ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিশয়ে বিশদ আলোচনা

ভাৰতৰ ৰাষ্ট্ৰপতি -

এই লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাৰতৰ ৰাষ্টপতি'ৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।



ভাৰতৰ ৰাষ্ট্রপতি (The President of India) -


সংবিধানৰ ৫২ নং অনুচ্ছেদ মতে শাসনৰ শীৰ্ষত ভাৰতৰ এজন ৰাষ্ট্রপতি থাকিব। ৫৩ (১)নং অনুচ্ছেদ মতে ৰাষ্ট্রৰ শাসন সম্পৰ্কীয় সকলাে ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত থাকিব, যি ক্ষমতা তেওঁ নিজে নাইবা তেওৰ তলতীয়া কর্মচাৰীৰ জৰিয়তে সংবিধানিক উপায়েৰে ব্যৱহাৰ কৰিব।

ৰাষ্ট্ৰপতি পদৰ অৰ্হতা সমূহ (qualification) ঃ


সংবিধানৰ ৫৮ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতিজন -

১) ভাৰতীয় নাগৰিক হ'ব লাগিব।
২) তেওঁৰ নিম্নতম বয়স ৩৫ বছৰৰ কম হ’ব নালাগিব।
৩) লােকসভালৈ নির্বাচিত হােৱাৰ যােগ্যতাসমূহ থাকিব লাগিব।
৪) তেওঁ কেন্দ্র বা ৰাজ্যসচৰকাৰৰ অধিনস্থ কোনাে চাকৰি বা ব্যৱসায়ত নিয়ােজিত হ'ব নােৱাৰিব ।
৫)তেওঁ কেন্দ্রীয় বা ৰাজ্যিক বিধানমণ্ডলৰ সদস্য হৈ থাকিব নােৱাৰিব।।


কার্যকাল (Tenure of office):


ৰাষ্ট্রপতিজন পাঁচবছৰ কাল তেওঁৰ পদবীত অধিষ্ঠিত হৈ থাকে। তেওঁ পুনৰ নির্বাচিত হ'বও পাৰে । কার্যকালৰ ভিতৰত তেওঁ উপৰাষ্ট্রপতিলৈ নিজহাতে লিখি পদত্যাগ কৰিবও পাৰে। ৰাষ্ট্রপতি পদবীটো খালি হলে উপৰাষ্ট্রপতিয়ে ৰাষ্ট্রপতি হিচাবে কার্যনির্বাহ কৰে। ৰাষ্ট্রপতি, উপৰাষ্ট্রপতি দুয়ােটা পদবী একেলগে শূন্য হলে উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ নাইবা তেওঁৰ অনুপস্থিতিত জেষ্ঠ্য বিচাৰপতিজনে অস্থায়ীভাবে ৰাষ্ট্রপতি হিচাবে কার্যনির্বাহ কৰিব । কার্যকাল শেষ হােৱাৰ আগতে তিনিটা কাৰণত ৰাষ্ট্ৰপতিৰ পদবী শূন্য হ’ব পাৰে।

সেইকেইটা হ’ল—১) মৃত্যু, ২) পদত্যাগ আৰু ৩) অপসাৰণ ।

ৰাষ্ট্ৰপতিৰ অপসাৰণ পদ্ধতিক মহাভিযােগ (Impeachment) বােলে। একমাত্র সংবিধান ভংগৰ অপৰাধত তেওঁৰ বিৰুদ্ধে এই মহাভিযােগ আনিব পাৰি। সংবিধানৰ ৬১ নং অনুচ্ছেদ অনুযায়ী সংসদৰ যিকোনাে সদনে এক – চতুর্থাংশ সদস্যৰ সমৰ্থনত এনে প্রস্তাৱ উত্থাপন কৰিব পাৰে । অনুসন্ধানৰ পাছত উভয় সদনে দুই-তৃতীয়াংশ ভােটেৰে প্ৰস্তাৱটো গ্ৰহণ কৰিলে ৰাষ্ট্রপতিজনে পদত্যাগ কৰিব লাগে ।

