ধাৰাবহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ


কথকতা এক অন্তহীন আৱেগৰ


দশম খণ্ড

মোৰ পৃথিৱীখন স্থবিৰ হৈ পৰিল। যি অকনমান আশা আছিল, সেয়াও নুমাই গ'ল। যেন কোনোবাই আইনা এখনত শিল দলিয়ালে! ভগ্ন হিয়াৰ শব্দ যে কোনোৱেই নুশুনে!না অনুমান কৰিব পাৰে তাৰ তীক্ষ্ণতা! আচলতে আমি সকলোৱে আৱেগৰ আইনাৰ কাষত থিয় হৈ থাকোঁ। যেতিয়া আৱেগৰ অৱক্ষয় হয়, সকলোকে সেই আইনাৰ টুকুৰাই খোচে, হানে!! কিন্তু আমি তাৰ পৰা আতৰিব নোৱাৰো। সেই টুকুৰাৰ আঘাত সামৰি আকৌ আৱেগৰ আইনা বনাও! কঠিনকৈ! থুনুকা সপোনবোৰক নতুনকৈ সজাও একেদৰেই.....

মোৰ আৰু কথা পাতিবলৈ মন নোহোৱা হ'ল।  দুই এটা হা হু কৰি কথা শেষ কৰিলোঁ। হয়তোবা তাইও বুজিলে , আৰু কথা নকলে। নিজৰ নিজৰ ভাৱনাত মগ্ন হলো আকৌ। তাই চাগৈ নতুন সংসাৰৰ চিন্তাত মগ্ন। কিন্তু মই!! মই ঘূৰি গলো আকৌ সেইদিনটোলৈ.... তাইক হেৰুৱাব লৈ আৰম্ভ কৰা দিনটো!! যিটো আজিও এখন ছবিৰ দৰে মনত আছে মোৰ........তাইক বিছাৰি অজ্ঞান হৈ পৰাৰ দিনা......



           ৰহিম চাচাৰ চাচা মাত শুনি চকু মেলিলো। তেতিয়ালৈকে মানুহবোৰ বাহিৰলৈ গৈছিল। মই উঠি বহিবলৈ চেষ্টা কৰোঁতে কৰবাৰ পৰা তাই দৌৰি আহি মোক আকোৱালি ধৰিছিল। কান্দি কান্দি কৈছিল ""কিয় এনেকুৱা তুমি?""
 
নাজানোঁ কিয়!তাইক দেখিয়েই নে তাইৰ মোৰ প্ৰতি সচেতনতা দেখি মোৰ ভাল লাগিছিল। তাইৰ গাৰ সুবাসেৰে সুবাসিত হৈছিল মোৰ প্ৰাণ... প্ৰথম বাৰৰ বাবে। 

: সংগী!
ফুটো নুফোটোকৈ ওলোৱা মাত টোৰে মাতিলো।
 কিন্তু তাই মোক সাৱটি কান্দিয়েই আছিল। তাইৰ আলিংগন ত এনে কি যাদু আছিল নাজানো যে মোৰ সকলো  চিন্তা ,ভাৱনা, সমস্ত বিষ নোহোৱা হৈ গৈছিল। 
এক তৃপ্তিৰ নিদ্ৰাই ভিৰ কৰিছিল হি চকুত....

চকু মেলোতে মই চিকিৎসালয়ৰ বিচনাত আছিলোঁ। অত‍্যধিক মানসিক কষ্ট, চিন্তা আৰু ভাগৰৰ বাবে মই অচেতন হৈ গৈছিলোঁ। পৰি যাওঁতে শিলত খুন্দা খাই ভৰিৰ হাড়ত ফাঁট মেলিছিল। সেয়ে ভৰিত প্লাস্টাৰ মাৰি তিনি মাহ ৰাখিব দিছিল। মনে মনে মই ভালেই পাইছিলোঁ অন্ততঃ অলপ সময় পাম সংগীক বুজাবলৈ। কিন্তু কি বুজাম?? বুজাবলৈ মই জানো কিবা বাকী ৰাখিছিলো??

