কেন্দ্রীয় মন্ত্রী পৰিষদ বিষয়ে আলোচনা
আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাৰতৰ কেন্দ্রীয় মন্ত্রী পৰিষদ'ৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ভাৰতৰ কেন্দ্রীয় মন্ত্রী পৰিষদৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।
কেন্দ্রীয় মন্ত্রী পৰিষদ (Central Council of Ministers)
সংবিধানে ভাৰতবৰ্ষত সংসদীয় শাসনব্যৱস্থাৰ প্রবর্তন কৰিছে। এই শাসনব্যৱস্থাত প্রধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্রীসভাই। শাসনভাৰ পৰিচালনা কৰে। মন্ত্রীসকলে তেওঁলােকৰ শাসনকার্যৰ বাবে সংসদৰ জৰিয়তে জনসাধাৰণৰ ওচৰত দায়বদ্ধ থাকে। সেইবাবে এই শাসনব্যবস্থাক দায়িত্বশীল শাসনব্যবস্থা বুলি কোৱা হয়। আনহাতে মন্ত্রীসকলেই এই শাসনৰ সর্বেসর্বা কাৰণে ইয়াক মন্ত্রীসভা পৰিচালিত চৰকাৰ বুলিও কোৱা হয়।
মন্ত্রী পৰিষদৰ গঠন (Formation of Council of Ministers) -
সংবিধানৰ ৭৫ নং অনুচ্ছেদ অনুযায়ী লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্রপতিয়ে প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে। তাৰপিচত প্রধানমন্ত্ৰীৰ পৰামর্শ অনুযায়ী তেওঁ অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে। নিযুক্তিৰ সময়ত কোনাে মন্ত্রী সংসদ সদস্য নহ'লে, নিযুক্তি পােৱাৰ ছমাহৰ ভিতৰত তেওঁ সংসদলৈ নির্বাচিত হ'বই লাগিব। অন্যথা তেওঁৰ সদস্যপদ বাতিল হ’ব । মন্ত্রীসকলৰ নির্দিষ্ট কোনাে কার্যকাল নাই। লােকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ আস্থাৰ ওপৰতহে তেওঁলােকৰ কার্যকাল নিৰ্ভৰ কৰে। প্রধানমন্ত্রীয়ে পদত্যাগ কৰিলে বা তেওঁৰ মৃত্যু হলে গােটেই মন্ত্রী পৰিষদৰেই পতন হয়। ইয়াৰ উপৰি প্রধানমন্ত্ৰীৰ পৰামর্শক্রমে ৰাষ্ট্রপতিয়ে যিকোনাে মুহূর্তত মন্ত্রী পৰিষদ ভাঙি দিব পাৰে । সাধাৰণতে তিনিশ্রেণীৰ মন্ত্ৰীৰ দ্বাৰা মন্ত্রী পৰিষদ গঠন কৰা হয়—
১। কেবিনেট বা পূর্ণ পর্যায়ৰ মন্ত্রী (Cabinet Ministers)।
২। ৰাজ্যিক মন্ত্রী (Ministers of State) আৰু
৩। উপ মন্ত্রী (Deputy Ministers)
সাধাৰণতে প্রধানমন্ত্রীৰ বিশ্বাসী, অভিজ্ঞ লােকসকলক লৈ কেবিনেট বা মন্ত্রীসভা গঠন কৰা হয়। কেবিনেট বা পূর্ণ পর্যায়ৰ মন্ত্ৰীসকলক সহায় কৰাৰ কাৰণে দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ মন্ত্ৰীসকলৰ নিয়ােগ কৰা হয়। প্রধানমন্ত্রী হ’ল মন্ত্রীসভা (Cabint) আৰু মন্ত্রীপৰিষদৰ উভয়ৰে সভাপতি।
