অসমীয়া সাহিত্য'ৰ অতিকৈ জৰুৰি প্ৰতিতযশা সাহিত্যিক সকলৰ বিষয়ে জানো আহক

অসমীয়া সাহিত্য'ৰ অতিকৈ জৰুৰি প্ৰতিতযশা সাহিত্যিক সকলৰ বিষয়ে জানো আহক ।


অসমীয়া সাহিত্যিক




আজি আমি আপোনালোকক অসমীয়া সাহিত্য'ৰ অতিকৈ জৰুৰি প্ৰতিতযশা সাহিত্যিক সকলৰ বিষয়ে আৰু তেওঁলোকৰ সাহিত্য ৰচনাৱলীৰ বিষয়ে জনাম । গতিকে জানো আহক 


শ্ৰীমন্ত শংকৰদেৱ - ( খৃঃ ১৪৪৯ - ১৫৬৮ )  ( Shrimanta Shankar dev)


অসমীয়া সাহিত্য আৰু জাতিলৈ শংকৰদেৱে যি অৱদান দি থৈ গ ’ ল , তাৰ কাৰণে অসমীয়া জাতি চিৰদিন ঋণী হৈ থাকিব । তেখেত একেধাৰে কবি , সমাজ - সংস্কাৰক , ধর্ম - প্ৰৱর্তক , নাট্যকাৰ - অভিনেতা , সঙ্গীতজ্ঞ আৰু পৰমভক্ত । বহু দেৱতাৰ ঠাইত এক দেৱৰ উপাসনা , নানা ধর্ম মতবাদৰ ঠাইত এক ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰেৰে গুৰুজনাই জনসাধাৰণৰ ভাষাত কাব্য , নাটক , গীত আদি ৰচনা কৰে । অসমীয়া সংস্কৃতিৰ সকলাে দিশতে শংকৰদেৱৰ অৱদান আছে । পুৰণি অসমৰ ইমূৰৰ পৰা সিমুৰ ভ্ৰমণ কৰি সহজ ধৰ্মৰ একেডাল ডােলেৰে জনতাক বন্ধাৰ প্রথম চেষ্টা কৰে শংকৰদেৱে । যাৰ ফলত কিত , কছাৰি , খাচি , গাৰাে , মিৰি , যবন , কঙ্ক , গােৱাল , অচম মলুক , ৰজক , তুক , ম্লেচ্ছ , চণ্ডাল একশৰণীয়া ধর্ম দীক্ষিত হৈ জাতীয় একতাৰ ভেটিত থিয় দিবলৈ সক্ষম হ ’ ল ।
এনেদৰে ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিওঁ শংকৰদওৱে অসমীয়া সাহিত্যকো চহকী কৰো থৈ গৈছে । তলত আমি  শংকৰদেৱৰ সাহিত্যৰাজিক দেখুৱাই দিয়া হল

কাব্য -

( ১ ) হৰিশ্চন্দ্ৰ উপাখ্যান ,
( ২ ) ৰুক্মিণীহণকাব্য ,
( ৩ ) বলিছলন ,
( ৪ ) অমৃত মথন ,
( ৫ ) অজামিল উপাখ্যান আৰু
( ৬ ) কুৰুক্ষেত্র ।

ভক্তিতত্ত্ব প্রকাশক সংগ্রহ -

( ১ ) ভক্তিপ্রদীপ ,
( ২ ) ভক্তি ৰত্নাকৰ ( সংস্কৃত ) ,
( ৩ ) নিমি - নৱ - সিদ্ধ সংবাদ ,( ৪ ) অনাদি পতন ।


অনুবাদমূলক গ্ৰন্থ -

( ১ ) ভাগৱত ১ম , ২য় , ৬ষ্ঠ ( অজামিল উপাখ্যান মাত্র ) , ৮ম
( ২ ) বলিছলন , অমৃত মথন ) , ১০ম , ১১শ , ১২শ স্কন্ধ আৰু
( ৩ ) । উত্তৰাকাণ্ড ৰামায়ণ ।


অংকীয়া নাট -

( ১ ) পত্নীপ্রসাদ ,
( ২ ) কালিয়দমন ,
( ৩ ) কেলিগােপাল ,
( ৪ ) ৰুক্মিণী হৰণ ,
( ৫ ) পাৰিজাতহৰণ আৰু
( ৬ ) ৰামবিজয় ।