ঘৰলৈ আহি প্ৰথমতে অশান্তি পাইছিলোঁ। মা আৰু পাপা এমাহৰ বাবে ভাৰত ভ্ৰমণত গৈছিল। আচলতে পাপাৰ কিবা মিটিং ও আছিল , সেয়ে মিলাই মিলি দুয়ো ফুৰিবলৈ গৈছিল। তেওঁ লোক যোৱাৰ এসপ্তাহৰ পিছতেই মই এই কাণ্ড কৰিছিলোঁ। অকলশৰীয়া ঘৰটোত সংগী আৰু মই! দিনত অৱশ্যে মানুহ থাকেই।  ছায়া সদায় আহি আছিল যদিও ৰাতি থাকিবলৈ সাহস কৰা নাছিল।  


সেইকেইদিনত সংগীৰ আৰু এটা গুণ মোৰ চকুত পৰিছিল। তাইক ছায়াই সমীহ কৰিছিল। এক অদ্ভুত দৃঢ়তা আছিল তাইৰ চকুত। তাই একো নকলেও তাইক অমান্য কৰাৰ ধৃষ্টতা কাৰো নাছিল। সেয়ে ছায়াই বিছাৰিলেও ৰাতি থাকিব পৰা নাছিল।

যদিও সেইকেইদিন সংগী মোৰ লগত আছিল, তাইৰ আগৰ ৰূপ টো কৰবাত হেৰাই গৈছিল। মই বেলেগ এজনী সংগীক দেখিছিলো তেতিয়া। মই নকলেও সকলো বুজি পাইছিল। মোক যতনাই দিছিল থিকে, কিন্তু মোৰ পৰা বহুত দূৰত অৱস্থান কৰিছিল। এনে লাগিছিল মোৰ পৰা আতৰিবলৈ কুচকাৱাজ তাই আৰম্ভ কৰিছিল। 

তাই মোৰ ভৰি ভাল হোৱালৈ নৰলেই। মই তাইক যিমান জানিছিলো, মোৰ বিশ্বাস আছিল যে তাই মোক এনেকুৱা অবস্থাত নেৰে। কিন্তু! মই যে নিজৰ কবৰ নিজেই খান্দিছিলোঁ!  

জানিছিলোঁ ! তাই খুব স্বাভিমানী! হলেও তাইৰ অন্তৰত আঘাট দিছিলোঁ। ছায়া থকা সময়ত কি জানো একাত্ম হৈ দেখুৱাইছিলো তাইৰ আগত। ভাবিছিলোঁ স্পষ্টবাদী তাই চকু পকাই, গালি  হলেও দিয়ক দুটামান!! পিছে তাই তেতিয়ালৈকে স্হিতপ্ৰজ্ঞ ৰূপ লৈছিল। কোনো অনুভৱে চুব নোৱাৰাকৈ নিজৰ চাৰিওফালে এখন বেৰ বনাই লৈছিল। য'ত মই মিছা আস্ফাল কৰিছিলোঁ। এজনী কোমল হৃদয়ৰ ছোৱালীক মই শিললৈ ৰূপান্তৰিত কৰি পেলাইছিলো.....

মা হত অহাৰ আগদিনা তাই মোক এৰি গুচি গৈছিল.... মোক অন্তৰ্দন্দৰ এখন চাদৰ পিন্ধাই। যাবৰ পৰত তাইৰ মোৰ মূখলৈও চোৱা নাছিল। টেবুলত  বিচ্ছেদৰ আইনী কাগজখন থৈ তাৰ ওপৰত  ভৱিষ্যতৰ শুভেচ্ছা জনাই এটা নোট লিখি গৈছিল।

 প্লাষ্টাৰ কৰা ভৰিখনৰ বাবে মোৰ তাইক বিচাৰিবলৈ সুবিধা নাছিল...... নহয় ! মোৰ আগ্ৰহ নাছিল।জেদী আছিলোঁ মই! সাংঘাতিক ধৰেণেৰে!! 

ভৰি ভাল হোৱালৈকে মই মোৰ ৰুম এৰি তলত আছিলোঁ। ভাল হৈ যেতিয়া ৰুমলৈ আহিছিলোঁ , কোঠাতো অচিনাকি যেন লাগিছিল। বহুত সলনি হৈ গৈছিল কোঠাতো। 

প্ৰথম সোমাই দেখিছিলোঁ আমাৰ বেৰত ওলমাই থোৱা ফ্ৰেমত  বিয়াৰ ফটোখন নাছিল। তাৰ ঠাইত মোৰ কেইবাখনো ফটো লগোৱা আছিল । 

ছায়াই কৈছিল, ""এনেয়ে ফ্ৰেমটো কিয় লগাই থৈছিলা?? মই ভাবিলোঁ তোমাৰ ফটোৱে লগাও। কেনে লাগিছে?"""

মোৰ বুকুখন দহি নিছিল। খালী ফ্ৰেম!!!


আগলৈ

Post a Comment

0 Comments