বৰাহগিৰি ভেংকটগিৰিৰ জীৱন কাহিনী
ভাৰত গণৰাজ্যৰ চতুর্থগৰাকীৰাষ্ট্রপতি হ’ল-বৰাহগিৰি ভেংকটগিৰি ১৮৯৪ চনৰ ১০ আগষ্ট তাৰিখে বৰহমপুৰ নামে ঠাইত জন্ম গ্রহণ কৰিছিল।
তেওঁ বৰহমপুৰ হাইস্কুলৰ পৰা শেষান্ত পৰীক্ষা পাছ কৰে। উচ্চ শিক্ষাৰ বাবে তেওঁ মাদ্রাজলৈ যায়। এদিন মাদ্রাজ বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে বি, এ পৰীক্ষাত উৰ্ত্তীণ হয়। ইয়াৰ পিছত তেওঁ আইন শিক্ষা লাভ কৰিবলৈ মন কৰে। ডাবলিনৰ নেশ্যনেল ইউনিভাৰচিটি অৱ আয়াৰলেণ্ডত তেওঁ আইন পড়ে । এদিন সুখ্যাতিৰে আইন উপাধি লাভ কৰে। আয়াৰলেণ্ডত থাকোতেই ভেংকটগিৰিয়ে মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰে। ১৯১৬ চনত আয়াৰলেণ্ডৰ ইষ্টাৰ বিদ্রোহে তেওঁক আকৃষ্টকৰাত ভাৰতত শ্রমিক শ্রেণীক সংগঠন কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।
১৯২১ চনত দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰে । আন্দোলনত নামিয়েই তেওঁ কাৰাবৰণ খাতিব লগা হৈছিল। ১৯২৬ চনত সদৌ ভাৰত ট্রেড ইউনিয়ন কংগ্ৰেছৰ সভাপতি হয়। তেওঁ কাৰ্যকালৰ ভিতৰত জেনেভাত অনুষ্ঠিত হােৱা আন্তঃ ৰাষ্ট্ৰীয় মজদুৰ সংগঠনৰ সন্মিলনলৈ ভাৰতৰ প্রতিনিধি হিচাপে অংশ গ্রহণ কৰিছিল। ১৯৩১ চনত লণ্ডনত আয়ােজিত ঘুৰণীয়া মেজমেললৈ ভাৰতৰ বনুৱা প্রতিনিধি ৰূপে যােগদান কৰিছিল।
এজন ৰাজনীতিজ্ঞ নেতা হিচাপে ভেংকটগিৰিয়ে ১৯৩৭ চনতৰাইজৰ সহযােগীতাত মাদ্রাজ বিধান সভাৰ সদস্য নির্বাচিত হয়। ১৫৫২ চনত মাদ্ৰাজৰ পথ পট্টনম সমষ্টিৰ পৰা লােকসভালৈ সদস্য নির্বাচিত হয়। জৱহাৰলাল নেহেৰুৰ নেতৃত্বত গঠন হােৱা কেন্দ্রীয় মন্ত্রীসভাৰ শ্রম মন্ত্রী হিচাপে নিযুক্তি পাইছিল ।
১৯৫৭ চনত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি পায়। ১৯৬১ চনত কেৰেলাৰ ৰাজ্যপালহৈ পাঁচ বছৰ থাকে। ১৯৬৭ চনত মাদ্রাজত কিছুদিন আৰু তাৰ পাছত মহীশূৰত ৰাজ্যপালৰ দায়িত্ব বহন কৰিছিল।
১৯৬৭ চনত হােৱা নিৰ্বাচনত তেওঁ উপ-ৰাষ্ট্রপতি পদত অধিষ্ঠিত হয়। প্রায় আঢ়ৈ বছৰ কাল উপ-ৰাষ্ট্রপতি হিচাপে কাৰ্য্য চলােৱাৰ পিছত হঠাতে ড° জাকিৰ হুছেইনৰ মৃত্যু হােৱাত তেওঁকেই ৰাষ্ট্রপতি নির্বাচন কৰে। এই নির্বাচনত বৰাহগিৰি ভেংকটগিৰিয়ে স্বতন্ত্র প্রার্থীহৈ নির্বাচনত নামিছিল।কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে নীলম সঞ্জীৱ ৰেড্ডীক প্রার্থী থিয় কৰাইছিল । শেষত ১৪৬৫০ টা ভােটৰ ব্যৱধানত ভেংকটগিৰি জয়ী হৈছিল। ভাৰতীয় কংগ্ৰেছ ইতিহাসত প্রথম বাৰলৈ এই ৰাষ্ট্রপতি নির্বাচনে পৰিৱৰ্তন আনিলে।
১৯৬৯ চনৰ ২৪ আগষ্টৰ দিনা ভেংকটগিৰিয়ে ৰাষ্ট্রপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেখেতে জনসাধাৰণৰ মঙ্গলৰ বাবে একনিষ্ঠ ভাবে আত্মােৎসর্গ মনােভাবে কাম কৰি যায় । তথাপি তেওঁ ৰাষ্ট্রপতি হৈ থাকোতে এবাৰ এটা অপযশৰ কাৰণে উচ্চতম ন্যায়ালয়ত হাজিৰ হব লগা হৈছিল।
১৯৭৪ চনত তেওঁ ৰাষ্ট্রপতি পদত থাকি দুনীতি আৰু চোৰাং কাৰবাৰ নির্মূল আৰু ভাৰতৰ অগণন জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে কাম কৰি গ'ল ।
১৯৭৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সম্মান “ভাৰত ৰত্ন” উপাধি প্রদান কৰে। ১৯৮০ চনৰ ২৪ জুন তাৰিখে মাদ্রাজত এইজনা মহান পুৰুষৰ জীৱন অৱসান ঘটে।
0 Comments