প্ৰবিন দত্তৰ কবিতা - শকুনি


মাহাকাব্য" মহাভাৰতৰ" অসাধাৰণ চৰিত্ৰ (মোৰ ভাল লগা) "শকুনি" ক লৈ কাব্যিক ৰূপ দিয়াৰ ক্ষুদ্ৰ চেষ্টাহে কৰিছোঁ।বিজ্ঞসকলে ভুলবোৰ আঙুলীয়াই দি উপকৃত কৰিব বুলি আশা কৰিলোঁ।

শকুনি

প্ৰবিন দত্ত/ শিৱসাগৰ

শকুনি মই ……
গান্ধাৰ তনয়
গান্ধাৰীৰ কনিষ্ঠ ভাতৃ…
বুকুত জ্বলে মোৰ
প্ৰতিশোধৰ সীমাহীন অগনি।

তেনেই অহৌবলিয়া
অহংকাৰী……লোভী
মোৰ চেনেহৰ ভাগিন।

অতিকে প্ৰিয় মোৰ
পাশা খেলৰ ঢাল।
মই জানো তাৰ প্ৰতিটো কিটিপ্
প্ৰতিটো বেসুৰা চাল।

ধৃতৰাষ্ট্ৰ……
তুমি বৰ অপৰিপক্ক ,
অন্ধ ৰজা, বৰ অন্ধ তুমি
অতিকে পুত্ৰৰ মোহত।

প্ৰতিশোধ পূৰণৰ  এয়াই মোৰ
সুৱৰ্ণ সময়।
মই পাহৰা নাই
মোৰ কাৰাৰুদ্ধ অতীত।
আৰু……
মোৰ নিৰান্নৱৈ ভাতৃৰ মৃত আত্মাৰ
কৰুণ বিননি।

ভুল নুবুজিবা পাঞ্চালী…
মোৰ যে মনত
জ্বলি আছে
প্ৰতিশোধৰ পৰ্বত-প্ৰমাণ অগনি।

মহা কবি ব্যাসৰ
অনুপম সৃষ্টি,
মই নাশ কৰিম
এটা যুগৰ সভ্যতা, সংস্কৃতি
কৰুক্ষেত্ৰৰ বধ্যভূমিত।

শকুনি মই ……
নেভাৱিবা কেতিয়াওঁ মোক
কপ্ টিয়া বুলি।
মোৰ সিৰাই উপ-সিৰাই বিৰাজমান
 মাথো প্ৰতিশোধৰ অসীম অগনি।

প্ৰতিশোধৰ নিৰ্মম জ্বালাত
মইয়ে  সূচনা কৰিম
এক সংঘৰ্ষ…
নাম  হ'ৱ তাৰ
ভাতৃ-ঘাটি গৃহযুদ্ধ…
অথবা…
মহাভাৰতৰ মহাসমৰ।

মই অন্ত কৰিম
এটা যুগৰ,
নিৰ্বাপিত কৰিম
অনল হৃদয়ৰ,
পোঁহি ৰখা গোপনে গোপনে
বহুত  দিনৰ।

মই জানো…
প্ৰতিশোধৰ তাড়নাত
জ্বলোৱা আগ্নেয়গিৰিৰ
এই গলিত লাভাত পৰি
মইয়ো এদিন মৰিম
ছাঁই হ'ম জ্বলি-পুৰি ।

নকুলৰ সহযোগত
সহদেৱৰঅস্ত্ৰৰ আঘাতত
ঠান্-বান্  হ'ৱ
মোৰ শিলৰ হৃদয়।
তথাপি পূৰ্ণ কৰিম
প্ৰতিশোধৰ কৰুণ তৃষ্ণা,
জ্বলাম বিশাল অগনি
নিবিচাৰি উচিত, অনুচিত।

শকুনি মই…
গান্ধাৰীৰ কনিষ্ঠ ভাতৃ
গান্ধাৰ ৰাজ সুৱলৰ তনয়।
বলেৰে নহয়,
বুদ্ধিৰে জ্বলাম
গাপ দি ৰখা মোৰ
প্ৰতিশোধৰ সুপ্ত  শিখা।

ৰচনা কাল - ১৪/১১/১৯

Post a Comment

0 Comments