি।

অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অন্তর্ভুক্ত মানচেষ্টাৰ কলেজৰ অধ্যক্ষ এল. পি. জে চাহাবৰ স’তে ৰাধাকৃষ্ণণৰ বিশেষ বন্ধুত্ব স্থাপিত হয়। অধ্যক্ষ জেকে মানচেষ্টাৰ কলেজত হিন্দু জীৱন দর্শন সম্বন্ধে ‘আপটন স্মাৰক বক্তৃতা দিবলৈ ৰাধাকৃষ্ণণক বিশেষ ভাবে আমন্ত্রণ জনায়। সেই সময়ত অর্থাৎ ১৯২৬ চনৰ জুন মাহত লণ্ডনত বৃটিচ সাম্রাজ্যৰ বিশ্ববিদ্যালয় সমূহৰ কংগ্ৰেছত আৰু চেপ্তেম্বৰত আমেৰিকাৰ হাৰভার্ড বিশ্ববিদ্যালয়ত ‘আন্তর্জাতিক দর্শন কংগ্ৰেছত' যােগদানৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে ৰাধাকৃষ্ণণকেই প্রতিনিধি মনােনীত কৰে। ফলত তেওঁৰ পক্ষে অধ্যক্ষ জেক চাহাবৰ আমন্ত্রণ গ্রহণ কৰাটো সম্ভব হয়। এই সূত্রে তেওঁ প্ৰথমবাৰ ইংলেণ্ড আৰু আমেৰিকা ভ্ৰমণৰ সুযােগ পায়। মানচেষ্টাৰ কলেজৰ ‘আপটন স্মাৰক বক্তৃতা মালা'ত তেওঁ হিন্দুধর্মক এটা ঐতিহাসিক প্রগতিশীল আন্দোলন ৰূপে দেখুৱাবলৈ যত্ন কৰে আৰু তাৰ লগতে বুজাবলৈ বিচাৰে যে এই আন্দোলনৰ গতি-প্রকৃতি এতিয়াও বর্তমান। হিন্দু ধর্মাৱলম্বীসকল নদীগর্ভৰ বােকা মাটিৰ দৰে কোনাে কঠিন পদার্থৰ ৰক্ষক নহয়। তেওঁলােক হ’ল ধাৱমান জ্বলন্ত জোৰ লােৱা পথ নির্দেশকাৰীৰ দল।

ৰাধাকৃষ্ণণৰ জীৱন কালতেই হিন্দু ধর্মৰ গতি-প্রকৃতি নানাভাবে বাধাগ্রস্ত হৈছিল আৰু হিন্দু ধর্মৰ এক মর্যাদা হানিকৰ সমালোচনাৰ বিযয় ৰূপে গণ্য কৰা হৈছিল। দুর্বলতাৰ বাবে যি ঘটিছিল সেই সম্বন্ধে ৰাধাকৃষ্ণণে কৈছিল ‘পুৰুণুক্রমিক ঐতিহ্যধাৰা আৰু পৰমার্থিক সত্যৰ সীমাৰেখাৰ বিভ্রান্তিৰ ফলতেই এনে অৱস্থাৰ সৃষ্টি হৈছে। মূল সত্যৰ ভাবধাৰাক আমি ধৰি ৰাখিব লাগিব। এই ভাবধাৰাই আত্মাক সকলাে সত্য পথৰ সন্ধান দিব। ভগৱানে কেতিয়াও কোৱা নাই মই ঐতিহ্য’ তেওঁ কৈছে, ‘মই সত্য। সত্যৰ শ্রেষ্ঠতম শিক্ষক বা ব্যাখ্যা দিওঁতাতকৈ যে বহু বেছি ডাঙৰ সেই কথা পাহৰি গ'লে নহ'ব।

ৰাধাকৃষ্ণণৰ মতে প্রত্যেক জাতিৰ ইতিহাসত দেখা যায় যে যিবােৰ প্রথা আৰু সংস্থা কোনাে এক যুগত কোনাে এক সমাজৰ পক্ষে কোনাে বিশেষ প্রয়ােজন সিদ্ধ কৰিছে সেই প্রথা বা সংস্থাই পুনৰ পৰবৰ্তীকালত সেই সমাজৰ পক্ষে বিশেষ ক্ষতিকাৰক হৈ উঠিছে এইদৰে সঞ্চিত কু প্রথাবােৰ নির্মমভাৱে নিমূল কৰিব পাৰিলেই ধর্মই জীৱনৰ পবিত্ৰতা আৰু সত্যতা ৰক্ষা কৰিব পাৰিব। হিন্দুধর্ম একমাত্র ভাল-বেয়া বিচাৰ বােধৰ স’তে সমাজসেৱামূলক কেতবােৰ ধৰা বন্ধা নিয়মানুষ্ঠানৰ মাজতেই সীমাবদ্ধ নহয়। হিন্দুধর্মক সাধাৰণ বুদ্ধি বৃত্তিৰ উৎকর্ষ সাধন আৰু গভীৰ তত্ত্ব তথা অধ্যাত্ম জ্ঞানৰ ওপৰতেই বিশেষ গুৰুত্ব অর্পণ কৰা হয় আৰু এই ধর্ম কেৱল দুঃখবাদ অথবা অদৃষ্টবাদ নহয়। কর্মফল হ'ল বৰ্তমানৰ স'তে অতীতৰ প্রচ্ছন্ন সহৱস্থান মাত্র।

১৯২৬ চনৰ কথা- চেপ্তেম্বৰ মাহত আমেৰিকাৰ হাৰভার্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তর্জাতিক দর্শন কংগ্ৰেছত ৰাধাকৃষ্ণণে যি বক্তৃতা দিছিলে তাৰ মূল বিষয়বস্তু আছিল বর্তমান সভ্যতাত আধ্যাত্মিকতাৰ আমেজৰ অভাৱ এই সম্বন্ধ তেওঁৰ বক্তব্য ‘কল্কি বা সভ্যতাৰ ভৱিষ্যত’ নামৰ পুথিত বিশদভাৱে আলােচিত হৈছে।

ভাৰতীয় আদৰ্শৰ প্ৰচাৰক স্বামী বিবেকানন্দ আৰু কবিগুৰু ৰবীন্দ্ৰনাথৰ ধৰ্ম নীতিৰ ওপৰত সমর্থন দি ইয়াৰ বহুল প্রচাৰত তেওঁ যত্নপৰ হৈছিল। বিশ্বৰ দার্শনিক পণ্ডিত লােকসকলে আত্মাৰ বিষয়ে এনে ধৰণে মত পােষণ কৰিছে -

বিভিন্ন দর্শনৰ ফালৰ পৰা ‘আত্মা সম্পর্কে মত দিছে— আত্মাৰ বাবেই গােটেই বিশ্বৰ লােক এক, কিন্তু প্রকৃতিৰ বিনিময়ৰ বাবে আত্মা নহয়। আত্মক অধ্যয়নশীল কৰি তােলে প্রকৃতিয়ে। আত্মা কোনাে একাত্মক অর্থ বােধক নহয়। আত্মাই আপােন ৰূপেৰে জ্ঞান সঞ্চয় কৰি ব্যক্তিত্ব ৰক্ষা কৰে।

('The whole of the world natural for the 'Soul but not the soul for nature. Nature exists only to educate the soul, it has no other, significance, it exists because the soul must acquire knowlege and free itself through knowledge.")

এই ক্ষেত্ৰত স্বামী বিবেকানন্দৰ এষাৰ গুৰুত্বপূৰ্ণ কথালৈ আঙুলিয়াব পাৰি। বিবেকানন্দই কৈছিল 'Motion is the sign of life. অর্থাৎ স্বদেশ প্রতিৰ কাৰণে আমি বিভিন্ন দিশত বিভিন্ন ধৰণে আমাৰ ভাৱ মূর্তি প্ৰকাশ কৰিব লগীয়া হয়। দৈনন্দিন কার্য ক্ষেত্ৰতাে দিনযােৰা কাৰ্যসূচীৰে দিনটোৰ কাম নিয়াৰিকৈ কৰা মানেই নিশাৰ গভীৰ নিদ্ৰাক আহ্বান কৰা। ঠিক সেইদৰে ডেকা বয়সত যথেষ্ঠ কষ্ট কৰিলেহে মানুহে বৃদ্ধ বয়সত সুখ ভােগ কৰিবলৈ পায়। ৰামায়ণতাে এই কথা পােৱা যায়। সংসাৰত মানুহে ন্যায়ৰ আশ্ৰয়ত কাম কৰি গ'লেহে সুখ অনুভব কৰিব পাৰে। আনহাতে ‘

হিতােপদেশত’ পােৱা যায- বুদ্ধিয়ক লােকেহে সজ কাম কৰে। ৰাধাকৃষ্ণণে মহাভাৰতৰ দিনৰ পৰা ভাৰতীয় সমাজৰ বিষয়ে পর্যালােচনা কৰি মতামত ডাঙি ধৰিছে যে ইতিপূৰ্বৰ পৰা ভাৰতবৰ্ষত যি ঐশ্বৰীয় আৰু ধর্মীয় আচাৰ নীতি চলি আহিছে সিয়ে আমাৰ মাজত সজ আচৰণ, সৰু বৰ দুৰ্বলতাৰ বৈষম্য দূৰ কৰিব।

১৯৩১ চনত ড° ৰাধাকৃষ্ণণে অন্ধ্র বিশ্ববিদ্যালয়ৰ উপাচার্য নিযুক্ত হয়। আমেৰিকাতাে কেইবাবাৰাে সাময়িক ভাৱে শিক্ষকতা কৰিছিল। ১৯৩২ চনত তেওঁৰ প্রখ্যাত দার্শনিক গ্রন্থ 'An Idealist view of life' প্রকাশ পায়। ইয়াৰ ওপৰিও তেওঁ বহু প্রখ্যাত পুথি লিখি গৈছে তাৰ ভিতৰত ‘গৌতম বুদ্ধ, ভগৱদগীতা, Religion and society, Education Religion in a changing world oval ।

অৱশ্যে দার্শনিক পণ্ডিত ৰাধাকৃষ্ণণৰ ৰাজনীতিৰ প্রতি সিমান আগ্রহ নাছিল। তেওঁ ভাৰতীয় সংস্কৃতিৰ ওপৰত ৰচনা কৰা পুথিসমূহে তেওঁক প্রাচ্য আৰু পাশ্চাত্য দেশসমূহত মহীয়ান কৰি তােলে।

১৯৪৯ চনত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্রদূত ড° ৰাধাকৃষ্ণণ ছােভিয়েট ৰাচিয়ালৈ যায় আৰু তাতে ১৯৫২ চনলৈ ৰাষ্ট্রদূত ৰূপে কার্যভাৰ চলাই যায়।

ড° ৰাধাকৃষ্ণণৰ জীৱনী পর্যালােচনা কৰিলে আমি দেখা পাওঁ ৰাজনৈতিক জীৱনতকৈ শিক্ষাজগতৰ লগতে তেওঁ অধিক জড়িত আছিল।

আনকি ৰাষ্ট্রদূত হৈ থকা কালতাে তেওঁ ভাৰতীয় কৃষ্টি সভ্যতাৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰি নিজৰ ধুতি-চোলা আৰু মূৰত পাগুৰী পিন্ধিয়েই সভা সমিতিলৈ গৈ আমন্ত্রণ ৰক্ষা কৰিছিল। মস্কোত তেওঁ ৰাষ্ট্রদূত হৈ থকা কালছােৱাত

ষ্টেলিন ৰাচিয়াৰ ৰাষ্ট্রপতি আছিল। এনে একসূত্রতে তেওঁৰ লগত ষ্টেলিনৰ সাক্ষাৎ ঘটে। তেওঁৰ বহুমুখী পাণ্ডিত্যৰ গুণত মুগ্ধ হৈ ৰাচিয়াৰ ৰাষ্ট্রপতি ষ্টেলিনে তেওঁৰ লগত প্রায় তিনি ঘণ্টা আলাপ আলােচনা কৰি যথেষ্ঠ আনন্দ লাভ কৰিছিল।

১৯৬২ চনলৈ দহবছৰ তেওঁ উপৰাষ্ট্রপতি স্বৰূপে থকাৰ পাছত ১৯৬২ চনৰ ১৩ মেৰ দিনা ভাৰতৰ ৰাষ্ট্রপতি ৰূপে শপত গ্ৰহণ কৰে। এজন ৰাষ্ট্রপতি হৈ তেওঁ মহান ত্যাগৰ পৰিচয় দিয়ে। ৰাষ্ট্রপতি ৰূপে তেওঁ মাহিলী দৰ্মহা দহ হেজাৰ পালেও তাৰে তিনি হেজাৰ টকাহে নিজৰ খৰচৰ বাবে ৰাখি বাকী সাত হেজাৰ টকা দেশৰ জনগণৰ মঙ্গলৰ বাবে মাননীয় প্রধান মন্ত্ৰীৰ সাহায্য পুঁজিত দান দিছিল। এই ত্যাগেই তেওঁৰ ভাৱমূর্তি আৰু অধিক উজ্বল কৰি তুলিছিল।

ৰাষ্ট্রপতি দেশৰ মূৰব্বী তথা অতি ব্যস্ত হােৱা স্বত্বেও তাৰ মাজতেই তেওঁ সময় উলিয়াই আজৰি পৰত ৰাইজৰ লগত কথা বতৰা পাতি ভাব বিনিময় কৰিছিল। এজন ৰাষ্ট্রপতি হৈয়াে তেওঁ বৰ মিতব্যয়ী আছিল আৰু দেশখন দুখীয়া বাবেই বিজুলী বাতিৰ নিয়মীয়াকৰণ কৰিছিল। আনকি ৰাষ্ট্রপতি ভৱনৰ য'তে ত’তে বিজুলী বাতি অনাহকত জ্বলাই ৰখাৰ ক্ষেত্ৰতাে তেওঁ বাধা আৰােপ কৰিছিল।

এয়া আছিল ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ একোটি বিশেষ গুণ। ভূতপুর্ব ৰাষ্ট্রপতি ড° ৰাজেন্দ্র প্রসাদক তেওঁ ৰাষ্ট্রপতি পদৰ পৰা অবসৰ লােৱাৰ পিছত ভাৰত ৰত্ন’ উপাধিৰে সন্মানিত কৰিছিল। বিদায় পৰত তেওঁ নিজেই ড° ৰাজেন্দ্র প্রসাদক ৰেল ষ্টেচনলৈ আহি বিদায় যাচিছিল আৰু ৰাষ্ট্রপতি ভৱনত কাম কৰা কেইজনমান কর্মচাৰীক পাটনালৈ পঠিয়াই তেওঁ নিজৰ দায়িত্ব সুকলমে পালন কৰিছিল।

ড° ৰাধাকৃষ্ণণে চক্রবর্ত্তী ৰাজা গােপালাচাৰীক বৰ সন্মান কৰিছিল। ভাৰতৰ ৰাষ্ট্রপতি হৈ থকা কালছােৱাত কেতিয়াবা মাদ্রাজলৈ গ'লে তেওঁ চক্ৰৱৰ্তী ৰাজা গােপালাচাৰীক মাজে মাজে সাক্ষাৎ কৰিছিল।

১৯৬২ চনৰ চীন ভাৰতৰ যুদ্ধই তেওঁৰ মনলৈ বৰ উদ্বিগ্নতা আনি দিছিল। কিন্তু তেওঁৰ মনােবল আৰু স্বাৱলম্বিতাই দেশ উদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যােগাইছিল।

আনহাতে ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ স’তে যুদ্ধ ঘােষণা কৰাত প্রধান মন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীয়ে পাকিস্তানৰ লগত শান্তি স্থাপনৰ বাবে ছােভিয়েট ৰাচিয়াৰ তাচকেণ্টত পাকিস্তান প্রতিনিধিৰ লগত সাক্ষাৎ কৰাৰ পিছতে ১৯৬৬ চনত ১১ জানুৱাৰী তাৰিখে প্রধান মন্ত্রী শাস্ত্রী দেৱে ইহলীলা সম্বৰণ কৰে।

এজন সফল ৰাষ্ট্রপতি ৰূপে ৰাধাকৃষ্ণণৰ খ্যাতি আৰু যশস্যা সুদূৰ প্ৰসাৰী। ভাৰতৰ সর্বশ্রেষ্ঠ পুৰস্কাৰ ভাৰত ৰত্ন’ ১৯৫৪ চনত তেওঁক প্ৰদান কৰা হয়।

ৰাধাকৃষ্ণণৰ হৃদয়ত গভীৰ বিশ্বাস আছিল যি সাকৈ এক অদৃশ্য শক্তিয়ে জীৱনৰ সকলাে ক্ষেত্রতে তেওঁৰ ভাগ্য নিয়ন্ত্রণ কৰি চলিছিল। জীৱনত যিখিনি সাফল্য তেওঁ অৰ্জন কৰিছে সেই সাফল্য এই অদৃশ্য ভাগৱৎ শক্তিৰ প্ৰভাৱতেই যেন সম্ভৱ হৈছে। এয়া তেওঁ আন্তৰিকতাৰে বিশ্বাস কৰে। ৰাধাকৃষ্ণণৰ এই উক্তিক আমি পমাত্মাৰ প্ৰতি তেওঁৰ অকুণ্ঠ বিশ্বাসৰ কথা বুলিয়ে ধৰি ল'ব পাৰাে। এই প্রসঙ্গত তেওঁ আৰু কয় যে মােৰ জ্ঞান হােৱাৰ সময়ৰ পৰাই কিয় নাজানাে মােৰ মনত দৃঢ় বিশ্বাস জন্মিছিল যে এই আপাত দৃশ্য মানৱ জগতৰ পাছত এক অদৃশ্য সত্য জগতৰ অস্তিত্বও আছে। সেই জগত ইন্দ্রিয় মাধ্যমত দেখা নেপায়, দেখা যায় মনৰ চকুৰে। আনকি যেতিয়া মই বিপদত পৰাে তেতিয়াও মােৰ এই বিশ্বাস শিথিল নহয়। ৰাধাকৃষ্ণণৰ এই উক্তিৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ আছিল অতীন্দ্রিয়বাদ বিশ্বাসী মৰমী সাধক কুলৰেই এজন বিশিষ্ট সহচৰ।

ড° ৰাধাকৃষ্ণণৰ দার্শনিক দৃষ্টিভঙ্গী বৰ প্ৰখৰ আছিল। তেওঁৰ মতে ব্যক্তিয়ে সমাজ আৰু সমাজেই ব্যক্তি। ব্যক্তিৰ উন্নতি হােৱা মানেই সমাজৰ উন্নতি সাধন। তেওঁ বিভিন্ন দিশত ডাঙি ধৰা কেতবােৰ আদর্শবাদ বৰ প্রয়ােজনীয়— যিবােৰৰ আলােচনা কৰাটো নিতান্ত জৰুৰী।


ৰাধাকৃষ্ণণৰ দৃষ্টিত নাৰী


নাৰী জাতিৰ প্রতি ৰাধাকৃষ্ণণৰ সহানুভূতি আৰু অপৰিসীম মৰম আছিল। নিজৰ সার্থক গার্হস্থ জীৱনৰ কথা উল্লেখ কৰি তেওঁ কৈছিল যদিও আমাৰ সমাজত আৰু আমাৰ যুগত পাশ্চাত্য দেশৰ বিবাহৰ বয়সতকৈ অতি কম বয়সতে বিবাহৰ প্রথা প্রচলন আছিল তথাপি এই কম বয়সতে হােৱা বিবাহ অসার্থক নাছিল। হিন্দু স্ত্রীৰ আদৰ্শ যেনেদৰে মহিমামণ্ডিত আনফালে তেনেকৈ সেই আদর্শ অনুকৰণ কৰাও কঠিন। কিন্তু সেয়া স্বত্ত্বেও সৰল স্বভাৱৰ হিন্দু ৰমণীৰ এই আদৰ্শৰ প্ৰভাৱাে আছিল প্রচুৰ, হিন্দু ধৰ্মৰ নাৰী ‘যদিও তেওঁ অবিশ্বাসী হয় তেতিয়া হলেও মই থাকিম সদায় বিশ্বস্ত। তেওঁ চঞ্চল মতি হলেও, মই প্রতীক্ষাই কৰিম আৰু তেওঁ আনৰ প্রতি অনুৰক্ত হলেও, তেওঁ আপােন ঘৰলৈ ওভটাৰ সময়ৰ দৰে মই অপেক্ষা কৰিম। এই অন্ধ অনুকৰণক যদি প্রায় কালিকামণ্ডিত বুলি ভবা হয় তেন্তে ক'ব লাগিব ভগবানৰ অঙ্গতাে কলঙ্কৰ ছাপ বিৰাজমান। কাৰণ ভগৱানেও আমাক এনেকৈ ভাল পায়। তেওঁৱাে হিন্দু নাৰীৰ দৰে ক্লান্তিহীন ধৈর্যৰে সেই ক্ষণৰ বাবে অপেক্ষাত থাকে যেতিয়া আমি মিছা আনন্দ ভােগ ভাবনাত ক্লান্ত দেহ মনেৰে তেওঁৰ কাষলৈ উভতি যাও। যি সংশয়হীন বিশুদ্ধ প্ৰেমৰ উত্তৰাধিকাৰী
সকলে দুর্বলতাৰ ওপৰত জয়লাভ কৰে সেই প্রেমেই সম্ভৱত ভগৱানৰ শ্রেষ্ঠতম দান। হিন্দু নাৰীৰ প্রতি তেওঁ কৈছিল যুগে যুগে ভাৰতত এনে লাখ লাখ নাৰীয়ে জন্ম গ্রহণ কৰিছে যি সকলে যশ বা খ্যাতিৰ মুখ কাহানিও দেখা নাই। যদিও তেওঁলােকেই দৈনন্দিন জীৱন ধাৰাত সমগ্র জাতিকে সভ্যতাৰ আলােকত উদ্ভাসিত কৰিছে। এই মহিয়সী মহিলাকুলৰ অন্তৰৰ আবেগ আৰু উত্তাপ, আত্মত্যাগৰ উৎসাহ, বহিঃপ্রকাশ প্রৱণতাহীন বিশ্বস্ততা আৰু চৰম পৰীক্ষাৰ ক্ষেত্ৰতাে কঠোৰ কষ্টসাধ্য ব্রত পালনত সিদ্ধহস্ত— এই সকলােবােৰেই এই সুপ্রাচীন জাতিৰ একান্ত গৌৰৱৰ সম্পদ।

কুমাৰী নাৰী আৰু বিধবা নাৰীৰ ভাই, ভনী, পুত্র, কন্যা আৰু আত্মীয় স্বজনৰ মুখাপেক্ষী হৈ জীৱন ধাৰণৰ তিক্ত অভিজ্ঞতাৰ কথাও তেওঁ 'Religion and society' গ্রন্থত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও তেওঁ পিতৃ ধনত পুত্র কন্যাৰ সমান অধিকাৰৰ নীতিও সুন্দৰকৈ সমর্থন কৰিছিল। সেই সম্পর্কে প্রয়ােজনীয় আইন ৰচনাৰ বাবেও তেওঁ তাগিদা দিছিল। পৰৱৰ্তী কালত ভাৰত স্বাধীন হােৱাৰ পাছত এই আইন বাস্তৱত পৰিণত হয়।


হৰিজন সম্পর্কে ৰাধাকৃষ্ণণ


অস্পৃশ্য জাতি বা গান্ধীজীৰ হৰিজনৰ প্রতি ব্যৱহাৰক ৰাধাকৃষ্ণণে অপৰাধজনক বুলি বিবেচনা কৰিছিল। এই সম্বন্ধে তেওঁ Reply to critics নামৰ গ্রন্থত কয় ?