মন্ত্রী পৰিষদৰ বৈশিষ্ট্য আৰু নীতিসমূহ (Principles and Features of the Council of Ministers) ঃ
ইংলেণ্ডৰ দৰে ভাৰততাে কেন্দ্রীয় মন্ত্রী পৰিষদৰ গঠন আৰু কার্যাৱলীৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বোৰ হল -
১। মন্ত্রী পৰিষদ সাধাৰণতে দলীয় ৰাজনীতিৰ ওপৰত প্রতিষ্ঠিত। যিটো দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰে, সেই দলে চৰকাৰ গঠন কৰে আৰু সেই দলৰ দলীয় নীতিসমূহ কার্যকৰী কৰা হয় । অৱশ্যে সংযুক্ত চৰকাৰ (Coali-tion Government) গঠন হলে এই নীতিৰ পৰিৱৰ্তন ঘটে।
২| প্রধানমন্ত্রীৰ নেতৃত্ব মন্ত্রী পৰিষদৰ অন্যতম বৈশিষ্ট্য। প্রধানমন্ত্রী হ’ল মন্ত্রী পৰিষদৰ প্রাণকেন্দ্রস্বৰূপ।
৩। মন্ত্রীসকল তেওঁলােকৰ কার্যাৱলীৰ বাবে সংসদৰ ওচৰত সমূহীয়াভাৱে দায়বদ্ধ থাকে। এই নীতি অনুসৰি কোনাে এজন মন্ত্রীৰ পৰাজয়ক গােটেই মন্ত্রী পৰিষদৰ পৰাজয় বা পতন বুলি ধৰি লােৱা হয়।
৪। মন্ত্রীসকলে তেওঁলােকৰ মাজত একতা বজাই ৰাখিব লাগে । ঐক্য আৰু সংহতিৰ অভাৱ হলে মন্ত্রী পৰিষদৰ পতন হয়।
৫। গােপনীয়তা মন্ত্রী পৰিষদৰ অন্যতম বৈশিষ্ট্য। তেওঁলোকৰ কিছুমান আলােচনা সিদ্ধান্ত আদি চৰকাৰীভাৱে গােপন কৰি ৰখা হয়।
৬ | মন্ত্রীসকল সংসদ সদস্য হ'ব লাগে। নিযুক্তিৰ সময়ত কোনাে মন্ত্রী সদস্য নহ'লে, নিযুক্তি পােৱাৰ ছমাহৰ ভিতৰত তেওঁ সংসদলৈ নির্বাচিত হ'ব লাগে।
মন্ত্রীসভা আৰু মন্ত্রী পৰিষদৰ মাজত পার্থক্য তথা সম্পর্ক বিশ্লেষণ কৰিলে এই কথাটো স্পষ্টকৈ ওলাই পৰে যে মন্ত্রীসভাই মন্ত্রী পৰিষদৰ হৈ সকলাে সিদ্ধান্ত গ্রহণ আৰু কাৰ্যকৰী কৰে। মন্ত্রীসভাই মন্ত্রী পৰিষদৰ অন্যান্য মন্ত্রীসকলক নিৰ্দেশ আৰু পৰামর্শ দিয়ে। সেইকাৰণে মন্ত্রী সভাক মন্ত্রী পৰিষদৰ কাৰ্যকৰী অংগ (Executive body) বুলি কব পাৰি। গতিকে মন্ত্রীসভাৰ সিদ্ধান্তই মন্ত্রী পৰিযদৰাে সিদ্ধান্ত। আচলতে মন্ত্রীসভা বুলিলে ভাৰত চৰকাৰক বুজায়। গতিকে মন্ত্রীসভাৰ সিদ্ধান্ত মানে ভাৰত চৰকাৰৰ সিদ্ধান্ত। ।
মন্ত্ৰী পৰিদৰ ক্ষমতা আৰু কার্যাবলী (Powers and Function of Council of Ministers)
মন্ত্রীসকলেই হ’ল দেশৰ প্রকৃত শাসক। তেওঁলােকৰ ক্ষমতা আৰু কার্যাৱলীসহ তলত দিয়া শিতানসমূহত আলােচনা।
কৰিব পাৰি।
(১) নাতি নিৰ্দ্ধাৰণ (Policy Formulation) ও মন্ত্রীসকলৰ প্রধান কাম হল শাসন পৰিচালনা বিধি ৰচনা কৰা। মন্ত্রী পৰিষদে ৰাজনৈতিক, প্রশাসনিক, বৈদেশিক আৰু বিত্তীয় আদি বিভিন্ন নীতি ৰচনা আৰু সেইবােৰ ৰূপায়ণ কৰে । যুদ্ধ, শান্তি, সন্ধি, চুক্তি আৰি বিভিন্ন আন্তর্জাতিক বিষয়ত মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে।