গীত -

(১) বৰগীত ,
(২)ভটিমা , টোটয় আৰু চপয় ।

নাম প্রসঙ্গ -

( ১ ) কীৰ্ত্তন আৰু
( 2 ) গুণমালা ।


কীৰ্ত্তন শংকৰদেৱৰ কবিত্ব প্রতিভাৰ শ্রেষ্ঠ নিদর্শন । উত্তৰ - ভাৰতৰ হিন্দী প্রধান অঞ্চলত তুলসী দাসৰ ৰাম চৰিত মানস ’ ৰ যি জনপ্রিয়তা , অসমত কীৰ্ত্তনৰ তেনে আদৰ , তেনে জনপ্রিয়তা । বর্তমানৰ কীৰ্ত্তন ২৭টা স্বয়ংপূর্ণ খণ্ডৰ সমষ্টি । ৯ বিধ ভক্তিৰ ভিতৰত শংকৰী ধৰ্মত শ্ৰৱণ আৰু কীর্তনকে প্রধান স্থান দিছে আৰু । সেয়ে নাম - প্রসঙ্গ উপযােগী কৰি ঘােষা আৰু পদসহ এই কীৰ্ত্তন গ্রন্থ ৰচনা কৰা হৈছে । বিষয় বস্তুৰ মনােৰম প্রকাশে , ছন্দৰ বৈচিত্র্য আৰু লালিত্যই , উপযুক্ত শব্দৰ ব্যৱহাৰে আৰু ভক্তিৰ মধুৰ প্রলেপে কীৰ্ত্তন ’ পুথিখনক ল'ৰা - ডেকা , বুঢ়া সকলােৰে প্ৰিয় কৰি তুলিছে ।




মাধৱদেৱ  - ( ১৪৮৯ - ১৫৯৬ ) (Madhav dev)


শংকৰদেৱৰ প্ৰধান শিষ্য আৰু শংকৰদেৱৰ প্ৰধান সঙ্গী । মাধৱদেৱাে বহুমুখী প্রতিভাৰ গৰাকী আছিল । তেওঁ শংকৰদেৱৰ কথা মতে মাধৱ কন্দলীৰ ৰামায়ণৰ আদিকাণ্ড ' ৰচনা কৰিছিল । শংকৰদেৱৰ ৰচিত বৰগীতবােৰ কমলা গায়নে আওৰাবলৈ নিওতে জুইত পুৰি যােৱাত শংকৰদেৱে  আৰু গীত ৰচনা নকৰি মাধৱদেৱক গীত ৰচনা কৰিবলৈ কয় । মাধৱদেৱে সেয়ে বহুগীত ৰচনা কৰে । শংকৰদেৱৰ আদেশ ক্রমেই মাধৱদেৱে শুক্লধ্বজৰ উৎসাহ পাই ৰাজসূয় ’ কাব্য আৰু জন্ম ৰহস্য ’ ৰচনা কৰে । শংকৰদেৱৰ  তিৰােধানৰ পিছত মাধৱদেৱে নামঘােষা ’ সম্পূর্ণ কৰে । তেওঁ নামমালিকা ’ গ্ৰন্থৰ অনুবাদ কৰে আৰু বিষ্ণুপুৰী সন্ন্যাসীৰ ভক্তি ৰত্নাৱলী ’ অসমীয়া পদলৈ ৰূপান্তৰিত কৰে । মাধৱদেৱৰ দ্বাৰা ৰচিত নাট কেইখন হৈছে -
( ১ ) পিমপৰা গুচোৱা ,
( ২ ) ভােজন - বিহাৰ ,
( ৩ ) ভূমি লেটোৱা , দধি - মথন ’ বা ‘ অর্জুন ভঞ্জন ।

