ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ

কথকতা এক অন্তহীন আৱেগৰ


ঊনবিংশ খণ্ড


খন্তেক পাছতে সংগীয়ে চাহ আৰু  জেলেপী লৈ আহিল।দাইটিয়ে খুব মিঠা খাই। তেওঁৰ সৰু সৰু চখবোৰৰ ধ‍্যান ৰাখে কাব‍্যাই। অভিক বোলে কৈ পঠাইছিল এক কেজি জেলেপী আনিবলৈ। দাইটিয়ে বহুত ভাল পায় জেলেপী। বেলেগ মিঠাইতকৈ জেলেপী হে প্ৰিয় তেওঁৰ।  হৃদয়ত ৰং তুলিব পৰা মানুহ থাকিলে উকা দুচকুৰেও ছবি আঁকিব পাৰি!! সুখী হৈ থাকক দাইটি এনেদৰে!! আশা কৰিলো। 

এঘাৰ বাজিল। অলপ জিৰাই লও বুলি ভাবিছিলোঁ হে.. 

: "ভাত বাঢ়িমেই এতিয়া। খাই বৈ জিৰণি লব। এতিয়া অলপ কথাকে পাতক সকলোৱে। 

 সংগীয়ে সকলোৱে বুলি মোকেই যে কথাষাৰ শুনালে ভালকৈয়ে বুজিলোঁ। তাই মোৰ মনৰ কথাবোৰ কেনেকৈ গম পাই!! আৰু ইমান যদি বুজেই  মোৰ দ্বিধাবোৰ কিয় নুবুজে। গাটো কিবা চাটি-ফুটি কৰি আহিল। নাজানো কিয়! অশান্তি এটা উজাই আহিল।  বাহিৰলৈ ওলাই আহিলোঁ। প্ৰণয়ে গাত হাত দিওঁতে বুজিলোঁ সি গম পাইছে মোৰ কথা।  

:সময় দে। সময়ে সব ঠিক কৰিব। 

এৰা! সময়েতো নাই মোৰ হাতত। আজি বাদ দি পৰহিলৈ মোৰ বিয়া!! ইচ্ছা হৈছে মই যেন ইয়াতেই ৰৈ দিওঁ। সংগীক লৈ কৰবাৰ দূৰণিলৈ গুছি যাম.... কিন্তু সত‍্যটো হ'ল মই নোৱাৰোঁ। অৱশ্যে এটা কথা বৰ আচহুৱা লাগিছে মোৰ.... মা বা পাপাই এবাৰো মোক ফোন কৰা নাই । যেন মোৰ বিয়া নাই এ। মবাইলটো লৈ দেখিলোঁ চুইছ অফ! তাকেই টো! নহ'লে মাৰ ফোন নাহিবনে??

বেগৰ পৰা চাৰ্জাৰ উলিৱাব লৈ দেখিলোঁ বেগটো খালী। কাপোৰবোৰ কি হ'ল? কাক সুধিম কি কৰিয ভাবোতেই সংগীয়ে ক'লে "" মই কাপোৰবোৰ ধুই ৰ'দত মেলি দিছোঁ। বৰষুণত ভিজাৰ বাবে হয়তো গোন্ধ ওলাই গৈছিল। তাতে আপুনি কাপোৰ ধোৱা যে নাই জানো মই।  বেগটো ৰ'দত দিছিলোঁ। শুকালত আনি থলো। অ... চাৰ্জাৰ সৌডাল। চাৰ্জত দি ভাত খাবলৈ আহক।""

আৰু নোৱাৰি। যাবলৈ ওলোৱা সংগীক হাতত ধৰি ৰখালো। ক'ৰ পৰা সাহস পালো নাজানো। সুধি য়ে দিলো ""তুলি জানিছিলা মোৰ কথা! মোক বুজিছা নে! মই কি ভাবিছো জানা নে? মোৰ....মোৰ কি অৱস্থা....

