কালি ৰাতিৰ সপোন
সন্ধিয়াৰ জোনাক ৰাতি
আইতাৰ সাধু শুনি টোপনি অহা স্বভাৱটো
তেনেই কণমানি আছিল।
সপোন হেনো বগাই আহে পৰ্বত,পাহাৰেদি
ওলমি থাকে বাদুলিৰ
দৰে ওখ গছবোৰত।
সপোনৰ কথা--
কালি ৰাতি ডেউকা লগাই উৰিছিলো
দুৰলৈ বহু,,দুৰলৈ
যাক চাবলৈ মানা কৰে চালোঁ, যিটো খাবলৈ মানা কৰে খালো,
নকৰা কাম এটাও কৰিলো তেনেই সম্ভৱ।
মাজৰাতি,
ঠিক চেঁচা পৰাৰ লগে লগে খেপিয়াই বিচাৰি ফুৰে, সুন্দৰ দেহাৰ বৰ্ণ মালাৰ উষ্ণতা
সকলো বাধা নেউচি
দি আগবাঢ়ে
ভগা সাঁকো ডালেদি পাৰহৈ আহোঁতে
দীঘলীয়া উশাহ এটা লয়,
বোঁৱতী সূতিৰ ভটিয়নী
নাৱত বুৰ যায়
কেতিয়াবা ভয়ত চিঞৰি উঠে ৰাতি,
সপোনবোৰ দিঠক নহয়নে বাৰু ?
সপোন লগা স্মৃতিবোৰ
স্পৰ্শ কৰাৰ কিমান যে হাবিয়াস
আঁচলতে সপোন মৰুভূমিৰ মৰীচিকাৰ দৰে...
পিছে,
কালি ৰাতিৰ সপোনটিয়ে
তাইৰ বুকুত খুন্দা মাৰে
চকুত ভাহি ফুৰে যাক তাই
পাহৰিম বুলিলেও পাহৰিব নোৱাৰি
এই ক'লা ওখ মানুহজন কোন।
✍🏻 *অনুজ য়েইন*
0 Comments