অনুজ য়েইনৰ কবিতা - মা ' মই শদিয়ালে যামেই



মা ' মই শদিয়ালে যামেই




শদিয়ানো কি, ৰিং এটাৰ বাট
কৰ পৰা কেনেকৈ পাম শদিয়া
জাহাজৰ পিঠিত নিৰ্মালী বাছ
বুকুচাত ওলমাই ধলাঘাট পাৰ
হৈ পুৱলৈ এটা লুং-লুঙীয়া বাট,,,,,,,
যাবানেকি অৰুণাচল পাছিঘাট?
দিবাং ভেলী
পাৰ হলে হ'ল
চাংঘৰত উঠিয়েই দেখা পায়
অমৰপুৰ,পাগলাম, চিকাৰী গাওঁ
      তাহানি  গৰমত বিচা ঢকুৱাৰ
বিছনী
ঐনিতমৰ এফাকিৰে আদৰি জনায়
পুৰা মাছৰ পিটিকাৰে
এবাটি
পৰ'-আপংৰ তৃপ্তি লয়
মাটি মাহৰ এসাজ মাংস ৰ জুল।
আজিও ঘনাই মনত পৰো
হাতীৰ সৰা নোম বিচাৰ
 হাত বাউলদি বিদায় জনায় উৰাজাহাজ জোনাকী চোতালত বহি
সাধু শুনা মুহি ককাৰ
সেই নাতি লৰা বোৰ
কেনে আছে এতিয়া,,,,।

অন্ততঃ এদিন মাথো অনুমতি দিয়ানামোক
মা-মই শদিয়ালে যাবলে কিমান ব্যাকুল,,,।
আজিও চকুত ভাহি ফুৰে
সৌদিনাৰ সৰু
মেচিন-নাৱৰ
 পেটে-পেটে শব্দ
পানীৰ তলৰ শিলবোৰ চাই
 কিমান যে ৰচিছিলো
অট্টালিকাৰ সপোন।


কবি - অনুজ য়েইন

Post a Comment

0 Comments