: এতিয়া নহয়। আজি ৰাতিটো পাম নহয়। তেতিয়া পাতিম আৰু আপোনাক যদি মই নুবুজো আৰু কোনে বুজিব! মনটো ভাল কৰি থাকক। সব ভাল  হব। এইবাৰ ভাল কৰিবই লাগিব!

সংগীয়ে কি ভাল কৰাৰ কথা ক'লে নুবুজিলো। কিন্তু এই যে তাই ক'লে ৰাতিটো পাম!! উস!! মোৰ সকলো চিন্তা ক্ষন্তেকতে নোহোৱা হৈ গ'ল। একে উশাহতে যেন মই সাগৰ হে পাৰ কৰিলোঁ.... 

মোৰ হাতখনৰ ওপৰত হাত ফুৰাই এবাৰ মোৰ চকুলৈ চাই তাই লাহেকৈ মোৰ বুকুখনত হাত বোলাই দিলে। মই অলপ কঁপিলো নেকি!! ভৰসা আৰু আশ্বাসৰ অনুভৱ কৰাই তাই কোঠাটোৰ পৰা ওলাই গ'ল। মোৰ চকুৰ পৰা আঁতৰি গ'ল যদিও অজান অনুভৱেৰে মোৰ হৃদয় সিক্ত কৰি গ'ল। এই অনুভৱৰ বাকৰিত এতিয়া কোনো শংকা নাই। বকুল ফুলৰ দৰে সুবাসিত হোৱাৰ সময় এয়া। ভেলেঙা লাগি আছিলো চাগৈ মই! ৰঞ্জন ৰ চিঞঁৰত গম পালো ভাত বাঢ়িলে। মবাইলটো চাৰ্জত দি মই ও ওলাই গ'লো সংগীৰ সুবাসেৰে মতলীয়া হৈ....




পাকঘৰৰ লগতে লাগি থকা আঠ জনীয়া ডাইনিং টেবুলত সকলো ভাগে ভাগে বহিছে। এই ডাইনিং টেবুলখন দাইটিয়ে কৰবাত দেখি আহি ৰঞ্জন ক কৈছিল বোলে কাব‍্যাই ভাল পাব বুলি। পিছদিনাই ৰঞ্জনে দাইটিক লগত লৈ  এইখন কিনি আনিছিল গৈ। কাব‍্যাৰ বুলি নহয়! দাইটিৰ পছন্দ হোৱা বাবে লৈ আহিছিল। দেউতাক ৰ অনুপস্থিতিত দাইটিয়ে দেউতাক ৰঞ্জনৰ বাবে। সচাকৈ  দাইটিৰ পছন্দ মানিবলগীয়া! সিংহাসনৰ দৰে ডিজাইন কটা চকীকেইখন আৰু সিংহৰ হাতোৰা আকৃতিৰ খুৰা কেইটাৰে ফুল কটা আৰু মাজত আইনা দিয়া কাঠৰ ডাইনিংখন দেখিলে মনটো ভাল লাগি যায়!!

মানুহৰ মন সুন্দৰ হ'লে সকলো সুন্দৰ হৈ পৰে! দাইটিৰ পছন্দক অগ্ৰাধিকাৰ দি ৰঞ্জনে দাইটিৰ মনত আৰু উচ্চ হৈ পৰিল। আত্মীয়তাৰ ডোলডাল আৰু মজবুত কৈ বান্ধিলে। একতাৰ বান্ধোন আৰু সবল হ'ল। এইবাৰ কাব‍্যাক কৈছে বোলে দাইটিয়ে  যদি ভাল খবৰ আহে ইয়াতে থাকিবলৈ। সব কাম দাইটিয়ে কৰিব। মাত্ৰ চকুৰ আগত থাকিলেই হ'ল। কাব‍্যাই ও হয়ভৰ দিছে।  কথাষাৰ আমাক কওতে দাইটিৰ মুখত ফুটি উঠা আনন্দ ই বুজাইছিল তেওঁ কিমান সুখী হৈছে । 

