কথকতা এক অন্তহীন আৱেগৰ
ত্ৰয়োদশ খণ্ড
:""মা""
ফুটো নুফোটোকৈ এটা শব্দ শুনিলোঁ।
আকৌ মুখখনৰ ওচৰলৈ কাণ খন দি শুনিবলৈ যত্ন কৰিলোঁ। একেই শব্দ ""মা""...
বুকুখন বিষাই আহিল। এৰা! সকলোৱে বিপদত মাকক বিচাৰে!কিন্তু তাই আজি দুবছৰে মাকক দেখা নাই, না মাত শুনিছে। অথচ মই! মই তো মা ,পাপাৰ লগতে থাকোঁ। ভুল কৰিলোঁ মই , শাস্তি পাব লাগে মই, কিন্তু শাস্তি পালে তাই। য'ত নেকি তাইৰ কোনো ভুলেই নাছিল।
মনলৈ আহিল সংগীক প্ৰথম দেখাৰ দিনা....
প্ৰণয়ৰ বায়েকৰ বিয়ালৈ আহিছিলোঁ আমি... অভি আৰু মই। বিয়া আৰু জোৰণ একেদিনাই আছিল। প্ৰণয়ৰ বন্ধু তাতে একে ঠাইৰে... আচলতে প্ৰণয়ৰ ঘৰ গোগামুখত। একে জিলাৰ বাবে চাগৈ তাগিদা বোৰ ও বেছি। প্ৰণয় হতৰ ভাড়াঘৰত আছিল সংগীহত। নতুনকৈ বদলি হৈ আহিছিল সংগীৰ দেউতাক গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে। নৈষ্ঠিক বাহ্মণ পৰিয়ালটোত সংগীৰ দেউতাকৰ লগতে মাক আৰাধনা কৌশিকেও সংগীক বহুত মৰম কৰিছিল।
বিয়াৰ ঘৰ। আমি দুদিন আগতে গৈছিলোঁ। সেই দিনা প্ৰণয়ে সংগী হতৰ ঘৰৰ পৰা জখলাডাল আনিবলৈ মোকো লগ ধৰিছিল। কাঠৰ জখলাডাল দাঙিবলৈ দুটা মানুহ লাগেই। প্ৰণয়ে মাত দিয়াত সংগীৰ মাকে ভিতৰলৈ মাতিলে। সোমাই গ'লো দুয়ো। খুব সম্ভৱ মাকে সংগীক নাৰিকল ৰুকিবলৈ কৈছিল। আমি যাওঁতে সংগীয়ে চকী এখনত বেকাকৈ বহি চকীৰ নালত ভৰিতুলি মুখেৰে নাৰিকলৰ এফাল লৈ দাঁতেৰে কামুৰি আছিল। কি দৃশ্য আছিল!!
এজনী স্নাতক বৰ্ষৰ ছাত্ৰী! ভৰি তুলি বহোতে পিন্ধা দীঘল স্কাৰ্ট টো পিছলি কলাফুল ওলাইছিল। খোৱাত মানে কামোৰাত ইমান ব্যস্ত আছিল যে আমি তাইৰ ওচৰত থিয় দিওঁতে ও গম পোৱা নাছিল। মাক ওলাই আহি ধমকি দিওঁতে হে তত পাইছিল।
হঠাৎ এখন হাতে মোক মেৰাই ধৰিলে। গম পালোঁ সংগীয়ে মোক জোৰকৈ সাৱটি ধৰিছে। কুৰুকি কুৰুকি নাইৰ মুখখন, গাটো মোৰ বুকু লৈ সোমাই গৈছে। মোৰ উশাহ বন্ধ হৈ গ'ল....গাটো গৰম হৈ আহিল.. সকলো ইন্দ্ৰিয় ইকাম কৰা যেন বন্ধ কৰি দিলে....অনুভৱৰ পৰিধি ভাঙি মই যেন গতি কৰিলোঁ....
ক্ষণিকৰ উত্তেজনাত বিলীন হৈ পৰোতেই প্ৰণয়ৰ ফোনে মোক বৰ্তমানলৈ উভতাই আনিলে। জানো খবৰ লবলৈ ফোন কৰিছে..।কিন্তু ৰিছিভ নকৰিলো। বৰঞ্চ সংগীক আৰু জোৰকৈ বুকুৰ মাজত ভৰাই ল'লো। তেজপুৰলৈ এতিয়াও বহু বাট বাকী....
ভাব হ'ল, মোৰ লগত কটোৱা এবছৰত এদিনো মই সংগীৰ বেমাৰ বুলি শুনা নাছিলোঁ। মই জনাত তাইৰ মূৰৰ বিষ আৰু চৰ্দি, এই দুটাই বেমাৰ। তাকো বিনা ঔষধত ভাল হয়। বেমাৰ বুলি কব পৰা পৰিস্থিতি নাছিলেই কেতিয়াও! নে হলেও মনে মনে আছিল!!