অর্জুন ভঞ্জন ’ ৰ বাহিৰে আন কেইখন নাটত এটা পূর্ণ কাহিনী পােৱা নাযায় । এইবােৰত এদিন বা এবেলাৰ ঘটনাহে পােৱা যায় । এই সৰু । নাটবােৰক ‘ ঝুমুৰা ’ বােলা হয় । মাধৱদেৱৰ নাটত প্ৰধানকৈ শিশু কৃষ্ণৰ চোৰ - চাতুৰী , মান - অভিমান , চৌর্যক্রিয়াৰ আমােদজনক বর্ণনা পােৱা যায় । তেওঁৰ বৰগীতবােৰ ভক্তিপ্ৰাণৰ মর্মস্পর্শী প্রকাশ । দাস আৰু বাৎসল্য এই দুয়ােটা ভাবৰেই বৰগীত তেওঁ ৰচনা কৰিছিল যদিও বাৎসল্য ভাৱৰ বৰগীত অধিক । মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হৈছে 'নামঘােষা' । এহেজাৰ ঘােষা থকা কাৰণে এই গ্রন্থক হেজাৰী ঘােষাও  বােলা হয় । এহেজাৰ ঘােষাৰ ভিতৰত প্রায় ছশ মান ঘােষা বিভিন্ন পুৰাণৰ ভক্তি প্রধান শ্লোকৰ অনুবাদ , বাকী চাৰিশমান তেখেতৰ নিজা ৰচনা । অনুবাদক তেওঁ নিজস্ব ৰূপত তুলি ধৰিছে । কৃষ্ণ নামৰ মাহাত্ম , নাম আৰু নামী অভেদত্ব , ব্যভিচাৰী ভক্তিৰ নিন্দা আৰু মাধৱদেৱৰ ব্যক্তিগত প্রার্থনা , কাকূতি আদিনাম ঘােষাত নানাভাৱে ঠাই পাইছে । প্রায়খিনি ঘােষাৰ মাজেদি ভক্তিবিগলিত ভগৱৎচৰণত লােলুঠ্যমান , দীনভাৱাপন্ন , আত্মখেদত । কাতৰ মাধৱদেৱৰ কৰুণ - কাৰুণ্যময় ব্যক্তিত্বই আত্মপ্রকাশ কৰিছে ।




লক্ষ্মীনাথ বেজবৰুৱা - ( Lakhminath Bezbaruah)


অসমীয়া সাহিত্য জগতৰ চিৰনমস্য ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৪ চনত নগাঁৱৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ নাৱত । পিতৃ - মাতৃ নগাঁৱৰ পৰা বৰপেটালৈ গৈ থাকোতে জন্ম হয় । পিতৃ দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী । শিৱসাগৰৰ পৰা এস্ট্রেঞ্চ পৰীক্ষাতপাছ কৰি কলকতাৰ পৰা বি . এ . পাছ কৰে । আইন আৰু এম . এ পঢ়িছিল যদিও সেয়া সম্পূর্ণ নহ'ল । কলকতাত পঢ়ি থকা অৱস্থাতে অসমৰ ভালেকেইজন সাহিত্যিক — হেমচন্দ্র গােস্বামী , গুণাভিৰাম বৰুৱা , ৰাধাকান্ত সন্দিকৈৰ সান্নিধ্যলৈ আহি অসমীয়া ভাষা - সংস্কৃতিৰ উন্নতিৰ কামত আত্মনিয়ােগ কৰে । বেজবৰুৱা জোনাকী আলােচনীৰ তৃতীয় আৰু চতুর্থ বছৰৰ সম্পাদক আছিল । বাঁহী ’ আলােচনীৰ সম্পাদক , অসমৰ জাতীয় সংগীত ‘ অ ’ মােৰ আপােনাৰ দেশৰ . . . ' ৰচক বেজবৰুৱাই চুটি গল্প , হাস্য বচন , উপন্যাস , নাটক , কবিতা , শিশু সাহিত্য আদি দিশত উল্লেখনীয় অৱদান অসমীয়া সাহিত্য জগতলৈ আগবঢ়াই থৈ গৈছে ।

ৰচনাসলী -

ৰসৰাজ ’ আৰু ' সাহিত্যৰথী সন্মানেৰে  বিভূষিত বেজবৰুৱাৰ বিভিন্ন মেটমৰা ৰচনা অসমীয়া সাহিত্যৰ অমুল্য ৰচনা । বুঢ়ী আই সাধু , সাধু কথাৰ কুকি, ককাদেউতা আৰু নাতি ল ' ৰা , জুনকা , বাখৰ , কামত কৃতিত্ব লভিবৰ সংকেত , কৃপাবৰ বৰুৱাৰ উভতান , কৃপাবৰ, বৰুৱাৰ কাকতৰ টোপােলা , কদমকলি , জোনবিৰি , পদুমকুৱৰী , কেহুকলি , লিতিকাই , কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি , শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ , মােৰ জীৱন সোঁৱৰণ , বেলিমাৰ তত্ত্বকথা , The Religion ofLove and  Devotion , চিকপতি নিকৰপতি , শ্রীমদ্ভাগৱত গীতা আদি বেজবৰুৱাৰ বহুমূলীয়া ৰচনা ।

