ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ


কথকতা এক অন্তহীন আৱেগৰ



একাদশ খণ্ড


 শূণ্যতা যে কেবল ফ্ৰেম খনতে আছিল এনে নহয়। মোৰ গোটেই ঘৰৰ পৰা তাইৰ অস্তিত্ব নোহোৱা কৰিছিল। তাইৰ হাতৰ কাম থকা ছোফাকভাৰ, বিছনাচাদৰ, গাৰুকভাৰ একো নাছিল ....।আনকি আমাৰ বিয়া ৰ এলবাম টোও নাছিল তাত।  আছিল মাত্ৰ গা ধুই মেলি দিয়া শাৰী খন। সেইখনৰ কথা পাহৰিলে চাগৈ তাই! নহলে ....

মাত্ৰ এটা ৰাতিৰ ভিতৰত তাই নোহোৱা হৈ গৈছিল। কোনো শুংসুত্ৰ পোৱা নাছিলোঁ তাইৰ। সচাঁ কব গ'লে তাইক মই পাহৰিব পৰা নাছিলো। নিজৰ লগতে সকলোকে আভুৱা ভৰি আছিলোঁ। প্ৰত‍্যেক টো সৰু সৰু কথাত তাইলৈ মনত পৰিছিল। সান্নিধ্য ৰ নামত বিশেষ একো নথকাকৈও অভিন্ন হৈ পৰিছিলো চাগৈ..... সামাজিক বান্ধোনবোৰ চাগৈ এনেকুৱা ই! হৃদয় তন্ত্ৰীত সুৰ তোলা!!

: আমনি পালোহি। নামি লব । খাই লব সকলোৱে।
হেণ্ডিমেন জনে জনাই দিলে। 

এৰা! সময় কাৰোৰ বাবে নৰয়। বৈ যায় নিৰবিছিন্ন ভাৱে.....

নামি গ'লো । প্ৰণয় হত ৰৈ আছিল। বাহিৰলৈ গৈ দেখিলো ভিৰ বহুত। আকৌ ওলাই আহি হোটেলৰ দুৱাৰমুখ পালোগৈ। চালো তাই ও নামি আহিছে। 

মানুহৰ মন আৰু বতৰ! কাকো বিশ্বাস কৰিব নোৱাৰি। গুৱাহাটীৰ পৰা আহি থাকোঁতে ক'তো বৰষুণ  নাপালোঁ। এতিয়া অলপ পোহৰ কমিছে। ঠাণ্ডা বতাহো মাৰিছে, বৰষুণ দিব চাগৈ।  আকৌ বাহিৰলৈ গলো। এইবাৰ সুবিধা পাই মুখ খনো ধুই আহিলোঁ। তাইক বিছাৰিলো। জানো, তাই একো নাখায় বুলি। কিনিলে খুব বেছি চকলেট কিনিব। কিন্তু সেয়াও শেষ নহয়!  তাইক হোটেলৰ আগত দেখিলোঁ। কাষ চাপি গলো। যোৱাৰ আগত আকৌ মুখ ঢাকি ল'লো।

: কিবা খাবা নে?? 

: অহ!নাই নাখাও। ভাল নালাগে চোন । মই অলপ পেৰা কিনিবলৈ হে ৰৈছো। আপুনি নাখায় নেকি??

:খাম । লগৰ দুজন মান আছে! 

:বাইদেউ! আপোনাৰ পেৰা লওক।   দোকানীজনে আগবঢ়াই দিয়া টোপোলা টো লৈ তাই টকা দিলে। 

:আপুনি তেতিয়া হ'লে ৰব, মই যাওঁ বাছলৈ।

তাই কথাষাৰ শেষ কৰিলে কি নকৰিলে ডাঙৰকৈ গাজনি মাৰিলে। হোটেলৰ সকলো লাইট নুমাই গ'ল। লগতে বৰষুণ এজাকো দপদপাই নামি আহিল। উমান পালোঁ, তাই মোৰকাষ চাপি আহিছে।  জানো ! গাজনি ধেৰেকণিলৈ তাইৰ বিৰাট ভয়। মোৰ মন গৈছিল তাইক সাৱটি লবলৈ...আশ্বাস দিবলৈ যে মই আছোঁ! কিন্তু!বাস্তৱত সেয়া অসম্ভৱ।

