চপাশাল আৱিষ্কাৰৰ কাহিনী
এজন সােণাৰি আছিল । কেৱল সােণাৰিয়েই নহয় , তেওঁ আছিল এগৰাকী ভাল শিল্পীও । নানাধৰণৰ মণি মুকুতা কাটি ভালদৰে অলংকাৰ গঢ়িব পাৰে কাৰণে অঞ্চলটোত তেওঁৰ এক সুনাম আছিল । ৰাজ্যখনৰ প্রায়বিলাক ধনী - মানী লােকে তেওঁৰ ওচৰতে অলংকাৰ গঢ়ায় । এইসকল লােকক সন্তুষ্ট কৰিবলৈ যাওঁতে তেওঁ অলপ বেছিকৈ খাটিব লগাতাে পৰে ।
শিল্পীগৰাকীয়ে মনৰ অৱসাদ দূৰ কৰিবলৈ মাজে সময়ে ঘৈণীয়েক এনাৰ সৈতে তাচ খেলিবলৈকো বহি যায় । সেইকালত বৰ্তমানৰ দৰে তাচ কিনিবলৈ পােৱা নগৈছিল । শিল্পীসকলে ডাঠ কাগজ টুকুৰা - টুকুৰকৈ কার্টি তাত ছবি আঁকিহে তাচপাত তৈয়াৰ কৰিছিল । এদিনাখন শিল্পীজনে হঠাতে নিজে এযােৰ তাচপাত তৈয়াৰ কৰাৰ কথা ভবিলে । শিল্পীসকলে কিবা এটা কৰাে বুলি ভাবিলে লগে লগে হাতে কামে লাগি যায় । তেৱো সেইটোকে কৰিলে । ৰং , তুলিকা , কাগজ আদি গােটাই লৈ তাছপাতত ছবি অঁকাৰ পাছতেই তেওঁৰ ধৈর্য হেৰাল । মনে মনে খঙো উঠিল । ভাবিলে – “ এযােৰ তাচ আঁকোতেই দেখােন বহুত সময় লাগিব । ইমান কষ্ট কৰি তাচ আঁকিব লগা হলে তাঁচখেলৰ প্রতি দেখােন মানুহৰ কোনাে ৰাপেই নাথাকিব । গতিকে শিল্পীজনে কম সময়ৰ ভিতৰত কেনেকৈ বেছি তাচ পাত আঁকিব পাৰি , সেইবিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ ললে । ঘৰখনৰ চুকত কিছুমান সৰু সৰু কাঠৰ টুকুৰা পৰি আছিল । ঘৰতে হাতুৰি , বটালীও আছিল । শিল্পীজনাই ভাবি চিন্তি কিছুমান কাঠৰ টুকুৰা লৈ । প্রতিটুকুৰা কাঠৰ এফালে একোখনকৈ তাচৰ ছবি খােদাই কৰিলে । তাৰ পাছত তাৰ ওপৰতে চিয়াঁহি লগাই কাগজৰ ওপৰত ছাপ মাৰিলে । ধুনীয়া ধুনীয়া ছবিৰ সাঁচ বহি গল । খন্তেকৰ ভিতৰতে ছাপ মাৰি ছবি অঁকাৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰিলে । ছাপ মৰা পদ্ধতিৰ প্রতি শিল্পীজনৰ মােহ দিনক দিনে বাঢ়ি গ ' ল । সােণাৰিৰ কাম কাজ এৰি দিনে ৰাতিয়ে তেওঁ তাচ তৈয়াৰ কৰাত লাগি গ ' ল । কিন্তু তেওঁ মন কৰিলে যে বহুত বাৰ ছাপ দিয়াৰ পাছত কাঠৰ খােদাই কৰা অংশবােৰ ক্ৰমাৎ ভােটা হৈ পৰিছে । গতিকে কাগজত উঠা ছবিবােৰ ক্ৰমাৎ অস্পষ্ট হৈ পৰিছে । তদুপৰি খােদাই কৰা কাঠৰ ওপৰত চিয়াঁহি কম বেছি হ ' লেও কাগজত উঠা ছবি বেয়া হৈ পৰে । শিল্পীজনে এই অসুবিধাসমূহ কেনেকৈ দূৰ কৰিব পাৰি সেই কথাকে চিন্তা কৰিবলৈ ললে । নানা ধৰণৰ কাঠৰ ওপৰত খােদাই কৰি তেওঁ দেখিলে যে আপেল গছৰ কাঠেই উত্তম । তেওঁ পৰীক্ষা কৰি আৰু দেখিলে যে চিয়াঁহিৰ ঠাইত কাজল ব্যৱহাৰ কৰিলে ছবিবিলাক অধিক সম্পষ্ট হয় । শিল্পীয়ে এইবাৰ ভাল কাঠত খােদাই কৰি আৰু কাজল ব্যৱহাৰ কৰি উন্নত মানৰ তাচ তৈয়াৰ কৰিবলৈ ল ’ লে । তাঁচ তৈয়াৰ কৰাৰ উপৰি নানা ধৰণৰ ছবি আৰু আখৰাে কাঠত খােদাই কৰিবলৈ ললে । ডাঙৰ ডাঙৰ কাঠৰ ব্লক বনাই ওপৰফালে মহাপুৰুষসকলৰ ছবি আৰু তলফালে তেওঁলােকৰ জীৱনী খােদাই কৰিবলৈ ললে ।
এনেকৈ তৈয়াৰ কৰা ধুনীয়া ধুনীয়া ছবিবােৰ দোকানত ওলােমাই থ ' লে । যিয়েই এই ছবিবােৰ দেখে , সিয়েই আচৰিত হয় । শিল্পীজনৰ শিল্প প্রতিভা দেখি সকলােৱেই থৰ লাগে । বহুতে দুই এখন ছবি কিনিও নিয়ে । এদিন এজন পাদুৰী চাহাব তেওঁৰ
দোকানলৈ আহিল । দোকানত অৰি থােৱা ছবিবােৰ দেখি তেওঁ আচৰিত হ ' ল । চাহাবে ভাবিলে যে এনেকৈ যদি ছবি আঁকাই মহাপুৰুষৰ ছবি আৰু বাণীবােৰ সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰা হয় , তেন্তে মানুহৰ মাজত ধর্ম প্ৰচাৰ কৰাটো সহজ হৈ পৰিব । পাদুৰী চাহাবে শিল্পীজনক অনুৰােধ কৰিলে তেওঁ যেন ‘ মহাপুৰুষৰ জীৱনী ’ নামৰ ষাঠি পৃষ্ঠাৰ গ্ৰন্থ এখন এনেকৈ ব্লক কাটি ছপা কৰি দিয়ে । শিল্পীজনে একে আষাৰতে প্ৰস্তাৱটো প্রত্যাখ্যান কৰিলে । ইমানখিনি ব্লক কাটি তাকো ছবিৰে সৈতে গ্রন্থ এখন ছপা কৰি দিয়াটো সহজ কথা নহয় । ইফালে পাদৰীয়েও আঁকোৰ - গােজকৈ লাগিল । তেওঁ ক ’ লে – যিমান খৰচ হয় হওক – মই দিবলৈ ৰাজী আছে , কেৱল গ্ৰন্থখন ছপা হ ’ ব লাগে । অৱশেষত উপায় - নাপাই শিল্পীজনে সন্মতি জনাবলৈ বাধ্য হ ’ ল ।
এনে এক ডাঙৰ কামত পৰিবাৰ এনা আৰু দুজন বন্ধুৱেও সহায় কৰিবলৈ আগ বাঢ়ি আহিল । কেইমাহমান একেলেথাৰিয়ে কৰা অশেষ পৰিশ্ৰমৰ ফলত কিতাপখন ছপা হৈ ওলাল । পাদুৰী চাহাবে কিতাপখন দেখি বৰ সন্তোষ পালে । এইবাৰ তেওঁ আন এটা অনুৰােধ কৰিলে । সেইটো হল – বাইবেলখন ছপা কৰি দিব লাগে । ‘ মহাপুৰুষৰ জীৱনী ’ নামৰ গ্ৰন্থখনেই পৃথিৱীৰ প্রথম ছপা কৰা গ্রন্থ । সেইখন সকলােৱে প্রশংসা কৰা দেখি শিল্পীজনাই বাইবেল ছপা কৰিবলৈকো মন মেলিলে । বাইবেলৰ পৃষ্ঠা যিহেতু বহুত , গতিকে শিল্পীজনে এনাৰ উপৰি কেইবাজনাে বন্ধু - বান্ধৱৰ সহায় ললে । চাৰিদিনমান কঠোৰ পৰিশ্ৰম কৰাৰ পাছত বাইবেলৰ প্রথম পৃষ্ঠাটোৰ ব্লক