‘অতীতৰ পৰাই জাতিৰ এক বৃহৎ অংশক অস্পৃশ্য বুলি ঘােষণা কৰি আমি মানৱতাবাদৰ চৰম অপমান কৰিছাে। ই এক অন্যায়। বর্তমান হৰিজন শ্ৰেণীৰ উন্নতিৰ বিধানকল্পে বিশেষভাৱে চেষ্টা কৰিছে বুলি আমি গর্ববােধ কৰি থাকো। কিন্তু সত্য কথা ক'বলৈ গ'লে হৰিজনৰ মঙ্গলৰ অৰ্থে বর্তমানে যি কৰিছোঁ তাক দয়া বা নীতিধর্ম আখ্যা দিব নােৱাৰি। সেই কামক আমি প্রায়চিত্ত কৰা হৈছে বুলি কোৱাই অধিক যুক্তিসঙ্গত হ’ব। এই ক্ষেত্ৰত আমাৰ যিখিনি কাম কৰাৰ শক্তি সামর্থ্য আছে তাৰে সকলােখনিকে যদি আমি বিশেষভাবে সম্পাদন কৰিব পাৰাে তেনেহ'লে আমাৰ কৃত পাপৰ অতি নগণ্য অংশৰ বাবেই প্রায়শ্চিত্ত মাত্ৰ কৰা হ'ব”।


দৰিদ্র জনগণ সম্পর্কে (About the poor people)


আনহাতে দেশৰ সাধাৰণ জনগণৰ সম্পৰ্কে ৰাধাকৃষ্ণণৰ ভাৱধাৰা আছিল অতি সুস্পষ্ট।

ভাৰতৰ অতি কম সংখ্যক মানুহ অতুল ঐশ্বৰ্য্য আৰু বিপুল বৈভৱৰ মাজত বাস কৰিছে আৰু তাৰ কাষতেই কোটি কোটি অন্নহীন, বস্ত্রহীন, গৃহহীন লােকে পৰম দুখ বেদুনাত চৰম দাৰিদ্ৰতাৰ তাড়ােত বাস কৰিছে। দিনে দিনে তেওঁলােকে দাৰিদ্ৰতাৰ চিকাৰ হৈছে। এই অগণিত, শােষিত, নিপিড়িত, লাঞ্ছিত আৰু বঞ্চিত নৰ-নাৰী আৰু সহস্র জনগণ অসহায় শিশুৰ জীৱনৰ কথা ভাবিবলৈ হলে ভাব হয় আমিয়ে বােধকৰাে বর্তমান জগতৰ সমগ্র মানৱ সমাজৰ সর্বপেক্ষা দুর্নীতিগ্রস্ত অংশ।

ভাৰতৰ ভিক্ষু, শ্ৰমণ, সন্ন্যাসী, আৰু আচার্যগণে দেশৰ শিক্ষা সংস্কৃতি আৰু ধর্ম তথা দৰ্শনৰ প্রতিভূ ৰূপে যুগে যুগে দেশ দেশান্তৰে ভাৰতৰ মর্মবাণী বহল কৰি লৈ গৈছে। বর্তমান যুগতাে ৰাজা ৰামমােহন ৰায়, স্বামী বিবেকানন্দ, ৰবীন্দ্র নাথ, মহাত্মা গান্ধী প্রমুখ্যে মনিষীগণে ভাৰতৰ বাণী দেশে দেশে প্রচাৰ কৰিছে। পৰবৰ্তী যুগত তেওঁলােকৰেই পদাঙ্ক অনুসৰণ কৰি ভাৰতৰ ধৰ্ম আৰু দর্শন তত্ত্বৰ মূর্ত প্রতীক সর্বপল্লী ৰাধাকৃষ্ণণে ১৯৪৮ চনত ছেভিয়েট ৰাচিয়াত স্বাধীন ভাৰতৰ ৰাষ্ট্রদূত ৰূপে ভাৰতৰ ৰাষ্ট্রনীতিৰ অন্যতম মূল ব্যাখ্যাটোৰ ভূমিকাত অৱতীর্ণ হৈছিল। এই পদত তেওঁ ১৯৫২ চন পর্যন্ত আছিল। এই পদৰ কার্যভাৰ গ্ৰহণৰ বহু আগতেই তেওঁ সমগ্র বিশ্বৰ ধৰ্ম আৰু দৰ্শনৰ বিষয়ে অধ্যাপনা কৰে আৰু গবেষণাৰ স্থানত নিজকে সু প্রতিষ্ঠিত কৰে। ইয়াৰ বাদেও ১৯৩১-১৯৩৬ চনলৈ দীর্ঘ ন বছৰ ধৰি তেওঁ অধুনালুপ্ত লীগ অব নেচনৰ International Intellectual co-operative committee ৰ সদস্য হৈ থকাৰ ফলত দ্বিতীয় মহাযুদ্ধ পূর্ব বিশ্বৰাজনীতিৰ সম্বন্ধেও তেওঁ সম্পূর্ণ মনােযােগী আছিল।


ৰাধাকৃষ্ণণৰ জীৱনত স্বামী বিবেকানন্দৰ প্রভাব (Swami Vivekananda's affect on Radhakrishnan's life)


ড° ৰাধাকৃষ্ণণৰ জীৱনত স্বামী বিবেকানন্দৰ জীৱন আৰু শিকনিৰ প্ৰভাৱ অসীম। বিবেকানন্দই ভাৰতৰ প্রাচীন দর্শনক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে যি পথ কাটিছিল তাক ৰাধাকৃষ্ণণে পূর্ণ কৰিলে।

স্বামী বিবেকানন্দই ৰাধাকৃষ্ণণৰ জীৱনত প্ৰেৰণাৰ উৎস। স্বামীজীৰ সম্পর্কে তেওঁৰ স্মৃতি চাৰণৰ পৰা পােৱা যায় যে আমাৰ কৰ্ত্তব্য কালতে স্বামীজীৰ মানৱতাবাদী ধৰ্মৰ কথাই মনলৈ সাহস সঞ্চাৰ কৰে। মই বােধকৰাে তেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্র। বিবেকানন্দৰ চিঠি আৰু বক্তৃতাৰ হাতেলিখা কপিবােৰ আমি সকলােৰে মাজত বিতৰণ কৰিব লগা হয়। যেতিয়া আমাৰ ধৰ্ম আৰু দর্শন কটু আৰু কঠোৰ সমালােচনাত মুখৰ সেই সময়তে স্বামীজীৰ চিঠি আৰু বাণীয়ে মােৰ তৰুণ মনত যাদু দণ্ডৰে স্পৰ্শ কৰাৰ দৰে এক প্ৰকাৰ শিহৰণ সঞ্চাৰ কৰে আৰু আমাৰ জাতীয় ধর্ম সংস্কৃতিৰ ওপৰত গভীৰভাৱে আস্থাশীল কৰি তােলে। বর্তমান শতাব্দীৰ প্ৰথম ভাগত তেওঁৰ ৰচনাৱলীয়ে দেশৰ যুব সম্প্রদায়ৰ মনত এনেদৰেই ৰূপান্তৰ ঘটায়।

বিবেকানন্দ সম্বন্ধে পৰম শ্রদ্ধেয় সুনীতি কুমাৰে কৈছিল যে স্বামীজী আছিল হিন্দু ধৰ্মৰ এক অনমনীয়, অত্যুৎসাহী সমর্থক আৰু ৰক্ষক। জ্ঞান আৰু কর্মযজ্ঞৰ মূর্ত প্রতীক। স্বামীজীৰ বিপ্লৱী জীৱন মুমুর্ষ হিন্দু ধর্মত নৱ জীৱনৰ সঞ্চাৰ কৰিছিল। বিবেকানন্দৰ আদৰ্শত হিন্দু ধর্ম হ’ল এনে এক ধর্ম যি ধর্ম বিভিন্ন ধৰ্মৰ মাজত সবাতােকৈ সুন্দৰ, সবাতােকৈ উৎকৃষ্ট আৰু সকলােখিনি গ্ৰহণ কৰাৰ পিছত নিজৰ শক্তি সম্বন্ধে সম্পূর্ণ সচেতন আৰু আত্মস্থ হৈ বিশ্বমানৱৰ সেৱাত সকলােকে উদ্বুদ্ধ কৰি তুলিছে।

ৰাধাকৃষ্ণণে কৈছিল— যি যুগত স্বামী বিবেকানন্দ জন্মিছিল সেই সময়তে বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হৈছিল। তাৰ ফলত মানুহৰ চিন্তা জগতত বিৰাট আলােড়ন আৰু নৈতিক জীৱনত ক্রমবর্ধমান বিশৃঙ্খলতাই দেখা দিছিল আৰু জীৱনৰ সকলাে স্তৰতে প্রধান ঐতিহ্য আৰু আদৰ্শৰ প্রতি ক্রমশ ক্ষয়ীমান মূল্যবােধৰ ধাৰা সর্ব নিম্নস্তৰত আহি পৰিছিল। তাৰ লগতে জ্ঞানৰ ক্ষেত্ৰত দিশহাৰা মানুহে বিজ্ঞানকেই সকলাে সমস্যা সমাধানৰ একমাত্র উপায় বুলিয়েই ভাবি লৈছিল। আনকি বিজ্ঞানৰ সহায়ত ভগৱানৰ অস্তিত্ব প্রমাণ কৰাত সহজ সাধ্য হ’ব পাৰে এনে চিন্তা বহুতৰ মনত উদয় হৈছিল। প্ৰকৃততে ভগৱান নিজেই স্থানচ্যুত হৈ পৰিছিল। পাশ্চাত্য শিক্ষাত সু-শিক্ষিত আৰু সু-পণ্ডিত বিবেকানন্দই হাৰবাৰ্ট স্পেনচাৰ প্ৰমুখ্যে মনিষীৰ গ্রন্থ আদি পাঠ কৰিছিল। ফলত তেওঁৰ মানসিক বিভ্রান্তিও দেখা দিছিল। স্বামীজী যােগ পুৰুষ ৰামকৃষ্ণ পৰমহংস দেৱৰ শৰণাপন্ন হয়। ঠাকুৰ ৰামকৃষ্ণৰ প্রতি স্বামীজীৰ প্রশ্ন— ঠাকুৰ আপুনি ভগৱানক দেখিছেনে? ঠাকুৰে ক'লে, “এৰা, এয়া তােমাক যেনেকৈ দেখিছোঁ তাতকৈ পৰিস্কাৰ ভাবে ভগৱানক দেখিছোঁ আৰু তাৰ লগতে তেওঁ স্বামীজীক বুজাই দিলে যে ভগৱানক যিয়ে সঁচাকৈ চাবলৈ খােজে-- তেওঁৱে দেখা পাব। ৰামকৃষ্ণৰ উক্তিয়ে স্বামীজীৰ মনত শক্তি প্রদান কৰে। স্বামীজী আছিল ভাৰতৰ অন্তৰাত্মাৰ প্রতীক। তেওঁ আছিল ভাৰতীয় আধ্যাত্মিক বা পৰমার্থিক জীৱনৰ অস্পৃহা আৰু পৰিপূৰ্ণতাৰ প্রতীক। স্বামীজীৰ জীৱনৰ পৰা আমি ত্যাগ, সংযম, অভয় আৰু মানৱ সেৱাৰ আদৰ্শ আন্তৰিকভাৱে গ্ৰহণ কৰিব পাৰোঁ। স্বামীজীয়ে বাৰে বাৰে আমাক ভক্তি ধৰ্মৰ শিক্ষা দিছিল।

