কথকতা এক অন্তহীন আৱেগৰ
বিংশ খণ্ড
:শান!কি কৰিছা?ইমান কাণ্ডজ্ঞানহীন হ'লা যে? তোমাৰ বিয়া অথচ তুমি এতিয়াও ঘৰলৈ অহা নাই! ক'ত আছা আমি নাজানো। ফোনটো ও বন্ধ। ল'ৰা ধেমালি পাইছা নেকি? যি মন যায় তাকেই কৰিবলৈ! কাইলৈৰ ভিতৰত তোমাক যাতে ঘৰত পাওঁ মই। ৰাখিছোঁ।
...উমি উমি জ্বলি থকা চাকিগছিক যেন জোৰেৰে অহা বতাহ এজাকে নুমাই দিলে......থৰ হৈ ৰ'লো। কি কৰো?? মই বাৰু স্বাৰ্থপৰ হৈ পৰিছো নেকি?? সংগীক পাবলৈ মই বাৰু মা-পাপাৰ আশা , আৱেগক নেওচা দিছোঁ নেকি??
নিজকে সম্ভালি প্লেটখন টেবুলত থৈ পুখুৰীৰ পাৰলৈ আহিলোঁ। অকলশৰে থাকিব লাগে এতিয়া মই.... এই সময়ত কাৰো উপস্হিতি কাম্য নহয় মোৰ!
পুখুৰীৰ দলংখনত বহি ভৰি দুটা পানীত নমালো। পানীৰ পৰশত মনটো অলপ শান্ত হ'ল। এৰা! পানী আৰু আকাশ!!দুয়ো ইমান বিশাল.... অথচ সকলোকে আৱৰি ৰাখে একেদৰেই। উজ্জ্বল আকাশ প্ৰতিফলিত হৈছে পানীখিনিত। ৰ'দৰ তাপে পানীখিনি ৰ ঠাণ্ডা কমাই তুলিছে। একেথৰে চালোঁ আকাশলৈ! মই ও যদি এনেদৰে উদাৰ আৰু বিশাল হব পাৰিলোঁ হয়! যদিহে সকলোকে একেলগে ৰাখিব পাৰিলোঁ হয়!কাইলৈ যদি মাই মাতিছে, তেন্তে মই কাইলৈ দিনত যাব লাগিব। আজি মই নাযাওঁ। সংগীৰ কথা শুনিবলৈ আজি মই ৰব লাগিব। কিন্তু যদিহে সংগীৰ মোৰ প্ৰতি ভাল ভাৱ আছে! অবান্তৰ যদিও ভাবিছোঁ! যদিহে তাই কয় ,""মই তোমাৰ লগত থাকিব বিচাৰোঁ বুলি!"" কি কৰিম মই!উস্!!অসহ্য! মোৰ এটা ভুলে সবৰে জীৱন সাঙুৰি পেলালে।
আকাশলৈ চাই ৰ'লো। জানোচা কিবি উপায় ওলাই, পিছে নিজ ইচ্ছা কৃত ভুলে জানো ইমান সহজে বাট মোকলাব!
:শান! কি হ'ল ক চোন। ৰঞ্জন, অভি সকলোৱে আচৰিত হৈছে তোৰ ব্যৱহাৰত। কি হ'ল তোৰ?? কোনে ফোন কৰিছিল??
: প্ৰণয়! মই যাব লাগিব। পাৰিলে আজি ৰাতিয়েই। কিন্তু মোৰ সংগীক এৰি যাবলৈ মন নায়। বহুত হেপাঁহৰ তাই মোৰ। তাইক পাবলৈ মোৰ প্ৰাৰ্থনা ৰ মূল্য পাইছিলোঁ হে , এতিয়া যে উপায় নাই মোৰ হাতত।
: যাবি?? আজি ৰাতি??
: মোৰ ভুলৰ শাস্তি মা ,পাপাক কিয় দিওঁ? প্ৰণয়!
:হু!
প্ৰণয়লৈ চালোঁ। তাৰো দৃষ্টি দূৰণিত! ই মোৰ কথা নকলেও বুজে। অথচ ইয়াৰ কথা আওকাণ কৰি মই ছায়াৰ লগ লাগিছিলো।
:কি কৰোঁ মই প্ৰাণ! উপায় এটা দে।
: কি কৰিম মানে?? কোনটো তোৰ বাবে বেছি গুৰুত্বপূৰ্ণ?
: যাব লাগিব প্ৰাণ! পাপাৰ অতদিনৰ কষ্টৰ মূল্য মই দিব লাগিব। তেওঁৰ সন্মান কেনেকৈ লাঘৱ কৰোঁ ক। মই দ্বায়িত্বজ্ঞান শূণ্য! ......কোনো কামেই সম্পূৰ্ণ নহয়। চাব গ'লে সংগীক মই এৰিব নালাগে। বুজোঁ । কিন্তু.... সংগীচোন আনৰ হ'লেই প্ৰাণ! মই ইচ্ছা কৰিলেও তাইক ৰখাব নোৱাৰোঁ। তাই বা মোক কেনেকৈ বিশ্বাস কৰিব। আকৌ তাইৰ বাবে যদি মই মা ,পাপাক অবজ্ঞা কৰোঁ, তাই মোক কোনো দিন ক্ষমা নকৰিব। পাবলৈ বা হেৰুৱাবলৈ মোৰ হাতত একো নাই প্ৰণয়! গতিকে উত্তৰ অথবা সময় মোৰ হাতত নাই। তাই মোক আজি কিবা ক'লে হয়। কিন্তু মোৰ সিমান ভাগ্য নাই, জোনৰ পোহৰৰে হেপাঁহ পূৰণ কৰিবহে পাৰিম। জোনলৈ যাবলৈ নোৱাৰো।
:শান!