ৰাষ্ট্রপতি নির্বাচন (Election of President) -


ভাৰতৰ ৰাষ্ট্রপতি পৰােক্ষ নির্বাচন পদ্ধতিৰে নির্বাচন কৰা হয়। সংবিধানৰ ৫৪ নং অনুচ্ছেদ অনুযায়ী সংসদৰ দুয়ােখন সদন আৰু ৰাজ্যিক বিধানমণ্ডলসমূহৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা গঠিত এক নির্বাচক মণ্ডলীয়ে (Electoral College) ৰাষ্ট্রপতি নির্বাচন কৰে। তেওঁক নির্বাচিত কৰা হয় একক হস্তান্তৰযােগ্য আৰু আনুপাতিক প্রতিনিধিত্বমূলক ভােট নীতিৰ দ্বাৰা। সংবিধানৰ ৭১ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতি নির্বাচনত কোনাে বিবাদ হলে, সেইটো ভাৰতৰ উচ্চতম ন্যায়ালয়ে মীমাংসা কৰিব লাগে।

ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাৱলী (Power and Functions of the President) ঃ


ভাৰতবৰ্ষত সংসদীয় গণতন্ত্র প্রবর্তন কৰা হৈছে। এই সংসদীয় শাসনব্যৱস্থাত ৰাষ্ট্রপতিজন নামমাত্র কার্যপালিকাৰ ভূমিকা পালন কৰে । সংবিধানৰ ৫৩ (১) অনুচ্ছেদ অনুযায়ী ভাৰত যুক্তৰাজ্যৰ শাসনব্যৱস্থা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা হৈছে। কিন্তু সংবিধান ৪২তম আৰু ৪৪তম সংশােধনীমতে ৰাষ্ট্রপতিয়ে মন্ত্রী পৰিষদৰ পৰামর্শ অনুযায়ী কার্য পৰিচালনা কৰিবলৈ বাধ্য থাকিব। ৰাষ্ট্ৰপতিৰ ক্ষমতাসমূহ - প্রশাসনীয়, আইন বা বিধায়িনী, বিত্তীয়, সামৰিক, কুটনৈতিক,ন্যায়িক আৰু জৰুৰীকালীন আদি শিতানত ভাগ কৰিব পাৰি।

১) প্রশাসনীয় ক্ষমতা (Administrative Power) ঃ


ৰাষ্ট্রপতি হ'ল ৰাষ্ট্রৰ মুৰব্বী। ভাৰতৰ শাসনকার্য তেওঁৰ নামতে পৰিচালিত হয়। সংবিধানৰ ৫৩ (১) অনুচ্ছেদ অনুযায়ী শাসন সংক্রান্তীয় সকলাে ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা হৈছে। তেওঁ নিজে নাইবা তেওঁৰ তলতীয়া কৰ্মচাৰীৰ দ্বাৰা এই ক্ষমতা ব্যৱহাৰ কৰে। মন্ত্রীসভা গঠনৰ ক্ষেত্ৰত
তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । প্রথমে তেওঁ লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্রধানমন্ত্রী হিচাপে নিযুক্ত দিয়ে। তাৰপিচত প্রধানমন্ত্রীৰ পৰামর্শ অনুযায়ী অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে। কোনাে দলে সংখ্যাগৰিষ্ঠতা। লাভ কৰিব নােৱাৰিলে, ৰাষ্ট্রপতিয়ে যিকোনাে দলৰ নাইবা একাধিক দলৰ দলপতিজনক প্রধানমন্ত্রী হিচাপে নিয়ােগ কৰিব পাৰে। তেওঁ মন্ত্রীসকলৰ শপত বাক্যও পাঠ কৰাই । ইয়াৰ উপৰি ৰাষ্ট্রপতিয়ে ৰাজ্যপাল, উপ-ৰাজ্যপাল, ভাৰতৰ এটর্নি জেনেৰেল, মুখ্য হিচাপ পৰীক্ষক, নির্বাচনী
আয়ােগ, কেন্দ্রীয় লােকসেৱা আয়ােগ, উচ্চতা আৰু উচ্চ ন্যায়ালনৰ বিচাৰপতিসকল আৰু ভাৰত চৰকাৰৰ অন্যান্য উচ্চপদস্থ কর্মচাৰীসকলক নিযুক্তি দিয়ে। সংবিধানৰ ২৩৯ নং অনুচ্ছেদ অনুসৰি কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ শাসনভাৰ ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা
হয় । মুঠতে ৰাষ্ট্রৰ শাসন সম্পর্কীয় যিকোনাে খবৰ ৰাষ্ট্রপতিয়ে প্রধানমন্ত্ৰীৰ পৰা বিচাৰিব পাৰে। শাসন সম্পর্কীয় যিকোনাে বিষয়ত তেওঁ মন্ত্রীসভাৰ দৃষ্টি আকর্ষণ কৰিব পাৰে।