বিবেকানন্দৰ মাত্র গুণানুকীৰ্ত্তন কৰিলেই আমাৰ কামৰ অন্ত নপৰে। বিবেকানন্দই যি শিক্ষা দিছে সেই শিক্ষা আমি সম্পূর্ণভাৱে হৃদয়ঙ্গম কৰিব লাগিব আৰু যাতে সেই শিক্ষা আমাৰ জীৱনত প্রতিফলিত হয় সেই চেষ্টা নিৰলস ভাবে কৰিব লাগিব। যি দেশে স্বামী বিবেকানন্দৰ দৰে মহাপুৰুষৰ জন্ম দিছে আমি সেই পৱিত্র মাতৃভূমিৰ যােগ্য নাগৰিকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব।

ৰাধাকৃষ্ণণে নিজৰ জীৱনত এই মহৎ সংকল্প সাধন কৰিছিল। স্বামীজীৰ শিক্ষা তেওঁৰ জীৱনত উজ্বল হৈ উঠিছিল আৰু তেওঁ একমাত্র ভাৰতৰ যােগ্য নাগৰিকৰে ভূমিকা গ্ৰহণ কৰা নাই বৰং নিজকে সমগ্র বিশ্বৰ অন্যতম শ্রেষ্ঠ নাগৰিক ৰূপে প্রতিষ্ঠিত কৰিছিল।


ৰবীন্দ্রনাথ সম্পর্কে বাধাকৃষ্ণণ (About Rabindranath)


১৯৩১ চনৰ ২৬ ডিচেম্বৰ কলিকতাত ৰবীন্দ্র নাথ ঠাকুৰৰ সম্বর্ধনা উৎসৱ পালন কৰা হয়। সেই সভাত সভাপতিৰ পদ অলংকৃত কৰিছিল ৰাধাকৃষ্ণণে। উক্ত সভাত ভাষণ প্রসঙ্গত অতীত দিনৰ ৰজা-মহাৰজা, ৰাজ্য তথা সাম্রাজ্যৰ আৰু তাৰ লগতে কাব্য সাহিত্যৰ স্থায়িত্ব সম্বন্ধে তুলনামূলক বিচাৰ কৰি ৰাধাকৃষ্ণণে কৈছিল গ্ৰীচ দেশৰ ৰাষ্ট্রনীতিৰ বৈশিষ্ট্যৰ কথা, ৰােম সাম্রাজ্যৰ গৌৰৱৰ কাহিনী, উজ্জয়নী চহৰৰ সৌন্দৰ্যৰ কথা আৰু মধ্য যুগৰ ডাঙৰ ডাঙৰ ৰজা মহাৰজাৰ জীৱন কাহিনী— কোনােবা যেন বিস্মৃতিৰ অটল গৰ্ভত সােমাই পৰিছে। আনকি ৰাণী এলিজাবেথৰ কথাও মানুহে প্রায় পাহৰি গৈছে। কিন্তু হােমাৰ, ভার্জিল, কালিদাস, ডান্টে আৰু চেক্সপীয়েৰ আজিও অমৰ হৈ আছে। এই প্রসঙ্গত তেওঁ ৰবীন্দ্র নাথ সম্পর্কে কয়— যেতিয়া আমাৰ প্ৰভুসকলৰ আৰু নেতৃবৰ্গৰ কথা মানুহে পাহৰি যাব তেতিয়াও কিন্তু ৰবীন্দ্র নাথে তেওঁৰ কাব্য আৰু সাধনাৰ মাজেৰে আমাক মুগ্ধ কৰি ৰাখিব। ৰবীন্দ্র নাথ ভাৰতীয় হলেও কোনাে গােষ্ঠীগত বা জাতিগত ভাৱধাৰাৰ মাজত তেওঁৰ সৃষ্টি সীমাবদ্ধ নহয়— তেওঁৰ সৃষ্টি সার্বজনীন উপাদানেৰে ৰচিত হৈছে— যিয়ে বিশ্বৰ অন্তৰত স্পন্দন জগাব পাৰিছে। ৰবীন্দ্র নাথে জীৱনক কৰিছে মধুৰতম আৰু তাৰ লগতে সভ্যতাকো কৰিছে মহত্তম। মহৎ সাহিত্যৰ এইটোৱে হ’ল গৌৰৱৰ বিষয়— যি সাহিত্য ৰজা আৰু ৰাজবংশতকৈও দীর্ঘদিন স্থায়িত্ব লাভ কৰে। ৰবীন্দ্র নাথৰ সকলাে সৃষ্টিৰ প্রধান বৈশিষ্ট্য হল আন্তৰিক সততা আৰু সাধনাৰ মাধ্যমত চূড়ান্ত আধ্যাত্মিক মান। তেওঁৰ ৰচনাত আছে নিম্নস্তৰৰ মানুহৰ তথা অধঃপতিত লােকৰ বাবেও বাস্তব সহানুভূতিৰ দৃষ্টিভঙ্গী।

আনহাতে মহাত্মা গান্ধী আৰু গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেও তেওঁৰ জীৱনত যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল। তদুপৰি স্বামী বিবেকানন্দ সম্বন্ধে তেওঁৰ এই ভাবধাৰাৰ পৰাই আমি সহজে উপলদ্ধি কৰিব পাৰাে যে ৰাধাকৃষ্ণণে তেওঁৰ বৃহৎ জ্ঞানময়, ধর্মময় আৰু কর্মময় মহান জীৱনৰ মহান প্রেৰণা স্বামীজীৰ বাণীৰ পৰাই লাভ কৰিছিল।

ৰাধাকৃষ্ণণৰ জীৱনৰ প্ৰতিটো স্তৰতে নানা ৰত্নৰাজি বিয়পি আছে। ১৯৩৬ চনৰ পৰা ১৯৩৮ চনলৈ আৰু পৰবৰ্তী কেইবা দশক পর্যন্ত তেওঁ স্বদেশৰ নানা . অনুষ্ঠানত যােগদান কৰিছিল আৰু নেতৃত্বও দিছিল। তেওঁৰ কর্মক্ষেত্র আছিল বিশাল আৰু বিশ্বব্যাপী।


ৰাধাকৃষ্ণণৰ মেধা আৰু পাণ্ডিত্যৰ কথা (Radhakrishnan's talent and scholarship)


ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ মূল গ্রন্থাৱলীত বিবৃত ভাবধাৰা আৰু জটিল আধ্যাত্মিক তত্ত্বসমূহ সম্পূর্ণভাৱে হৃদয়ঙ্গম কৰাৰ বাবে যি তীব্র মেধাশক্তি আৰু প্ৰতিভাৰ প্রয়ােজন সেয়া সকলােখিনি ৰাধাকৃষ্ণণৰ মাজত আছিল। এই বিষয়ে দুটি উদাহৰণ ডাঙি ধৰিব পাৰি

প্রথম ঘটনা ঃ এবাৰ কলিকতা বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিদগ্ধ মণ্ডলীৰ এখন বিশেষ সভাত ৰাধাকৃষ্ণণ সভাপতি আছিল, সভাৰ মুখ্যবক্তা আছিল বিশিষ্ট অধ্যাপক কে. চি. ভট্টাচার্য মহােদয়, Metaphysics বা অধিবিদ্যা সম্বন্ধে অধ্যাপক ভট্টাচাৰ্য্যৰ গভীৰ জ্ঞানৰ কথা দেশে বিদেশে সুবিদিত আছিল। উক্ত সভাত পঠিত তেওঁৰ জটিল বিশ্লেষণমূলক যুক্তি ধাৰা সম্বলিত ৰচনাটি হৃদয়ঙ্গম কৰাটো মুঠেই সহজ নাছিল। সভাত প্রবন্ধটি পাঠ কৰাৰ পাছত সভাপতি ৰাধাকৃষ্ণণে যেতিয়া সেই সম্বন্ধে আপােন মন্তব্য প্রকাশৰ বাবে উঠিল তেতিয়া সমবেত পণ্ডিতসকলৰ কৌতুহলী দৃষ্টি স্বভাৱতে তেওঁৰ দিশলৈ গ'ল, পাছত ৰাধাকৃষ্ণণে মাত্র পাঁচ মিনিটৰ ভিতৰতে অধ্যাপক ভট্টাচাৰ্য্যৰ এঘণ্টা ব্যাপী দিয়া দুর্বোধ্য বক্তৃতাৰ সামৰ্ম সুন্দৰকৈ ব্যাখ্যা কৰিলে আৰু অধ্যাপক মহােদয়ে বাৰে বাৰে মূৰ জোকাৰি ৰাধাকৃষ্ণণৰ ব্যাখ্যাৰ যথার্থ সম্বন্ধে নিজৰ সন্মতি জনালে তেতিয়া উপস্থিত পণ্ডিত সকল বিস্মিত হৈ পৰিল।

দ্বিতীয় ঘটনা ঃ এবাৰ জৈন ধৰ্মৰ কেইটামান জটিল তত্ত্বৰ আলােচনাৰ সময়ত উপস্থিত থকা অধ্যাপক সকলে কোনাে স্থিৰ সিদ্ধান্ত গ্রহণ কৰিব নােৱাৰিলে তেতিয়া ৰাধাকৃষ্ণণে বহু পণ্ডিতৰ পক্ষত থকা প্রায় দুর্বোধ্য জৈন ধৰ্মৰ ‘প্রমেয় কমল মার্তণ্ড’ নামৰ গ্ৰন্থখন হাতত তুলি লৈ স্বচ্ছন্দে উক্ত গ্রন্থৰ স্থান বিশেষে অবলীলাক্রমে পাঠ কৰিলে আৰু নিজৰ সহজাত বিশেষ ভঙ্গীমাৰে সেই অংশৰ সুন্দৰ ইংৰাজী অনুবাদ আৰু সাবলীল ব্যাখ্যাৰ মাধ্যমত সমস্যা সমাধান কৰি সকলােকে চমক খুৱাই আনন্দ প্রদান কৰিলে। তেওঁৰ এনে সাৰগর্ভ বক্তব্যত সকলাে সন্তুষ্ট হ'ল।





