অনুজ য়েইনৰ কবিতা - ৰখীয়া



ৰখীয়া      



 অনুজ য়েইন

গৰু গোৱাল বুলি নামাতিবা
হাতৰ ছাতি-লাঠি পেলাই বোল ছবিৰ
নায়ক হোৱাৰ অভিজ্ঞতা
আছে।
গছত বহি কলিয়াৰ বাঁহী বজায় নচোৱাব পাৰি ,নৈপাৰৰ গাভৰুৰ ককাঁল,
সিহঁতক শিকাব নালাগে
শিমলু পিঠিৰ কাঁইট
বোৰ ,লাঠিৰে কোবাই কোবাই পেলায়,
চোবাই চোবাই কেনেমজা কৈ
পিকসনা সূৰ্য্যৰ ছবি।
গছত উঠি কজলা দমৰা ফকৰা ফকৰি
গণনা কৰি এক,দুই, তিনি ধূনীয়া ধূনীয়া
হৰিনীজনী কৰ পৰা ওলাই আহিল।
সেইদৰে আৰম্ভ কৰে
গোৱালবোৰ তোৰ চূৰ্ণীটোয়ে হাতবাউল দি
মাতিছে ঐচেনাই ,,,,,,,
মই যদি মানিবেগ হোৱা হ'লে, আৰু মই তোমাৰ ছাতি হোৱা হ'লে মিহি
মিহি চকুৰ চাৱনিৰে
কথা পাতি পাতি চহৰৰ পৰা আহিলোহেঁতেন।
       ৰখীয়া মানে দুষ্টামি
আনৰ গোৱাল গালিশুনা, আনৰ বস্তূ চুৰ কৰি খোৱা, হয়
কেতিয়াবা গৰুৰ নেজত ধৰি আবেলিৰ নৈ পাৰ হৈ অহাৰ অভ্যাস
এতিয়াও পাহৰা নাই।
আজিও গাভৰু দেখিলে
জোকাই, গৰু গোৱাল
বুলি নামাতিবা হাতৰ ছাতি লাঠি পেলায়
বোলছবিৰ নায়ক
হোৱাৰ অভিজ্ঞতা এতিয়াও আছো।

অনুজ য়েইন। দিচাংমুখ
(গৰু সকামৰ নামত)
কবিতা টি প্ৰেৰণ কৰিছো।

(০৯/০৩/২০২০)
শনিবাৰ।
🙏🙏🙏🙏🙏  

Post a Comment

0 Comments