২) বিধায়িনী ক্ষমতা (Legislative Powers) ঃ


ৰাষ্ট্রপতিজন সংসদৰে অংগ। কিন্তু তেওঁ সংসদ সদস্য নহয়। তেওঁৰ বিনানুমতিত কোনাে বিল আইনত পৰিণত হ'ব নােৱাৰে। তেওঁ বছৰত দুবাৰ সংসদ অধিৱেশন আহ্বান কৰে। তেওঁ সংসদৰ প্রথম অধিৱেশনৰ প্রথমদিনা ভাষণ দিয়ে। ইয়াৰ উপৰি তেওঁ সদনলৈ মাজে মাজে বাণী পঠিয়াব পাৰে। তেওঁ সংসদ অধিৱেশন মুলতবী আৰু প্রয়ােজন হলে নিম্ন সদন ভাঙি দিবও পাৰে। কিছুমান বিল ৰাষ্ট্ৰপতিৰ পূর্ব অনুমতি নােহােৱাকৈ সংসদৰ মজিয়াত উত্থাপন কৰিব নােৱাৰি। সেইবােৰ হ'ল-

(১) অর্থবিল,
(২) ভাৰতৰ সঞ্চিত নিধৰ (Consolidated Fund of India) পৰা খৰচ কৰিব বিচৰা প্রস্তাবিত বিল,
(৩) নতুন ৰাজ্য গঠন নাইবা ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰিব বিচৰা বিল
(4) নির্দিষ্ট ভাষা সম্পর্কীয় বিল আৰু
(৫)ৰাজ্যসমূহৰ ৰাজহ সম্পৰ্কীয় বিল।


ৰাষ্ট্রপতি বিনা অনুমােদনত সংসদে গ্ৰহণ কৰা কোনাে বিল আইনত পৰিণত হ'ব নােৱাৰে। অর্থ বিলৰ বাহিৰে আন যিকোনাে বিলত স্বাক্ষৰ-দান নকৰি তেও সংসদলৈ ঘূৰাই পঠাব পাৰে।  অৱশ্যে এইক্ষেত্ৰত সংসদে যদি বিলখন পুনৰ আগৰ দৰে ৰাষ্ট্রপতিলৈ পঠিয়ায় তােতিয়া তাত স্বাক্ষৰদান কৰিবলৈ বাধ্য থাকিব । অৱশ্যে উল্লেখযােগ্য যে কোনাে এখন বিলত ৰাষ্ট্রপতিয়ে স্বাক্ষৰ দান নকৰাকৈ কিমানদিন পেলাই হ’ব পাৰে সেই বিষয়ে কিন্তু সংবিধান নিমাত। ফলত ৰাষ্ট্রপতিয়ে ‘পকেট ভেটোৰ ক্ষমতা লাভ কৰে। কোনাে বিলত চিনকৰি অনির্দিষ্ট কালৰ কাৰণে বিলখন পেলাই থােৱা ৰাষ্ট্ৰপতিৰ এই ক্ষমতাক ‘পকেট ভেটো’ (Pocket veto) বুলি কোৱা হয়।
ৰাষ্ট্রপতিজনে ৰাজ্যসভালৈ ১২ জন আৰু লােকসভালৈ ২ জন সদস্য মনােনীত কৰে। তেওঁ সংসদ অধিৱেশন বহি নথকা অৱস্থাত অধ্যাদেশ জাৰি কৰিব পাৰে।