বৰােদাৰ গাইকোৱাৰ নিমন্ত্রণত ১৯৩৩ চনত বেজবৰুৱাই ‘ বৈষ্ণৱ ধৰ্মৰ বুৰঞ্জী আৰু “ শ্রীকৃষৰ ৰাসলীলা শীর্ষক দুটি মূল্যবান বক্তৃতা প্রদান কৰিছিল , যিকেইটা বৰােদাৰ যুৱৰাজে বিভিন্ন ভাষালৈ অনুবাদ কৰি ছপাই উলিয়াইছিল । এলাহাবাদৰ অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনলৈ নিমন্ত্রিত হৈ মুকলি সভাত তেওঁ বক্তৃতা প্রদান কৰিছিল । অসমীয়া ভাষা সংস্কৃতিৰ বিৰূপ মন্তব্য সহিব নােৱাৰি বেজবৰুৱাই ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে যুক্তিতর্ক কৰি তেওঁ মতক সৈমান নিয়াবলৈ সক্ষম হৈছিল আৰু বেজবৰুৱাৰ মৃত্যুৰ পিছত ৰবীন্দ্র নাথে লিখনিৰ মাজত এঠাইত কৈছিল — “ বেজবৰুৱাই তেওঁৰ জীৱনত অসমীয়া ভাষা - সাহিত্যৰ ঐশ্বর্য উদ্ভাসিত কৰাৰ স্বাৰ্থতেই ব্ৰতী হৈছিল ” ।

অসমৰ সাহিত্য ক্ষেত্রলৈ অপাৰ সাহিত্য কর্ম দলিল দি থৈ যােৱা লক্ষ্মীনাথ বেজবৰুৱা ১৯১৬ চনত গুৱাহাটীত বহা অসম ছাত্র সন্মিলনৰ সভাপতি , ১৯২৪ চনৰ গুৱাহাটিত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি , ১৯৩১ চনৰ শিৱসাগৰ অধিৱেশনত ৰসৰাজ উপাধিৰে বিভূষিত হৈছিল । ১৯৩৮ চনৰ ২৬ মার্চত ডিব্ৰুগড়ত বেজবৰুৱাৰ মৃত্যু হয় ।



পদ্মনাথ গােহাঞি বৰুৱা - ( Padmanath Guhainboruah)


১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লখিমপুৰৰ নকৰি গাঁৱত পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম । পিতৃ ঘিণাৰাম গগাহাঞি বৰুৱা , মাতৃ লক্ষ্মীদেৱী । লখিমপুৰ , শিৱসাগৰ , কহিমাত শিক্ষা জীৱন পাৰ কৰাৰ পিছত এস্ট্রেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ কলকতাত এফ . এ . আৰ আইন পঢ়ে । তাৰপৰা আহি কহিমা , যােৰহাট , তেজপুৰত শিক্ষকতাৰ জীৱন পাৰ । ' গােহাঞি বৰুৱা ‘ বিজলী ’ , ‘ আসাম বন্তি , উষা নামৰ আলােচনীকেইখনৰ প্রকাশক তথা সম্পাদকৰ দায়িত্ব বহন কৰি সাহিত্য কর্মত আত্মনিয়ােজিত হয় । বিজুলী আলােচনীতেই তেখেতৰ প্ৰথম অসমীয়া উপন্যাস ভানুমতি উপন্যাস ধাৰাবাহিকভাবে প্রকাশ পাইছিল । গ্রন্থ হিচাপে প্রকাশ পােৱা প্ৰথম অসমীয়া উপন্যাস লাহৰী আছিল  তেখেতৰ দ্বিতীয়খন উপন্যাস ।

তেখেতৰ সাহিত্য কর্মসমূহ হৈছে

কবিতা পুথি —
জুৰণি , লীলা , ফুলৰ চানােকি ,

নাটক —
জয়মতী , লাচিত বৰফুকন , বাণৰজা , প্রহসন , গাওঁবুঢ়া , টেটোন তামুলী , ভূত নে ভ্রম

আত্মজীবনী —
মােৰ -সোঁৱৰণ , শ্রীকৃষ্ণ , গীতাসাৰ , অসম বুৰঞ্জী , হিন্দু বৰঞ্জী , মহাৰাণী ভিক্টোৰীয়া জীৱনী মহাবাণী ’ আদি বহুতাে ।

শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্রথম অধিৱেশন ( ১৯১৭ ) ৰ তেখেত সভাপতি আছিল । তদুপৰি তেখেত অসমীয়া ভাষা উন্নতি সাধিনী সভা , অসম ছাত্র সন্মিলনী , আহােম সভা আদিৰ লগত নিবিড়ভাৱে জড়িত  আছিল । অসমৰ প্রথম সাহিত্যিক পেঞ্চন লাভ কৰা গােহাঞি বৰুৱাক ইংৰাজ চৰকাৰে ৰায়বাহাদুৰ উপাধি প্রদান কৰিছিল আৰু তেখেত তেজপুৰ পৌৰসভাৰ মেয়ৰ নির্বাচিত হৈছিল । ১৯৪৬ চনৰ ৭ এপ্রিলত তেখেতৰ মৃত্যু হয় ।



