কথকতা এক অন্তহীন আৱেগৰ
তৃতীয় খণ্ড
কৰবাৰ পৰা ৰিনিকি ৰিনিকি শব্দ কিছুমান ভাহি আহিছে। চাৰিওফালে সেউজীয়া... মন ভৰাই তুলিছে... সৌৱা তাই আহি আছে মোৰ কাষলৈ.. মাতিব খুজিছোঁ তাইক ওচৰলৈ... নাই! পৰা নাই । আকৌ এবাৰ চেষ্টা কৰিবলৈ বিচাৰোতেই এটা গলগলীয়া মাত ভাহি আহিল..
:""ডেকা ল'ৰা, উঠা""
চকু মেলি চালোঁ। বৰ পোহৰ। অসহ্য! চকুহাল মুদ খাই গ'ল আপোনাআপুনি। আকৌ মেলিব চেষ্টা কৰিলোঁ। চাৰিওফালে অস্পষ্ট দেখিলো... লাহে লাহে অস্পষ্ট বোৰ দৃশ্যমান হল। মই এখন বিচনাত শুই আছো। মোৰ চাৰিওফালে মই নজনা , চিনি নোপোৱা মানুহে মোক ঘেৰি আছে।
: "তহঁতে অলপ মুকলি কৰি দে জেগাদোখৰ। আল্লাৰ ৰহম ! হুচ আহিল যে! হেৰৌ, তাক অলপ মুকলি বতাহ লবলৈ দেছোন। অজ্ঞানী নহবি। চাও যা তহঁত। বাহিৰলৈ যা।"
মাত শুনি মানুহ জনলৈ চালোঁ। ৰহিম চাচা! আমাৰ চাৰিআলি ত জোতা চিলাই কৰা মানুহজন। মই টো নাম নাজানিছিলোঁ এওঁৰ। তাইৰ কথাৰ পৰাই নাম জানিছিলোঁ এওঁৰ। তাই বৰ ভাল পায় ৰহিম চাচাক। এদিন চিঙা চেন্দেল চিলাই নিয়াৰ পৰা মোক ৰহিম চাচাৰ কথা কৈ কাণ ঘোলা কৰি দিছিল। যদিও মই তাইৰ কোনো কথাত গুৰুত্ব দিয়া নাছিলোঁ, তথাপিও তাই মোৰ লগত কথা পতা বন্ধ কৰা নাছিল। অৱশ্যে প্ৰায়বোৰ কথাৰ মই আছিলোঁ অদৃশ্য শ্ৰোতা।
হয়তো নিজক বুজাবলৈ, প্ৰবোধ দিবলৈ তাই ৰ একান্ত প্ৰচেষ্টা আছিল সেয়া।
: ""শান্তনু""
উচপ খাই উঠিলোঁ
: অ মা! কোৱা।
: কি ভাবি আছা?? ইমান কৈ মতা স্বত্তেও শুনা নাই যে। তুমি ছায়াৰ ফোন ধৰা নাই বোলে। এসপ্তাহৰ পিছত বিয়া তোমালোকৰ। গাত কথা লগাই নাই নে?? আগতে যি হ'ল হ'ল। আমি পাহৰিছোঁ। এতিয়াতো অন্ততঃ আমাক সুখ দিয়া! যোৱা গা ধুই আহা। পাপা ও আছে। ছায়াকো মাতিছো। সকলোৱে একেলগে ভাত খাম আৰু অলপ আলোচনা কৰিব আছে। যোৱা যোৱা।
এৰা এসপ্তাহৰ পিছত ছায়াৰ লগত মোৰ বিয়া। বিয়া! শব্দটোৱে যেন উপলুঙা কৰে মোক। বুকুত বিন্ধে ! কিন্তু ... এৰা পাকৈত অভিনেতা যেন লগা হৈছে নিজকে। এটা সময়ত এই অৱস্থা পাবলৈ কি কৰা নাছিলোঁ। ছায়াৰ লগত অভিসাৰ, আৰু ..আৰু ক'ত কি.... এতিয়া?? এতিয়া চোন..
:শান! গলা নে??
মাৰ মাত।
নিজব ভাবনা বোৰ জোকাৰি সাজু হলো ভাৱৰীয়া হবলৈ। নিজৰ সৃষ্ট নাটকৰ ভাৱৰীয়া!!
গা ধুই আহি ৰুমত থকা সৰু গনেশৰ মূৰ্ত্তি টোত ধূপ এডাল জ্বলাই সেৱা কৰিলোঁ। এই মূৰ্ত্তিটো তাইৰ আছিল। নহলে বুঢ়াগোহাঁই ৰ পৰিয়ালত মূৰ্ত্তি পূজা!! নাজানোঁ সকলো এৰি অহাৰ পাছতো এই মূৰ্ত্তি টো কিয় লগত লৈ আহিলোঁ.. তাই কৰা কাম টো মই কিয় কৰোঁ?? হয়তো ভগৱানৰ প্ৰতীক বুলি! হব পাৰে।
আগলৈ...
0 Comments