৩) বিত্তীয় ক্ষমতা (Financial Power) ঃ


ৰাষ্ট্ৰপতিৰ পূর্বানুমতি নােহােৱাকৈ কোনাে বিত্তীয় বিল সংসদত (নিম্ন সদন) উত্থাপন কৰিব নােৱাৰি। বছেৰেকীয়া আয়-ব্যয়ৰ হিচাপ-নিকাচ (Budget) সদনত উত্থাপন কৰাৰ ব্যৱস্থা তেওঁ কৰে। জৰুৰীকালীন পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ ৰাষ্ট্ৰপতিৰ নামত এটি পুঁজি (Contingency fund)
থাকে। তেওঁ নিয়ন্ত্রক আৰু মহা-গাণনিক বিষয়াক (CA.G) নিযুক্তি দিয়ে।

৪) সামৰিক ক্ষমতা (Military Power) ঃ


ভাৰতৰ ৰাষ্ট্রপতিগৰাকী ভাৰতৰ মুখ্য সেনাধ্যক্ষ (Supreme Commander)। তেওঁ ভাৰতৰ স্থল, জল আৰু আকাশ-~-এই তিনিওটা বাহিনীৰ সর্বাধিনায়কসকলক নিযুক্তি দিয়ে। অৱশ্যে ৰাষ্ট্রপতিৰ সামৰিক ক্ষমতা সংসদৰ দ্বাৰা নিয়ন্ত্রিত।

৫) কুটনৈতিক ক্ষমতা (Diplomatic Power) -


তেওঁ বিদেশলৈ ভাৰতৰ ৰাষ্ট্রদূতসকলক প্ৰেৰণ কৰে আৰু বিদেশীৰাষ্টদতসকলৰ নিয়ক্তি-পত্র গ্রহণ কৰে । ৰাষ্টপতিগৰাকীয়ে বিদেশৰ লগত যুদ্ধ, শান্তি, সন্ধি, আদি চুক্তিপত্র চহী কৰে। বিদেশৰ লগত সম্পর্ক উন্নয়নৰ কাৰণে তেওঁ বিদেশ ভ্রমণে কৰিব পাৰে।


৬) ন্যায়িক ক্ষমতা (Judical Power) ঃ


ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়ালয়সমূহৰ বিচাৰপতিসকলক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে। সংসদৰ প্ৰস্তাৱ আৰু সমর্থনমর্মে তেওঁ বিচাৰপতিসকলক পদচ্যুতও কৰিব পাৰে। তেওঁ শাস্তি পােৱা কোনাে ব্যক্তিৰ শাস্তিৰ পৰিমাণ হ্রাস কৰিব পাৰে। মৃত্যুদণ্ডেৰে দণ্ডিত কোনাে ব্যক্তিক তেওঁ ক্ষমা কৰিবও পাৰে।

৭) জৰুৰীকালীন ক্ষমতা (Energecy Power) ঃ


ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা আটাইতকৈ গুৰুত্বপূর্ণ। সংবিধানে ৰাষ্ট্রপতিক তিনিধৰণৰ জৰুৰীকালীন ক্ষমতা প্রদান কৰিছে—

(ক) জাতীয় জৰুৰীকালীন ক্ষমতা,
(খ) সাংবিধানিক অচলাৱস্থাৰ জৰুৰী ক্ষমতা আৰু
(গ) বিত্তীয় জৰুৰী ক্ষমতা।