(২) প্রশাসনীয় ক্ষমতা {Administrative Powers) - মন্ত্রীসভা হ’ল শাসনব্যৱস্থাৰ প্রধান পৰিচালক। চৰকাৰী বিভিন্ন বিভাগসমুহ মন্ত্রীসকলেই পৰিচালনা কৰে আৰু সমন্বয় সাধন কৰে। চৰকাৰী নীতিসমূহ মন্ত্রীসকলেই কাৰ্যকৰী কৰিব লাগে। আচলতে, মন্ত্রীসভাই হ’ল দেশৰ প্রকৃত শাসক।
(৩) বিধায়িনী ক্ষমতা (Legislative Powers)ঃ আইন প্রণয়নৰ ক্ষেত্ৰতাে মন্ত্রীসকলে মুখ্য ভূমিকা পালন কৰে। সংসদত উত্থাপন কৰিবলগীয়া বেছিভাগ আইনেই মন্ত্রীসকলে উত্থাপন কৰে মন্ত্রীসকলৰ বাহিৰে আন সদস্যই
উত্থাপন কৰা বিলসমুহে আইনৰ মর্যাদা নাপাবও পাৰে।।
(8) বিত্তীয় ক্ষমতা (Financial Powers) ঃ মন্ত্রীসভাই বছেৰেকীয়া আয়-ব্যয়ৰ হিচাপ-নিকাচ অর্থাৎ বাজেট প্রস্তুত কৰিব লাগে। দেশৰঅর্থ-সংক্রান্তীয় সকলােনীতি-নিয়ম মন্ত্রীসকলেহেনিৰ্ধাৰণ কৰে। চৰকাৰী বাজেট মন্ত্রীসভাৰ অনুমােদনসাপেক্ষেহে বিত্ত বিভাগৰ মন্ত্ৰীজনে সংসদত উত্থাপন কৰিব পাৰে! অর্থনৈতিক পৰিকল্পনাসমূহাে মন্ত্রীসকলে ৰচনা কৰে।
(৫) বৈদেশিক ক্ষমতা (Foreign Powers) - দেশৰ বৈদেশিক নীতিসমূহাে মন্ত্রীসকলে নিৰ্দ্ধাৰণ কৰে। বিদেশৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক, ৰাষ্ট্ৰসংঘৰ লগত সম্পর্ক, আন্তঃৰাষ্ট্রীয় সম্পর্ক আদি নির্ণয়ৰ ক্ষেত্ৰত মন্ত্রীসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
যুদ্ধৰ সময়ত মন্ত্রীসকলৰ দায়িত্ব আটাইতকৈ বেছি।
(৬) নিযুক্তিৰ ক্ষমতা (Power of Appointments) ঃ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা সকলােবােৰ উচ্চপদস্থ পদবীৰ নিযুক্তি মন্ত্রীসভাই অনুমােদন জনাব লাগে।
(৭) অন্যান্য ক্ষমতাসমূহ (Others Power) ও অন্যান্য ক্ষমতাসমূহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহৰ অনুমোদনাে মন্ত্রীসভাইকৰিব লাগে। মন্ত্রীসভাৰ লিখিত অনুমােদনৰ ভিত্তিতহে ৰাষ্ট্রপতিয়ে জৰীকালীন অৱস্থা ঘোষণা কৰে।
ওপৰৰ আলােচনাৰ পৰা এইটো প্রতীয়মান হয় যে দেশৰ শাসনব্যৱস্থাত মন্ত্রী পৰিষদেই সর্বেসর্বা। অৱশ্যে তেওঁলােক সর্বেসর্বা হলেও স্বেচ্ছাচাৰী হ'ব নােৱাৰে। কিয়নাে, মন্ত্রীসকলে তেওঁলােকৰ কার্যাৱলীৰ বাবে সংসদৰ সামুহিক ভাৱে দায়বদ্ধ ।
গতিকে এইয়াই হৈছে ভাৰতৰ মন্ত্রী পৰিষদৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।
0 Comments