প্ৰবিন দত্তৰ কবিতা
নজগাবি কোনেও যাওঁক দে এঘুমটি ৰোগাক্ৰান্ত বসুমতী…
নজগাবি কোনেও…
যাওঁক দে এঘুমটি
ৰোগাক্ৰান্ত বসুমতী
শুৱক দে অ'………
তেনেই দূৰ্বল আজি।
সেই যে অাদম আৰু ঈভ্ক
প্ৰসৱ কৰা দিন ধৰি
কিমান যে যাতনাৰে
কটাইছে উজাগৰি ৰাতি।
উৎপীড়ন, নিৰ্যাতন, অত্যাচাৰত
আৰু সন্তানৰ পদাঘাটত
কামিহাড় ভাঙি কে্কাই আছিল
যুগ যুগ ধৰি…
সুকুমল হাতেৰে গঢ়ি
মেলিছিল সৃষ্টিৰ পাতনি
নাজানি নুশুনি অধম সন্তানে
দুহাতত পিন্ধাই দিলে লোৰ শিকলি।
আধুনিকতাৰ নামত
স্বাৰ্থপৰ সন্তানৰ অৱহেলা অনাদৰত
গোপনে উচুপি আছিল
লেখহীন দিন ৰাতি।
কোনে কিয় বিয়পালি বিষবাষ্প……?
তৃষ্ণাত আতুৰ অন্ঠ-কন্ঠ,
দুৰাৰোগ্য ৰোগত আক্ৰান্ত
বসুমতীৰ সেউজীয়া হৃদপিণ্ড।
নিজে পুটা খুটিত
নিজে খায় উজুতি
অনুতপ্ত মানৱ জাতি
পালে আজি সমুচিত দণ্ড।
উন্মোক্ত আজি আঁজলী বসুমতী
প্ৰিয় চৰাই, পশু-পখী……
ফুলবোৰে নাচিছে হালি-জালি
শিলে শিলে জপিয়াই চঞ্চলা তটিনী।
নীলাবোৰে মেলা পাতে
দূৰ দিগন্ত ব্যাপি
তৰাবোৰে জুমি চায়
গায় নিচুকণি সংগীত।
ভাগৰুৱা নিদ্ৰাত অৱশ দেহা
আজি ৰোগগ্ৰস্ত বসুমতী
শুৱক দে……
নজগাবি কোনেও আজি
যাওঁক দে এঘুমটি
সাৰ পালেই আকৌতো
দুখতে উঠিব উচুপি।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°
প্ৰবিন দত্ত
শিৱসাগৰ
0 Comments