ক) জাতীয় জৰুৰীকালীন ক্ষমতা ( National Emergency):

ৰাষ্ট্ৰপতিৰ যদি বিশ্বাস হয় যে দেশত নাইবা
ইয়াৰ কোনাে অংশত কোনাে আভ্যন্তৰীণ সশস্ত্র বিপ্লৱ, বহিঃ আক্রমণ নাইবা যুদ্ধৰ সম্ভাৱনাই দেখা দিছে, যাৰফলত ভাৰতৰ নাইবা ইয়াৰ কোনাে অংশৰ নিৰাপত্তা বিঘ্নিত হ'ব পাৰে, তেতিয়া তেওঁ সংবিধানৰ ৩৫২ (১) নং অনুচ্ছেদমতে যিপ্রকাৰ আইন ঘােষণা কৰে, তাকে জাতীয় জৰুৰী অৱস্থা ৰাষ্ট্ৰপতিৰ জাতীয় জৰুৰীকালীন ক্ষমতা বুলি কোৱা হয়। উল্লেখযােগ্য যে কেন্দ্রীয় মন্ত্রীসভাই লিখিতভাৱে অনুৰােধ কৰিলেহে ৰাষ্ট্রপতিয়ে সেইমর্মে এই আইন ঘােষণা
কৰে । সংসদ অধিৱেশন বহি নথকা অৱস্থাত ৰাষ্ট্রপতিয়ে এই আইন ঘােষণা কৰিব পাৰে। জৰুৰী অৱস্থা ঘােষণা এমাহৰ ভিতৰত ইয়াক সংসদৰ দ্বাৰা অনুমােদন কৰাব লাগিব আৰু এই প্রক্রিয়া প্রতি ৬ মাহৰ অন্তৰে অন্তৰে চলি থাকিব। জাতীয় জৰুৰীকালীন অৱস্থা ঘােষিত হলে—

১) সংসদে ৰাজ্যিক তালিকাভুক্ত যিকোনাে বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে।

২) শাসন বিষয়ত কেন্দ্ৰই ৰাজ্যসমূহক নির্দেশ দিব পাৰে।

৩) কেন্দ্র-ৰাজ্যৰ মাজৰ ৰাজস্ব বিতৰণৰ ব্যৱস্থাৰ সাংবিধানিক পৰিৱৰ্তন ঘটিব পাৰে।।

৪) সংসদ নাইবা বিধানমণ্ডলৰ কার্যকাল এবছৰ বৃদ্ধি পাব পাৰে।।

খ) সংবিধানৰ অচলাবস্থাৰ জৰুৰী অৱস্থা ঃ

ৰাষ্ট্রপতিয়ে যদি কোনাে ৰাজ্যৰ ৰাজ্যপালৰ প্রতীকে তায়ে যদি কোনাে ৰাজ্যৰ ৰাজ্যপালৰ প্রতিবেদনৰ দ্বাৰা নাইবা আন কোনাে উপায়ে পতিয়ন যায় যে ৰাজ্যত সংবিধান অনুযায়ী শাসনকার্য পৰিচালিত হােৱা নাই, তেতিয়া তেওঁ সংবিধান ৩৫৬ (১) অনুচ্ছেদ অনুসৰি সংশ্লিষ্ট ৰাজ্যত সংবিধান অচলাৱস্থাৰ জৰুৰী অৱস্থা ঘােষণা কৰি সেই ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ আনিব পাৰে। উল্লেখযােগ্য যে ৰাষ্ট্ৰপতিৰ এই প্ৰকাৰ ক্ষমতাক ৰাষ্ট্রপতি আসন (President's Rule) বুলি কোৱা হয়। এক প্ৰকাৰ জৰুৰী আইন ৬০ দিনাৰ ভিতৰত উভয় সদনৰ দ্বাৰা অনুমােদিত হ'ব লাগিব। ৰাষ্ট্রপতিৰ এই ঘােষণা প্রতি ৬ মাহৰ অন্তৰে অন্তৰে বৃদ্ধ কৰি সংসদে ইয়াক সৰ্নাদিক ৬ মাহৰ অন্তৰে অন্তৰে বৃদ্ধি কৰি সংসদে ইয়াক সর্বাধিক ৩ বছলৈ বাহাল ৰাখিব পাৰে। এই প্ৰকাৰ জৰুৰী অৱস্থা ঘােষিত হলে-

