উচ্চ ন্যায়ালয়ত ইন্টাৰনেট সেৱা বন্ধ কৰিবলৈ পুনৰ আবেদন চৰকাৰ, কিন্তু কি কলে ন্যায়ালয়ে ?
ৰাজ্যত ৯ দিন ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ হৈ থাকোতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজি মুকলি কৰা হয় পুনৰ ম’বাইল ইণ্টাৰনেট সেৱা । কিন্তু ম’বাইল ইণ্টাৰনেট সেৱা আজি খোলাৰ পাছতে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত এই মবাইল ইন্টাৰনেটক খোলা কাৰ্যটোক পুনৰীক্ষণৰ আবেদন দাখিল কৰে । আইন শৃঙ্খলা বিশৃঙ্খলক দোৱাই দি ৰাজ্য চৰকাৰে আজি বিয়লি ৫ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ বন্ধ কৰিব লাগে বুলি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে । কিন্তু চৰকাৰে এই ক্ষেত্ৰত মুখ থেকেচা খালে । ন্যায়ালয়ে চৰকাৰৰ এই আবেদন সম্পূৰ্ণ ৰূপে খাৰিজ কৰিলে । চৰকাৰ আবেদন ন্যায়ালয়ে নাকচ কৰাৰ ফলত এতিয়াৰ পৰা কোনো ধৰণৰ ইণ্টাৰনেট সেৱা ৰাজ্যত ব্যাহত কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে।
0 Comments