ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ


 কথকতা এক অন্তহীন আৱেগৰ





সপ্তদশ খণ্ড


আত্মবিভোৰ হৈ কিমান সময় ৰলো নাজানো। সেউজীয়াৰ আৱেশত মনটোও শান্ত হৈ পৰিছে।টোপনি পূৰণ নোহোৱা ৰ বাবেই চাগৈ মূৰটোও অলপ বিষাইছে।খিৰিকীৰ কাষৰ পৰা আতৰি আহিলোঁ। সংগীক বৰ মৰম লাগিছে। শুই থাকিলে সকলোকে খুব মৰম লাগে বোলে.... মা ই কৈছিল। বেগটোৰ পৰা ব্ৰাছ ডাল আৰু কলগেটৰ পেকেট টো লৈ ভাবিলোঁ বাহিৰলৈকে যাওঁ। চৰক....চৰক্ ... বাঢ়নীৰ মাতত মনটো ভাল লাগি গ'ল। মাই ৰাতিপুৱা সাৰে এনেকৈ... মা ৰ মতে মানুহে যিমান আগবাঢ়িলেও শিপা পাহৰিব নালাগে... শিপাইহে মানুহক সমৃদ্ধ কৰে! সঁচাই... এতিয়া এই মাতটোৱে এক প্ৰশান্তি কঢ়িয়াই আনিছে । কাব‍্যাই সাৰিছে নেকি বাৰু?? তাইৰ তো....

বাহিৰলৈ ওলাই আহিলোঁ। নাই কাব‍্যা নহয়, ৰঞ্জনে হে সাৰিছে। ভাল কৰিছে। কামৰ সৰু বৰ নাথাকে। পতি পত্নীৰ মাজত বুজাবুজি থাকিলেহে চাৰিবেৰাই ঘৰৰ ৰূপ লয়। 

ৰঞ্জন ৰ পৰা চকু আতৰাই অবাক হ'লো...  বৰ্ষাসিক্ত ফুলৰ পাতত পৰা পানীৰ টোপালত ৰ'দ পৰি চিকমিকাই আছে। ফুলবোৰত থকা মকৰাজাল বিলাকত লগা পানীৰ টোপালবোৰ যেন হীৰালৈ পৰিবৰ্তিত হৈছে। ফুলবোৰেও পাহি মেলি টনকিয়াল হৈছে!! আস!! নন্দনকানন হে যেন। সংগীয়ে দেখিলে পাগল হৈ যাব। ভবাৰ লগে লগেই উভতি ঘৰৰ ভিতৰ সোমাই  ""সংগী""..... ""সংগী"কৈ চিঞঁৰিব ধৰিলোঁ। 

সংগী চাগৈ মোৰ চিঞঁৰত সাৰ পাইছিল। চকু মেলা ৰ লগে লগেই তাইক বিচনাৰ পৰী নমাই একে টানে বাহিৰলৈ আনিলোঁ। আনকি চেন্দেল পিন্ধিবলৈ ও সময় নিদিলো। এই যেন চকু মুদাৰ লগে লগেই এই সৌন্দৰ্য হেৰাই যাব!  ভাবিবলৈ সময় নাই, ৰ'বলৈ সময় নাই! আহি ফুলনিডৰাৰ আগত থিয় দিলোঁ....


: অ, মা! ইমান ধুনীয়া!!! ইয়ে......

এটা চিঞৰ আৰু বাকীখিনি ইতিহাস!!

সূৰ্যমূখী ফুলকেইজোপাৰ পৰা আদি কৰি পানিকাকেইজোপালৈ.... সকলোতে ৰঙৰ বাহাৰ! ৰঙা ,নীলা, হালধীয়া .... উস! কিযে সুন্দৰ এই প্ৰকৃতি!

