কথকতা এক অন্তহীন আৱেগৰ
চতুৰ্থ খণ্ড
ড্ৰেছিং আইনাৰ কাষত সজাই থোৱা বডিস্প্ৰে বোৰলৈ চাই Park Avenue good morning টো লগালো। এইটো অভ্যাস ও তাইৰ পৰা আহৰিত। তাইৰ ভাষাত "ফুছফুছ" বোৰ সদায় উগ্ৰ সুগন্ধিৰ হব লাগে। তাই ছোৱালীৰ বাবে প্ৰস্তুত সুগন্ধি ব্যৱহাৰ নকৰিছিল কেতিয়াও। সদায় Park avenue, Set Wet, Yardly, AXE signature, FOGG, Layer আদি ব্যৱহাৰ কৰিছিল। পুৰুষৰ বাবে থকা উগ্ৰ সুগন্ধি তাইৰ প্ৰিয় আছিল। মনত আছে মোৰ,এবাৰ Engage নামৰ বডীস্প্ৰে এটা কিনি আনিছিল তাই। বজাৰত লগাই আহি ঘৰত কাপোৰ যোৰ খুলি শুঙিছিল, গোন্ধ আছেনে নাই বুলি... হা হা ..হাঁহি ওলাই গল মোৰ। পাগলী আছিল সচাই । সেইদিনা ই আৰম্ভ আৰু সেইদিনাই শেষ। পিছদিনা ওচৰৰ লৰা এজনক দি দিছিল সেইটো। কৈছিল ..তাই বোলে গোন্ধ টো ভাল নাপালে... আৰু এদিনৰ কথা ..খুব সম্ভৱ তাইক লগ পোৱাৰ দিনাই চাগৈ, বিয়াঘৰত ! তাই যলৈ গৈছিল তালৈ খৰিকাজাঁই ৰ গোন্ধ বিয়পি গৈছিল। তাইক এগৰাকী য়ে সুগন্ধি ৰ নাম সোধাত চুলিৰ মাজৰ পৰা এপাহ খৰিকাজাঁই ফুল উলিয়াই দেখাইছিল। আচৰিত লাগিছিল মোৰ, ইমান সুগন্ধি প্ৰিয় মানুহ থাকেনে??
মই কোমল সুগন্ধি ভাল পাইছিলোঁ। তাইক দেখিব নোৱাৰাৰ অন্যতম কাৰণ আছিল এইটোও। কিন্তু এতিয়া.....
এসময়ৰ তাইৰ প্ৰিয় বডিস্প্ৰে ৰে মোক এতিয়া সুবাসিত কৰে। মই !! মই ও মতলীয়া হৈ পৰো তাইৰ সুবাসেৰে। মনত নেপেলাও বুলি ভাবিলেও বাৰে বাৰে তাই আহি সোমাই মোৰ মনৰ কোঠাত। এতিয়াও যি দৰে তাই বৰ্তমান মোৰ কোঠাত। মই বুজি পোৱা নাই আচলতে তাই ক মই এৰিলো নে ধৰিলোঁ!
তলৰ পৰা হাঁহিৰ শব্দ শুনা পাইছোঁ। সম্ভৱ ছায়া আহি পালে। মা ৰ পছন্দ আছিল ছায়া। তেতিয়া ও ,এতিয়াও। পাপাৰ বন্ধু ৰ ছোৱালী যিহেতু দুয়ো বহুত ভালপায় তাইক। বগা টি-চাৰ্ট আৰু মাটিয়া ৰংৰ পেন্ট পিন্ধি ৰুমৰ পৰা ওলাই আহিলোঁ।
মোক দেখি মা আৰু ছায়াই কথা বন্ধ কৰিলে। পাপাই মোৰ ফালে চাই আকৌ বাতৰি কাকত পঢ়াত মন দিলে।
ছায়াই উৎসাহেৰে কলে..."শান্তনু, আজি আমি শ্বপিংলৈ যাম দেই।""
: থিক আছে। তুমি কবা কেতিয়া যাম। পিছে কি কিনিবা নো??
মই জানো যে এইকেইদিন ছায়াই বহুত বস্তু কিনিছে। সদায় শ্বপিংলৈ গৈও কিনা শেষ হোৱাই নাই নে? আচৰিত!