টেবুলত বহিলোঁ। আমি চাৰিওটাহে বহিলোঁ । সংগীহত নাই বহা ।আমাৰ কাঁহীবোৰ যতনাই দিছে। মাছৰ দুবিধ আঞ্জা। চিতল মাছ ভাপত দিয়া ও আছে । লগত  ছাগলীৰ মাংসৰ জোল। দাইটিয়ে মাংস নাখায়। গতিকে তেওঁ লৈ লেছেৰা ,আলু আৰু বুটৰ ভাজি আছে।  খাবলৈ লৈ ৰৈ গৈছোঁ। ভাব হৈছে সংগী আহি বহা হ'লে! 

: আইদেউ সকল, আপোনালোকে ও আসন গ্ৰহণ কৰক। আমি কোনো সামন্তযুগীয়া নিয়ম নামানো দেই। একেলগে খালেহে খাম। লাহে ভাত এটা গামলাত আনি থৈ দিয়া। লাগিলে লৈ লম। হ'লেও একেলগে হে খাম দেই।
       অভিয়ে কোৱাত ভাল লাগিল। একেলগে খালেহে ভাল লাগিব। 

:অ..ৰবা  । বস্তুবোৰ থৈ লও। .... কাব‍্যাই ক'লে।

সকলো বস্তু আনি হোৱাৰ পাছত কাব‍্যাহত  বহিল।সৌভাগ্যক্ৰমে সংগী মোৰ কাষতে বহিল। কোনেও ধ‍্যান দিয়া নাই। আনকি অভিয়েও। যেন এয়া সদায় হৈ থকা ঘটনা।  সকলোৱে ইমান সহজ হৈ আছে, মোৰ হে কিবা অসহজবোধ হৈছে। 

: মাছৰ  মূৰ কেইটা মোক দিয়া । 

মোৰ পাতত মাছৰ পেটৰ অংশ দি সংগীয়ে ক'লে। 

মই ভাত খাব এৰি তাইৰ ফালে চালো। ইমান সহজ তাতে কোনোদিনে এনেকৈ নোকোৱা তাই ...।কি হৈছে !! উত্তৰ নোপোৱা হৈছো মই। লগত থাকোঁতে কোনো দিন এনেকৈ কোৱাটো দূৰৈৰ কথা এনেকৈ খোৱাও নাছিলোঁ আমি। 

:কি চাই আছা?? ভাত খোৱা। সবৰে খাই হব হ'ল। 
প্ৰায় ফুচফুচাই ক'লে সংগীয়ে। 

সম্বিত আহিল মোৰ। হয়তো তেতিয়াৰ পৰাই তেনেকৈ চাই আছোঁ! লগালগ তলমূৰ কৰি ভাত খালোঁ। সোৱাদৰ বাবে অলপ বেছিকৈ খালোঁ ভাত। সকলোৰে  খাই হোৱাত কাব‍্যা  আৰু সংগীয়ে টেবুল চাফা কৰিলে। বাচনবোৰ ধুবলৈ লৈ গ'ল। আমাৰ পুৰুষ সন্হাই   তামোলৰ জুটি লব ধৰিছে। দাইটিয়ে তামোল কাটি বটাত থৈ গৈছে। দিনত চাগৈ দহ বাৰখন মান তামোল খাই তেওঁ। গতিকে দিনটোলৈ বুলি তামোল কাটি থয়। 


আধা ঘন্টা মান ছোফাখনত দীঘল দি পৰি আছিলোঁ। বৰ ভাগৰ লাগিছে। টোপনি ও ধৰিছে। অভি হতক এৰি মই শুবলৈ আহিলোঁ। মবাইলটো অন কৰিম বুলি ভাবিছিলোঁ । পিছে অন কৰিবলৈ ও এলাহ লাগিল। চাৰ্জৰ পৰা খুলি আনি বিছনাৰ হেড বক্স ৰ ওপৰত থৈ শুই পৰিলোঁ। 