শিক্ষা জীৱনত ৰাধাকৃষ্ণণ (Radhakrishnan in his education life)


ৰাধাকৃষ্ণণ এজন সুদক্ষ শিক্ষক (Radhakrishnan is an accomplished teacher)


ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে ১৯১১চনৰ এপ্রিল মাহত মাদ্রাজ আঞ্চলিক শিক্ষক সেৱাৰ যােগেদি তেঁওৰ দীর্ঘদিনীয়া শৈক্ষিক জীৱনৰ পাতনি মেলে। শৈক্ষিক জীৱনৰ আৰম্ভনিতে ডৰাধাকৃষ্ণণক এটা অনাধিকৃত পদত এজন মালায়ালাম শিক্ষক হিচাপে নিয়ােগ কৰা হৈছিল। মহাবিদ্যালয়ত তেওঁ উমৈহতীয়া ভাবে স্নাতক আৰু স্নাতকোত্তৰ কলা বিভাগত অধ্যাপনা কৰাৰ উপৰিও ‘মানসিক আৰু নৈতিক বিজ্ঞান বিভাগতাে সেৱা আগবঢ়াই গৈছিল।

তেওঁৰ দক্ষতা আৰু শিক্ষাৰ প্ৰতি থকা অপৰিসীম ধাৰণাৰ বাবে অতি কম দিনৰ ভিতৰতে ছাত্র সমাজত এজন জনপ্রিয় আৰু সুদক্ষ শিক্ষক হিচাবে এখন সুকীয়া আসন অর্জন কৰিবলৈ সমৰ্থ হৈছিল। ১৯১১চনত অধ্যাপনা প্রশিক্ষণ বিষয় সুখ্যাতিৰে সমাপন কৰি মাহে ১০০টকা মজুৰিত সহকাৰী অধ্যাপক হিচাপে তেওঁ অধ্যাপনা আৰম্ভ কৰিছিল। তেওঁ অঞ্চল অধ্যাপনাৰ কামতে নিজকে ব্যস্ত নাৰাখি শিক্ষক-ছাত্র আৰু মানৱসমাজলৈ কিছুমান আপুৰুগীয়া কিতাপ ৰচনা কৰি বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁৰ বহুমুলীয়া লিখনি সমূহৰ ভিতৰত কৰ্ম আৰু মুক্ত ইচ্ছা’, ‘গ্রীক নৈতিক দৰ্শনৰ প্ৰকৃতি আৰু নীতি’, ‘বার্গঠনৰ ভগৱানৰ সম্পর্কে ধাৰণা’, শিক্ষাত নৈতিকতা আৰু ধর্ম, ৰবীন্দ্র নাথ ঠাকুৰৰ দৰ্শন’ (১৯১৮) আদিয়েই প্রধান।

ইয়াৰ পিছত ডৰাধাকৃষ্ণণে অপৰিসীম কর্তব্যনিষ্ঠাৰ বাবে অধ্যাপকৰ পদলৈ পদোন্নতি লাভ কৰি অন্ধ্রপ্রদেশৰ ৰাজামুন্দ্ৰিৰ চৰকাৰী কলা মহাবিদ্যালয়ত যােগ দিয়ে। তেওঁ জীৱনকালত বহুতাে প্রখ্যাত পণ্ডিতৰ সান্নিধ্যলৈ আহিছিল। মহীশুৰ বিশ্ববিদ্যালয় আছিল তেওঁৰ শিক্ষাৰ প্রণকেন্দ্র, য'ত তেওঁ ৰাধাকুমুদ মুখার্জী কে, টি, চাহ, এ. কে. বাভিয়া, চি. আৰ. ৰেড্ডী, এন. এচ চুব্বাশও, হিৰিয়ানা, মহামহােপধ্যায় লক্ষ্মীপুৰাম, শ্রী নিবাস আচার্য আদিৰ দৰে গুণী জ্ঞানী ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল। তেওঁৰ মান’ নামৰ কিতাপখনৰ অনুক্ৰম আৰু সমসাময়িক দর্শনত ধৰ্মৰ স্থায়ীত্ব মানৰ পুথিখনৰ মাজেৰে পাশ্চাত্য দার্শনিক সকলৰ আদৰ্শক প্রতিষ্ঠিত কৰিছিল।

১৯১০-২০ৰ সময় ছােৱাত ৰাধাকৃষ্ণণে ভাৰতীয় দর্শনত মনােনিবেশ কৰিছিলযিটো খেতৰ এটা শিল্পী সুলভ কৰ্ম বুলি বিবেচিত হৈছে। লর্ড কার্জনে বিশ্ববিদ্যালয় অধিনিয়মখন ১৯০৪ চনত প্ৰদান কৰাৰ পিছত ভাৰতৰ শিক্ষা ব্যৱস্থাত বহুতাে সংস্কাৰ সাধন হৈছিল আৰু একে সময়তে কলিকতা বিশ্ববিদ্যালয় স্থাপিত হৈছিল।

কলিকতা বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচার্য আশুতােষ মুখার্জীয়ে ৰাধাকৃষ্ণণক ‘মানসিক আৰু নৈতিক দর্শন’ৰ বিভাগত আবেদনৰ কাৰণে অনুমতি প্রদান কৰিছিল আৰু সেই মর্মে চিনেটৰ অনুমােদন সাপেক্ষে তেওঁ সেই বিভাগৰ পদত আধিষ্ঠিত হৈছিল যাৰ ফলত শিক্ষা সমাজৰ সচেতন মহলত এটা সন্দেহে দেখা দিছিল-যে এজন ৩০ বছৰীয়া ব্যক্তিয়ে সেই পদত থাকি তেওঁৰ সেৱা কিমানদূৰ আগবঢ়াব পাৰিব। অকল সেইটোৱে নহয়-ৰাধাকৃষ্ণণে নিজেও তেওঁৰ নিচিনা এজন অনভিজ্ঞ আৰু অপৰিপূৰক ব্যক্তিক এনেকুৱা এটা দায়িত্বপূর্ণ পদৱীত আধিষ্ঠিত কৰাৰ বাবে আচৰিত হৈছিল। এই মর্মে তেওঁ যেতিয়া মহীশূৰ বিশ্ববিদ্যালয়ত পদত্যাগ পত্র দাখিল কৰি কলিকতা বিশ্ববিদ্যালয় অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া মহীশূৰৰ শিক্ষা সমাজত এটা হতাশা আৰু ক্ষোভৰ সৃষ্টি হৈছিল। ছাত্ৰসকলে ফুলেৰে সুসজ্জিত এখন দোলাত তেওঁক ৰেল ষ্টেচনলৈ বিদায়ৰ বেলিকা কঢ়িয়াই লৈ ছিল-আৰু এনেদৰে ছাত্র সমাজে তেখেতক এক আবেগ বিহ্বল আৰু অশ্রুসিক্ত নয়নেৰে বিদায় সম্ভাষণ জনাইছিল।


কলিকতাত ৰাধাকৃষ্ণণ ঃ (Radhakrishnan in Kolkata)


কলিকতাত ৰাধাকৃষ্ণণে ৰজা পঞ্চম জর্জৰ আসন অলংকৃত কৰাৰ লগে লগে তেওঁ কেবল ৰাষ্ট্রীয় স্বীকৃতিৰে প্ৰবল দাবীদাৰ নাছিল— আনকি আন্তৰাষ্ট্ৰীয় পর্যায়তাে স্বীকৃতি পাবলৈ সমৰ্থ হৈছিল।

কলিকতাত তেওঁ ভাৰতীয় দর্শন’ নামৰ গ্ৰন্থখনৰ প্ৰথম খণ্ডটো সম্পূর্ণ কৰিছিল আৰু ১৯২৩ চনত এই মহৎ গ্ৰন্থখনৰ প্রথম ভাগটো প্ৰকাশ কৰিছিল। সেই একেখনি গ্রন্থৰ দ্বিতীয় ভাগটো ১৯২৭ চনত প্ৰকাশ কৰি ৰাধাকৃষ্ণণে ভাৰতীয় দর্শনত এখনি সুকীয়া আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। এই কিতাপখনৰ জৰিয়তে তেওঁ এটা কথা দেখুৱাব বিচাৰিছে যে যদিও ভাৰতীয় দর্শন লাভদায়ক বােধ শক্তিতকৈ নিজস্ব লক্ষ্যত অধিষ্ঠিত তথাপি ইয়াক দর্শন বুলি ক'ব পৰা অধিকাৰ খর্ব হােৱা নাই।

‘ভাৰতীয় দর্শন’নামৰ কিতাপখনৰ প্ৰভাৱ ইমানেই বেছি আছিল যে ভাৰতীয় বিশ্ববিদ্যালয়বােৰতাে দার্শনিক চিন্তাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল। সেই একে সময়তে ৰাধাকৃষ্ণণক ভাৰতীয় দর্শনত এখন সুকীয়া আসনত অধিষ্ঠিত কৰাৰ বাবে বিৰক্তি প্রকাশ কৰিছিল। ৰাধাকৃষ্ণণে তেওঁৰ এই কালছােৱাত বহুতাে সমস্যাৰ সন্মুখীন হৈছিল। এক শ্ৰেণীৰ পণ্ডিতে তেওঁৰ গ্ৰন্থখনত বহুতাে তথ্য অন্য লিখকৰ পৰা নকল কৰা বুলি অভিযােগ কৰিছিল। কিন্তু বহুতাে সুপ্রসিদ্ধ লিখক যেনে কুপুস্বামী শাস্ত্রী, গঙ্গানাথ, জাহ আৰু নলিনী গাংগুলীয়ে ৰাধাকৃষ্ণণৰ এই গ্রন্থখন প্রশংসা কৰিছিল। শেষত সকলােৱে যেতিয়া ৰাধাকৃষ্ণণৰ ভাৰতীয় দর্শনক লৈ কৰা সাধনাৰ উমান পালে তেতিয়াই তেওঁৰ ওপৰত কৰা অভিযোেগসমূহৰ অন্ত পৰে। তেওঁৰ জীৱনৰ প্রথম কালছােৱাত আশুতােষ মুখার্জীয়ে তেওঁক যথেষ্ঠ অনুপ্ৰেৰণা যােগাইছিল— যাৰ ফলত তেওঁ জীৱনৰ উন্নতিৰ জখলাত দোপােতদোপে বগাই গৈছিল। তেওঁ ছাত্র, শিক্ষক আৰু বিশ্ববিদ্যালয়ৰ কর্মচাৰীসকলৰ মঙ্গলৰ বাবে জীৱনত বহুতাে প্রচেষ্টা হাতত লৈছিল। তেওঁ এবাৰ শৈক্ষিক আৰু প্রশাসনিক কমিটীৰ আলােচনাত হস্তক্ষেপ কৰি শিক্ষক, ছাত্র, আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলৰ ওপৰত হােৱা অবিচাৰ বন্ধ কৰে। ইয়াৰ পিছত আমােলাতন্ত্রৰ ৰাধা আৰু আর্থিক দুৰৱস্থা স্বত্বেও নেৰানেপেৰা সংগ্রাম কৰি অন্য কিছু সংখ্যক ব্যক্তিৰ সহায়ত ১৯২৫ চনত ভাৰতীয় দার্শনিক সভা স্থাপন কৰে। এই সভাৰ প্রথমখন অধিৱেশন ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত ১৯২৫ চনত কলিকতাত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত ভাৰতৰ দৰ্শনৰ শিক্ষক আৰু ছাত্র সমাজ অতি আগ্ৰহেৰে ৰাধাকৃষ্ণণক তৃতীয়খন অধিৱেশনত সভাপতি পদৰ বাবে নির্বাচন কৰে। এনেকৈয়ে ১৯৫০ চনত ভাৰতীয় দার্শনিক সভাৰ ৰূপালী জয়ন্তী বর্ষতাে তেওঁ সভাপতি হিচাপে কার্যনিবাহ কৰে। ১৯২৬ চনৰ সময়ছােৱাত তেওঁৰ বিভিন্ন লিখনিৰ জৰিয়তে ভাৰতীয় দর্শনৰ লগতে হিন্দু ধর্মটোও পাশ্চত্যৰ বহুতাে বুদ্ধিজীৱী আৰু পণ্ডিতৰ বাবে উপভােগ্য কৰি তুলিছিল। ঠিক এইখিনি সময়তে ইউৰােপ আৰু আমেৰিকাৰ বিশ্ববিদ্যালয়বােৰত দৰ্শনৰ বিষয়টো অধিক শ্রুতিমধুৰ কৰিবৰ বাবে প্রবক্তাসকলক একত্রিত কৰাৰ প্ৰয়াস কৰিছিল। উল্লেখযােগ্য যে এই অনুষ্ঠানসমূহৰ তেওঁ এজন নিয়মীয়া আমন্ত্রিত অধ্যাপক আছিল।