চন্দ্ৰকুমাৰ আগৰৱালা - (Sandrakumar Agorawala)



গহপুৰৰ ওচৰৰ ব্ৰহ্মজানত ১৮৬৭ চনৰ ২৮ অক্টোবৰত জন্ম । পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলমা । কলকতা , তেজপুৰত শিক্ষা গ্রহণ কৰি পৰিয়ালৰ ডিব্ৰুগড়ত থকা তামােলবাৰী চাহ বাগিচাৰ কাম চোৱা চিতাত লাগে । অসমীয়া সাহিত্য - সংস্কৃতিৰ প্রতি বিশেষ অৰিহণা আগবঢ়োৱা আগৰৱালা ‘ জোনাকী ’ আলােচনীৰ  প্রতিষ্ঠাতা আছিল ( ১৮৮৯ ) । ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা সাদিনীয়া ‘ অসমীয়া ’ কাকত প্রকাশ কৰিছিল । গুৱাহাটীত ‘ নিউ প্ৰেছ ’ ছপাশাল খােলে আৰু এই প্ৰেছৰ পৰাই ১৮ বছৰ কাল ‘ বাহী ’ আলােচনী ছপা হৈ ওলাইছিল । ব্যৱসায়  বুদ্ধিত বুৎপত্তি থকা আগৰৱালাই অসমীয়া কবিতা জগতত বিশেষ স্থান ৰাখি থৈ গৈছে । প্রতিমা , বীণ বৰাগী , আৰু  চন্দ্রামৃত তেখেতৰ উল্লেখযােগ্য কবিতাপুথি । ‘ জোনাকী'ৰ প্ৰথম বছৰ প্রথম সংখ্যাত প্রকাশ পােৱা বনকুৱঁৰী ’ কবিতাটিয়েই প্রথম আধুনিক কবিতাৰ পাতনি । অসমীয়া সাহিত্যত ৰােমান্তিক কবি হিচাপে খ্যাতি লাভ কৰা আগৰৱালা আছিল । এজন স্বদেশপ্রেমী মহাত্মা গান্ধী ১৯২১ চনত অসমলৈ আহােতে ডিব্ৰুগড়ত তেখেতৰ ঘৰতে আছিল । ১৯৩৮ চনৰ  ২ আগষ্টত তেখেতৰ মৃত্যু হয় ।




ভৱানন্দ দত্ত - (Bhobananda Dutto)


ভৱানন্দ দত্ত অসমীয়া আধুনিক কবিতাৰ ইতিহাসৰ প্ৰবাদ প্রতিম ব্যক্তিত্ব । কুৰি শতিকাৰ চল্লিশ দশকত । অসমীয়া কবিতাই পুৰণি ভাববাদী ৰােমান্টিক ভাবধাৰাৰ পৰা আঁতৰি আহি নতুন চিন্তাধাৰাৰ পাতনি মেলে । কমল মপৰ আৰু চক্রেশ্বৰ ভট্টাচার্যৰ যৌথ সম্পাদনাত নতুন ৰূপত প্ৰকাশ পােৱা জয়ন্তী ’ কাকতৰ প্রথম সংখ্যাত প্রকাশিত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটো অসমীয়া আধুনিক কবিতাৰ প্রথম স্তৰৰ অন্যতম সার্থক কবিতা । | দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী সময়ত সমগ্র বিশ্বতে দেখা দিয়া পৰিৱর্তনৰ পৰা ভাৰত তথা অসম মুক্ত নাছিল । এই পৰিৱর্তিত পৰিস্থিতিত মানুহৰ চিন্তা জগতত নতুন ভাবৰ উদয় হৈছিল । এই নতুন আর্থিক সামাজিক পৰিৱর্তনৰ বাস্তৱ ছবি অংকনৰ দক্ষতাই ভৱানন্দ দত্তদেৱক অসমীয়া সাহিত্যৰ এজন সার্থক কবি স্বৰূপে প্রতিষ্ঠিত কৰিছে ।

ভৱানন্দ দত্তৰ ৰচনা সম্ভাৰঃ

১ । Philosophy & India
২ । ৰবীন্দ্র প্রতিভা
৩ । দৃষ্টি আৰু দর্শন ।
৪ । অসমীয়া কবিতাৰ কাহিনী ।

