কথকতা এক অন্তহীন আৱেগৰ
দ্বাদশ খণ্ড
নগা শ্বল খন ওপৰতে থৈছিলো, দৰকাৰ হব পাৰে বুলি। সেয়ে হাত দিয়ে পালোঁ। সেই খন লৈ তাইৰ গাত মেৰিয়াই দিলোঁ। খিৰিকীৰে ঠাণ্ডা বতাহ আহি আছে। বন্ধ কৰিলেও বাছৰ ভিতৰত অসহ্য লাগে। খিৰিকী ৰ ফাঁক টো যিমান পাৰি সৰু কৰিলোঁ। বতাহ আহক কিন্তু বেছি ঠাণ্ডা নলগাকৈ। চিটৰ মাজৰ স্টেণ্ড দাল যিহেতু উঠাই থোৱা আছিল সেয়ে তাইক আকোৱালি মোৰ কাষলৈ টানি আনিলোঁ। উমান পাইছিলোঁ তাইৰ জ্বৰ উঠিছে,কঁপনি টোও বাঢ়ি আহিছে। এই সময়ত মোৰ কোনো তৃতীয় ব্যক্তিৰ কথা মনলৈ অহা নাই। অক অচিন সুবাসে আৱৰি আছে মোক!! মনলৈ কিছু সন্দেহ ও আহিছে! প্ৰণয় আৰু সংগীয়ে আগতেই পাঙি আছিল নেকি?? সি নো তাইক নেদেখিলে নে?? হব পাৰে! কাৰণ আমি একো খাব নাপালোঁ দেখুন। বতৰক নো কোনো নিয়ন্ত্ৰণ কৰিব পাৰে? , এই মূহুৰ্তত সকলো বাদ। সংগীৰ জ্বৰ টো কেনেকৈ কমাম সেইটো হে মূলকথা। তাইক আৰু অলপ জোৰেৰে সাৱটিলো। থাকোঁতে মোৰ হাতত টেবলেট আছে। কিন্তু খালী পেটত কেনেকৈ খুৱাম! মই লগত সৰু সুৰা ফাৰ্মাছী এখন লজ ফুৰো বুলিলেও মিছা নহয়। কথাতেই কয় নহয়, সাৱধানীৰ মৰণ নায়।
পিছে সংগীৰ ক্ষেত্ৰত হে একো কৰিব পৰা নাই, সময় সুবিধা দুয়ো প্ৰতিকূল মোৰ বাবে। কিবা কে তেজপুৰ পালে হয়। মোৰ লগৰ ৰঞ্জন ৰ ঘৰ তাতে।সি মেডিচিনৰ ডাক্তৰ। আমি উচ্চতৰ মাধ্যমিকৰ সহপাঠী । লক্ষীমপুৰ কলেজত লগ পাইছিলোঁ তাক। তাৰ কথা ভাবোতে মনত পৰিল ফোন টো অন কৰা নাই। খবৰ দিবলৈ টো ফোন কৰিবলৈ লাগিব। এখন হাতেৰে তাইক সাৱটি আনখন হাতেৰে ফোনটো উলিয়ালো। ফ্লাইট মুড অফ কৰোঁতে মাৰ ফোন আহিল।
মাক কৰ পালোঁ জনাই ফোন ৰঞ্জনলৈ লগালো। শুইছিল চাগৈ বেচেৰা! টোপনিৰ নিচা নাই যোৱা। থূলমূল কৈ কথাখিনি কৈ ফোনটো কাটিলো। এনে নহয় যে মোৰ তাক টোপনিৰ পৰা জগাই ভাল লাগিছে, মই ও বুজোঁ চিকিৎসকৰ কষ্ট। কিমান কষ্ট সিহঁতৰ! ৰোগীৰ কাৰণে সিহঁতৰ ব্যক্তিগত জীৱন নোহোৱা হৈ যায়। ফুৰিবলৈ ও যাব নোৱাৰে। কোনো ৰোগীক নিৰাশ কৰি কৰবালৈ যাব লগীয়া হলে সিহঁতে ও শান্তি নাপায়। দিনটো চাগৈ তাৰ বহুত কষ্ট হৈছিল। কিন্তু , সংগীৰ ক্ষেত্ৰত মই কোনো ধৰণৰ অবহেলা নকৰো, নোৱাৰোঁ!!
