অনুজ য়েইনৰ কবিতা - মাৰ বিচৰাটো


মাৰ  বিচৰাটো


মায়ে চকুযোৰ থাকিও
এযোৰ বিষচকূ বিচাৰে,
মাৰ দুভৰি থাকিও
আৰু এখন ভৰি বিচাৰে,
মায়ে এসাজ খোৱাৰ পাছত, টোপনি যাবলে নিচাৰ ঔষধ বিচাৰে
বাৰে,বাৰে চোবাই থাকিও পিক সনা বেলিৰ বাঁহ বিচাৰে।
আজি কালি মায়ে ক্ষণ গণি গণি
আশী বছৰ ডেওনাৰ
পুৰঠৰ সংগ্ৰাম ইতি পৰিছে।
 মায়ে ভালকৈ নেদেখি আৰু নুশুনে চিঞৰি চিঞৰী বিচাৰি
ফুৰে
মোৰ বিষচকুটো কোনোবাই দেখিছানে, খোজ কাঢ়িবলে ভৰিখন,
ক'ত থলো বাৰু ,
সদায় বিচাৰি সাবাথুৰি খাই ।

পিছে,মায়ে অতিথি এজনৰ সৈতে কিবাকিবি বহু কথা পাতে
 অন্তৰৰ  ফেঁচা চৰাইজনী যেন আন্ধাৰ নেওচি দিনটো  ফৰকাল আকাশ চুবৰ কিমান হেঁপাহ,,, মায়ে যে
বৃদ্ধাৰ সময়চোৱাত
সাজি কাছি মেঠনি মৰা নকৈ কাংকান
ছোৱালী হব বিচাৰে,,,,


          অনুজ য়েইন।

Post a Comment

0 Comments