তেখেতৰ মৃত্যু - ১৯৫৯ চনত হয় ।



ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য - ( Birendra kr bhattasarya)


অসমৰ প্ৰথম গৰাকী জ্ঞানপীঠ বঁটাৰ অধিকাৰী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম সােণাৰি চফ্রাই চাহ  বাগিচাত ১৯২৪ চনৰ ১৪ অক্টোবৰত । পিতৃ শশীধৰ ভট্টাচার্য আৰু মাতৃ আইদেউ ভট্টাচার্য । যােৰহাট আৰু গুৱাহাটীত শিক্ষা জীৱন পাৰ কৰা ভট্টাচার্যই কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্রাইভেটকৈ ১৯৫৩ চনত স্নাতকোত্তৰ ডিগ্ৰী লয় । ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা “ অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস ” বিষয়ত গৱেষণা কৰি পি . এইচ . ডি . ডিগ্রী উপাধি লাভ কৰে । সাংবাদিকতাৰ দিশত বিশেষ অৰিহণা আগবঢ়োৱা ভট্টাচার্যই বাঁহী , নতুন অসমীয়া , এডভান্সৰ সহঃসম্পাদক আৰু ৰামধেনু ’ , সাদিনীয়া নৱযুগ ’ আৰু প্ৰকাশৰ সম্পাদকৰূপে কৰ্মৰত থকাৰ উপৰি ভালেমান কাকত - আলােচনীৰ সতে জড়িত আছিল । বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই বিশ্ববিদ্যালয় অনুদান আয়ােগ ( UGC ) সমিতিৰ সদস্য , সাহিত্য আকাডেমীৰ উপ - সভাপতি , সভাপতি , গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ৰীৰৰ লগতে কৰক্ষেত্র বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে দুবছৰ কার্যনির্বাহ কৰিছিল । ১৯৯৪ চনত ভট্টাচার্যই ভাৰতীয় জ্ঞানপীঠ বঁটাৰ নির্বাচক । মতলীৰ সদস্য , ভাৰত চৰকাৰৰ প্রকাশন বিভাগৰ সদস্য , ইণ্ডিয়ান কাউন্সিল ফৰকালচাৰেল ৰিলেশনৰ গভর্নিং বডিৰ সদস্য , নেশ্যনেল বুক ট্রাষ্টৰ সদস্য , প্ৰেছ কাউন্সিলৰ সদস্য আছিল । 

ভট্টাচার্যদেৱে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা মূল্যৱান বৰঙণিসমূহ হৈছে -

ৰাজপথে ৰিঙিয়াই,
আই ইয়াৰােঈঙ্গম,
শতক্ষ্মী ,
প্রতিপদ ,
নষ্ট চন্দ্র ,
মৃত্যুঞ্জয় ,
ৰঙামেঘ ,
ফুলকোৱৰৰ পক্ষী ঘোঁৰা,
অসমীয়া সংস্কৃতিত এভুমুকি ,
দেৱ দুন্দুভি বাজে কাৰ বাবে ( অনুবাদ ) ।

ইয়াৰে ইয়াৰােঈঙ্গম ’ উপন্যাসৰ বাবে ১৯৬১ চত সাহিত্য অকাডেমী আৰু মৃত্যুঞ্জয়ী উপন্যাসৰ বাবে ১৯৭৯ চনত জ্ঞানপীঠ বঁটা লাভ কৰে । ১৯৮৩ চনত অসম সাহিত্য সভাৰ বঙাইগাওঁ অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতি আছিল । তেখেতৰ একমাত্র কবিতাপুথি হৈছে - ‘ 'সন্ধাস্বৰ' । ১৯৯৭ চনত তেখেতৰ মৃত্যু হয় ।


ভবেন্দ্ৰ নাথ শইকীয়া - ( Bhobendra Nath Saikia)


অসমীয়া সাহিত্যৰ এগৰাকী উল্লেখযােগ্য ব্যক্তি তথা বিশিষ্ট সাহিত্যিক হৈছে ভবেন্দ্ৰ নাথ শইকীয়া । তেওঁ প্ৰধানকৈ সাহিত্যিক আৰু চলচ্চিত্র পৰিচালক । তেওঁৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত ।

ভৱেন্দ্ৰ নাথ শইকীয়া পৰিচালিত ‘ অনির্বাণ ’ , ‘ অগ্নিস্নান ’ , ‘ কোলাহল ’ , ‘ সাৰথি ’ , ইতিহাস, আদি চলচ্চিত্রই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰষ্কাৰ লাভ কৰিছে ।