১। ৰাজ্যপালজন সেই ৰাজ্যৰ শাসনব্যৱস্থাৰ সর্বেসর্বা হয় আৰু তেওঁ ৰাষ্ট্ৰপতিৰ প্রতিনিধি হিচাপে কার্যনিবাহ ।
কৰে।

২। ৰাজ্যৰ মন্ত্রীসভা ভংগ হৈ যায়।

৩ । ৰাষ্ট্রপতিয়ে ৰাজ্যৰ বিধানসভা ভংগ বা নিষ্ক্রিয় কৰি দিব পাৰে।

৪। কেন্দ্রীয় সংসদে সেই ৰাজ্যৰ আইন ৰচনা কৰে।

৫| ৰাষ্ট্রপতিয়ে ৰাজ্যৰ যিকোনাে কাম বা ৰাজ্যপালৰ ক্ষমতা নিজৰ হাতলৈ আনিব পাৰে আৰু।

৬| ৰাষ্ট্ৰপতিৰ নিদের্শমতে সংশ্লিষ্ট ৰাজ্যৰ মৌলিক অধিকাৰৰ বাদযােগহীনতা (Non-justiciability) প্রকাশ

গ) বিত্তীয় জৰুৰী ক্ষমতা (Financial Emergency) :

ৰাষ্ট্রপতি যদি পতিয়ন যায় যে গােটেই ভাৰতবর্ষ নাইবা ইয়াৰ কোনাে অংশত দুর্ভিক্ষ (famine) বা আর্থিক সংকটে দেখা দিছে, যাৰ ফলত দেশৰ সুনাম নষ্ট হব পাৰে,
তেতিয়া সংবিধানৰ ৩৬০ (১) অনুচ্ছেদ অনুযায় যি প্ৰকাৰ আইন ঘােষণা কৰে তাকে বিত্তীয় জৰুৰী অৱস্তু বুলি কোৱা
হয়। ৰাষ্ট্ৰপতিৰ এই ঘােষণা ৬০ দিনৰ ভিতৰত সংসদৰ দ্বাৰা অনুমােদিত হ'ব লাগিব | অৱশ্যে ইয়াৰ সর্বাধিক সময়সীমা
সংবিধানত উল্লেখ নাই। বিত্তীয় জৰুৰী অৱস্থা ঘােষিত হলে।

১। ৰাজ্যৰ সকলাে কৰ্মচাৰীৰ দৰমহা আৰু বানচ হ্রাস পায়। ।

২। উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলৰ দৰমহাও হ্রাস হ'ব পাৰে।

৩। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ৰাজস্ব বিতণৰ পৰিমাণ পৰিৱৰ্তন হ'ব পাৰে।

৪। ৰাজ্যৰ আইন সভাত গৃহীত অর্থ বিলসমূহ ৰাষ্ট্ৰপতিৰ বিবেচনাৰ কাৰণে সংৰক্ষিত হ'ব পাৰে। এনেধৰণৰ জৰুৰী অৱস্থা এতিয়ালৈকে আমাৰ দেশত ঘােষিত হােৱা নাই।