সেউজীয়া চাদৰত যেন ৰঙ বিৰঙৰ বুটা হে বাচিছে! মনোমোহা!জটিলতাৰে ভৰা হ'লেও প্ৰকৃতি সদায় সুন্দৰ। ৰহস্যময় যদিও অস্তিত্বৰে ভৰপূৰ! সৰল যদিও   বিভৎস! যি নহলেও প্ৰকৃতি সদায় জীৱনদায়িনী। আলোকৰ পথ প্ৰদৰ্শনকাৰী।

এটা কথা অনুভৱ কৰিছোঁ..... যি পৰিবেশ নহওক কিয়, কাষত যদি মনে বিচৰাজন থাকে, সকলো ধুনীয়া হৈ পৰে। বিভাসৰ কথা মনলৈ আহিছে... সি যে কৈছিল..
: ""নতুনকৈ জীৱনৰ আৰম্ভণি কৰিলোঁ শান্তনু। হ'লেও তাই মোৰ বুকুত এতিয়াও বৈ আছে। চিতাত উঠালেও বুকুৰ একোনত এতিয়াও এৰা সুঁতি হৈ বৈ আছে।সেইবুলি  অৱহেলা  নকৰো নতুনকৈ আৰম্ভ কৰা জীৱনটোক। হলেও অন্তঃসলিলা ৰ দৰে তাই সদায় থাকিব মোৰ সতে। ""


 এৰা জীৱনৰ বাট যে সদায় পাক লগা। সংগীয়ে থিকে কয়...

 ""জীৱন এখন নদীৰ দৰে। যত বাধা পায়, তাতেই   সুঁতি সলায়।""
  
 এই সুন্দৰ মূহুৰ্তত বিষাদ ভৰা গাঁথা মনত কৰিবলৈ মন নাই যদিও বাৰে বাৰে বিভাস ৰ কথা মনলৈ আহিছে।  মন  অপ্ৰতিৰোধ্য! ধৰ্মৰাজক যুধিষ্ঠিৰে কোৱাৰ দৰে মনতকৈ বেগী আৰু একো নাই।  সেয়েহে এতিয়া মোৰ মনটোও বিভাসৰ  কাষলৈ উৰি গৈছে.....

বিভাস! আমাৰ লগৰ আছিল সি। উচ্চতৰ মাধ‍্যমিক ৰ  সহপাঠী। অভিযন্তা হলগৈ পিছত। তালৈ পেহীয়েকে দেখুৱাই দিয়া জাহ্নৱী ক বিয়া কৰাইছিল। ঘৰৰ পৰা চোৱা যদিও দুয়ো প্ৰেমত পৰিছিল। বিয়া হোৱাৰ পিছত দুয়ো বিভাসৰ চাকৰি সূত্ৰে গুৱাহাটীৰ বাসিন্দা হৈছিল। ভালদৰে আছিল দুয়ো। পিছে কালে মাতিলে কোনে ৰক্ষা কৰে! বিবাহ বাৰ্ষিকীৰ দিনা দুয়ো ওলাই গৈছিল উদযাপন কৰিবলৈ। প্ৰথমে মন্দিৰত গৈ সেৱা লৈছিল। হয়তো সিহঁতে সংসাৰ বঢ়োৱাৰ কল্পনাও কৰিছিল । মন্দিৰৰ পৰা সোনাপুৰ ধাবালৈ গৈছিল দুয়ো। সুখৰ দিনটো একেলগে পালন কৰিবলৈ! কৰিছিলেও। ঘূৰি আহোতে বাইকখনক পিছফালৰ পৰা ট্ৰাক এখনে.....  জাহ্নৱী আৰু জাহ্নৱী হৈ থকা নাছিল! বিভাস পথৰ দাঁতিত !  ভাগ‍্যৰ খেল! পলকতে এটি সম্ভাবনা ৰ অপমৃত‍্যু ঘটিছিল... সংজ্ঞাহীন বিভাসক হস্পিটেল লৈ গৈছিল। বাৰদিনলৈ তাক জনোৱাই নাছিল জাহ্নৱী ৰ কথা! যেতিয়া জনাইছিল.. তেতিয়ালৈকে একো বাকী থকা নাছিল। সকলো শেষ হৈ গৈছিল! কোনো চিন নথকাকৈয়ে!