: প্ৰণয়। মোৰ এটা অনুৰোধ ৰাখিবি নে?
: ক । কি কৰিব লাগিব??
:সংগীক মোৰ কথাবোৰ বুজাই দিবি। তাই ভাল হোৱালৈকে ইয়াত থাকিবি । অভিক কবি কথাবোৰ। মই হয়তো কাকো একো কব নোৱাৰিম!
ব'ল। মই যোৱাৰ কথাটো কব লাগিব নহয়। বাছৰ টিকট ও কৰিব লাগিব। সংগীক চাবি। মই জানো! তাইক মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
...... আৰু কোনো কথা বতৰা নোহোৱা কৈ দুয়ো ঘৰলৈ ঘূৰিলো। আকাশত তেতিয়া সুমথিৰা বোলেৰে বেলিৰ বিদায়ৰ সময় হৈছিল!আন্ধাৰৰ বাট বুলিবলৈ আৰু কত ক্ষণ!
--------------------------------------------
বাছত উঠোঁ মানে ন বাজিছে। মনটো হতাশাই বেঢ়ি ধৰিলে আকৌ। বাছৰ এজনীয়া চিট টোত বহি খিৰিকীখন অলপ খুলি ল'লো। আজি পূৰ্ণিমা নেকি??বাছৰ ভিতৰৰ পোহৰ নোহোৱাত জোনৰ পোহৰেৰে সকলো জিলিকি আছে! মনত পৰিছে সংগীৰ কথা। এবছৰৰ আগৰ কথা। মোৰ ভৰি প্লাষ্টাৰত থকা দিনৰ কথা!! মোৰ ৰুমটোৰ সংলগ্ন বেলকনিত মোক বহুৱাই তাই মোৰ কাষতেই ৰৈছিল। বগা কাপোৰ যোৰে জোনাকৰ বৰষুণত অনন্য ৰূপত জিলিকিছিল! তাতকৈ ধুনীয়া লাগিছিল তাইৰ সোলোক-ঢোলোক খোপা খুলি চুলিকোছা বৈ পৰাৰ দৃশ্য!বতাহত উৰি যোৱা চুলি ৰে পাছফালৰ পৰা মই অচিন আৱেশত বুৰ গৈছিলোঁ!! আচলতে জোনাক বুলিলেই মোৰ চকুত সেই দৃশ্য হে ভাহি উঠে।
অথচ আজি! আজি মই মোৰ জোনাকক হেৰুৱাই পেলালোঁ। চিৰদিনলৈ.....
আচৰিত ভাৱে মোৰ আজি না বুকু কঁপিছে না বুকুৰ বিষ হৈছে!! মই অনুভূতি বিহীন হৈ পৰিলোঁ নেকি???? উহু! যাৰ সকলো হেৰাইছে, তাৰ জানো ভয় থাকে?? আৱেগ থাকে???
নাভাবোঁ বুলি ভাবিলেও মনলৈ অহা সংগীক আজিৰ পৰা কোনো অজুহাততে মনত পেলাব নোৱাৰিম!উস! সংগী!! কিয় এনেকুৱা হ'ল! তাইৰ চকুযুৰি ত চকু থৈ ক'ব নোৱাৰিলো ভালকৈ থাকিবা বুলি! সুধিম বুলিও নোৱাৰিলোঁ সুধিব লৈ ভাগ্যৱানৰ অস্বিত্ব কি বুলি। পলৰীয়া হৈ পলালো কেৱল। মোৰ আৰাধ্যাক এৰি আহিলোঁ জন্মদাত্ৰিৰ মান ৰাখিবলৈ। মই কিয় শুদ্ধ হব নোৱাৰিলোঁ?? কিয়??
মূৰটো খুউব বিষাইছে। সংগী থকা হ'লে!!
আস!! আকৌ সংগী!! কলিজাত সাঁচ বহা নামটো কেনেকৈ আতৰাম??
হাঁহিব মন গৈছে জোৰেৰে...চিঞঁৰিব মন গৈছে...
আইনৰ আগত সংগীক লগ পালে কি কৰিম বুলি কৰা অভিনয়ত আকৌ এবাৰ জীয়াবলৈ মন গৈছে। খুউব ইচ্ছা গৈছে সংগীক লৈ পলাই যাবলৈ কোনোবা অচিন ঠাইলৈ। য'ত কোনো সম্বন্ধ, কোনো পৰিবেশে আমাক বিচিন্ন কৰিব নোৱাৰে। যত আমি অটুট বান্ধোনেৰে জী থাকিম সদায় প্ৰেমেৰে!!
স্প্ৰীড ব্ৰেকাৰত খোৱা থেকেচাই মোৰ অলীক কল্পনা ভাঙি পেলালে। জীৱনৰ সত্যতা উপলব্ধি কৰালে! মানুহে যি লাভ কৰে তাতেই সন্তুষ্ট থাকিব লাগে। নহলে উভতি চাবলৈও একো নাথাকে গৈ!!
(আগলৈ)
0 Comments