তৈয়াৰ হ ’ ল । পাছে তেনেতে হল এক দুর্ঘটনা । ব্লকটো হঠাতে হাতৰ পৰা মাটিত পৰি গ ' ল । ফলত ব্লকটো ভাগি টুকুৰা টকৰ হৈ পৰিল । চাৰিটা দিনৰ কষ্ট অথলে যােৱাত শিল্পীজনাই মনত বৰ দুখ পালে । লগতে চিন্তা হ ’ ল যে এনেকৈ কাঠত আখৰ কাটি ব্লক তৈয়াৰ কৰিলে পুনৰ এনে ঘটনা হ ’ ব পাৰে । গতিকে কিবা নতুন উপায় উদ্ভাৱন কৰাৰ কথা ভাবিলে । বহুত ভাবি চিন্তি তেওঁ ঠিক কৰিলে যে একেখন কাঠতে গােটেই ব্লকবােৰ নাকাটি যদি আখৰটোৱে প্রতি বেলেগ বেলেগ কাঠত ব্লক কটা হয় আৰু সেইবােৰ ডাঙৰ প্লেট এখনত সুমুৱাই লােৱা হয় , তেন্তে এনে বিপদৰ পৰা হাত সাৰিব পৰা হ ' ব । দুই এটা আখৰ প্লেটৰ পৰা উফৰি গৈ হয়তাে কেতিয়াবা ভাগিব পাৰে , কিন্তু গােটেই প্লেটখন নষ্ট হৈ নাযায় । তদুপৰি এই ব্যৱস্থাৰে একেখিনি আখৰকে ব্যৱহাৰ কৰি কেৱল বাইবেলেই নহয় , আন আন গ্রন্থও ছপা কৰিব পৰা হব ।
বাইবেল ছপাৰ কাম কিছুদিনলৈ বন্ধ ৰাখি এইবাৰ তেওঁ কাঠ কাটি কাটি আখৰ সাজিবলৈ লাগি গল । কেইমাহমানৰ ভিতৰতে কেইবাহাজাৰাে আখৰ সাজি উলিয়ালে । শিল্পীজনাই এই আখৰবোৰক টাইপ নামেৰে নামকৰণ কৰিলে । আখৰ তৈয়াৰ হােৱাৰ পাছত শিল্পীজনে পৰিবাৰ এনা আৰু বন্ধু - বান্ধৱৰ লগ লাগি কাঠৰ প্লেটত টাইপ সজোৱাত লাগি গ ' ল । কেইদিনমানৰ ভিতৰতে বাইবেলখন সম্পূর্ণকৈ ছপা হৈ ওলাল । ছপা কৰা আখৰত বাইবেলখন দেখি সকলােৱে শিল্পীজনক প্রশংসা কৰিলে । এনেকৈয়ে পৃথিৱীত ছপাৰ কামৰ সূচনা হল । এই শিল্পী গৰাকীৰ নামেই আছিল গুটেনবার্গ । গুটেনবার্গে তেওঁৰ সমস্ত জীৱন ছপা কাৰ্যৰ উন্নতিৰ কথা চিন্তা কৰিয়েই কটালে । পাছলৈ গুটেনবার্গে কাঠৰ টাইপৰ বদলি ধাতুৰ টাইপাে ব্যৱহাৰ কৰিছিল ।
দুখৰ কথা যে এইজন শিল্পীয়েও জীৱনৰ শেষৰ সময়ছােৱা বৰ শান্তিত কটাব পৰা নাছিল । গুটেনবার্গ আৰু তেওঁৰ পৰিবাৰ এনা – দুয়ােৰে ব্যৱসায়িক বুদ্ধি নাছিল । তেওঁ গােটেই জীৱন ছপা কামৰ উন্নতিৰ হকে চিন্তা আৰু কাম কৰিয়েই কটালে । কিন্তু তাৰ যােগেদি দুপইছা ঘটিবও যে পাৰি , সেই কথা নাভাবিলে । দুখৰ কথা যে টকা - পইছাৰ অভাৱত ভাল চিকিৎসা নাপাই এনাই অকালতে মৃত্যু বৰণ কৰিলে । এনাৰ মৃত্যুৰ পাছত গুটেনবার্গৰ মন ভাগি গল । আর্থিক অনাটনত ভুগি ভুগিয়েই এটা সময়ত গুটেনবার্গেও মৃত্যুবৰণ কৰিব লগা হয় ।
গতিকে এইয়াই হৈছে চপাশাল আৱিষ্কাৰ কাহিনী ।
0 Comments