জৰুৰীকালীন ক্ষমতাৰ সমালােচনা ঃ


ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ বিভিন্ন দৃষ্টিকোণৰ পৰা সমালােচিত
হােৱা দেখা যায়। সমালােচকসকলৰ মতে ৰাষ্ট্রপতিয়ে তেওঁৰ জৰুৰী ক্ষমতাসমূহ প্রয়ােগ কৰি কেন্দ্ৰীয় চৰকাৰক একনায়কত্বৰ ভূমিকা লােৱাত সহায় কৰিছে। তেনে পৰিস্থিতিত গণতন্ত্রক প্ৰতাৰণা কৰা হয়। শাসনাধিষ্ঠিত দলে
ৰাষ্ট্ৰপতিৰ এই জৰুৰী ক্ষমতাসমূহৰ দ্বাৰা বিৰােধী দলক ধ্বংস কৰাৰ পৰিকল্পনাও কৰিব পাৰে। জৰুৰীকালীন অৱস্থাত
জনসাধাৰণৰ স্বাধীনতাৰ অধিকাৰসমূহাে খর্ব হৈ যায়। আদালতেও ইয়াক ৰক্ষা কৰিব নােৱাৰে। তদুপৰি দেশৰ কাৰণ অৱস্থাতাে অথাৎসংকটকালীন অৱস্থা নহ'লেও জৰুৰী অৱস্থা ঘােষণা কৰিব পাৰি। তদপুৰি ক্ষমতাত থকা শাসক দলে তেওলোকৰ শাসনভাৰ দীর্ঘস্থায়ী কৰাৰ উদ্দেশ্যেও ৰাষ্টপতিক জৰুৰী অৱস্থা ঘােষণা কৰাৰ কাৰণে বাধ্য কৰাব পাৰি । তদুপৰি জৰুৰী অৱস্থা বহাল থাকিলে দেশ এখনে এককেন্দ্রিক শাসকৰ ভূমিকা লয়, তেতিয়া ৰাজ্য চৰকাৰে কেন্দ্র নিদের্শ অনুযায়ী কার্যনির্বাহ কৰিবলগীয়া হয়। সেয়েহে বহুতাে ৰাজনৈতিক দল তথা আয়ােগে ৰাষ্ট্ৰপতিৰ এই ক্ষমতা প্রত্যাহাৰৰ দাবী জনাইছে। এইক্ষেত্ৰত ছাকাৰিয়া আয়ােগৰ পৰামৰ্শাৱলী উল্লেখযোগ্য। কিন্তু সমালােচকসকলৰ উক্ত সমলােচনাসমূহ সম্পূর্ণ শুদ্ধ নহয়। ৰাষ্ট্ৰৰ ঐক্য, সংহতি আৰু নিৰাপত্তাৰ খাতিৰত ৰাষ্ট্রপতিৰ জৰুৰীকালীন ক্ষমতা প্রয়ােজন আছে। ব্যক্তিগত স্বাধীনতা বা দলীয় স্বার্থৰ তুলনাত ৰাষ্ট্রৰ নিৰাপত্তা বহুত উদ্ধত। গতিকে ৰাষ্ট্রীয় স্বার্থত আমাৰ স্বাধীনতাসমূহ সাময়িকভাৱে খর্ব হলেও একো ক্ষতি নহয়। এতেকে ৰাষ্ট্ৰীয় স্বার্থৰ খাতিৰত আমি ব্যক্তিগত স্বার্থ ত্যাগ কৰিবলৈ সদায় প্রস্তুত থাকিব লাগে। সংবিধানমতে ৰাষ্ট্রপতি ব্যাপক ক্ষমতাৰ গৰাকী। সংবিধানে তেওঁৰ হাতত ব্যাপক ক্ষমতা ন্যস্ত কৰিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সেই ক্ষমতা তেওঁ নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। প্রকৃততে সেই ক্ষমতা তেও মন্ত্রীসভাৰ পৰামর্শ অনুসৰিহে প্রয়ােগ কৰিব । শাসনব্যৱস্থাত ৰাষ্টপতিগৰাকীৰ ভূমিকাটো নিৰ্ভৰ কৰিব তেওঁৰ ব্যক্তিত্ব, দক্ষতা আৰু ৰাজনৈতিক প্রভাৱ আৰু পৰিৱেশৰ ওপৰত।


ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

2 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)