প্ৰণয়ক খবৰটো দিয়াটোৱে থিক কৰিলোঁ। তাৰ চিনাকি যেতিয়া .. ফোন লগালো...
: ক। ফোনটো লগা নাছিল যে তোৰ??
সি সুধিলে
: অ। কথা এটা কব আছে
উত্তৰ দিবলৈ মন নগল মোৰ
: ক চোন..
: প্ৰণয়, সংগীৰ জ্বৰ উঠিছে। মই তেজপুৰত নামি দিম। প্ৰসংগ সংগতি নথকাকৈ কৈ উঠিলোঁ।
:কি??তাই তোৰ লগতহে বহিল নেকি?? আৰু তাই অহাৰ কথা নাছিল নহয়!
কি?? প্ৰণয়ে তাইৰ কথা জানে????
মনৰ অৱস্থাক আৰু দোদুল্যমান কৰি প্ৰণয়ে ক'লে
: তাই হে টিকট কৰিছিল আমাৰ। ধুবুৰী ৰ পৰা আহি আছিল তাই। মই ফোন কৰোঁতে আমাৰ কথা কৈছিলোঁ।।তাই য়ে টিকট কৰি দিছিল। ছৰী য়াৰ!মই ভবাই নাছিলোঁ এনে হব বুলি।তাই কোনোবা লগৰ ঘৰলৈ যাম বুলি কৈছিল। এটা কাম কৰ নহলে!তই মোৰ চিটত গুছি আহ! মই সম্ভালিম দে তাইক!
ফোনটো কাটি দিলোঁ। সংগীক মই থাকোঁতে সি কিয় সম্ভালিব? মোৰ পত্নী হয় তাই! মই তাইক বেলেগৰ লগত চাব নিবিচাৰোঁ । লাগে সেয় তাইক ককায়েক নহওক কিয়??
অদ্ভুত খং এটা উঠি আহিল। প্ৰণয়ক সহ্য কৰিব নোৱাৰা হৈ পৰিলোঁ। ফোন কৰি আছিল সি বাৰে বাৰে.. অতিস্থ হৈ ফোনটোতাক ব্লক কৰি দিলোঁ। কিন্তু লাভ কি হ'ল???? মোৰ ওচৰ পাই গ'লহি! পাহৰিয়েই আছিলোঁ আমি একেখন বাছতে আছোঁ।
: শান, তই ....
ঘোপাকৈ চালোঁ তালৈ। তাইক মোৰ কাষৰ পৰা আতৰাবলৈ সি কোন?? মোৰ মুখ চাই সি চাগৈ বুজিলে কিবা ! আতৰি গ'ল। যাওঁতে।মোৰ কান্ধত হাতেৰে চাপ দি গ'ল। যেন কৈছে ..তোৰ লগত আছো দোস্ত!!
অৱশ্যে প্ৰণয়ক বিশ্বাস নকৰাৰ এটা কাৰণো আছে। সি সংগীক ভাল পাইছিল এসময়ত। একপক্ষীয় ভাবে! কিন্তু মোৰ এই মানুহজনী!! তাই সব কথা ধেমালিৰ সুৰ ত উৰাই দিয়ে! প্ৰণয়ৰ এতিয়া বিয়া হ'ল যদিও সংগীক এতিয়াও হিয়াৰ কোণত ৰাখিছে বুলি মোৰ বিশ্বাস! তাক কিয় বিশ্বাস কৰিম মই! খেৰ -কূটা সাৱটা দি তাইক মই সাৱটি ধৰিলোঁ। যেন তাইক ৰাখি থম! এনেকৈ.. অনন্তকাললৈ......
0 Comments