কথকতা এক অন্তহীন আৱেগৰ
মই জিকাৰ খাই উঠিছোঁ। সচাই নে মিছা ধৰিব পৰা নাই। এক লহমাৰ বাবে মোৰ পৃথিৱীখন শূণ্য হৈ পৰিল। সচাই তাই নে???? মই .....ম...ই তাইৰ কাষতে আছোঁ সচাই!! জপিয়াই দিওঁ যেন লাগিছে। ইমান ইমান স্ফূৰ্টি লাগিছে যে মই কত আছো পাহৰিয়েই পেলাইছিলো!! এবাৰ আগলৈ চালো। এয়া প্ৰণয়ৰ কাম নহয়টো! সি হে মোক তাইৰ কথা কম বুলি কৈছিল।
প্ৰণয়লৈ মেছেজ দিলোঁ "মোক চাৰপাইজ দিলি নেকি"?
- কিহৰ??
ৰিপ্লাইত গম পালোঁ সি নাজানে একো।
বাকী বাদ। মোৰ কাষত তাই আছে যেতিয়া বাকী একো নালাগে। মবাইলটোৰ এয়াৰপ্লেন মুড অন কৰি পকেটত ভৰালো। এই মূহুৰ্তত কাৰোঅনাধিকাৰ প্ৰৱেশ, কাৰো হস্তক্ষেপ বিচৰা নাই মই!
আকৌ চালোঁ তাইলৈ! একেই আছে তাই। নহয়!অলপ ক্ষীণালে। হলেও মুখৰ শিশু সুলভ কমনীয়তা একেই।আছে। আগৰ দৰেই প্ৰসাধনবিহীন মুখ। অথচ ইমান ভাল লাগে তাইক!! মুখত হাঁহি এটা ফুটি উঠিল। যোৰাবাটৰ একে বেকা বাটত তাইৰ মূৰটো বাৰে বাৰে খিৰিকীত খুন্দা খাইছে।ইচ্ছা গৈছিল মোৰ কান্ধত শুৱাই লবলৈ । কিন্তু ইমান কাষত থকা স্বত্তেও আমাৰ মাজত আজি শত যোজনৰ দূৰত্ব। এই দূৰত্ব অতিক্ৰম কৰাৰ সাহস মোৰ এতিয়ালৈকে হোৱা নাই। খুব সম্ভৱ খিৰিকীত খুন্দা খাই দুখ পাইছিল তাই! তন্দ্ৰালস চকু দুটা মেলো নেমেলোকৈ মেলি নিজক সুস্থিৰ কৰাৰ প্ৰয়াস কৰিছে তাই।
এবাৰ চুই চোৱাৰ প্ৰৱল ইচ্ছা হৈছে তাইক!!আঙুলিটো চুই চাম যেন!! আলফুলে ধৰিব মন গৈছে হাতত!! উহু ! বান্ধিছো নিজকে।
ভগৱানে মোক গোটেই সুখ দি দিলে যেন এই যাত্ৰাটোত। ভাবিছিলোঁ বাছত বহি মাফলাৰ খন খুলি পেলাম! কিন্তু নাই। এতিয়া যিমান গৰম লাগিলেও এইখন নোখোলো। খুলিলে যদি তাই মোক দেখে! অপ্ৰস্তুত হৈ কৰবাত নামি দিয়ে?? উহু! এই সময় মোৰ একান্তই কামনাৰ । কোনো ভুলে প্ৰাধান্য নাপায় ইয়াত।
চাই ৰৈছো মোৰ একালৰ মানুহজনীক... যাক নিজৰ কৰাৰ মোৰ সপোন নাছিল... এক দুৰ্ঘটনাৰ ফলত মোৰ জীৱনলৈ আহা ""সংগী""জনীক!!
এৰা! তাইৰ নাম আছিল... সংস্থিতা!!দেৱীক প্ৰতিস্হা কৰা ব দৰেই নামৰ অৰ্থ উজলাই বহি ৰৈছিল হৃদয় বেদীত..
মিঠা বৰণীয়া মুখ, জোঙা নাক, অজলা অজলা চকুৰে মুখত সৰ্বদা বিৰাজমান হাঁহিৰে ...পোন একোছা চুলিৰে তাই চকুত লগাই আছিল। অধ্যাপক উদ্দীপন বৰঠাকুৰৰ ছোৱালী সংস্থিতাক সকলোৱে মৰমতে সংগী বুলি মাতিছিল।কিন্তু এই মিঠা বৰণীয়া হাঁহিমুখীয়া ছোৱালীজনীৰ জীৱনলৈ মই অন্ধকাৰ নমাই আনিছিলোঁ.... এক অদ্ভুত জেদৰ বাবে!
তাই লৰচৰ কৰাত ভাব সাগৰৰ পৰা ওলালোঁ। কি বা হৈছে তাইৰ! দুজনীয়া চিটৰ মাজৰ হাত থব পৰা স্টেণ্ড দাল পেলাই লৈছিল তাই। হয়তো আৰাম পোৱা নাই। মই সেইদাল উঠাই দিলোঁ। আমাৰ মাজৰ বাধা হে যেন পাৰ কৰিলোঁ মই এনে লাগিল! ভাল লাগিল মনটো এনেয়ে!!
আজি সচাকৈয়ে মনটো বহুত পাতল পাতল লাগিছে। বহু দিনৰ মূৰত গান গাবলৈ মন গৈছে। গীটাৰ খনত সুৰ তুলিবলৈ মন গৈছে। এইযেন মই এটি মুক্ত বিহংগ!! নিজৰ ডেউকা মেলি মুকলি আকাশত উৰি আছোঁ....
