প্ৰবিন দত্তৰ কবিতা - মৰমবোৰ এনেকুৱাই নিলাজী বনৰ দৰে




মৰমবোৰ এনেকুৱাই নিলাজী বনৰ দৰে 

কলিজাত শিপাই…

মৰমবোৰ এনেকুৱাই
সময়ত হঁহুৱাই সময়ত কন্দুৱাই
মৰমৰ অভিমানে অজানিতে
 বুকুৰ জুৰাই।

মৰমবোৰ এনেকুৱাই…
উজাগৰি ৰাতিবোৰত
এহেজাৰ নিশাৰ সাধু শুনাই
এচেৰেঙা জোনাক  হৈ বুকুলে উজাই।

মৰমবোৰ এনেকুৱাই…
পাতে ভাঙে ভাৱনাৰ বালিচৰ
বিশ্বাসৰ চাপৰিত বিৰিণা গজাই
মনৰ গৰা  চপৰা চপৰে খহাই।

মৰমবোৰ এনেকুৱাই……
নিলাজী বনৰ দৰে কলিজাত শিপাই।


প্ৰবিন দত্ত 
শিৱসাগৰ
১৮/০৫/২০২০

Post a Comment

0 Comments