ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ

কথকতা এক অন্তহীন আৱেগৰ


চতুৰ্দশ খণ্ড


.... আচলতে হেৰুৱাই পোৱা বস্তুৰ মূল্য চাগৈ আমি অনুমান কৰিব নোৱাৰো। পাই হেৰুৱাতকৈ হেৰুৱাই পোৱাৰ মূল্য অধিক। মানুহৰ জীৱনৰ কঠিন কামটো হল মনৰ  বিশ্লেষণ । কোন, কেতিয়া, কত ,কি হয়, এইবোৰ কেতিয়াবা জানিলেও চোন সুযোগ সুবিধা বোৰ হেৰাই যায়!আকৌ কেতিয়াবা একো নজনাকৈয়ে প্ৰাপ্তিৰ উচ্চতম শিখৰত অৱস্থান কৰে!!


এই যে মই সংগীক সাৱটি অতীতত বিচৰণ কৰিছোঁ, এয়াও এক প্ৰকাৰ বিলাস মোৰ। আজি তাই আছে মোৰ কাষত, কিন্তু তাই নহওতেও এই বিলাস  মোৰ প্ৰিয় আছিল। এনে লাগিছিল যেন দূৰ সূদুৰৰ পৰা অহা তৃষ্ণাতুৰ এজনৰ আগত যেন পানীৰে ভৰা হ্ৰদ এটাহে দৃশ্যমান হৈছে!! আচলতে মোৰ বুজাত দেৰি হ'ল। অনুধাৱন কৰোঁতে দেৰি হ'লেও বুজিলোঁ, সংগী মোৰ প্ৰাণৰ তৃষ্ণাৰ এক মাত্ৰ প্ৰয়োজন। তাই নহলে মোৰ জীৱন বৃক্ষ শুকাই যাব। দৃশ্যমান বা অদৃশ্য কোনো কথা নাই, মাত্ৰ তাইৰ অনুভৱেৰে জীপাল মই....


আশ্বৰ্যকৰ জীৱন!!মই ভবাই নাছিলোঁ, এনেদৰে কাৰোবাৰ প্ৰেমেৰে জীৱন সমৃদ্ধ হব পাৰে বুলি! হাঁহি উঠে নিজলৈ.... ইমান স্থুল চিন্তা আছিল মোৰ। দেহ সৰ্বস্ব প্ৰেমৰ প্ৰতি লালসা আছিল যদিও ভুল কৰা নাছিলোঁ ।  আনকি সেই দিনাও মই ছায়াক চুই চোৱা নাছিলোঁ। তাই হে মোক জপটিয়াই ধৰিছিল। বিছনাত টানি নিছিল। মোৰ পৰা কিন্তু সহাৰি পোৱা নাছিল তাই। হয়!!বিছনাত দৃশ্যমান হৈছিল আদিম খেলৰ ছবি। কিন্তু মই একো কৰা নাছিলোঁ। চায়া আৰু মই ৰুমটোত সোমাই আছিলোঁ  একমাত্ৰ তাইক দেখাবৰ বাবেই। কিন্তু যেতিয়া মোক ছায়াই টানি নিছিল , তাইক মই চৰ মাৰিছিলো। কিন্তু ভুলটো তাতেই কৰিলোঁ.... ছায়াই যে সকলো ৰেকৰ্ড কৰি ৰাখিছিল মই টো জনা নাছিলোঁ। আৰু আজি সেই ৰেকৰ্ডৰ বাবেই মই......



সংগীলৈ চালোঁ। কঁপনি আছেই। হয়তো অলপ গৰম আহিছে গাত।তাই চাগৈ মোক এতিয়াও ঘৃণা কৰে! ভাবে চাগৈ নষ্ট চৰিত্ৰৰ ল'ৰা বুলি!


সচাকৈ কব গ'লে আৱেগৰ বশৱৰ্তী হৈ মানুহে কাম কৰিব নালাগে। কাৰণ সেইসময়ত মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। যিটো মোৰ ক্ষেত্ৰত হ'ল। তাইক আতৰাবলৈ ইমান উত্ৰাৱল হলো যে নিজৰ অস্তিত্বক মোহাৰি পেলালোঁ!


 খুব মন গৈছে..... তাইৰ কপালত মৰম আঁকিবলৈ... পিছে ... মোৰ সামৰ্থ্য ৰ বাহিৰত এতিয়া তাই। ইমান আৱেগেৰে যদিহে তেতিয়াই সাৱটিলো হয় তাইক! নাজানো কিয়, কিন্তু তাইৰ কথাবোৰ মোৰ বিশ্বাস হোৱা নাই। এই যে তাই বিয়া পতা বুলি ক'লে... মগজুৱে মানিলেও হৃদয়ে চোন মানিবলৈ নিবিচাৰে।  উস!! সংগী!!!!  ভাবি থাকোঁতে তাইৰ নামটো চাগৈ ওলাই গ'ল মুখেৰে...

:""উমম""... তাই  সহাৰি দিলে। 

আৰু জোৰেৰে সাৱটি ক'লো..
: আৰু দহ মিনিট! আমি তেজপুৰ পাম  আৰু। তাতেই নামিম দেই আমি..

সৰু ছোৱালীক কোৱাৰ দৰে ক'লো। আচৰিত হ'লো মই! ইমান কোমলতা মোৰ মাতত কেনেকৈ??

তাই শুনিলে নে নুশুনিলে নাজানিলো। হলেও মই তাইৰ মূৰত মোৰ গাল গুজিলো। এতিয়া তাইৰ মূখ মোৰ বুকুত! দুয়োৰে হৃদস্ন্দপন এক হৈ পৰিছে... অনিৰ্বচনীয় সুখেৰে ভৰি পৰিছে প্ৰাণ.....

          



      কয় নহয় সুখ বোৰ ক্ষণস্হায়ী! হেণ্ডিমেন জনক প্ৰণয়ে কৈছিল চাগৈ তেজপুৰত নামিম বুলি। তেজপুৰ পোৱাৰ লগে লগেই সি আহি কাষতে ৰৈছিল। মই  সংগীক ধৰি লৈছিলোঁ। প্ৰণয়ে মোৰ বেগটো নমাইছিল। হেণ্ডিমেন জনে সংগীৰ বেগটো ধৰি নমাই  ৰৈ দিছিল। নাইট চুপাৰ বোৰত আহি এইকাৰণেই ভাল  লাগে। অন্ততঃ আন্তৰিকতা পোৱা যায়। অকলশৰীয়া ছোৱালীৰ ক্ষেত্ৰত আৰু সাৱধান। যেতিয়ালৈকে কোনো অভিভাৱক নাহে, তেওঁলোকে ৰৈ দিয়ে। আজিৰ কথাতো বেলেগ। সংগীয়ে নিজে টিকট কৰিছিল বাবে তেওঁলোকে আমাক বিশ্বাস কৰিছিল। যিহেতু ৰঞ্জন আহি পাইছিল হি, গতিকে আমাক এৰি বাছখনে গতি কৰিছিল। প্ৰণয়ে অভি হতক কিবা কৈছিল চাগৈ, সেয়ে বিকাশক ঘৰলৈ যাব কৈ অভিও আমাৰ লগত নামিছিল।

অলপ দেৰিকৈ পাইছিলহি ৰঞ্জন। দেখি গম পাইছোঁ টোপনিৰ পৰা উঠি আহিছে। বেয়া লাগিছে এই মাজৰাতি তাক আমনি কৰিলোঁ। পিছে মোৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ যে সংগী!

(আগলৈ)

Post a Comment

0 Comments