ধং!!!
কি শব্দ!! অনুমান কৰিলোঁ তাইৰ মবাইলটো পৰিল চাগৈ। তাইৰ বাছত শুৱাৰ যি পজ' মবাইলটো নো নপৰি পাৰেনে??
কাগজ কল ৰ ওচৰ পালোহি। গম পালোঁ তাই সাৰ পাইছে। মই চকু মুদি শোৱাৰ অভিনয় কৰিলোঁ। উমান পাইছোঁ তাই মোৰ ফালে চাইছে। এটা চকু মেলি চাই আছোঁ তাইলৈ। হুডীটোৰ টুপী টো আছে যেতিয়া মই নিশ্চিত তাই মোৰ মুখ দেখা নাই। নিজকে কিবা প্ৰেমিক প্ৰেমিক যেন লাগি গৈছে!!
মনত পৰিছে .....এদিন আমি দুয়ো আহিছিলোঁ গুৱাহাটীলৈ..প্ৰণয়ৰ মিছেছৰ মাকৰ ঘৰলৈ। সেইদিনাও এনেদৰেই তাইৰ ফোন পৰিছিল! কিন্তু তেতিয়া মই লাজ পাইছিলোঁ। শুলে যে তাইৰ নাকৰ শব্দ হয়! এইটোটো আৰু লাজৰ বিষয় আছিল। গালি দিছিলোঁ সেইদিনা তাইক। তাইৰ মুখ ক'লা পৰি গৈছিল সেইদিনা। তাৰ পিছত গোটেই বাটত তাই এবাৰো শোৱা নাছিল । উভতি আহোঁতেও শোৱা নাছিল। কোৰ্ৱাটাৰত গৈ কৈছিল মোক
: মই শকত যে, হয়তো সেয়ে নাকৰ শব্দ হয় মোৰ। কিন্তু মোৰ মাৰ আইতাৰো একে! আইতাৰ সাত সন্তান ৰ মামা আৰু মাহীৰ বাদে সকলোৰে হয় এনে। কৰিব পৰা হলেটো কেতিয়াবাই বাদ দিলোঁ হয় এই অভ্যাস। কৰিব পাৰিলে বহুত বস্তু নোহোৱা কৰিব পাৰিলেহেঁতেন জীৱনৰ পৰা!
শেষৰ শাৰী টোৱে বুকুত খুন্দিয়াইছিল মোক। কিন্তু তাইৰ আগত নিজক খুলি দিব পৰা নাছিলোঁ কদাপি।
আজিনো তাই কি কৰে চাবলৈ মন গৈছে। হাঁহি ও উঠিছে। চাগৈ তাইৰ জীৱনৰ পৰা মোক আতৰাই সুখী হৈছিল তাই। সেয়ে চাগৈ এনেকৈ শুই আহিব পাৰিছে ....
তাই উঠি বহিল । ইফালে সিফালে চাই তললৈ হাউলিছে। পিছে আগৰ চিট হো হাওলি থকাৰ বাবে তললৈ চাব নোৱাৰিলে। এইবাৰ পিছৰ চিটৰ ফালে চালে। মানুহ জন শুই আছে চাগৈ। এইবাৰ মোৰ ফালে...
: এক্সকিউজ মি...
যেন শুনা ই নাই মই ভাও জুৰিলো !
: শুনকচোন..
:অ!কিবা আছিলে??
একো নজনাৰ ভাবত সুধিলোঁ।
: বেয়া নাপাই যদি পোহৰ কৰি দেখাব নেকি?? মোৰ মানে মবাইলটো পৰি গ'ল!
থিক আছে বুলি চিটৰ পৰা নামি পোহৰ দেখালো। তাইৰ ভৰিৰ কাষতে আছিল মবাইলটো। মোৰ চিটৰ ফালে অলপ হাওলি মবাইলটো তুলি আনিলে তাই। ধন্যবাদ জনাই বেগত ভৰালে মবাইলটো। মই সুবিধা পাই পোহৰটো তাইৰ ফালে ঘূৰালো।
মুখখন জিলিকি উঠিছে।সচাই ধুনীয়া তাই! আগৰ মিঠা বৰণতকৈ অলপ উজ্জ্বল হৈছে বৰণটো। চকুত আজিও সেই আজলী আজলী লগা চাৱনি।
এবাৰ কিবা কথাত কৈছিল..""জানেনে..।মোক এবাৰ টিউচন চা এজনে সুধিছিল মোৰ টোপনি ধৰিছে নেকি বুলি।মই নাই ধৰা বুলি কওঁতে কি কলে জানে!মোৰ চকুলৈ চালে বোলে মোক খুব ভাগৰুৱা যেন দেখি।" কৈ খুব হাঁহিছিল তাই। এতিয়া চাওঁতে মোৰো হসেই চাৰজনৰ দৰেই লাগিছে তাইক।
চকুৰ লগে লগত নাকটোলৈ চকু গল। কপাললৈ চকু যোৱাত দেখিলোঁ কপালত ৰঙা ফোঁট। বুকুখন ধক্ কৈ উঠিল। চাওঁ নাচাওঁকৈ শিৰলৈ চালোঁ। মোক তাচ্ছিল্য কৰি তাত জিলিকি আছিল..... এমুঠি তেজ ৰঙা জোনাক!!
আগলৈ
0 Comments