তেওঁৰ প্রকাশিত পুথিসমূহ হৈছে — শৃংখল ’ , ‘ সেন্দুৰ ’ , ‘ গহ্বৰ ’ , ‘ অন্তৰীপ ’ , ৰম্যভূমি ’ , ‘ শেষপৃষ্ঠা ’ , ‘ সান্ধ্য ভ্রমণ ’ , ‘ জীৱন বৃত্ত ’ ( আত্মজীৱনী ) , জীৱন - ৰেখা ইত্যাদি ।

শৃংখল ’ গল্প সংকলনৰ কাৰণে ভবেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা ( ১৯৭৬ ) লাভ কৰে । অন্যান্য বঁটা তথা সন্মানসমূহ হৈছে — অসম উপত্যকা সাহিত্য বঁটা ( ১৯৯০ ) , শ্ৰীমন্ত শকৰদেৱ বঁটা ( ১৯৯৮ ) , পদ্মশ্রী ( ২০০১ ) ।

ভবেন্দ্রনাথ শইকীয়াদেৱ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র স্থাপনৰ অন্যতম গুৰিয়াল ব্যক্তি আছিল । এই জনা নমস্য ব্যক্তিৰ মৃত্যু হয় ২০০৩ চনৰ ১৩ আগষ্টত ।


নিৰ্মলপ্ৰভা বৰদলৈ  ( ১৯৩৩ - ২০০৪ ) - ( Nirmal prabha Bardoloi)


প্রধানকৈ কবি হিচাপে অসমীয়া সাহিত্যত পৰিচিত তেওঁ । ডেৰ হাজাৰৰ অধিক গীত ৰচনা কৰে ।

তেওঁৰ দ্বাৰা ৰচিত কবিতা পুথিসমূহ হৈছে — বন ফৰিঙৰ ৰং ’ , ‘ দিনৰ পাছত দিন ’ , ‘ সমীপেষু ’ , ‘ অন্তৰঙ্গ ’ , ‘ সুদীর্ঘ দিন আৰু ঋতু ’ , ‘ শব্দৰ ইপাৰে - সিপাৰে ।

নির্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ হৈছে — ‘ অসমৰ লােক সংস্কৃতি , সাহিত্য আৰু সংস্কৃতি ’ , ‘ কবিতাৰ কথা ’ , ‘ অসমৰ লােক কবিতা ’ , ‘ দেৱী ’ , ‘ সূর্য ’ ( যন্ত্রস্থ ) । |

শিশু সাহিত্যৰ ভিতৰত ‘ চিলচিল চিলা বাগী চিলমিলা ’ , ‘ অসমীয়া ওমলা গীত ’ , কথা সৰিৎ সাগৰ , ‘ সুৱদী মাত ’ , সুৰীয়া মাত ’ উল্লেখযােগ্য ।

অনুবাদ গ্রন্থ হৈছে — “ মীবাঈ ’ , ‘ তুলসীদাস ’ , ‘ বিন্দু আৰু সিন্ধু ।

শিশু সাহিত্যৰ কাৰণে নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰাষ্ট্রপতি বঁটা ( ১৯৫৭ ) , অসম সাহিত্যসভাৰ বঁটা ( ১৯৭৭ আৰু ১৯৮৯ ) , সৰস্বতীউপাধি লাভ ( ১৯৮৭ ) , সাহিত্য একাডেমীবঁটা ( ১৯৮২ ) পাইছে । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা আৰু বিশ্ববিদ্যালয় মঞ্জুৰী আয়ােগৰ জাতীয় অধ্যাপিকা ৰূপে অৱসৰ গ্ৰহণ কৰিছিল । । তেওঁ অসম সাহিত্য সভাৰ ৫৭তম অধিবেশনৰ সভাপতি আছিল ।



জ্যোতিপ্ৰসাদ আগৰৱালা - ( Jyotiprashad Agarawala)