আন্তর্জাতিক স্বীকৃতি আৰু নাইট হুড (International Recognition and Night Hood)


১৯২৬ চনৰ ১২ আৰু ১৩ চেপ্তেম্বৰত লণ্ডনত অনুষ্ঠিত বিশ্ব আলােচনা সভালৈ কলিকতা বিশ্ববিদ্যালয়ে ৰাধাকৃষ্ণণ আৰু জগদীশ চন্দ্র বসুক নির্বাচিত কৰিছিল। ইয়াৰ কিছুদিনৰ পিছত তেওঁ ১৯২৬ চনৰ ১৩ আৰু ১৭ চেপ্তেম্বৰত হাভাৰ্চত আন্তঃৰাষ্ট্ৰীয় দৰ্শনৰ ভিত্তিত অনুষ্ঠিত সভাত কলিকতা বিশ্ববিদ্যালয় প্রতিনিধিত্ব কৰে। এনেকৈয়ে ৰাধাকৃষ্ণণে ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু ধৰ্মক এখনি বিশাল সমাজত প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ পাশ্চাত্য আৰু খ্রীষ্টিয়ান লােকসকলক আমাৰ নিজৰ সংস্কৃতি, পৰম্পৰা আৰু ধৰ্মৰ গভীৰতাৰ জ্ঞান দিবলৈ সক্ষম হৈছিল। ইয়াৰ ওপৰিও তেওঁ প্ৰমাণ কৰিছিল যে হিন্দু ধর্ম কেৱল মতবাদ বা মনৰ ধাৰণাৰ ওপৰত প্রতিষ্ঠিত নহয়—এই ধর্মটো জীৱন ধাৰণাৰ এটা আৱশ্যকীয় সম্বল। ধৰ্মৰ এইটো এটা বিতর্কিত প্রশ্ন স্বৰূপে থিয় দিছিল যাৰ বাবে তেওঁ হিন্দু ধৰ্মৰ ওপৰত গৱেষণা কৰি ইয়াৰ আদর্শ আৰু ধাৰণাৰ ভিত্তিত এই ধৰ্মক প্রতিষ্ঠিত ধর্ম হিচাবে আখ্যা দিছিল।

ড° ৰাধাকৃষ্ণণে আন্তঃৰাষ্ট্রীয় স্বীকৃতি আৰু সামন্ত উপাধিৰে কেৱল ভাৰততে নহয় আনকি সমগ্র বিশ্বতে এখন সুকীয়া আসনৰ অধিকাৰী হৈছিল। তেওঁৰ বক্তৃতাৰ সােৱাদ ল'বলৈ তেওঁৰ অনুৰাগীসকলে অনুষ্ঠানৰ নির্দিষ্ট সময়ৰ আগতে গৈ উপস্থিত হৈছিল। তেওঁ এচ.পি. মুখার্জী আৰু আৰ, কে মুলিকৰ সহযােগত কলিকতা বিশ্ববিদ্যালয়ত কলাৰ বিষয়ত এটা শাখা স্থাপন কৰে। ৰাধাকৃষ্ণণে এনেদৰে বিশ্ব আৰু দেশৰ বহুতাে শিক্ষা প্রতিষ্ঠানৰ লগত জড়িত হৈ পৰিছিল আৰু এই গধূৰ দায়িত্ব পালন কৰিছিল।

ৰাধাকৃষ্ণণৰ দক্ষতা আৰু শ্রুতিমধুৰ বক্তৃতাৰ লানিয়ে দেশবাসীক আপ্লুত কৰাৰ উপৰিও বিদেশী সকলকো আপ্লুত কৰিছিল, যাৰ বাবে তেখেতেক ১৯২৯ চনৰ ৩০ চনত মানচেষ্টাৰ মহাবিদ্যালয়ত (Oxford) ত খালী হােৱা অধ্যাপক পদৰ বাবে আমন্ত্রণ জনাইছিল। এই সময়ছােৱাত তেখেতে নিজৰ দক্ষতা প্রতিষ্ঠিত কৰিবৰ বাবে এটা সুযােগ লাভ কৰিছিল। বার্টেণ্ড ৰাচেলে ৰাধাকৃষ্ণণৰ বক্তৃতা শুনি এইদৰে মন্তব্য কৰিছিল যে ৰাধাকৃষ্ণণৰ বক্তৃতাত দৰ্শনৰ ব্যাখ্যাৰ দৰে কোনাে বক্তৃতা গভীৰ আৰু গম্ভীৰ হ’ব নােৱাৰে। এনেদৰে তেখেতে অক্সফোর্ডত পূর্বীয় ধর্ম আৰু নীতিশাস্ত্ৰৰ বাবে এখন সুকীয়া আসন ১৯৩৬ চনত স্থাপন কৰিবলৈ সক্ষম হৈছিল।

বিদেশ যাত্ৰাৰ পিছত তেখেত যেতিয়া ভাৰতলৈ ৰাওনা হৈছিল তেতিয়া কলম্বােত বুদ্ধদেৱৰ ওপৰত এটা বক্তৃতা প্রদান কৰি আহিছিল। ১৯৩০চনৰ ১০ অক্টোবৰত তেখেতে মহীশূৰ বিশ্বাবিদ্যালয়ৰ উপাধি প্রদান সমাৱেশত বক্তৃতা প্রদান কৰিছিল। তাৰােপৰি তেখেতে পঞ্জাৱ বিশ্ববিদ্যালয়তাে এনেকুৱা এক অনুষ্ঠানত প্রশিক্ষণ আৰু নেতৃত্বৰ ওপৰত ২৩ ডিচেম্বৰ ১৯৩০ চনত অন্য এক গুৰুত্বপূর্ণ বক্তৃতা প্রদান কৰে। ১৯২৯ চনত তেখেতে ' The New Era ' নামৰ এখন সংবাদ পত্র প্রকাশ কৰে। ভাৰত স্বাধীন হােৱাৰ আগতে বৃটিছ চৰকাৰে ৰাধাকৃষ্ণণক নাইট’ উপাধিৰে সন্মানিত কৰে। ৰাধাকৃষ্ণণৰ প্ৰতিভাৰ বাবে ষাঠি বছৰীয়া জন্ম দিৱসত বিশ্বৰ বিভিন্ন পণ্ডিতে তেওঁক ‘যুগশ্রেষ্ঠ মনিষী’ (Master mind of age) উপাধিৰে সন্মানিত কৰিছিল।


অন্ধ্র বিশ্ববিদ্যালয়ত উপাচার্যৰ ৰূপত ৰাধাকৃষ্ণণ : (Radhakrishnan as Vice Chancellor of Andhra University:)


১৯২৬ চনত স্থাপিত অন্ত্র বিশ্ববিদ্যালয়ত চি. আৰ. ৰেড্ডীয়ে যদিও প্রথম উপাচার্য হিচাবে কার্যনির্বাহ কৰিছিল তথাপি বহুতাে সদস্যই ৰাধাকৃষ্ণণক এই প্রতিষ্ঠানৰ মূৰব্বী হােৱাটো কামনা কৰিছিল আৰু এনেকৈয়ে ৬২ জনীয়া বিশ্ববিদ্যালয়ৰ কমিটীখনত ৰাধাকৃষ্ণণে ৩৩ জন সদস্যৰ সন্মতি লাভ কৰি ১৯৩১ চনৰ ১ মে তাৰিখে চল্লিশ বছৰ বয়সত অন্ধ্র বিশ্ববিদ্যালিয়ৰ মূৰব্বী হিচাবে কার্য নির্বাহ কৰিছিল। তেওঁ উপাচার্য হােৱাৰ
সময়ত বিশ্ববিদ্যালয়ৰ নিজা ভৱন নাছিল। কার্যালয়ৰ সকলাে ধৰণৰ কাম হােটেলৰ কিছুমান কোঠাত সম্পন্ন কৰা হৈছিল আৰু শ্রেণী কোঠাসমূহ জমিদাৰসকলৰ ঘৰত স্থাপিত কৰিছিল। তেওঁৰ কাৰ্যকালত আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ’ল তেখেতে স্থাপিত কৰা দর্শন, গণিত, অর্থনীতি, ৰাজনীতি বিজ্ঞান আৰু বিদেশী ভাষাৰ বিভাগসমূহ।

ৰাধাকৃষ্ণণে এটা সম্পূর্ণ শিক্ষাৰ পৰিবেশৰ বাবে পুথিভঁৰাল স্থাপন কৰাত অধিক মনােনিবেশ কৰিছিল আৰু তেওঁৰ একাগ্ৰতাৰ ফলতে অস্ত্র বিশ্ববিদ্যালয়ত অতি কম দিনৰ ভিতৰতে এটা সুন্দৰ পুথিভঁৰালৰ শুভাৰম্ভ হৈছিল য'ত সাত হেজাৰতকৈও অধিক কিতাপ মজুত ৰখা হৈছিল। সৱাতােকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে তেওঁৰ কার্যকালছােৱাত আৰম্ভণিৰ পৰা শেষলৈকে মুঠতে তাত ২৩,০০০ কিতাপ সংগ্রহ কৰা হৈছিল। ৰাধাকৃষ্ণণে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ উপৰিও ছাত্ৰসকলৰ নিবাসৰ সা-সুবিধাসমূহ উৎকৃষ্ট মানদণ্ডৰ কৰি তুলিবৰ বাবে উঠি পৰি লাগিছিল আৰু তাত তেওঁ সফললা হৈছিল। ইয়াৰ উপৰিও তেখেতৰ কাৰ্যকালত বালিকা মহাবিদ্যালয়সমূহ স্থাপন কৰা হৈছিল। সকলােকে আকর্ষণ কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাচুলৰ আধা শতাংশ হ্রাস কৰিছিল। তেওঁ ছাত্র-ছাত্রীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে খেলৰ শিক্ষক নিযুক্তি দিছিল।

