অনুজ য়েইনৰ কবিতা - আলি- লৃগাং


আলি- লৃগাং


শীতৰ ইতিপৰা লৃগাং ৰাতি,
কুঁৱলী ফালি ভাহি আহে
নূৰীয়াই থোৱা ৰাগ- ঐনি:তম
 ফাগুনৰ প্ৰথম বুধবাৰে লৃগাং আহে লৃগাং যায়
মিচিঙৰ অন্য নাম
নৰা-চিগা বিহু।
আলি মানে কাঠ আলু
আ:য়ে মানে ফল-গুটি
লৃগাং মানে বীজ ৰুপণ কৰা।
কুহমীয়া পানীৰে নিগৰি
অহা প:দনৰ টুপ-টুপ টোপাল
নামতাৰ প:ৰ-আপং(ছাইমদ)
চালনীৰ ফুটাই দি সৰকিব জুলীয়া গাখীৰ
নাম তাৰ নগজিন আপং(লাওপানী)।
তৰাপাতত সিজোৱা ভাত ,বগা চাউলৰ গুড়ি
নাম তাৰ পুৰাং-আপিন।
গুমৰাগ চ:মানৰ উপচি পৰা,প্ৰেমৰ পিয়লা বাটি
ৰজিতা খুৱাই অহৰহ
উস্ম আদৰণি।
তৰাফুলৰ এগে-গাচৰ
উমলগা মিবু গালূগ
য়া:মে-মৃমবৃৰৰ আয়াং,
শীতৰ এয়াই অনুভূত
লৃগাং উৎসৱ।
লৃগাং চালে নহ'ব
গুমৰাগ নাচিব লাগিব,
ঢোল বুজালে নহ'ব
নি:তম  গাবই লাগিব,
খেতি চহালে নহ'ব
ধান সিচিঁবই লাগিব,
আয়াং দিলে নহ'ব
ফাগুনত বিয়া  হবই লাগিব।
       

-অনুজ য়েইন।

Post a Comment

0 Comments