তাই ঔষধ খুব বেয়া পাই, যেন কিবা নাখাব লগীয়া বস্তু হে খাইছিল.. এবাৰ তাই চৰ্দি আৰু মূৰ বিষ হওতে
মই ""চিনাৰেস্ট"" এপেকেট আনি দিছিলোঁ। অৱশ্যে নিজ ইচ্ছা ৰে নহয়। পাপাই কোৱা বাবেহে। টেবলেট টো হাতত দি গিলিব দিওঁতে টেবলেট ডিঙিত লাগি ধৰিছিল। শেষত বমি কৰি ওলাই দিছিল। সেই সময়ত তাইৰ মূখখনৰ যি ৰূপ! ডিঙিৰ বিষ, চৰ্দি, মূৰ বিষ ৰ বাবে তাই ক'লা ৰঙা পৰি গৈছিল। প্ৰথম বাৰৰ বাবে মোৰ বুকুখন বিষাইছিল সেইদিনা তাইৰ বাবে। সেয়ে টেবলেট টো একাপ পানীত গুৰি কৰি মিহলাই দিছিলোঁ। খাইছিল তাই। পাপাৰ নজৰত থাকি।
এটা কথা এতিয়াও মোৰ বোধগম্য নহল....।পাপাই তাইক যিমান মৰম কৰিছিল , তাৰ আধাও ছায়াক নকৰে। আমি মাজুলীত থাকোঁতে পাপাই তাইলৈ দিনত চাৰিবাৰকৈ ফোন কৰিছিল। মাই প্ৰথমতে খং কৰিছিল যদিও, পিছলৈ কিন্তু মান্তি হৈছিল। শেষলৈ দুয়ো ইমান ভাল বান্ধৱী হৈ পৰিছিল যে পাপাই পাত্তা নাপাইছিল।
তাই হয়তো মৰম লগাব পাৰিছিল। মানুহৰ মন মোহিব পাৰিছিল! যদি কোনোবা ক বলাব পৰা নাছিল , সেয়া আছিলোঁ মই!! কিয় যে ইমান কাঠচিতীয়া আছিলোঁ মই!!
আমাৰ পৰিয়ালটোত মা আৰু পাপাৰ বাদে তাইক আন কোনেও ভাল ব্যৱহাৰ কৰা নাছিল। কাৰন তাই আহোম নাছিল! কিন্তু মা হতৰ মনত তাই আছিল মোৰ সৰুতে হেৰাই যোৱা কুৱঁলী জনী। কুৱঁলী!! মোৰ ভনী। মাত্ৰ তিনিবছৰলৈ মৰম লগাব অহা মোৰভনী !পংখী!!
এৰা মোৰ বাৰবছৰ হওতে তাই জন্ম পাইছিল।অৰিন্দম আৰু আকৃতি বুঢ়াগোহাঁই ৰ কোলাত ভগৱানে আকৌ এবাৰ নিৰ্মালি দিছিল কন্যা সন্তানৰ ৰূপত। মোৰ বহুত ইচ্ছা আছিল ভাইটি বা ভন্টী এজনীৰ বাবে। মা হতক বহুত আমনি কৰিছিলো এসময়ত। হয়তো মাহতেও চেষ্টা কৰিছিল! কিন্তু বছৰ বছৰ ধৰি একো আশা নেদেখাত মই সেই সপোন টো পাহৰি পেলাইছিলো । হয়তো মাহতেও!!
হঠাৎ এদিন তাই আহিছিল ... মাৰ গৰ্ভ মনে মনে দখল কৰিছিল। দুমাহ পাৰ হৈ যাওঁতে মাই গম পাইছিল হেনো...
যিদিনা তাইক ঘৰলৈ আনিছিল, মই কান্দি পেলাইছিলো। মোৰ মাই মৰম নকৰে বুলি নহয়, ইমান সৰু তাইক মই কেনেকৈ লম বুলি.... আচৰিতভাৱে শান্ত আছিল তাই! মোৰ বাদে বেলেগৰ কোলাত বেছি সময় নাথাকিছিল। আনকি তাইক গা ধুৱাই দিয়া কামটোও মোৰেই আছিল। মা পাপাতকৈ মোৰ লগতহে বেছিকৈ আছিল। আনকি তাইৰ প্ৰথম মাত টো আছিল ""দা""""....
একোলা দুকোলাকৈ ডাঙৰ হৈছিল হে! এদিন পাপাৰ কোচত বহি থাকোঁতে তাই হঠাৎ পৰি গৈছিল! সংজ্ঞা অহা নাছিল তাইৰ.... দৌৰিদৌৰিকৈ চিকিৎসালয়লৈ লৈ গৈছিল ... তাতেই পাইছিলোঁ খবৰটো!! তাই সুস্থ নাছিল!! হৃদয়ত ফুটা লৈ আহিছিল তাই!! সেই তিনিবছৰীয়া ছোৱালীজনীৰ... মোৰ হিয়াৰ আমঠু পংখীৰ !!
তাইক ভাল কৰিবলৈ সকলো কৰা হৈছিল। ভগৱানৰ পৰা আদি কৰি চিকিৎসা লৈ। বোম্বাই লৈ যাবলৈ ৰেলৰ টিকট কৰা হৈছিল...।কিন্তু কয় নহয়... দাতাই দিলেও বিধাতাই নিদিয়ে!!
যোৱাৰ আগদিনা কুমটীয়া আৰু জীয়াধলৰ পানীৰে ধেমাজি চহৰ ডুবাই পেলাইছিল। ৰাস্তা ঘাটৰ চিন নোহোৱা কৰি দিছিল। চহৰৰ আভিজাত্যক উপলুঙা কৰি আছিল সব ফালে মাথোঁ সাগৰ সদৃশ পানী!!
তাৰ পিছত আৰু কি!! শেষ সকলো!! তিনিদিনৰ জ্বৰৰ অচিলাৰে গুছি গৈছিল তাই...... সকলোকে বিষাদত পেলাই....
মা পাগলী হৈছিল। পাপাই ধৈৰ্য ধৰিছিল যদিও ভিতৰি ভাঙি পৰিছিল .. আৰু তেতিয়াৰ পৰাই আমাৰ ঘৰত ভগৱানৰ পূজা নিষিদ্ধ হৈছিল!!!
আগলৈ....
0 Comments