তেওঁৰ কাৰ্যকালৰ অন্য এটি উল্লেখনীয় দিশ হৈছে তেওঁ আয়ােজন কৰা সম্বর্ধনা অনুষ্ঠানসমূহ যত বিশ্বৰ নােবেল বঁটা বিজয়ী চি.ভি. ৰমণ আৰু ৰবীন্দ্র নাথ ঠাকুৰৰ দৰে ব্যক্তিসকলে ছাত্র-ছাত্রীক সম্বােধি দিয়া বহুমূলীয়া কথাবােৰ অনুকৰণ কৰাৰ সুবিধা পাইছিল।
ঠিক একে সময়তে তেওঁ পঢ়ুৱৈ সমাজলৈ বহুতাে কিতাপ ৰচনা কৰি এটা ডাঙৰ বৰঙণি আগবঢ়াই গৈছিল। এই মহান গ্রন্থসমূহ হ'ল ধৰ্মত পূৱ আৰু পশ্চিম’, (১৯৩০), স্বাধীনতা আৰু সংস্কৃতি (১৯৩৫), ‘হিন্দু ধাৰাত প্রাণ’ (১৯৩৬) আৰু সমসাময়িক ভাৰতীয় দর্শন’ (১৯৩৬) আৰু এনেদৰে ১৯৪৬ চনৰ ২০ মে'ত এটা সুদীর্ঘকালৰ অন্তত অন্ধ্র বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ৰাধাকৃষ্ণণক ১৯৩১ চনত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বুদ্ধিজীৱী সংঘৰ সদস্য ৰূপে মনােনীত কৰিছিল। তেওঁ প্রত্যেক বছৰে জেনেভা অনুষ্ঠিত এই সভাত অংশ গ্রহণ কৰিছিল। ১৯৩১ চনৰ ৫ ডিচেম্বৰত লক্ষৌ বিশ্ববিদ্যালয়ৰ সমাবর্তনত ‘যৌৱন আৰু উদ্যম’ৰ ওপৰত বক্তৃতা প্রদান কৰিছিল। তেওঁ কোনাে প্রস্তুতি নােহােৱাকৈ প্ৰদান কৰা বক্তৃতাই সকলােকে স্তম্ভিত কৰিছিল। এনেদৰে তেওঁ ভাৰতীয় দৰ্শনৰ সভাসমূহ এখনৰ পিছত আনখন নিয়মীয়াকৈ অনুষ্ঠিত হৈছিল। এই সভাসমূহ ১৯৩১ (পাটনা) ১৯৩২ (মহীশূৰ) ১৯৩৩ (পুণা) আৰু ১৯৩৪ চনত অন্ধ্রপ্রদেশত অনুষ্ঠিত হৈছিল। বুদ্ধিজীৱী সংঘৰ সভাৰ সেই সময়ত ১৫ জন চিন্তাশীল ব্যক্তি জড়িত আছিল। তেওঁলােকৰ ভিতৰত মেডাম কুৰী, এলবার্ট আইনষ্টাইন, হেনৰি বার্গচন আৰু গীলবার্ট মুৰাৰীয়ে প্রধান। ৰাধাকৃষ্ণণে প্রত্যেক বছৰতে জুলাইত অনুষ্ঠিত সভালৈ ১৯৩১ চনৰ পৰা ১৯৩৫ চনলৈ নিয়মীয়াকৈ অংশগ্ৰহণ কৰিবৰ বাবে গৈছিল। ইয়াৰ ঠিক কিছুদিনৰ পিছত ৰাধাকৃষ্ণণে অক্সফোর্ডলৈ এটা গধূৰ দায়িত্ব পালনৰ অৰ্থে অন্ধ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লয়। তেওঁৰ বিদায় বেলিকা বিশ্ববিদ্যালয়ত বিদায় সভাসমূহ আয়ােজন কৰাৰ উপৰিও গােটেই চহৰখনৰ বিভিন্ন প্রান্তত এনেধৰণৰ সভাসমূহ অনুষ্ঠিত কৰি অশ্রুসিক্ত নয়নেৰে ৰাধাকৃষ্ণণক সকলােৱে বিদায় যাচিছিল। তেওঁৰ বিদায় পৰত বিশ্ববিদ্যালয়ত এটা বিখ্যাত ভােজ মেলৰ আয়ােজন কৰা হৈছিল আৰু এই ভােজ মেললৈ বহুতাে প্রসিদ্ধ পণ্ডিতক আমন্ত্রণ কৰা হৈছিল। তেখেতসকলৰ ভিতৰত মহাশয় ভি.এচ, শ্রীনিবাস শাস্ত্রী, লিটল হেলিচ আৰু চি, আৰ, ৰেড্ডী। এনেকৈয়ে তেওঁ কেইবালানিও বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ উচ্চ মান সম্পন্ন বক্তৃতাই সকলােকে মােহিত কৰিছিল। তেওঁ প্ৰত্যেকটো বক্তৃতাই ধৰ্ম আৰু দর্শনৰ গভীৰ তত্ত্ব প্রতিফলিত কৰিছিল। তেওঁ বক্তৃতাসমূহ ৰসাল আৰু কৌতুহলজনক কৰি তুলিবলৈ কিছুমান জনপ্রিয় আখ্যান আৰু গল্পৰ সংযােজন কৰিছিল। তেওঁ জীৱনৰ অধিক সময় দর্শন আৰু ধৰ্মৰ বিশ্লেষণৰ ওপৰত নিয়ােজিত কৰিছিল। এই মানসেৰে পূৱ আৰু পাশ্চত্যৰ মাজত থকা ধর্ম আৰু দৰ্শনৰ সাদৃশ্যৰ ওপৰত নিজৰ মত পােষণ কৰিবলৈ তেওঁ বহুতাে কিতাপ প্ৰকাশ কৰিছিল। পূবীয় ধৰ্ম আৰু পাশ্চত্য চিন্তা নামৰ কিতাপখন ১৯৩৯ চনত প্ৰকাশ কৰিছিল।

ৰাধাকৃষ্ণণে গান্ধীজীৰ ওপৰত ১৯২১ চনত এখন কিতাপ ৰচনা কৰিছিল আৰু এই কিতাপখনৰ শিৰােনামা আছিল গান্ধী আৰু ৰবীন্দ্র নাথ ঠাকুৰ’।

ইয়াৰ উপৰিও ১৯৩৬ চনৰ পৰা ১৯৩৯ চনলৈকে এই সময়ছােৱাত গান্ধীজীক সন্মান জনাই এখন অভিনন্দনমূলক গ্রন্থ প্রকাশ কৰিছিল। এই গ্রন্থখনৰ খণ্ডসমূহ সুচাৰুৰূপে প্ৰকাশ কৰিবৰ বাবে তেওঁ বিশ্বৰ কেইবাজনাে খ্যাতনামা ব্যক্তিৰ পৰা প্রবন্ধসমূহ সংগ্ৰহ কৰিছিল। তেখেতসকলৰ ভিতৰত এলবার্ট আইনষ্টাইন, পিয়েৰেল এছ বাক, আৰু ৰবীন্দ্র নাথ ঠাকুৰেই প্রধান। এই বহুমূলীয়া প্ৰবন্ধবােৰ আৰু বহুতাে সৃষ্টিশীল লিখনিৰ আধাৰত ৰাধাকৃষ্ণণৰ তত্ত্বাৱধানত এখন বহুমূলীয়া পুথিৰ প্রকাশ কৰিছিল। এই পুথিখন 'Introduction to Mahatma Gandhi' নামেৰে নামাকৰণ কৰিছিল যত গান্ধীৰ জীৱন আৰু কৰ্মৰ ওপৰত বিশ্লেষণ কৰা হৈছিল। অক্সফোর্ডত নিয়াৰিকৈ দায়িত্ব পালন কৰি ভাৰতলৈ উলটি আহি বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত উপাচার্য হিচাবে তেওঁ কার্যকাল আৰম্ভ কৰে।


কাশী (বেনাৰচ) হিন্দু বিশ্ববিদ্যালয়ত উপাচার্য ৰূপে ৰাধাকৃষ্ণণ (Radhakrishnan as Vice Chancellor of Kashi (Banners) Hindu University)


যি সময়ত ৰাধাকৃষ্ণণ কলিকতালৈ উলটি আহিল সেই সময়তে তেওঁ শিক্ষকতা আৰম্ভ কৰিলে। কাশী (বেনাৰচ) হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু উপাচার্য পণ্ডিত মদনমােহন মালব্যই নিজৰ বেয়া স্বাস্থ্যৰ হেতু অৱসৰ গ্ৰহণৰ কথা চিন্তা কৰে আৰু এজন সুযােগ্য ব্যক্তিৰ হাতত এই গুৰু দায়িত্ব অর্পণ কৰাৰ কথা বিবেচনা কৰে। তেওঁৰ ধাৰণা অনুসৰি কাশী হিন্দু বিশ্ববিদ্যালয়ৰ এজন কৃতী উপাচার্য হ'ব লাগিলে তেওঁ অতি কমেও পাঁচটা চৰ্তৰ অধিকাৰী হ'ব লাগিব। প্রথম চৰ্তটো হ’ল ব্যক্তিজন এগৰাকী মহান হিন্দু হ’ব লাগিব। দ্বিতীয়তে এজন দেশ প্রেমিক হ’ব লাগিব। তৃতীয়তে এজন আন্তর্জাতিক ৰূপত স্বীকৃত বুদ্ধিজীৱী হােৱা উচিত। চতুর্থতে-বিশ্ববিদ্যালয়ৰ বিত্ত বিভাগত ঋণ মােচন কৰাৰ দক্ষতা থাকিব লাগিব। পঞ্চমতে বিশ্ববিদ্যালয়ৰ বিত্ত বিভাগ উন্নত কৰিবলৈ যত্ন কৰিব লাগিব। মদন মােহন মালব্যই আবিষ্কাৰ কৰিলে যে উক্ত পাঁচোটা চর্তই ৰাধাকৃষ্ণণে পূৰণ কৰিব পাৰিব। সেয়ে ১৯৩৯ চনত তেওঁক উপাচার্য পদৰ দায়িত্বভাৰ ল’বলৈ অনুৰােধ জনায়। সেই একে কেইটা চর্ততে ৰাধাকৃষ্ণণে কলিকতা বিশ্ববিদ্যালয়ত কার্যকাল চলাই আছিল।