হঠাতে ঠাণ্ডা বতাহ এজাকে মোৰ গাতো শাত পেলালে। চিলিমিলি টোপনিত মোৰ গাটোৰ কাষতে কিবা এটাই লৰচৰ কৰি যেন পালোঁ। কিবা উমান বস্তু এটাই মোৰ গাত হাত দিয়া লাগিল। উহ..... বাগৰ সলাই ক'ব নোৱাৰা হ'লো।


খকমককৈ সাৰ পালোঁ। মবাইলটো অন কৰিলো। আঢ়ৈ বাজিলে। মুখখন ধুবলৈ গ'লো। দেখিলোঁ , কাব‍্যাই চকী এখনত আৰু সংগীয়ে পকাতে বহিছে। পাকঘৰৰ মজিয়াত দাইটিয়ে সংগীক লগ দিছে। কাব‍্যাই আমৰ বাকলি গুছাই দিছে আৰু সংগীয়ে টুকুৰা কৰি কাটিছে। বুজিলোঁ বজাৰৰ পৰা অনা আম। নহলে এই ঠাণ্ডা দিনত ক'ত আম লাগে! মুখ ধুই আহি দেখোঁ সকলো চোফাত বিৰাজমান। 

: আহক আহক মহাপুৰুষ! কি শুৱে ই! কুম্ভকৰ্ণ ৰ বংশধৰ আছিলি নেকি তই ?? ইমান মতা স্বত্তেও গম নাপাৱ। 

  অভিটো যে। ইয়াৰ মুখখন বন্ধ নহয় মানে। পানী এগিলাচ খাই ল'লো। 

: আহ । খাই ল হি। ৰঞ্জন ৰ বাৰীৰ আম।  
    প্ৰণয়ে ক'লে।

: বাৰীৰ!! এই ঠাণ্ডাত কত আম লগা দেখিছ?? গাজা দিব জেগা পোৱা নাই ন। 
 মই ক'লো।


: নহয় অ শান বোপা। এইজোপা ঘৰৰ আম। বাৰ মাহে লাগে। মিঠা অলপ কম যদিও ভাল লাগে খাই। মই গুৰিবোৰত মাজে মাজে ধোঁৱা দিও নহয়। ফুল ধৰাৰ সময়ত বেছিকৈ দিওঁ। আমত যদি পোকেই পোৱা কৰি আম খাবা নহয় নে?? ... দাইটিয়ে মোক উদ্দেশ্য কৰি ক'লে।

অনুমান কৰিলোঁ দাইটিয়ে আম পাৰি আনিলে। তেওঁ হে ফলমূলৰ হিচাপ ৰাখে। তাতে কাব্যাৰ বাবে তেওঁ সদা সতৰ্ক। তাইৰ মন ভাল লগোৱাৰ পৰা খাদ্য লৈ। ইমান সহজ আৰু সৰল মনৰ দাইটি! সংগীক তেওঁ কাব‍্যাৰ দৰেই মৰম কৰিছে। মাজে মাজে কিবা কথাত মূৰ মোহাৰি দিয়াও দেখিছোঁ। ভাল লাগিছে। অন্ততঃ মৰম পাওক তাই। নিভাঁজ মৰমেৰে জীপাল হৈ পৰক সংগীজনী। ৰাতিলৈ বা কি কয় তাই! আৰু ভাগ‍্যৱান !! কোন সি?? মই বাৰু পোহৰৰ বাট পাম নে?? আন্ধাৰৰ পৰা জ‍্যোতি লৈ মোৰ বাট মুকলি হব নে?? 

 আম ৰ প্লেটখন লৈ এটুকুৰা এটুকুৰা কৈ চোবাই তাকে ভাবি আছিলোঁ। হঠাতে ফোনটো বাজি উঠিল। ফোনটো উলিয়াই চালোঁ... ""মা"" কলিং

(আগলৈ)

Post a Comment

0 Comments