: কি যে কোৱা! মোৰ বিয়া বুজিছা।কিমান ভাবি থৈছোঁ তুমি কি জানিবা?? কিমান হেপাঁহ থাকে এজনী ছোৱালীৰ নিজক কইনা ৰূপত সজাবলৈ!! অ..অ.. আন্টী, মোৰ জুৱেলেৰীবোৰ মেক আপ আৰ্টিস্ট জনীক দেখাব লাগিব নহয়! আপুনি বেয়া নাপালে ফটো লৈ লও বুলি ভাবিছিলোঁ।
: ইছ ৰাম ! এয়া মই পাহৰিছিলো এ জানা। ছায়া তোমালৈ মই মানিকচান্দত গহনা অৰ্ডাৰ দিছিলোঁ। কাইলৈ আনিব মাতিছে। ভাল মনত পেলালা জানা নে! আগতে আনি লও, তাৰ পিছত তোমাক ফটো দিম । হব নে??
: হব আন্টী। মোৰো কাপোৰ দুজোৰ বুটিকত দিয়া আছিল। মেঘনা যে তাত। ভালেই হল দিয়কচোন। আপুনি যায় যদি মোৰ কাপোৰ যোৰো লৈ আহিব পাৰিব। বেয়া তো নাপায় ন!
: কি যে কোৱা ছায়া! কিয় বেয়া পাম আকৌ। ভাল হে। অ ৰবা। ভাত হল নহয় কেতিয়াবা ই । মই ভাত বাঢ়োগৈ। তোমালোকে কথা পাতা দেই।
: অ কে আন্টী।
মা যোৱাৰ লগে লগেই মোৰ ফোনটো সশব্দে বাজি উঠিল।
: ছায়া ,বেয়া নোপোৱা যদি মই ফোনটো লও!
:অকে। ন প্ৰব্লেম।
মই ফোনটো হাতত লৈ বাহিৰলৈ ওলাই আহিলোঁ। প্ৰনয় কলিং..
প্ৰনয়! মোৰ ৰুমমেট। খানাপাৰা পশু চিকিৎসালয়ত পঢ়া দিনৰ পৰা মোৰ বন্ধু।এককথাত মোৰ ভাগ্য লিখোতা।
দ্বিতীয় বাৰ কৰা ফোনটো ৰিছিভ কৰিলোঁ।
: অ কচোন।
: অই বান্দৰ! কত থাক তই?? কাইলৈ যে আমি গুৱাহাটীলৈ যাব লাগিব গম পাৱ নে??
: গুৱাহাটী! কিন্তু কিয়??
: আৰে য়াৰ ! আমাৰ ট্ৰেই নিং আছে। জিলাৰ পৰা তিনি চাৰিজনকৈ লৈছে আৰু দুদিন থাকিব লাগিব।
: হয় নেকি?? বাৰু মই চাওচোন ৰ। তই কেতিয়া যাবি?
: মই আজি ৰাতি যাম। টিকট কৰিলোঁ ।তই গম পাৱ বুলিহে মই নকলো। তই তেতিয়া হলে কাইলৈ দিনত যাবি। এটেণ্ড কৰিবহে লাগে।
: য়া ব্ৰ। থেংকছ এ লট। ভালকৈ যাবি তেন্তে।
ভিতৰলৈ আহি দেখিলো মা আৰু ছায়াই ভাত সাজি আছে। ডাইনিংত ভাগে ভাগে খোৱা বস্তু থৈ মাই মোক আৰু পাপা ক মাতিলে। পাপা ই খুব কম কথা কয়। ব্যৱসায়ী মানুহ যদিও খুব কম কথা কয়। কেনেকৈ তেওঁ ব্যৱসায় চলাই ভাবি নাপাওঁ মই। হয়তো মানুহ চিনাত ভুল নকৰে তেওঁ। যিটো ভুল মই কৰিলোঁ।
গৈ ডাইনিংত বহিলোঁ। মাই সকলোৰে বস্তু যোগাৰ কৰি নিজলৈ লৈ বহিল। মই গুৱাহাটীলৈ যাব লগীয়া হোৱা কথাটো কলো। মাই ভাল পালে শুনি। পাপাৰ কথা নাজানো। প্ৰয়োজন সাপেক্ষে কথা কোৱা মানুহ জনে কি ভাবে মই আজিও নাজানিলো। তাই কিন্তু জানিছিল। কোন সময়ত কি বিচাৰিছিল ,সকলো জানিছিল তাই। মাত্র এসপ্তাহ আছিল তাই এইখন ঘৰত। তথাপিও কিন্তু সকলোৰে... উহু! সকলোৰে নহয়..