জ্যোতিপ্ৰসাদ আগৰৱালা আছিল হাড়ে - হিমজৱে এজন শিল্পী । অসমীয়া সংস্কৃতিৰ প্রায় সকলো ক্ষেত্রতে তেওঁৰ অৱদান উল্লেখযােগ্য । স্বাধীনতা আন্দোলনৰ এজন একনিষ্ঠ যােদ্ধা , বিপ্লবী পুৰুষ জ্যোতি প্ৰসাদৰ ব্যক্তিত্ব । বহুমুখিতা প্রবল ৰূপত দেখা যায় , যদিও তেওঁৰ দ্বাৰা সুষ্ট বিভিন্ন সাহিত্য এক সু - সমন্বিত পূর্ণতাৰ বিৰল নিদর্শনহে । জ্যোতিপ্রসাদ মুলতে অবিসম্বাদী নাট্যকাৰ । আনবােৰ সৃষ্টি ইয়াৰেই অসম্পাদিত ৰূপ মাত্র  শংকৰদেৱৰ হাতত জন্ম লাভ কৰা অসমীয়া নাটকে জ্যোতিপ্ৰসাদৰ হাতত নতুন আংগিক , ভাববস্তুৰনতুনত্বৰে সমৃদ্ধ হৈ বিশ্বজনীন  মূল্যবােধসম্পন্ন হয় । জ্যোতিপ্ৰসাদৰ নাটক ন খন । জ্যোতিপ্ৰসাদে নাটকৰ দৰে অসমীয়া কবিতালৈও নতুনত্ব আনি থৈ গৈছে । এই নতুনত্ব হ ’ ল ৰােমাণ্টিক আবেদন , সুকুমাৰ উৰালবিধৰ লগত জনচেতনাৰ সমন্বয় । অসমীয়া সংগীত জ্যোতিপ্ৰসাদৰ হাতত সমৃদ্ধ হােৱাই নহয় , অসমীয়া সংগীতৰ নতুন ভেটি স্থাপন কৰি থৈ গৈছে জ্যোতিপ্রসাদে । জ্যোতিপ্ৰসাদৰ হাতত গল্প , উপন্যাস , জীৱনী আৰু শিশু সাহিত্যৰাে সষ্টি হৈছে । অসমীয়া প্ৰৱন্ধ সাহিত্যৰ দিশতাে জ্যোতিপ্ৰসাদৰ সুদূৰ প্ৰসাৰিতা , গভীৰতা আৰু ৰচনাত্মক দৃষ্টিভংগীয়ে ভৱিষ্যতৰ প্ৰৱন্ধ সাহিত্যৰ গতি নির্ণয় কৰি গৈছে । অসমীয়া চলচ্চিত্ৰৰাে জন্মদাতা জ্যোতিপ্ৰসাদ । আধুনিক অসমৰ ৰূপকাৰ এইগৰাকী শিল্পীৰ প্ৰতিটো সৃষ্টিত গভীৰ মানৱতাবাদী দৃষ্টিভংগীৰ প্রকাশ ঘটিছে ।

জ্যোতিপ্ৰসাদৰ ৰচনা সম্ভাৰ -

নাটকঃ

১) শােনিত কুঁৱৰী ( নাটক )
২) সােণ পখিলা
৩) কাৰেঙৰ লিগিৰী ।
৪) লভিতা ।
৫) ৰূপালীম ।
৬) খনিকৰ
৭) নিমাতী কইনা বা ৰূপকোৱৰ


গল্প আৰু উপন্যাসঃ

১) ৰুপহী
২) বগীতৰা
৩) সােণতৰা 
৪) সােণটি অভিমান
৫) যুঁজাৰু
৬) সতীৰ সোঁৱৰণী
৭) সন্ধ্যা
৮) প্রত্নতাত্ত্বিক কলাঘুমতি
৯) নীলা চৰাই
১০) আমাৰ গাঁও

জীৱনী গ্রন্থ ( অসম্পূর্ণ )ঃ

১ । চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী
২ । মহাত্মা গান্ধী ।

কবিতাঃ 

১ । লুইতৰ পাৰৰ অগ্নিসুৰ
২ । জ্যোতি ৰামায়ণ ( অসমাপ্ত )

ভাষণ - পুস্তিকা  ঃ 

১ | অসমীয়া সংগীতৰ ৰূপ ।
২ । নতুন দিনৰ কৃষ্টি
৩ । পােহৰলৈ
৪ | শিল্পীৰ পৃথিৱী
৫ | আইদেউৰ জোনাকী বাট তদুপৰি

তেওঁ ভালেমান প্ৰৱন্ধ আৰু প্রায় ৩৫০ গীত ৰচনা কৰি গৈছে ।

তেখেতৰ মৃত্যু - ১৯৫১ চনত হয় ।



গতিকে এইয়াই হৈছে অসমীয়া সাহিত্য'ৰ অতিকৈ জৰুৰি প্ৰতিতযশা সাহিত্যিক সকলৰ বিষয়ে চমু আভাস ।

Post a Comment

0 Comments