যেতিয়া মই লগ কৰিবলৈ গৈছিলোঁ, বিভাসৰ চকু শুকান ! কৈছিল সি...""জান শান্তনু! মই শেষ হৈ গৈছোঁ। চাচোন! এনেকৈ তাই যাব লাগে নে!মই ..... মই যে  এবাৰো নেদেখিলো তাইক! ফটো চাবলৈ নোৱাৰোঁ....মই যদি অলপ দেৰিকৈ আহিলোঁ হয় ! উস! জান নে! বুকুখন বৰকৈ বিষাই...মোৰ উশাহ ত চাগৈ তাইৰ আশাবোৰে খুন্দিয়াই ! আশা আছিল তাইৰ! বহুত..... হয়তো মোলৈ চাইছিলো তাই.. মই যে একো নাপালোঁ । বৰ দুৰ্ভগীয়া মই!""
 সেই সময়ত কব পৰা নাছিলোঁ তালৈ চাবলৈ জাহ্নৱী ... তাই হৈ থকা নাছিলেই! তাই উশাহ লবলৈ সময় বা পালে নে নাই  ... 

চকুপানী ওলাই আহিল.... কোনোবাই দেখাৰ আগতে মচি ললোঁ। জাহ্নৱী ৰ মুখখন মনলৈ আহিল.... শিশুসুলভ হাঁহিৰে ধুনীয়া ছোৱালীজনী! যতেই আছা ভালে থাকা!
  

লাহে লাহে ৰ'দ বাঢ়ি আহিছে। হীৰাৰ টুকুৰা বোৰ নিশ্চিহ্ন হৈ গৈছে ক্ৰমান্বয়ে... পুৱাৰ ৰদালিয়ে পাহি মেলি সকলোকে আৱৰি ধৰিছে! ইমান সময়ে পাহৰি থকা সংগীলৈ চালোঁ। তাই মোলৈ কে চাই আছে। মানে... মানে ...।উস! দ্বিধাবোধে আৱৰি ধৰিলে মোক। হয়তো! তাই চোন মোক চিনি পোৱা নাছিল। মই ও তাইক নিজৰ পৰিচয় দিয়া নাছিলোঁ। লাজ ও লাগিল। তাই কি ভাবিছে বাৰু মোক?? আৰু ৰঞ্জন হতে??? একো এটা নভবাকৈ তাইক টানি আনিলোঁ বাহিৰলৈ! ইছ! তললৈ চাওঁতে তাইৰ ভৰিকেইখনলৈ চকু গ'ল। খালী!! মানে মই তাইক এনেদৰে তিতা মাটিত থিয় কৰাই থৈছোঁ!

: ব'লা।

গহীন হৈ ক'লো। 

সংগীয়েও একো নমতাকৈ মোৰ পিছ ল'লে। বাৰাণ্ডাত উঠোতেই কাব‍্যাই আহি সংগীক ভিতৰলৈ লৈ গ'ল।


মই ও মূখ হাত ধুই গাটো একেবাৰে ধুই ল'লো।  প্ৰণয় আৰু মই বাৰাণ্ডাত থকা চকীদুখনত বহিলো। ৰঞ্জনে চাগৈ গা ধুবলৈ গ'ল। কাব‍্যা বা সংগী এজনীও বাহিৰলৈ অহা নাই। বুজিছো, মই অকস্মাত কৰা কামৰ ফল এয়া। হয়তো সংগীৰ খোকোজা লাগিছে, তাইক সাহস দিবলৈ কাব‍্যাই তাইৰ লগতে আছে চাগৈ! 


কিমান ভাবিম! কিমান চিন্তা কৰিম! দীঘলীয়া উশাহ এটা লৈ সূৰ্যমূখী ফুল এপাহলৈ চালোঁ। হালধীয়া আৰু ক'লাৰ সংমিশ্ৰণত অপূৰ্ব হৈ উঠে। বেলিৰ লগে লগেই ঘূৰে বাবে নাম টো বেলি ফুল। আমাৰ জীৱনটোও এনেকুৱা ই দেখুন। আত্মাৰ সম্পৰ্কৰ লগত ঘূৰা!!

(আগলৈ)

Post a Comment

0 Comments