পণ্ডিত মালব্যৰ এই অনুৰােধ প্রথমে ৰাধাকৃষ্ণণে মানি ল’বলৈ অস্বীকাৰ কৰে। কাৰণ তেওঁ ভাবিলে যে এইটো এটা ডাঙৰ বােজা হ'ব, সেই পীড়িত বিশ্ববিদ্যালয়ৰ বাবে যদিহে তেওঁ দৰমহা বহন কৰিব লগা হয়। যিহেত বিশ্ববিদ্যালয়ৰ বিত্ত বিভাগ উন্নত নহয়। তেওঁ এই কামটোৰ কোনাে ন্যায়িক সিদ্ধান্ত ল'ব পৰা নাই কাৰণ তেওঁ অক্সফোডত বছৰৰ ছয়মাহ সময় কটাব লাগে। ইতিমধ্যে মালব্যই জনালে যে এই কামৰ সৰহ ভাগ দায়িত্ব প্রাক্তন উপাচার্যৰ হাততে ন্যস্ত আছে আৰু বিভাগীয় মুৰব্বীৰ হাতত সপি দিয়া আছে। মাত্র ৰাধাকৃষ্ণণে সহযােগিতা কৰি কামবােৰ পৰিদৰ্শন কৰিব লাগে। মালব্যই তেতিয়া জনালে যে ৰাধাকৃষ্ণণে মাত্র ভ্রমণ বানচ গ্রহণ কৰিলেই হ’ব। দৈনিক ওপৰঞ্চি বানচ আৰু এটি পাৰিতােষিক গ্ৰহণ কৰিব লাগিব— যিটো বিশ্ববিদ্যালয়ৰ বিত্ত বিভাগত কোনাে চাপ নপৰে। অৱশেষত ৰাধাকৃষ্ণণে এই প্রস্তাবত সন্মতি প্রদান কৰিলে আৰু তেওঁ মাত্ৰ কলিকতাৰ পৰা বেনাৰচলৈ ৰেল ভাৰা গ্ৰহণ কৰিব। ইয়াৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা অন্য একো গ্রহণ নকৰে। ১৯৩৯চনৰ ২০আগষ্টত মালব্যই অৱসৰ গ্ৰহণ কৰে। ৰাধাকৃষ্ণণে চেপ্তেম্বৰৰ ২৪ তাৰিখে কামৰ দায়িত্ব লয়। পণ্ডিতসকল আৰু উচ্চ পদস্থ বিষয়াবৰ্গই মালব্যৰ এই নির্বাচনত সন্তোষ প্রকাশ কৰে। ৰাধাকৃষ্ণণে এজন সফল শাসক ৰূপে জনপ্রিয়তা লাভ কৰে আৰু এক নতুন গতি সম্পাদন কৰে। তেওঁৰ কাৰ্যকালত বিশিষ্ট ব্যক্তিসকল বিশেষকৈ জৱাহৰলাল নেহৰু, ৰাজেন্দ্র প্রসাদ, গােবিন্দ বল্লভ পন্ত, শ্যামা প্রসাদ মুখার্জী, বিজয়া লক্ষ্মী পণ্ডিত, যুগল কিশােৰ বিৰিয়া আৰু মহাত্মা গান্ধীক অভিনন্দন জনােৱা হয়। ১৯৪২ চনৰ ১৪ চেপ্তেম্বৰত তেওঁ দ্বিতীয়বাৰলৈ উপাচার্য নির্বাচিত হয় আৰু তেওঁ তৃতীয় বাৰলৈও উপাচার্য নির্বাচিত হয়। ইয়াৰ পিছত তেওঁ অক্সফোর্ডলৈ যায়। ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটে।

এনে এক সময়তে ভাৰত চৰকাৰে তেওঁৰ নামটো UNESCOৰ প্রতিনিধি ৰূপে মনােনীত কৰে। প্ৰথমখন সাধাৰণ আধিবেশন ১৯৪৬ চনত পেৰিচত অনুষ্ঠিত হয়। ১৯৪৬ চনৰ ১২ নবেম্বৰত পণ্ডিত মদন মােহন মালব্যই নশ্বৰ দেহা ত্যাগ কৰে। ফলত গােবিন্দ মালব্যই নির্বাচনত জয়লাভ কৰি উপাচার্য পদত অধিষ্ঠিত হয়। ৰাধাকৃষ্ণণে অনুভৱ কৰিলে যে এইজনা উপাচার্য নিয়াৰিকৈ সকলাে কাম কাজ তদাৰক কৰিব পাৰিব। ফলত তেওঁ উপাচার্য পদৰ পৰা পদত্যাগ কৰে। বিদায়ী সভাত অংশ গ্রহণ কৰি ৰাধাকৃষ্ণণে অক্সফোর্ডলৈ ৰাওনা হয়।


এজন সফল ৰাজনীতিবিদ ৰূপে ৰাধাকৃষ্ণণ (Radhakrishnan as a successful politician)


ৰাজনৈতিক জীৱন সম্পর্কে আমি ক’ব লাগিব— ৰাধাকৃষ্ণণ এগৰাকী সফল ৰাজনীতিবিদ।

১৯৪৮-১৯৫২ চন পর্যন্ত ছােভিয়েট ৰাচিয়াত তেওঁৰ সাফল্যৰ কথা আগতে উনুকিয়াই অহা হৈছে। তাৰ পাছত ১৯৫২ চনত তেওঁ ভাৰতৰ উপৰাষ্ট্রপতি ৰূপে নির্বাচিত হয়। সেই পদৰ প্রাথমিক ৰাজনৈতিক কর্তব্য ভাৰতৰ কেন্দ্রীয় আইন সভাৰ উচ্চতৰ পৰিষদৰ অর্থাৎ ৰাজ্য সভাৰ সভাপতিত্বৰ দায়িত্বভাৰ গ্রহণ। সকলাে ৰাজনৈতিক দলৰ লগত সমতাবােধ, সহনশীলতা আৰু প্ৰতিটো জটিল ৰাজনৈতিক আলােচনাৰ পৰিপেক্ষিতত উদ্ধৃত হােৱা সমস্যাবােৰ তেওঁ নিৰপেক্ষ ভাবে বিচাৰ কৰি সুন্দৰকৈ সমাধান কৰিবলৈ সমর্থ হয় আৰু সকলােৰে বিশ্বাস অর্জন কৰি নিজৰ ব্যক্তিত্বৰ পৰিচয় দিয়ে। ভাৰতৰ উপৰাষ্ট্রপতি পদ অলংকৃত কৰাৰ সময়তাে তেওঁ কেইবাবাৰাে বিদেশ ভ্রমণ কৰে।

১৯৫২ চনৰ চেপ্তেম্বৰ মাহত প্রায় চাৰিমাহ ধৰি তেওঁ ইউৰােপ আৰু পূৱ এচিয়াৰ বিভিন্ন দেশত ৰাষ্ট্রীয় মর্যাদাৰে ভ্ৰমণ কৰে। সেই সময়ত তেওঁক অক্সফোর্ড বিশ্ববিদ্যালয়ে এমাৰিটাচ প্রফেচাৰৰ মর্যাদা প্রদান কৰি ডি.এল উপাধি প্রদান কৰে।

১৯৫২ আৰু ১৯৫৪ চনত তেওঁ যথাক্রমে ফ্ৰান্সৰ ৰাজধানী পেৰিচ চহৰত আৰু উৰগুয়ৰ ৰাজধানী মন্টিভিজে চহৰত ইউনেচকো’ (UNESCO) সংস্থাৰ সাধাৰণ সভাৰ সভাপতি ৰূপে ভাষণ দিয়ে। ১৯৫৪ চনত তেওঁ ভাৰত ৰত্ন’ সন্মান লাভ কৰে আৰু সেই বছৰে ৰাষ্ট্ৰীয় মর্যাদা সহকাৰে আমেৰিকা ভ্রমণ কৰে। ভাৰত চৰকাৰৰ পক্ষৰ পৰা মার্কিন চৰকাৰৰ চিনেটৰ চেয়াৰমেনক চিনেট সভা পৰিচালনাৰ উপযােগী এটা হাতীৰ দাতেঁৰে তৈয়াৰী ‘গেভেল’ বা হাতুৰী প্ৰদান কৰে।

১৯৫৭ চনত তেওঁ পুনৰ উপৰাষ্ট্রপতি পদত নির্বাচিত হয়। সেই সময়ত ড° ৰাজেন্দ্র প্রসাদৰ দ্বিতীয়বাৰ ৰাষ্ট্রপতি নির্বাচন উপলক্ষে কিছু অবাঞ্চিত অৱস্থাৰ সৃষ্টি হয়। কিন্তু ৰাধাকৃষ্ণণৰ উদাৰ মনােভাৱ আৰু বিচক্ষণতাৰ বাবে এই ভাব শীঘ্ৰে দূৰ হয়।

১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্রপতি পদত নির্বাচিত হয়। তেওঁৰ মহান ত্যাগৰ কথা সকলােৱে জানে। সমাজ জীৱনত তেওঁৰ আদৰ্শনিষ্ঠা, জনগণৰ লগত প্রেম প্রীতিৰ মনােভাব স্থাপনৰ চেষ্টা বিৰল। ৰাধাকৃষ্ণণৰ সহযােগী কলিকতা বিশ্ববিদ্যালয়ৰ আৰু পৰৱৰ্তীকালত পশ্চিমবঙ্গৰ ৰাজ্যপাল ড° হৰেন্দ্র প্রসাদ মুখােপধ্যায়ৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ লেখীয়া আদর্শনিষ্ঠাৰ পৰিচয় পােৱা যায়।

১৯৬৭ চনৰ ৯ মেত তেওঁ অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণৰ পাছত ৰাধাকৃষ্ণণে মাদ্ৰাজৰ ময়লাপুৰ অঞ্চলৰ ৩৭ নং জর্জ ইলিয়ট ৰােডৰ ‘গেৰিজা’ নামাঙ্কিত নিজৰ ঘৰত সম্পূর্ণ অৱসৰ জীৱন যাপন কৰিছিল। তেওঁৰ খাদ্য স্বাভাৱিক ভাৱেই ভালেই আছিল যদিও এবাৰ তেওঁ যথেষ্ঠ অসুস্থ হৈ পৰে।

১৯৭৫ চনৰ জানুৱাৰীত তেওঁ হঠাতে ইউৰিমিয়া ৰােগত আক্ৰান্ত হৈ এখন নার্চিং হােমত ভর্তি হয়। কিছুদিন নার্চিং হােমত চিকিৎসাৰ পাছত ঘৰলৈ উভটি আহে। পাছত আকৌ তেওঁক নার্চিং হােমত ভর্তি কৰােৱা হয়। নার্চিং হোেমত থকা কালত ফেব্ৰুৱাৰী মাহত তেওঁক Templeton পুৰস্কাৰ প্ৰদানৰ কথা ঘােষণা কৰা হয়। এই পুৰস্কাৰ আগতে খ্রীষ্টান মনীষা সন্ন্যাসিনী মাদাৰ টেৰেচাক প্রদান কৰা হৈছিল। ৰাধাকৃষ্ণণ আছিল উক্ত পুৰস্কাৰৰ তৃতীয়জন ব্যক্তি।

১৬ এপ্রিলৰ দিনা ৰাতি ১২ টা ৪৫ মিনিটত বিশ্বৰ শ্ৰেষ্ঠ এই গৰাকী মনিষী ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে নার্চিং হােমতে তেওঁৰ নশ্বৰ দেহা ত্যাগ কৰে। মৃত্যুকালত তেওঁৰ বিচনাৰ কাষতে উপস্থিত আছিল তিনিওজনী কন্যা আৰু প্রিয় পুত্র প্রখ্যাত পণ্ডিত ড° এচ. গােপাল।


Post a Comment

0 Comments