এইবাৰ বৰষুণজাকৰ লগত বতাহেও ধেমালি কৰিবলৈ আৰম্ভ কৰিলে... লগতে হোটেলৰ ভিতৰতে থকা বা বাহিৰত থকা সকলোকে অলপকৈ হলেও তিয়ালে। তাই আৰু মই মানুহৰ ভিৰৰ মাজত! এইবাৰ আগতকৈ ও ডাঙৰকৈ বিজুলী ধেৰেকণি মাৰিলে। তাই উচপ খাই মোৰ হাতত ধৰিলে। আস!এই অনুভৱ!! মই আৰু একো নাভাবিলো... তাইৰ হাতখন মোৰ হাতত লৈ জোৰেৰে মুঠি মাৰিলোঁ... যেন প্ৰবোধ দিলোঁ... ....মই আছোঁ!! 


কমেও আধা ঘণ্টা মান থিয় দি থকাৰ পিছত বৰষুণজাক অলপ কমিল। গাড়ীৰ চালক আৰু হেণ্ডিমেন জনে কাৰোবাৰ ছাটি আছে নেকি সুধিলে। মই জানো তাইৰ লগত থাকিব‌। তাইৰ বেগত ছাটি, জুইশলা, মম আৰু পানীৰ বটল থাকিবই ... প্ৰসাধনৰ কিন্তু একো বস্তু নাথাকে। তাই ছাটিটো উলিয়ালে। চালক আৰু হেণ্ডিমেন জনে  এটা ছাটি পালে। চালক জনে হেণ্ডিমেন জনক গাড়ী ত উঠাই আকৌ যাত্ৰী নিবলৈ আহিল। তাই আৰু মই  একেটা ছাটিৰ তলত বাছলৈ বুলি গ'লো। 

তাইৰ কি অনুভৱ হৈছিল নাজানোঁ। মোৰ কিন্তু নিজকে চিনেমাৰ হিৰো যেন লাগিছিল। এয়া আমি গৈ আছোঁ... মধুৰ যেন স্বপ্ন হে!!

বাছত উঠি ছাটিটো হেণ্ডিমেন জনৰ হাতত দিলোঁ। আমি উঠাৰ পাছতে চালক জনো উঠিল। তেওঁ গাড়ীখন হোটেলৰ মঙখত এনেকৈ ৰখালে যে হেণ্ডিমেন জনৰ ছাটিৰ তলত সোমাই দুখোজ দিয়ে গাড়ীত উঠিব পাৰে। সকলো যাত্ৰী উঠিল। গাড়ীৰ আইন বন্ধ কৰি দিয়া হ'ল। আযাৰ যাত্ৰা আৰম্ভ হ'ল।


আইনাবিলাক বন্ধ কৰাৰ ফলত বাছৰ ভিতৰত এক অসহ্য পৰিবেশ সৃষ্টি হল। দুখন মান খিৰিকী অলপকৈ খুলি দিয়া হ'ল। তাই  বন্ধ কোঠা ত থাকিবলৈ দিগদাৰ পায়। এচি লগাই যোৱাতকৈ খিৰিকী খুলি যোৱাটো বেছি পছন্দ কৰে।মই খিৰিকী খন অলপ খুলিলো।  ঠাণ্ডা বতাহ সোমাই আহিল। তাইৰ ঠাণ্ডা লাগিল চাগৈ।এনেইও অলপ ঠাণ্ডা পালেই তাইৰ হা‍ঁচি আহে।বৰষুণ ভালপাই যদিও তিতিলেই জ্বৰ হয়। এতিয়াও তাই তিতিছে। উমান পাইছোঁ কঁপিছেও। কি কৰো!তাই উৰা শ্বল খন মেৰিয়াই লৈছে। হলেও কঁপনি কমা নাই। মই মবাইলটোৰ পোহৰ জ্বলাই থিয় হ'লো। মোৰ বেগত মায়ে দিয়া নগা শ্বল খন নমাবলৈ.......

আগলৈ

Post a Comment

0 Comments