:""শান""
: মা! কোৱা।
:কি ভাবি আছা ?? মই কি কৈছোঁ শুনিছা নে?? শুনা তুমি যেতিয়া গুৱাহাটীলৈ যাবাই, তেন্তে বজাৰ খিনি তুমিয়ে কৰি আনিবা। মানিকচান্দৰ পৰা গহনা খিনি, মেঘনাছ ৰ পৰা ছায়াৰ কাপোৰ যোৰ আৰু শিল্কালয়ত অৰ্ডাৰ কৰা কাপোৰযোৰ..মনত আছে নে ৰিচিপ্তচনৰ দিনা পিন্ধিবলৈ যে কাপোৰ এযোৰ দিছিলোঁ.. লৈ আহিবা। হব নে??
মাই কথাখিনি মোক সুধিলে যদিও মই জানো এয়া মাৰ আদেশ।
:হব মা! লৈ আহিম।
খাই থাকোঁতে পাপাৰ ফোন আহিল। কোনোবা এজনৰ ঘৰলৈ মাতিছে। কিবা কথাৰ আলোচনাৰ বাবে। গতিকে খোৱা হোৱাৰ লগে লগেই পাপা ৰেডি হৈ ওলাই গল।যাওঁতে ছায়াক মাত লগাব নাপাহৰিলে পিছে। ছায়া আৰু মাই বাচনবোৰ বেচিনলৈ লৈ গল। ৰাধিকা দিদি আহি ধুব। ঘৰুৱা কামত সহায় কৰা কৈ
ৰাধিকা দিদি সদায় আহে। গতিকে কাৰো চিন্তা নাই।
এতিয়া মই জানো মা আৰু ছায়াই বিয়াৰ আলোচনা কৰিব। কত কি কৰিব কি পিন্ধিব! মই এইবোৰ ৰ পৰা আতৰি থাকো আচলতে পলাই ফুৰো। কাৰন এইবোৰ কথাই মোক সেইদিনটোলৈ মনত পেলাই দিয়ে....
: মই মোৰ ডকুমেন্ট বোৰ থিক কৰোগৈ..তোমালোকে কথা পাতা। ছায়া!জনাবা কেতিয়া যাব হয়। শ্বপিংত কিমান বা দেৰি হয়!সেয়ে এতিয়াই বস্তু বোৰ সামৰি লও!
: অকে শান্তনু! তুমি কৰি লোৱা। মই মাতি দিম দিয়া ।
মই ৰুমলৈ আহিলোঁ। দুযোৰ পেন্ট চাৰ্ট আৰু অলপ অত্যাৱশকীয় সামগ্ৰী মোৰ বেগত ভৰাই ললোঁ। মাই তেতিয়া কথা পাতি থাকোঁতে ৰিছিপ্ত বোৰ দিছিল। সেয়াও ভৰাই ললোঁ। গহনা ...কাপোৰ... !! তাইৰ এইবোৰ বিলাস নাছিল। আমি কোনোৱেই তাইক ইমান গুৰুত্ব ই নিদিলো। বেয়া লাগে এতিয়া ভাবিলে। এবাৰ তাইক চাব মন যায়। কাৰনে অকাৰনে মৰা খোলা হাঁহি টো শুনিব মন যায়। জানো! তাই ক লগ পোৱাৰ মোক বাসনা এক অলীক কল্পনা মাথোঁ। হলেও এবাৰ ভাবিব মন যায় !! কিয় ??? নাজানোঁ!এক উত্তৰ বিহীন প্ৰশ্নৰ চাকনৈয়াত বন্দী মই!
আগলৈ
0 Comments